সমললৈ যাওক

নেপালত ক্ৰিকেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নেপালত ক্ৰিকেট (ইংৰাজী: Cricket in Nepal) অন্যতম জনপ্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা খেল যিয়ে বছৰ বছৰ ধৰি জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। নেপালৰ ক্ৰিকেট দলৰ সামান্য সফলতাৰ লগতে চুবুৰীয়া দেশ ভাৰতৰ ছ’চিয়েল মিডিয়া আৰু টেলিভিছন প্ৰভাৱৰ ফলত দেশখনত তাৎপৰ্যপূৰ্ণভাৱে‍ ক্ৰিকেট খেল বৃদ্ধি পোৱাৰ পাছত ২০১০ চনৰ মাজভাগত ইয়াৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াক সমগ্ৰ দেশতে বিশেষকৈ তেৰাই অঞ্চলত বহু লোকে খেলে। এছ’চিয়েশ্যন ফুটবল নেপালৰ আটাইতকৈ জনপ্ৰিয় খেল, তাৰ পাছতে ক্ৰিকেট।[1]

বাংলাদেশত অনুষ্ঠিত হোৱা ২০১৪ চনৰ আই চি চি ৱৰ্ল্ড টি-২০ৰ অৰ্হতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়টো নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলটিৰ বাবে ক্ৰিকেট খেলত আটাইতকৈ ডাঙৰ কৃতিত্ব৷ নেপালৰ ক্ৰিকেট খেলৰ বতৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে চলি থাকে আৰু মাৰ্চ মাহত পুনৰ আৰম্ভ হয় আৰু মে’ মাহত শেষ হয়। ২০২৩ চনৰ অক্টোবৰ মাহলৈকে নেপালত ৩৪০০ টা ছিনিয়ৰ ক্ৰিকেট ক্লাৱ আৰু ৩৫,০০০ৰো অধিক পঞ্জীয়নভুক্ত খেলুৱৈ আছিল।[2]

আৰম্ভণি

[সম্পাদনা কৰক]

১৯২০ চনত নেপালত প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ প্ৰচলন কৰে লেফটেনেণ্ট জেনেৰেল মদন শুমশ্বেৰ জে বি আৰ কনিষ্ঠ পুত্ৰ প্ৰধানমন্ত্ৰী মহাৰাজ চন্দ্ৰ শুমশ্বেৰ জং বাহাদুৰ ৰাণাই। কিন্তু সেই সময়ত ক্ৰিকেটক "ভদ্ৰলোকৰ খেল" বুলি গণ্য কৰা হৈছিল গতিকে শাসকীয় ৰাণা পৰিয়ালৰ সদস্য আৰু নেপালৰ কিছুমান অভিজাত শ্ৰেণীৰ মাজতে ই সীমাৱদ্ধ আছিল। যদিও এই খেলখন নিজৰ আৰু অভিজাত শ্ৰেণীৰ আন সদস্যসকলৰ ভিতৰত ৰখা হৈছিল, তথাপিও অভিজাত শ্ৰেণীৰ মাজত ক্ৰিকেটৰ প্ৰচাৰৰ বাবে ১৯৪৬ চনত নেপাল ক্ৰিকেট সংস্থা গঠন কৰা হৈছিল।[3]

১৯৫১ চনৰ বিপ্লৱৰ জৰিয়তে গণতন্ত্ৰৰ প্ৰৱৰ্তনৰ পাছত ক্ৰিকেট বাকী জনসাধাৰণৰ মাজত বিয়পিবলৈ আৰম্ভ কৰে৷ ১৯৬১ চনত সমগ্ৰ নেপালত ক্ৰিকেটৰ প্ৰচাৰৰ প্ৰয়াসৰ ফলত ক্ৰিকেট সন্থা নেপাল ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ অংশ হৈ পৰে। তথাপিও ৰাষ্ট্ৰীয় খেলসমূহ ১৯৮০ চনলৈকে কাঠমাণ্ডুতে সীমাৱদ্ধ হৈ আছিল।[3]

আইচিচি আৰু এচিচিৰ সদস্যপদ

[সম্পাদনা কৰক]

