সমললৈ যাওক

নেদা হাছানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেদা হাছানী
জন্ম ১৯৭৭
তেহৰান, পাহলৱী ইৰাণ
মৃত্যু ২৩ জুন, ২০০৩ (২৬ বছৰ)
লণ্ডন, ইংলেণ্ড
মৃত্যুৰ কাৰণ আত্মজাহৰ ফলত
শিক্ষানুষ্ঠান কাৰ্লেটন বিশ্ববিদ্যালয়

নেদা হাছানী (ইংৰাজী: Neda Hassani) ( জন্ম,১৯৭৭ – মৃত্যু,২৩ জুন ২০০৩ ) এগৰাকী ইৰানৰ বিদ্ৰোহী আছিল।

নেদা হাছানী (ইংৰাজী: Neda Hassani) ৰ জন্ম হৈছিল ইৰানত। পিতৃ আছিল আহমদ আৰু মাতৃৰ নাম ফৰোগ হাছানী। নেদা হাছানী পৰিয়ালৰ তিনিটা সন্তানৰ ভিতৰত ডাঙৰ সন্তান আছিল। ১৯৮০ চনৰ আৰম্ভণিতে পৰিয়ালটোৱে ইৰাণ এৰি কানাডাৰ অণ্টাৰিঅ'ৰ অট'ৱাত বসতি স্থাপন কৰাৰ আগতে গ্ৰীচত আশ্ৰয় লয়।[1][2] হাছানীয়ে কাৰ্লেটন বিশ্ববিদ্যালয়ত পঢ়িছিল,আৰু তাতেই তেওঁ কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰিছিল।[1]

১৯৮৮ চনত যেতিয়া ইছলামিক ৰিপাব্লিকে তেওঁৰ খুড়াক মাহমুদ হাছানীক ফাঁচি দিছিল, তেতিয়া হাছানী ইৰাণৰ পিপলছ মুজাহিদীনৰ সমৰ্থক হৈ পৰিছিল। অৱশ্যে পিতৃ-মাতৃৰ মতে তাই সংগঠনটোৰ সদস্য নাছিল। মাহমুদ হাছানী তেওঁৰ পিতৃৰ সৰু ভাতৃ আছিল আৰু ফাঁচি দিয়াৰ আগতে ইৰাণত সাত বছৰ কাৰাগাৰত বন্দী হৈছিল।[1]সৰুতে হাছানীয়ে কাৰাগাৰত থকা খুড়াকৰ ওচৰলৈ গৈছিল। সেই সময়ত ফাঁচি দিয়া প্ৰায় ৩৫ হাজাৰ বিৰোধীৰ ভিতৰত তাইৰ খুড়াকো আছিল। হাছানীয়ে মুজাহিদীনক সমৰ্থন কৰা বাবে পেৰিছলৈ গুচি যায় আৰু তাতেই তেওঁ ইৰাণৰ নেচনেল কাউন্সিল অৱ ৰেজিষ্টেন্স যোগদান কৰে। [2]

২০০৩ চনৰ ১৭ জুনত হাছানীয়ে লণ্ডনত ছুটী লৈ থকাৰ সময়তে ফ্ৰান্সৰ আৰক্ষীয়ে ইৰাণৰ পিপলছ মুজাহিদীনৰ মুখ্য কাৰ্যালয়ত অভিযান চলায়। গোটটোৰ সহ-নেত্ৰী মৰিয়াম ৰাজাভি আৰু তেওঁৰ স্বামী মাছুদ ৰাজাভিকে ধৰি প্ৰায় ১৬০ জন সদস্যক সোধা-পোছাৰ বাবে আটক কৰা হয়। পিছত সকলো অভিযোগ উঠাই লোৱা হয়। [1][3][4]

