নেপালত হিন্দুধৰ্ম
|
(ওপৰত) এগৰাকী নেপালী ব্ৰাহ্মণ, (তলত) এগৰাকী নেৱাৰ হিন্দু ভক্ত। | |
| মুঠ জনসংখ্যা | |
|---|---|
| ২৩,৬৭,৭৪৪[1] (দেশৰ মুঠ জনসংখ্যাৰ ৮১.১৯%) | |
| প্ৰতিষ্ঠাপক | |
| গোপাল বংশ | |
| সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল | |
| সৰ্বত্ৰ নেপাল | |
| ধৰ্ম | |
| হিন্দুধৰ্ম | |
| ধৰ্মগ্ৰন্থ | |
| ভাগৱত গীতা, বেদ | |
| ভাষা | |
| সংস্কৃত (পৱিত্ৰ) নেপালী, নেৱাৰী, ভোজপুৰী, মৈথিলী, থাৰু, আদি ভাষা |
হিন্দুধৰ্ম হৈছে নেপালৰ প্ৰধান আৰু সৰ্ববৃহৎ ধৰ্ম। খ্ৰীষ্টাব্দ ২০০৬ চনত ৰাজতন্ত্ৰৰ উচ্ছেদৰ পিছত নেপালে নিজকে ধৰ্মনিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰে। নেপালৰ লোকপিয়ল অনুসৰি নেপালত হিন্দু ধৰ্মালম্বীৰ সংখ্যা প্ৰায় ২ কোটি ৩৬ লাখ ৭৭ হাজাৰ ৭৪৪ জন, যি দেশখনৰ জনসংখ্যাৰ প্ৰায় ৮১.১৯ শতাংশ। বিক্ৰম সম্বত হ'ল নেপালত ব্যৱহৃত দুখন চৰকাৰী পঞ্জিকাৰ এখন, আনখন সূৰ্যভিত্তিক হিন্দু পঞ্জিকা, যাৰ উৎপত্তি উত্তৰ ভাৰতৰ ধৰ্মীয় পঞ্জিকাৰপৰা হোৱা। নেপালৰ প্ৰায় সকলো অঞ্চলত হিন্দু ধৰ্মই ৯০% বা তাতকৈ অধিক জনসংখ্যাৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিছে। হিন্দুধৰ্মৰদ্বাৰা সৰ্বাধিক প্ৰভাবিত নেপালী জাতিসমূহ হ’ল বাহুন, ক্ষেত্ৰী, মধেশী, নেৱাৰ, আৰু ঠকুৰী।
ইতিহাস
[সম্পাদনা কৰক]ইতিহাসবিদ আৰু স্থানীয় পৰম্পৰাৰ মতে প্ৰাগৈতিহাসিক সময়ত 'নে' নামৰ এজন হিন্দু ঋষিয়ে কাঠমাণ্ডু উপত্যকাত আশ্ৰয় লৈছিল। "নেপাল" শব্দৰ অৰ্থ সংস্কৃতত “নে ঋষিয়ে ৰক্ষা কৰা স্থান” বুলি কোৱা হয়। বাগমতী আৰু বিষ্ণুমতী নদীৰ সংগমত তেওঁ ধৰ্মীয় আচাৰ অনুষ্ঠান কৰিছিল বুলি কিংবদন্তি আছে। তেওঁ গোপাল বংশৰ প্ৰথম ৰাজা হিচাপে পৱিত্ৰ গোৱালীয়া ‘‘ভুক্তমান’’ক বাছনি কৰিছিল। গোপাল বংশই প্ৰায় ৬২১ বছৰ শাসন কৰিছিল, যক্ষ গুপ্ত আছিল শেষ ৰাজা।[2]
স্কন্দ পুৰাণৰ মতে, হিমালয়ত ‘‘নে’’ বা ‘‘নেমুনি’’ নামৰ ঋষি আছিল। পশুপতি পুৰাণত তেওঁক সাধু আৰু ৰক্ষক হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁ বাগমতী আৰু কেশৱতী নদীৰ তীৰত তপস্যা কৰিছিল আৰু উপদেশ দিছিল বুলি কোৱা হয়।[3]
ঐতিহাসিক জনসংখ্যা
[সম্পাদনা কৰক]| বছৰ | প্ৰতিশত | বৃদ্ধি/হ্ৰাস |
|---|---|---|
| ১৯৫২/৫৪ | ৮৮.৮৭% | - |
| ১৯৬১ | ৮৭.৬৯% | -১.১৮% |
| ১৯৭১ | ৮৯.৩৯% | +১.৭০% |
| ১৯৮১ | ৮৯.৫০% | +০.১১% |
| ১৯৯১ | ৮৬.৫১% | -২.৯৯% |
| ২০০১ | ৮০.৬২% | -৫.৮৯% |
| ২০১১ | ৮৫.০২% | +৪.৪% |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ National Statistics Office (2021). "National Population and Housing Census 2021, Caste/Ethnicity and Religion Report". Government of Nepal. https://censusnepal.cbs.gov.np/results/downloads/caste-ethnicity.
- ↑ W.B., P. 34 Land of the Gurkhas
- ↑ Prasad, P. 4 The life and times of Maharaja Juddha Shumsher Jung Bahadur Rana of Nepal