নৃতত্ত্ব
নৃতত্ত্ব (ইংৰাজী: Anthropology) হৈছে মানৱজাতিৰ বৈজ্ঞানিক অধ্যয়ন যিয়ে জীৱবিজ্ঞান আৰু সমাজবিজ্ঞানক সংযোগ কৰে। ই অতীত আৰু বৰ্তমান উভয় সময়ৰে মানৱ আচৰণ, মানৱ জীৱবিজ্ঞান, সংস্কৃতি, সমাজ আৰু ভাষা বিজ্ঞানৰ লগতে প্ৰাচীন মানুহৰ বিষয়েও আলোচনা কৰে। সামাজিক নৃতত্ত্বই আচৰণৰ আৰ্হি অধ্যয়ন কৰে, আনহাতে সাংস্কৃতিক নৃতত্ত্বই নীতি-নিয়ম আৰু মূল্যবোধকে ধৰি সাংস্কৃতিক অৰ্থসমূহ অধ্যয়ন কৰে। বৰ্তমান সময়ত সমাজ-সাংস্কৃতিক নৃতত্ত্ব শব্দটো সাধাৰণতে ব্যৱহাৰ কৰা হয়। ভাষিক নৃতত্ত্বই ভাষা কেনেকৈ সামাজিক জীৱনৰ ওপৰত প্ৰভাৱ পেলায় তাৰ অধ্যয়ন কৰে। জৈৱিক নৃতত্ত্বই মানুহ আৰু তেওঁলোকৰ নিকটৱৰ্তী প্ৰাইমেট আত্মীয়সকলৰ জীৱবিজ্ঞান আৰু ক্ৰমবিকাশৰ বিষয়ে অধ্যয়ন কৰে।[1]
প্ৰত্নতত্ত্বক প্ৰায়ে "অতীতৰ নৃতত্ত্ব" বুলি কোৱা হয়, যিয়ে ভৌতিক অৱশেষ বা ধ্বংসাৱশেষ পৰীক্ষা কৰি মানুহৰ কাৰ্যকলাপৰ অন্বেষণ কৰে। উত্তৰ আমেৰিকা আৰু এছিয়াত ইয়াক সাধাৰণতে নৃতত্ত্বৰ এটা শাখা হিচাপে গণ্য কৰা হয়। ইয়াৰ বিপৰীতে, ইউৰোপত ইয়াক হয় এটা স্বতন্ত্ৰ বিষয় অথবা ইতিহাস আৰু জীৱাশ্ম বিজ্ঞানৰ দৰে প্ৰাসংগিক বিষয়সমূহৰ এটা উপ-শাখা হিচাপে গণ্য কৰা হয়।
ব্যুৎপত্তি
[সম্পাদনা কৰক]'নৃতত্ত্ব' বা 'এন্থ্ৰ’প’লজী' (anthropology) ভাৱবাচক বিশেষ্য পদটো প্ৰথমবাৰৰ বাবে ইতিহাসৰ প্ৰসংগত ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায়।[2][n 1] বৰ্তমানৰ অৰ্থত ইয়াৰ প্ৰথম ব্যৱহাৰ নৱজাগৰণ কালৰ পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ অন্তৰ্গত জাৰ্মানীত মেগনাছ হুণ্ড্ট আৰু অটো কাচমেনৰ কৰ্মৰাজিত দেখা গৈছিল।[3] তেওঁলোকৰ নব্য-লেটিন শব্দ 'anthropologia' প্ৰাচীন গ্ৰীক শব্দ 'ánthrōpos' (মানুহ) আৰু 'lógos' (অধ্যয়ন) ৰ সংযোজিত ৰূপৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বিশেষণ ৰূপটো এৰিষ্ট’টলৰ ৰচনাত প্ৰকাশ পাইছিল। সম্ভৱতঃ ফৰাচী শব্দ 'Anthropologie' ৰ জৰিয়তে অষ্টাদশ শতিকাৰ আৰম্ভণিতে ইংৰাজী ভাষাত ইয়াৰ ব্যৱহাৰ আৰম্ভ হয়।[2][n 2]
টোকা
[সম্পাদনা কৰক]- ↑ ব্ৰিটিছ ইতিহাসৰ ব্ৰুটছৰ আখ্যানক সমৰ্থন কৰি ৰিচাৰ্ড হাৰ্ভিয়ে ১৫৯৩ চনত লিখা 'ফিলাডেলফাছ' নামৰ গ্ৰন্থখনত এইদৰে উল্লেখ আছে: "তেওঁলোকৰ বংশাৱলী বা উত্তৰাধিকাৰ, তেওঁলোকে অধ্যয়ন কৰা কলা, তেওঁলোকে কৰা কাৰ্যকলাপ। ইতিহাসৰ এই অংশটোক নৃতত্ত্ব বুলি নামাকৰণ কৰা হৈছে।"
- ↑ জন কেৰ্চিয়ে ১৭০৬ চনত সম্পাদনা কৰা 'দ্য নিউ ৱৰ্ল্ড অৱ ইংলিছ ৱৰ্ডছ' গ্ৰন্থত ইয়াৰ সংজ্ঞা এইদৰে অন্তৰ্ভুক্ত কৰিছে: "Anthropology, মানুহ বা মানুহৰ শৰীৰৰ বিষয়ে এক আলোচনা বা বৰ্ণনা।"
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "What is Anthropology?". The American Anthropological Association. American Anthropological Association. Archived from the original on 16 February 2016. https://web.archive.org/web/20160216033701/http://www.americananthro.org/AdvanceYourCareer/Content.aspx?ItemNumber=2150। আহৰণ কৰা হৈছে: 10 August 2013.
- 1 2 Oxford English Dictionary, 1st ed. "anthropology, n." Oxford University Press (Oxford), 1885.
- ↑ Israel Institute of the History of Medicine (1952). Koroth. Brill. পৃষ্ঠা. 19. GGKEY:34XGYHLZ7XY. https://books.google.com/books?id=lev_H1Ie0zcC&pg=PA19। আহৰণ কৰা হৈছে: 5 November 2015.