সমললৈ যাওক

নেজলা ইছিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেজলা ইছিক

২০২৩ চনত ইছিক
পেচা পৰিৱেশ কৰ্মী , সম্প্ৰদায়ৰ নেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৯ - বৰ্তমানলৈ
জনা যায় আকবেলেন প্ৰতিৰোধ
সন্তান

নেজলা ইছিক (ইংৰাজী: : Nejla Işık) এগৰাকী তুৰস্কৰ পৰিৱেশ কৰ্মী আৰু তুৰ্কী সম্প্ৰদায়ৰ নেত্ৰী যিয়ে আকবেলেন বনাঞ্চলৰ বনাঞ্চল ধ্বংস ৰোধ কৰাৰ প্ৰচেষ্টাত জড়িত হৈ আছে। তেওঁ ২০২৪ চনত ইকিজকোয়মুখতাৰ হিচাপে নিৰ্বাচিত হৈছিল আৰু পৰিৱেশ সুৰক্ষাৰ বাবে কৰা ভূমিকাৰ বাবে আন্তৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰিছিল। মুখতাৰ হৈছে তুৰস্কৰ স্থানীয় প্ৰশাসনত গ্ৰহণ কৰা গাঁও বা মহল্লাৰ নিৰ্বাচিত মুৰব্বী বা প্ৰধান।

কৰ্মজীৱন

[সম্পাদনা কৰক]

নেজলা ইছিকে ইকিজকোয়ৰত এগৰাকী পৰিৱেশ কৰ্মী আৰু সম্প্ৰদায়ৰ নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ আকবেলেন বনাঞ্চলৰ বননিধনৰ বিৰুদ্ধে মাত মাতিছিল আৰু বনাঞ্চল ধংস ৰোধ কৰিবলৈ চলা আন্দোলনত জড়িত হৈছিল। এই বনাঞ্চলখনত কৃষি আৰু বন মন্ত্ৰালয়ে কয়লা খননৰ বাবে আবণ্টন কৰিছিল, তেওঁলোকৰ উদ্দেশ্য আছিল ওচৰৰ বিদ্যুৎকেন্দ্ৰসমূহ—যেনে কেমেৰকয় বিদ্যুৎ কেন্দ্ৰ বা য়েনিকোয়ৰ দৰে বিদ্যুৎ কেন্দ্ৰলৈ ইন্ধন যোগান ধৰা। কয়লা খনন প্ৰকল্পৰ সম্প্ৰসাৰণৰ বাবে বনাঞ্চলখনে যথেষ্ঠ ভাবুকিৰ সন্মুখীন হৈছিল। ফলত খনন কাৰ্য স্থগিত ৰাখিবলৈ ২০১৭ চনত এক প্ৰতিৰোধী আন্দোলন আৰম্ভ হয়। এই প্ৰতিৰোধী আন্দোলনেই “আকবেলেন প্ৰতিৰোধ” (Akbelen Resistance) নামেৰে জনাজাত হৈছিল।[1][2][3]

২০১৯ চনত ইছিকে অন্যান্য কৰ্মীসকলৰ সৈতে বনাঞ্চল ধ্বংস ৰোধৰ বাবে পহৰা আৰম্ভ কৰিছিল। তেওঁলোকৰ প্ৰচেষ্টাত আইনী ব্যৱস্থা আৰু প্ৰতিবাদ আদিও আছিল। ২০২৩ চনৰ ভিতৰত এই আন্দোলনে কৰ্তৃপক্ষ আৰু খনি কোম্পানীটোৰ সৈতে তীব্ৰ সংঘৰ্ষৰ সন্মুখীন হয়, য’ত জৰিমনা আৰু অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাও অন্তৰ্ভুক্ত হয়।[1][2] এই সংগ্ৰামৰ পিছত ২০২৪ চনত আদালতৰ সিদ্ধান্তই অধিক খননৰ বাবে মাটি বেদখল কৰাৰ পৰিকল্পনা বাতিল কৰে।[1]

২০২৪ চনৰ ৩১ মাৰ্চত নেজলা ইছিকক ইকিজকোয়ৰৰ মুখতাৰ হিচাপে নিৰ্বাচিত কৰা হয়।তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিৰুদ্ধে ৯৩টা ভোটৰ বিপৰীতে ৭১ টা ভোটত জয়ী হয়।[3] তেওঁৰ প্ৰাৰ্থীত্বক তেওঁ পূৰ্বে অধ্যক্ষতা কৰা ইকিজকোয়ৰ পৰিৱেশ সমিতিয়ে সমৰ্থন কৰিছিল।[1][4]অঞ্চলটোত খনন প্ৰকল্পৰ বাবে সৃষ্টি হোৱা সংকটৰ বিৰুদ্ধে সংগ্ৰাম চলাই যোৱাৰ দৃঢ় সংকল্পৰ ফলতেই তেওঁ এই নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল।[1][2] তেওঁৰ নেতৃত্বত পৰিৱেশ আন্দোলনৰ ধাৰাবাহিক সক্ৰিয়তা অব্যাহত ৰাখিছিল। তেওঁ স্থানীয় প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদ সংৰক্ষণৰ পোষকতা কৰা ৰাজহুৱা ভাষণকে ধৰি নিয়মীয়াকৈ জনসভা, আলোচনা সভা আৰু সংবাদ মাধ্যমৰ জৰিয়তে ভাষণ দি পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

২০২৪ চনৰ ডিচেম্বৰ মাহত ইছিকক জলবায়ুৰ অগ্ৰণী শ্ৰেণীৰ অধীনত বিবিচিৰ "২০২৪ চনৰ ১০০ মহিলা"ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়। এই তালিকাত আকবেলেন বনাঞ্চল সুৰক্ষিত কৰাৰ বাবে তেওঁৰ পাঁচ বছৰীয়া সংগ্ৰাম আৰু কৰ্পৰেট আৰু ৰাজ্যিক অভিনেতা উভয়ৰে বিৰোধিতাৰ সন্মুখীন হৈ তেওঁৰ স্থিতিস্থাপকতাক উজ্জ্বল কৰি তোলা হৈছিল।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২৪ চনলৈকে ইছিক দুজনকৈ ২০ বছৰীয়া সন্তানৰ মাতৃ। তেওঁ এনে এটা পৰিয়ালৰ সদস্য, যিটো পৰিয়ালে আকবেলেন প্ৰতিৰোধত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। এই অংশগ্ৰহণত ৮০ বছৰীয়া জ্যেষ্ঠ সদস্যসকলো অন্তৰ্ভুক্ত আছিল। ইয়াৰ পৰা বুজা যায় যে আন্দোলনটোৱে একাধিক প্ৰজন্মৰ সমৰ্থন লাভ কৰিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]