সমললৈ যাওক

নেতাজী ভৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেতাজী ভৱন

নেতাজী ভৱনৰ সন্মুখভাগ
অৱস্থিতি লালা লাজপত ৰায় (এলগিন) সৰণী, শ্ৰীপল্লি, ভৱানীপুৰ, কলকাতা, পশ্চিম বংগ

নেতাজী ভৱন (ইংৰাজী: Netaji Bhawan ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত এটা ঐতিহ্যমণ্ডিত ভৱন, যাক ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী "নেতাজী" সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ এক স্মাৰক আৰু গৱেষণা কেন্দ্ৰ হিচাপে ৰক্ষণাবেক্ষণ কৰা হৈছে।[1] বৰ্তমান ই নেতাজী ৰিচাৰ্ছ ব্যুৰোৰ মুখ্য কাৰ্যালয়।[2]

১৯০৯ চনত বসুৰ পিতৃয়ে নিৰ্মাণ কৰা এই ঘৰটো[3] বৰ্তমান নেতাজী ৰিচাৰ্ছ ব্যুৰোৰ অধীনস্থ আৰু পৰিচালিত। ইয়াত সংগ্ৰহালয়, আৰ্কাইভ আৰু পুথিভঁৰাল আছে। এই ব্যুৰো সুগতা বসু আৰু তেওঁৰ মাতৃ কৃষ্ণ বসুৱে পৰিচালনা কৰে।[4] কলকাতাৰ লালা লাজপত ৰায় সৰণিত এই ভৱনটো অৱস্থিত।

১৯৪১ চনত নেতাজী ভৱনত গৃহবন্দীৰ হৈ থকাৰ পৰা পলায়ন কৰি বসুৱে বাৰ্লিনলৈ যায়। ইয়াৰ পিছত তেওঁ ছাবমেৰিনত (জাৰ্মান ইউ-বোট U-180 আৰু জাপানী চাবমেৰিন I-29) জাপানৰ দখলত থকা দক্ষিণ-পূব এছিয়ালৈ যাত্ৰা কৰে। ভাৰতীয় জাতীয় সেনা সংগঠিত কৰি তেওঁ ইম্পেৰিয়েল জাপানী সেনাবাহিনীৰ সৈতে ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়।

নেতাজী ভৱন সংগ্ৰহালয়টোত বসুৰ ভৰিৰ ছাপৰ অৱশেষ প্ৰদৰ্শিত হৈছে। এই ভৱন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে ভ্ৰমণ কৰে। শেহতীয়াকৈ ২০০৭ চনত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই নেতাজী ভৱন ভ্ৰমণ কৰে।[5]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]