নেপালৰ যোগাযোগ আৰু পৰিবহণ আন্তঃগাঁথনিৰ উন্নতিৰ ফলত ১৯৮০ চনত কাঠমাণ্ডুৰ বাহিৰত এই খেলৰ সম্প্ৰসাৰণ ঘটিছিল,[3] আৰু নেপাল ১৯৮৮ চনত আইচিচিৰ এফিলিয়েট সদস্য হয়।[4] নব্বৈৰ দশকৰ আৰম্ভণিতে এটা ডাঙৰ উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ হয়, আঞ্চলিক আৰু জিলা প্ৰতিযোগিতা স্থাপন কৰা হয় আৰু বিদ্যালয়সমূহত ক্ৰিকেটৰ প্ৰচাৰ কৰা হয়।[3] ১৯৯০ চনত নেপাল এ চি চিৰ সহযোগী সদস্য হয় আৰু ১৯৯৪ চনত পূৰ্ণ সদস্য হয়।

নব্বৈৰ দশকত ক্ৰিকেটৰ প্ৰতি আগ্ৰহ দ্ৰুতগতিত বৃদ্ধি পাইছিল আৰু খেলাৰ চাহিদা এনেকুৱা আছিল যে অধিক সুবিধা নিৰ্মাণ কৰিব নোৱাৰালৈকে প্ৰতিযোগিতাত দলৰ সংখ্যা সীমিত কৰিবলগীয়া হৈছিল।

১৯৯৬ - বৰ্তমান

[সম্পাদনা কৰক]

১৯৯৬ চনত নেপাল আইচিচিৰ সহযোগী সদস্য হৈছিল,[4] যিটো বছৰত কুৱালালামপুৰত অনুষ্ঠিত হোৱা এচিচি ট্ৰফীত ৰাষ্ট্ৰীয় দলটোৱে প্ৰথমবাৰৰ বাবে খেলিছিল৷ এই প্ৰতিযোগিতাত নেপালে ব্ৰুনাই আৰু জাপানক পৰাস্ত কৰি প্ৰথম ৰাউণ্ডৰ গ্ৰুপত ছটা দলৰ ভিতৰত চতুৰ্থ স্থান দখল কৰে।[5] এই যুগৰ সাফল্য আছিল ১৯৯৯ চনৰ এ চি চি ট্ৰফীত বাংলাদেশৰ বিৰুদ্ধে ঐতিহাসিক জয়।

২০০২ চনত নেপালে এছিয়া কাপত স্থান নিশ্চিত কৰিছিল যদিও ভাৰত পাকিস্তানৰ উত্তেজনাৰ বাবে এছিয়া কাপ নহ’ল। ২০০৪-২০০৮ চনত নেপাল U19ৰ শীৰ্ষত আছিল। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত নিউজিলেণ্ডক পৰাস্ত কৰিছিল৷ ইয়াৰে অন্যতম উল্লেখযোগ্য টাৰ্নিং পইণ্ট আছিল ২০০৮ চনত যেতিয়া তেওঁলোকে আইচিচি বিশ্ব ক্ৰিকেট লীগ ডিভিজন ফাইভৰ খিতাপ দখল কৰিছিল।

নেপালে ২০১৪ চনত বাংলাদেশত প্ৰথম টি-২০ আই বিশ্বকাপ খেলিছিল য’ত হংকং আৰু আফগানিস্তানক পৰাস্ত কৰিছিল। তেতিয়াৰ পৰাই নেপালী ক্ৰিকেটৰ অনুৰাগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

২০১৬ চনৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত নেপালে অসাধাৰণ প্ৰদৰ্শন কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ২০১৮ চনত জিম্বাবুৱেত অনুষ্ঠিত হোৱা আইচিচি এদিনীয়া বিশ্বকাপৰ কোৱালিফায়াৰত পিএনজিৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত নেপালে পৰৱৰ্তী ৫ বছৰৰ বাবে এদিনীয়াৰ মৰ্যাদা নিশ্চিত কৰে।

প্ৰশাসন

[সম্পাদনা কৰক]

ক্ৰিকেট এছ'চিয়েচন অৱ নেপাল (CAN) নেপাল ক্ৰিকেটৰ চৰকাৰী প্ৰশাসক সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুৰ মুলপানীত অৱস্থিত। ই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত নেপালৰ প্ৰতিনিধি আৰু ১৯৯৬ খ্ৰীষ্টাব্দৰ পৰা (২০৫৩ বি এছ) সহযোগী সদস্য হিচাপে আছে। ই এছিয়ান ক্ৰিকেট কাউন্সিলৰ সদস্যও।

