সমললৈ যাওক

নৃসিংহ যাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৃসিংহ যাত্ৰা নাটখন ভাগৱত পুৰাণৰ সপ্তম স্কন্ধ (১-১০ অধ্যায়)ৰ পৰা কাহিনী সংগ্ৰহ কৰি দৈত্যাৰি ঠাকুৰে ৰচনা কৰিছিল। নাটখনৰ মূল সমল হৈছে ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰৰ বিষয়বস্তু।

ভক্তিৰসক প্ৰাধান্য দি ৰচনা কৰা নৃসিংহ যাত্ৰা নাটখনত বীৰৰসেও প্ৰাধান্য লাভ কৰিছে। নাটকখনিৰ আৰম্ভ হৈছে জয়-বিজয় আৰু চাৰি সিদ্ধিৰ কাহিনীৰে আৰু সেই অংশটোৰো মূল বিষয়বস্তু হ'ল কৃষ্ণ ভক্তি। নান্দী গীতত বিষ্ণু "সৃষ্টি-স্থিতি লয় লিলাকাৰি" বুলি কৈ তেওঁ কেনেকৈ নৰসিংহ ৰূপে" ত্ৰিদস দেৱৰ ঘোৰ ৰিপু" হিৰণ্যকশিপুক বধ কৰিলে তাৰেই আভাস দিছে। উল্লেখযোগ্য যে আলঙ্কাৰিকসকলে কাব্য বিচাৰৰ ক্ষেত্ৰত নববিধ ৰসৰ বিষয়ে আলোচনা কৰিছে। তাক শেষত ভক্তিকো এবিধ ৰস বুলি প্ৰতিপন্ন কৰিছে। পৰম ভক্তিত গদ গদ হৈ চকুপানী টোকা প্ৰহ্লাদক আকোঁৱালি লোৱা নৰসিংহৰ মাজেৰে ভগৱানৰ উজ্জ্বল মূৰ্তি প্ৰকাশ পাইছে।

  • কৃষ্ণ
  • সূত্ৰধাৰ
  • প্ৰহ্লাদ
  • হিৰণ্যকশিপু
  • ষণ্ডামৰ্ক

ভগৱান বিষ্ণুৰ পত্নী লক্ষ্মী সৰস্বতী লৈ বৈকুণ্ঠ নগৰীত তেওঁৰ ৰাজসভাত বহিছিল। এনেতে ঈশ্বৰ দৰ্শনৰ নিমিত্তে চাৰি গৰাকী সিদ্ধ পুৰুষ সোমাই আহি সপ্তম দুৱাৰ পাৰ হৈ যোৱাত দ্বাৰৰক্ষী জয়-বিজয়ৰ খং উঠিল আৰু চাৰিওজনকে তেওঁলোকে খেদি উলিয়াই দিবলৈ উদ্যত হ'ল। চাৰি সিদ্ধই জয়-বিজয়ৰ অসুৰ স্বভাৱক তিৰস্কাৰ কৰি দুয়োকো পৃথিৱীত অসুৰ যোনিত জন্ম ল'বলৈ অভিশাপ দিলে। জয়-বিজয়ে কথা বিষম দেখিলে আৰু নিজৰ ভুল স্বীকাৰ কৰি চাৰি সিদ্ধক ক্ষমা খুজি থাকোঁতে বৈকুণ্ঠ পতিৰ প্ৰৱেশ ঘটে। এনেদৰে নাটকৰ আৰম্ভণিতে ভগৱান বিষ্ণুৰ লগত চাৰি সিদ্ধৰ সাক্ষাতৰ দৃশ্য অৱতাৰণা কৰিছে। পোনছাটেই হিৰণ্যকশিপু আৰু ভক্ত প্ৰহ্লাদৰ কাহিনী আৰম্ভ নকৰি এই সৰু কাহিনীটোৰ মাজেৰেও হৰিভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ নাট্যকাৰ যত্নপৰ। চাৰি সিদ্ধক ভগৱান বিষ্ণুৱেও শ্ৰদ্বা জনাই জয়-বিজয়ক দিয়া অভিশাপৰ প্ৰয়োজন আছে বুলি মত পোষণ কৰিছে।

নৃসিংহই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি মহা আনন্দেৰে প্ৰহ্লাদৰ দৈত্যগণৰ ৰজা হিচাপে অভিষেক পাতে আৰু তেওঁ স্বৰ্গলৈ গুচি যায়। এনেদৰে নৃসিংহ যাত্ৰা নাটৰ কাহিনী ভাগৰ অন্ত পৰে। নাটৰ সামৰণি এটি কৃষ্ণস্তুতিমূলক গীত সন্নিৱিষ্ট কৰা হৈছে।

এই নাটখনত পৰম পুৰুষ বিষ্ণুৰ নৰসিংহ অৱতাৰ নাটখনিৰ মূল চৰিত্ৰ। নাটখনিৰ আৰম্ভণিতে বৈকুণ্ঠ নগৰীত লক্ষ্মী আৰু সৰস্বতী সৈতে তেওঁৰ অৱস্থান ঘোষণা কৰা হৈছে। তেওঁ অন্তৰ্যামী, তেওঁ ভক্তৰ অধীন আৰু পৃথিৱীৰ অশুভ শক্তিৰ বিনাশকাৰী কৃষ্ণ। এই ৰূপটোৱেই নাটখনিত উজ্জ্বলৰূপে প্ৰতিভাত হৈছে।

চৰিত্ৰ বিশ্লেষণ

[সম্পাদনা কৰক]
  • নৰসিংহ: নাটখনত নৰসিংহৰ চৰিত্ৰটো সফলভাৱে দাঙি ধৰাত দৈত্যাৰি ঠাকুৰ সক্ষম হৈছে। নাটখনত পৰম পুৰুষ বিষ্ণুৰ নৰসিংহ ৰূপত চিত্ৰিত কৰা হৈছে।
  • অন্যান্য চৰিত্ৰ: নৃসিংহ যাত্ৰা নাটখনৰ আন আন চৰিত্ৰসমূহো হৈছে জয়-বিজয়,চাৰি সিদ্ধ,হিৰণ্যাক্ষ, হিৰণ্যকশিপুৰ আন আন শিশুপুত্ৰ,লক্ষ্মী,সৰস্বতী। সম্ভৱতঃ নাটখন ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ দৈত্যাৰি ঠাকুৰে এই প্ৰয়াস কৰিছিল।

সহায়ক গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা
  • মথুৰাদাস বুঢ়া আতাৰ জীৱন সুৰভি, ড° ভূপেন্দ্ৰৰেখা ৰায়চৌধুৰী, ২০০৭, পৃষ্ঠা: ৯১
  • মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, দৈত্যাৰি ঠাকুৰ, ১৯৫৫ চন, দত্তবৰুৱা পাব্লিছিং প্ৰ: কো: লি:

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]