নেগাৰ জৱাহৰিয়ান
| নেগাৰ জৱাহৰিয়ান | |
|---|---|
২০১৯ চনৰ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত জাৱাহেৰিয়ান | |
| স্থানীয় নাম | نگار جواهریان |
| জন্ম | ১২ জানুৱাৰী, ১৯৮৩ (৪৩ বছৰ) তেহৰাণ, ইৰান |
| শিক্ষা | আজাদ ইউনিভাৰ্চিটি |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০১–বৰ্তমান |
| দাম্পত্যসঙ্গী | ৰামবদ জাৱান (বি. ২০১৬) |
| সন্তান | ১ |
নেগাৰ জৱাহৰিয়ান (ফাৰ্চী: نگار جواهریان; জন্ম: ১২ জানুৱাৰী, ১৯৮৩) এগৰাকী ইৰানী অভিনেত্ৰী। গোল্ড এণ্ড কপাৰ (২০১০), হিয়েৰ উইদাউট মি (২০১১), এ কিউব অব চুগাৰ (২০১১) আৰু দ্য পেইণ্টিং পুল (২০১৩) ছবিসমূহত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁ এটা ক্ৰিষ্টাল চিমৰ্ঘ বঁটা, দুটাকৈ ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটা আৰু এটা ইৰানৰ চলচ্চিত্ৰ সমালোচক আৰু লেখক সংস্থাৰ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ দুটাকৈ হাফেজ বঁটাৰ মনোনয়নো লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নেগাৰ জাৱাহেৰিয়ানৰ জন্ম ১৯৮৩ চনৰ ১২ জানুৱাৰীত তেহৰাণত হৈছিল। তেওঁ আই, তাৰানেহ, এম ১৫ (২০০১) ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে এগৰাকী অন্যতম প্ৰাৰ্থী আছিল, যিটো চৰিত্ৰ পিছলৈ তাৰানেহ আলিদুস্তিয়ে লাভ কৰে। অৱশ্যে নেগাৰে ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল।[1] গোল্ড এণ্ড কপাৰ ছবিখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ২৮সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টাল চিমৰ্ঘ বঁটা লাভ কৰে।[2] এই একেখন ছবিৰ বাবেই তেওঁ ১৪সংখ্যক হাউছ অব চিনেমা চেলিব্ৰেশ্যনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাও লাভ কৰে।[3][4] ইয়াৰ উপৰি তেওঁ কেম্প এক্স-ৰে (২০১৪) চলচ্চিত্ৰখনৰ পাৰ্চী সংস্কৰণত ক্ৰীষ্টেন ষ্টিৱাৰ্টৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান (ডাবিং) কৰিছিল।[5]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নেগাৰ জাৱাহেৰিয়ানে ২০১৬ চনত ৰামবদ জাৱানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[6] ২০১৯ চনscaleৰ জুলাই মাহত কানাডাত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয় আৰু তেওঁলোকে তাইৰ নাম নূৰদখত ৰাখে।[7][8][9] গৰ্ভাৱস্থাৰ সময়ত জাৱাহেৰিয়ানে স্বামী জাৱানৰ সৈতে সন্তানক জন্ম দিয়াৰ উদ্দেশ্যে কানাডালৈ যোৱা আৰু ইয়াৰ জৰিয়তে সন্তানৰ বাবে কানাডাৰ নাগৰিকত্ব লাভ কৰাৰ বিষয়টোৱে ছচিয়েল মিডিয়াৰ লগতে দেশখনৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত এই অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীৰ ব্যক্তিগত জীৱনক লৈ বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈছিল।[10] অৱশেষত ২০১৯ চনৰ ১৮ জুলাইত কানাডাত তেওঁলোকৰ কন্যা নূৰদখত জাৱানৰ জন্ম হয়।[9] ইয়াৰ পূৰ্বে ৰামবদ জাৱানে এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ মাৰ্ফীজ ল ছবিখনৰ প্ৰদৰ্শনীৰ বাবে কানাডাৰ মণ্ট্ৰিললৈ যোৱা নাছিল, কিন্তু আকস্মিকভাৱে তেওঁৰ ভ্ৰমণৰ সময়তে ছবিখনৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।[8][9][11]
কৰ্মজীৱন
[সম্পাদনা কৰক]অনুবাদ কৰ্ম
[সম্পাদনা কৰক]তেওঁ তিনুচ নাজমহুৰ সৈতে যুটীয়াভাৱে হেৰল্ড পিণ্টাৰৰ নাট বিট্ৰায়েল পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ شاهوند, احمد (2023-01-16). "نگار جواهریان؛ مرور کارنامه و تعداد مخاطبان فیلم هایش" (fa-IR ভাষাত). فیلیموشات. Archived from the original on 2025-06-12. https://web.archive.org/web/20250612151819/https://www.filimo.com/shot/139916/%d9%86%da%af%d8%a7%d8%b1-%d8%ac%d9%88%d8%a7%d9%87%d8%b1%db%8c%d8%a7%d9%86/। আহৰণ কৰা হৈছে: 2025-06-12.
