সমললৈ যাওক

নেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপ

নেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপৰ আৰ্হি
নাম
  • ৰোমান
  • ৰোমান স্পে’চ টেলিস্কোপ (RST)
  • ৱাইড-ফিল্ড ইনফ্ৰাৰেড ছাৰ্ভে টেলিস্কোপ (WFIRST)
  • জইণ্ট ডাৰ্ক এনাৰ্জি মিছন (JDEM)
অভিযানৰ প্ৰকাৰ ইনফ্ৰাৰেড স্পে’চ টেলিস্কোপ
নিয়ন্ত্ৰক নাছা / GSFC
COSPAR ID 2026-199A
SATCAT no. 100532Edit this on Wikidata
ৱেবছাইট roman.gsfc.nasa.gov
অভিযানৰ সময় ৫ বছৰ (পৰিকল্পনা কৰা হৈছে)[1]
মহাকাশযানৰ বৈশিষ্টসমূহ
নিৰ্মাতা NASA Goddard Space Flight Center
উত্‍ক্ষেপিত ভৰ ১০,৫০০ কিলোগ্ৰাম (২৩,০০০ পাউণ্ড)[2]
ক্ষমতা 4.5 kW[2]
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ ৩০ আগষ্ট ২০২৬
ৰকেট Falcon Heavy
উৎক্ষেপণ স্থলী Kennedy LC-39A
Contractor SpaceX
কক্ষীয় পৰিমাপসমূহ
প্ৰসংগ  প্ৰণালী Sun–Earth L2 orbit
Regime Halo orbit
Perigee altitude ১,৮৮,৪২০ কিলোমিটাৰ (১,১৭,০৮০ মাইল)
Apogee altitude ৮,০৬,৭৫৬ কিলোমিটাৰ (৫,০১,২৯৫ মাইল)
Main telescope
প্ৰকাৰ Three-mirror anastigmat
ব্যাস ২.৪ মিটাৰ (৭.৯ ফুট)
ফ'কেল অনুপাত f/7.9
তৰংগদৈৰ্ঘ্য 0.48–2.30 μm (blue to near-infrared)[3]
Transponders
পটি
পটিবেধ
  • Few kbit/s duplex (S-band)
  • 290 Mbit/s (Ka-band)
সাঁচ:Infobox spaceflight/Instruments
 

নেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপ (ইংৰাজী: Nancy Grace Roman Space Telescope; চমুকৈ ৰোমান স্পে’চ টেলিস্কোপ, Roman, বা RST) হৈছে নাছাৰ এটা ইনফ্ৰাৰেড মহাকাশ দূৰবীণ৷ ২০২৫ চনৰ ২৫ নৱেম্বৰত এই দূৰবীণটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল আৰু ২০২৬ চনৰ ৩০ আগষ্টত সূৰ্য্য–পৃথিৱী এল ২ কক্ষপথলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।[4][5][6][7] নাছাৰ জ্যোতিৰ্বিজ্ঞানৰ প্ৰাক্তন মুৰব্বী নেন্সি গ্ৰেচ ৰোমানৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।[8]

ৰোমান মহাকাশ দূৰবীণটো ৰাষ্ট্ৰীয় গোপনীয়তা কাৰ্যালয়ে দান কৰা বৰ্তমানৰ ২.৪ মিটাৰ (৭.৯ ফুট) বহল দৃশ্যক্ষেত্ৰৰ প্ৰাথমিক দাপোনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত দুটা বৈজ্ঞানিক যন্ত্ৰ থাকিব। ৱাইড-ফিল্ড ইনষ্ট্ৰুমেণ্ট (WFI) হৈছে ৩০০.৮ মেগাপিক্সেলৰ মাল্টি-বেণ্ড দৃশ্যমান আৰু নিয়াৰ-ইনফ্ৰাৰেড কেমেৰা৷ হাবল স্পেচ টেলিস্কোপৰ ০.২৮ বৰ্গ ডিগ্ৰীৰ দৃষ্টিক্ষেত্ৰত লাভ কৰা ছবিৰ তুলনাত ইয়াৰ ছবি অধিক স্পষ্ট হ’ব৷ হাবলৰ ইমেজিং কেমেৰাতকৈ ইয়াৰ কেমেৰা ১০০ গুণ ডাঙৰ। ক'ৰ'নাগ্ৰাফ ইনষ্ট্ৰুমেণ্ট (CGI) হৈছে নতুন ষ্টাৰলাইট-চাপ্ৰেচন প্ৰযুক্তি ব্যৱহাৰ কৰি দৃশ্যমান আৰু নিয়াৰ-ইনফ্ৰাৰেড তৰংগদৈৰ্ঘ্য সামৰি লোৱা এটা উচ্চ কনট্ৰাষ্ট, সৰু ফিল্ড অৱ ভিউ কেমেৰা আৰু স্পেকট্ৰ'মিটাৰ।