২০১৪ চনৰ নৱেম্বৰ মাহত নেপাল চৰকাৰে অযোগ্যতাৰ দোহাই দি ব’ৰ্ড ভংগ কৰি চৰকাৰে নিজেই নিযুক্তি দিয়া নতুন সভাপতিৰে তিনিজনীয়া তদৰ্থ সমিতি গঠন কৰে।[6]

২০১৬ চনৰ এপ্ৰিল মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) কেএনক ইয়াৰ কাৰ্য্যকলাপত চৰকাৰী হস্তক্ষেপৰ দোহাই দি নিলম্বন কৰিছিল৷ অৱশ্যে এই নিলম্বনে নেপালৰ জাতীয় দলসমূহক আইচিচি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত বাধা নিদিলে।[7][8]

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা ব'ৰ্ডৰ নিৰ্বাচনক আইচিচিয়ে আদৰণি জনায়[9] আৰু ১৪ অক্টোবৰত চৰ্তসাপেক্ষে আনুষ্ঠানিকভাৱে ব'ৰ্ডখন পুনৰ নিযুক্তি দিয়ে।[10] ২০১৯ চনৰ ১৩ অক্টোবৰত আইচিচিয়ে ক্ৰিকেট এছ'চিয়েচন অৱ নেপালৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰে।[11]

ৰাষ্ট্ৰীয় দল

[সম্পাদনা কৰক]

নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল ক্ৰিকেট এছ’চিয়েচন অৱ নেপাল (CAN)ৰ দ্বাৰা পৰিচালিত আৰু এছিয়ান ক্ৰিকেট পৰিষদৰ সদস্য। ১৯৯৬ খ্ৰীষ্টাব্দৰ পৰা (২০৫৩ বি‍এচ) কেন বিশ্ব ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় শাসক সংস্থা আইচিচিৰ সৈতে সহযোগী সদস্য হিচাপে জড়িত হৈ আছে। ১৯৯০ খ্ৰীষ্টাব্দত (২০৪৭ বিএচ) কেন এচিচিৰ অন্যতম সদস্য হৈ পৰে। নেপালৰ আন আন জাতীয় দলসমূহ হ'ল নেপাল এ দল আৰু ১৯ বছৰ অনুৰ্ধ দল আদি৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://www.collegenp.com/article/sports-and-recreation-scene-in-nepal
  2. "Nepal". Asian Cricket Council. http://www.asiancricket.org/index.php/members/nepal। আহৰণ কৰা হৈছে: 18 December 2012. 
  3. 3.0 3.1 3.2 3.3 Morgan, Roy (2007). The Encyclopedia of World Cricket. প্ৰকাশক Cheltenham: SportsBooks. ISBN 978-1899807512. 
  4. 4.0 4.1 "ICC Members". Archived from the original on 23 January 2013. https://web.archive.org/web/20130123213303/http://www.icc-cricket.com/the-icc/icc_members/profile.php?countryCode=ICC_ASSOCIATE_MEMBERS_NEPAL। আহৰণ কৰা হৈছে: 20 December 2012. 
  5. 1996 ACC Trophy Archived 13 January 2010 at the Wayback Machine at CricketEurope
  6. "Cricket Association of Nepal board dissolved by government". ESPNcricinfo. http://www.espncricinfo.com/nepal/content/story/797023.html। আহৰণ কৰা হৈছে: 6 November 2014. 
  7. Peter Della Penan (26 April 2016). "ICC suspends Cricket Association of Nepal" – ESPNcricinfo. Retrieved 26 April 2016.
  8. "ICC suspends Cricket Association of Nepal". http://www.espncricinfo.com/ci-icc/content/story/1003757.html। আহৰণ কৰা হৈছে: 9 July 2019. 
  9. "ICC welcomes Cricket Association of Nepal elections". https://www.icc-cricket.com/media-releases/1365725। আহৰণ কৰা হৈছে: 4 October 2019. 
  10. "Zimbabwe and Nepal readmitted; Women's event prize money receives a major boost". https://www.icc-cricket.com/media-releases/1452302। আহৰণ কৰা হৈছে: 14 October 2019. 
  11. "Zimbabwe and Nepal readmitted as ICC members". ESPN Cricinfo. https://www.espncricinfo.com/story/_/id/27844309/zimbabwe-nepal-readmitted-icc-members। আহৰণ কৰা হৈছে: 14 October 2019.