লণ্ডনত থকা ফ্ৰান্সৰ দূতাবাসৰ সন্মুখত ছাত্ৰ প্ৰতিবাদত যোগদান কৰে হাছানীয়ে। এই প্ৰতিবাদ আছিল ফ্ৰান্সত ৰাজাভি আৰু মুজাহিদীনৰ অন্যান্য সদস্যসকলক গ্ৰেপ্তাৰ কৰা আৰু ইৰাণলৈ সম্ভাৱ্য বিতাড়নৰ বিৰুদ্ধে। একাংশ প্ৰতিবাদকাৰীয়ে আত্মদহনক একপ্ৰকাৰৰ প্ৰতিবাদ হিচাপে আলোচনা কৰে। হাছানীৰ উদ্ধৃতিৰে কোৱা হৈছে যে, "আমি সকলোৱে তেনে কৰাৰ কথা ভাবিছো,"[1] যদিও সহ-নেতা মৰিয়াম ৰাজাৱীয়ে আত্মহত্যাৰ দৰে প্ৰতিবাদৰ বিৰোধিতা প্ৰকাশ কৰিছিল।[4] ১৮ জুন তাৰিখে সন্ধিয়া প্ৰায় ৭:১৫ বজাত হাছানীয়ে অকলে লণ্ডনত থকা ফ্ৰান্সৰ দূতাবাসলৈ উভতি আহি গেছ'লিনৰে নিজৰ শৰীৰটো ডুবাই জুই লগাই দিলে। দুঘণ্টাৰ পিছত তেওঁক উদ্ধাৰ কৰা হয় আৰু চিকিৎসালয়লৈ নিয়া হয় যদিও চেতনা ঘূৰাই নাপালে আৰু তাৰ পিছত ২৩ জুনত চিকিৎসালয়ত মাকৰ উপস্থিতিত মৃত্যু হয।[5]

ফ্ৰান্সত মুজাহিদীনৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পাছত লণ্ডনত থকা ফ্ৰান্সৰ দূতাবাসৰ সন্মুখত নিজকে জুই লগাই দিয়া চাৰিজন লোকৰ ভিতৰত হাছানী অন্যতম। আন এজন ৩৮বছৰীয়া অভিযান্ত্ৰিক ছাত্ৰ হেচমত জাণ্ডিৰো মৃত্যু হয়।[4] ইফালে পেৰিছত তিনিজন লোকে নিজকে অগ্নিসংযোগ কৰে; ইয়াৰে এজন ছিদ্দিকিয়া মহাগেৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোকে ছুইজাৰলেণ্ডত ফ্ৰান্সৰ দূতাবাসৰ সন্মুখত পেট্ৰ’লেৰে নিজকে জুই লগাবলৈ চেষ্টা কৰোঁতে বাধা দিয়া হয়। [3][5]

হাছানীৰ মৃতদেহ সৎকাৰৰ বাবে পুনৰ কানাডালৈ অনা হয়। ২০০৩ চনৰ ৩০ জুনত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়, য'ত হাছানীৰ মাতৃয়ে কন্যাৰ এই কাৰ্য্যত গৌৰৱ প্ৰকাশ কৰে।[2] কন্যাৰ মৃত্যুৰ কিছুসময়ৰ পাছতে ইংলেণ্ডতো তেওঁ একেধৰণৰ আৱেগ প্ৰকাশ কৰিছিল যদিও ছোৱালীৰ আদৰ্শ অনুসৰণ কৰিবলৈ আনকো নিৰুৎসাহিত কৰিছিল।[5] অট’ৱাৰ পাইনক্ৰেষ্ট কবৰস্থানত সমাধিস্থ কৰা হয়। হাছানীক। [2]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Jeevan Vasagar, Parents mourn 'brave girl' who set herself on fire in memory of uncle; The Guardian, 25 June 2003. Retrieved 2013-12-27.
  2. 1 2 3 4 Sarah Kennedy, 'I'll send Neda's message to the world,' mother vows. Ottawa Citizen, July 1, 2003, pp. D1, D4.
  3. 1 2 BBC News, Iranian fire protests at Paris arrests; June 18, 2003. Retrieved 2013-12-29.
  4. 1 2 3 BBC News, Appeal over fire protests; June 21, 2003. Retrieved 2013-12-29.
  5. 1 2 3 BBC News, Mother's tribute to fire victim; June 26, 2003. Retrieved 2013-12-29.