এই দূৰবীণৰ উল্লেখিত উদ্দেশ্যসমূহৰ[9] ভিতৰত আছে মহাকৰ্ষণীয় মাইক্ৰ'লেন্সিং ব্যৱহাৰ কৰি সৌৰজগতৰ বাহিৰৰ গ্ৰহসমূহৰ সন্ধান কৰা,[10] বিশ্বব্ৰহ্মাণ্ডৰ কালক্ৰম আৰু মহাজাগতিক গঠনৰ বৃদ্ধিৰ অনুসন্ধান কৰা, ইয়াৰ অন্তিম লক্ষ্য হৈছে আন্ধাৰ শক্তিৰ প্ৰভাৱ,[11] সাধাৰণ আপেক্ষিকতাৰ সামঞ্জস্যতা আৰু স্থানকালৰ বক্ৰতা জুখিব পৰা।

২০১০ চনত আমেৰিকাৰ ৰাষ্ট্ৰীয় গৱেষণা পৰিষদৰ ডেকাডেল ছাৰ্ভে কমিটিয়ে জ্যোতিৰ্বিজ্ঞানৰ পৰৱৰ্তী দশকৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে ৰোমানক পৰামৰ্শ দিছিল। ২০১৬ চনৰ ১৭ ফেব্ৰুৱাৰীত ইয়াৰ উন্নয়ন আৰু মুকলিৰ বাবে অনুমোদন দিয়া হয়।[12]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "WFIRST Observatory". NASA (GSFC). April 25, 2014. Archived from the original on February 14, 2015. https://web.archive.org/web/20150214063216/https://wfirst.gsfc.nasa.gov/observatory/। আহৰণ কৰা হৈছে: March 14, 2021. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  2. 1 2 Bartusek, Lisa M. L.; Davis, Jody L.; Vess, Melissa F. (5-12 March 2022). "Nancy Grace Roman Space Telescope Observatory Implementation and Challenges". 2022 IEEE Aerospace Conference (AERO). প্ৰকাশক Big Sky, MT, USA: IEEE. doi:10.1109/AERO53065.2022.9843415. Archived from the original on 25 April 2026. https://web.archive.org/web/20260425053749/https://ntrs.nasa.gov/citations/20210021677। আহৰণ কৰা হৈছে: 20 April 2026.
  3. ↑ "Roman Wide-Field Instrument Reference Information". 25 January 2021. https://roman.gsfc.nasa.gov/science/RRI/Roman_WFI_Reference_Information_20210125.pdf। আহৰণ কৰা হৈছে: 9 January 2022.
  4. ↑ "Hello, World! NASA Shares New Home for Roman Space Telescope Updates". NASA Jet Propulsion Laboratory. 2026-06-03. https://science.nasa.gov/blogs/roman/2026/06/03/hello-world-nasa-shares-new-home-for-roman-space-telescope-updates/। আহৰণ কৰা হৈছে: 2026-06-03.
  5. ↑ "Roman Space Telescope on track for September launch". Space News. 2026-01-08. https://spacenews.com/roman-space-telescope-on-track-for-september-launch/। আহৰণ কৰা হৈছে: 2026-01-09.
  6. ↑ "NASA Targets Early September for Roman Space Telescope Launch - NASA" (en-US ভাষাত). 2026-04-22. https://www.nasa.gov/image-article/nasa-targets-early-september-for-roman-space-telescope-launch/। আহৰণ কৰা হৈছে: 2026-05-08.
  7. ↑ "NASA Tool Gets Ready to Image Faraway Planets" (en-US ভাষাত). NASA.gov. 2024-05-21. https://www.nasa.gov/missions/roman-space-telescope/nasa-tool-gets-ready-to-image-faraway-planets/। আহৰণ কৰা হৈছে: 2024-05-21.
  8. ↑ "NASA Telescope Named For "Mother of Hubble" Nancy Grace Roman". NASA. May 20, 2020. https://www.nasa.gov/press-release/nasa-telescope-named-for-mother-of-hubble-nancy-grace-roman/। আহৰণ কৰা হৈছে: March 14, 2021. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  9. ↑ "WFIRST-AFTA 2015 Report by the Science Definition Team (SDT) and WFIRST Study Office". March 10, 2015. http://wfirst.gsfc.nasa.gov/science/sdt_public/WFIRST-AFTA_SDT_Report_150310_Final.pdf। আহৰণ কৰা হৈছে: March 14, 2021. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  10. ↑ Blandford, Roger D. (2010) (en-us ভাষাত). New Worlds, New Horizons in Astronomy and Astrophysics. National Research Council staff and the Committee for a Decadal Survey of Astronomy and Astrophysics. প্ৰকাশক Washington, D.C.: National Academies Press. doi:10.17226/12951. ISBN 978-0-309-15802-2. http://www.nap.edu/catalog/12951.html। আহৰণ কৰা হৈছে: March 14, 2021. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  11. ↑ "Mission Overview". Nancy Grace Roman Space Telescope. NASA. https://roman.gsfc.nasa.gov/about.html। আহৰণ কৰা হৈছে: March 14, 2021. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  12. ↑ "NASA Introduces New, Wider Set of Eyes on the Universe". February 18, 2016. http://www.nasa.gov/press-release/nasa-introduces-new-wider-set-of-eyes-on-the-universe। আহৰণ কৰা হৈছে: March 14, 2021. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।