- ↑ "اسامی برگزیدگان جشنواره فیلم فجر" (fa ভাষাত). خبرآنلاین. 2010-02-03. https://www.khabaronline.ir/news/41879/%D8%A7%D8%B3%D8%A7%D9%85%DB%8C-%D8%A8%D8%B1%DA%AF%D8%B2%DB%8C%D8%AF%DA%AF%D8%A7%D9%86-%D8%AC%D8%B4%D9%86%D9%88%D8%A7%D8%B1%D9%87-%D9%81%DB%8C%D9%84%D9%85-%D9%81%D8%AC%D8%B1। আহৰণ কৰা হৈছে: 2025-06-12.
- ↑ سینما, خانه. "دوره چهاردهم". www.khanehcinema.ir. Archived from the original on 2025-04-23. https://web.archive.org/web/20250423054642/https://www.khanehcinema.ir/fa/jashn/jashn14-%D8%AF%D9%88%D8%B1%D9%87-%DA%86%D9%87%D8%A7%D8%B1%D8%AF%D9%87%D9%85। আহৰণ কৰা হৈছে: 2025-06-12.
- ↑ "برگزاری چهاردهمین جشن خانه سینمای ایران زیر سایه تهدید دولتیان" (fa ভাষাত). Voice of America. Archived from the original on 2021-06-17. https://web.archive.org/web/20210617235344/https://ir.voanews.com/persiannewsiran/khane-cinema-05-09-2010-102270254.
- ↑ "پایان دوبله «کمپ ایکس ری» با صدای معادی و جواهریان" (fa ভাষাত). ایسنا. 2014-12-17. https://www.isna.ir/news/93092615873/%D9%BE%D8%A7%DB%8C%D8%A7%D9%86-%D8%AF%D9%88%D8%A8%D9%84%D9%87-%DA%A9%D9%85%D9%BE-%D8%A7%DB%8C%DA%A9%D8%B3-%D8%B1%DB%8C-%D8%A8%D8%A7-%D8%B5%D8%AF%D8%A7%DB%8C-%D9%85%D8%B9%D8%A7%D8%AF%DB%8C-%D9%8...। আহৰণ কৰা হৈছে: 2025-06-12.
- ↑ "عکس/ اولین عکس مشترک نگار جواهریان با رامبد جوان" (fa ভাষাত). فرادید | Faradeed | فرادید. 2016-09-25. https://faradeed.ir। আহৰণ কৰা হৈছে: 2025-06-12.
- ↑ آنلاین, اقتصاد. "فرزند رامبد جوان و نگار جواهریان متولد شد" (fa ভাষাত). fa. https://eghtesadonline.com। আহৰণ কৰা হৈছে: 2025-06-12.
- 1 2 "فرزند رامبد جوان و نگار جواهریان به دنیا آمد" (fa ভাষাত). خبرآنلاین. 2019-07-22. https://khabaronline.ir। আহৰণ কৰা হৈছে: 2025-06-12.
- 1 2 3 "نوردخت دختر رامبد جوان |عکس نوردخت جوان دختر تازه به دنیا آمده رامبد جوان و نگار جواهریان" (fa-IR ভাষাত). مجله کولاک. 2021-12-24. https://koolakmag.ir.
- ↑ "واکنش کاربران به پست اینستاگرامی رامبد جوان از کانادا +عکس" (fa ভাষাত). مشرق نیوز. 2019-06-12. https://mashreghnews.ir...। আহৰণ কৰা হৈছে: 2025-06-12.
- ↑ "واکنش جالب رامبد جوان به سؤال درباره اسم فرزندش +فیلم" (fa ভাষাত). YJC. https://yjc.ir। আহৰণ কৰা হৈছে: 2025-06-12.
- ↑ "خیانت". Goodreads. http://www.goodreads.com/author/show/1956891._.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নেগাৰ জৱাহৰিয়ান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Negar Javaherian Archived 2025-08-15 at the Wayback Machine On SourehCinema (in Persian)