নেপালৰ উৎসৱসমূহৰ তালিকা
নেপাল ধৰ্মনিৰপেক্ষ আৰু বহুসংস্কৃতিৰ জাতিৰ এক অনন্য উদাহৰণ হিচাপে থিয় দিছে, য’ত সম্প্ৰদায়ৰ ভিতৰত বৈচিত্ৰময় উৎসৱ আনন্দৰে উদযাপন কৰা হয়। নেপালত বিভিন্ন ধৰ্মীয় পটভূমিৰ ব্যক্তিসকলে একেটা চুবুৰী আৰু সমাজতে সহাৱস্থান কৰে, একত্ৰিত হৈ অসংখ্য উৎসৱৰ উদ্যাপনত অংশগ্ৰহণ কৰাৰ লগে লগে ঐক্যৰ মনোভাৱ গঢ়ি তোলে, যাৰ ফলত তেওঁলোকে নিজৰ আনন্দ, সুখ আৰু দুখক এক সুসম সামগ্ৰিকভাৱে ভাগ কৰে।[1]
মূল উৎসৱসমূহ
[সম্পাদনা কৰক]দঁশেই
[সম্পাদনা কৰক]দঁশেই হৈছে গোৰ্খাসকলৰ প্ৰধান উৎসৱ, যাক সকলো শ্ৰেণীৰ লোকে অতি আন্তৰিকতা আৰু ধুমধামেৰে পালন কৰে। এই উৎসৱ অন্য সম্প্ৰদায়ৰ লোকে দশহেৰা বুলিও পালন কৰে।[2][3]
তিহাৰ
[সম্পাদনা কৰক]
তিহাৰ (নেপালী: तिहार) নেপাল আৰু বৃহৎসংখ্যক নেপালী লোক বাস কৰা ভাৰতীয় ৰাজ্য চিক্কিম আৰু বিশেষকৈ পশ্চিমবংগৰ দাৰ্জিলিং আৰু কালিম্পঙত পালন কৰা হয়। ইয়াক দীপাৱলী, য়মপঞ্চক বা স্বন্তী নামেৰেও জনা যায়।[4] পোহৰৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি নেপালত নেপালীসকলে আৰু ভাৰতবৰ্ষত বসবাস কৰা গোৰ্খাসকলে তিহাৰ উৎসৱটি বৰ ধুমধামেৰে পালন কৰে। পাঁচদিনীয়াকৈ পালন কৰা এই পৰ্ব কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰপৰা আৰম্ভ কৰি শুক্লপক্ষৰ দ্বিতীয়া তিথিত ভাইফোটা লগোৱাৰ পাছতহে অন্ত পৰে।[5]
অন্যান্য উৎসৱসমূহ
[সম্পাদনা কৰক]ছট পূজা
[সম্পাদনা কৰক]ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ।[6][7] প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা।
বিস্কা যাত্ৰা
[সম্পাদনা কৰক]বিস্কা যাত্ৰা বা বিস্কেট যাত্ৰা এপ্ৰিল মাহত ভক্তপুৰ, থিমি আৰু আদি ঠাইত এপ্ৰিল মাহত পালন কৰা বাৰ্ষিক উৎসৱ।[4] ভক্তপুৰ, থিমিকে ধৰি বহু ঠাইত ইয়াক বছৰৰ মূল উৎসৱ হিচাপে উদযাপন কৰা হয়৷ আন নেপালৰ উৎসৱৰ দৰে বিস্কা চন্দ্ৰ কেলেণ্ডাৰৰ পৰিৱৰ্তে সৌৰ কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি কৰা হয়।[8]
নাগ পঞ্চমী
[সম্পাদনা কৰক]নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে।[9][10][11][12]
জন্মাষ্টমী
[সম্পাদনা কৰক]জন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी janmāṣṭamī) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ।[13] ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
লোচাৰ
[সম্পাদনা কৰক]লোচাৰ (ইংৰাজী: Losar) তিব্বতীয় বৌদ্ধ ধৰ্মৰ এক উৎসৱ।[14] এই উৎসৱ তিব্বত, ভাৰত, ভূটান আৰু নেপালত পালন কৰা হয়।[15] অঞ্চলভেদে ইয়াক বিভিন্ন দিনত পালন কৰা হয়। লোচাৰ তিব্বতীয় বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ বাবে নৱবৰ্ষৰ দিন।[16][17] তিব্বতীয় চন্দ্ৰসৌৰ দিনপঞ্জীৰ প্ৰথম দিনা এই উৎসৱ পালন কৰা হয়। সাধাৰণতে এই দিন ইংৰাজী দিনপঞ্জী অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰে আৰু ইয়াক ১৫ ধৰি উদযাপন কৰা হয়। নেপালত পালন কৰা লোচাৰ তিব্বতীয় লোচাৰতকৈ ৮ সপ্তাহ আগতীয়াকৈ পালন কৰা হয়।[18][19]
গাই যাত্ৰা
[সম্পাদনা কৰক]গাই যাত্ৰা নেপালৰ এটা উৎসৱ যিটো প্ৰধানকৈ কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে পালন কৰে।[20][21]
ঘোঁড়ে যাত্ৰা
[সম্পাদনা কৰক]ঘোঁড়ে যাত্ৰা (নেপালী: घोडे जात्रा, অসমীয়া অৰ্থ: ঘোঁৰা যাত্ৰা) হৈছে কাঠমাণ্ডুৰ স্থানীয় ঘোঁৰা উৎসৱ।[22][23] এই উৎসৱ প্ৰতিবছৰ মাৰ্চৰ মাজভাগত বা এপ্ৰিলৰ আৰম্ভণিত অনুষ্ঠিত হয়।[24][25]
কাৰ্ত্তিক পূৰ্ণিমা
[সম্পাদনা কৰক]কাৰ্ত্তিক পূৰ্ণিমা (ইংৰাজী: Kartik Purnima) হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়। ইয়াক কেতিয়াবা দেৱতাৰ পোহৰৰ উৎসৱ দেৱ-দীৱালী বা দেৱ-দীপাৱলী বুলিও কোৱা হয়। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত অন্য দিনত অনুষ্ঠিত কাৰ্ত্তিকা দীপম হ'ল এটি এই ধৰণৰ অনুষ্ঠান।
গণেশ চতুৰ্থী
[সম্পাদনা কৰক]গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উত্সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পাণ্ডল(অস্থায়ী পৰ্যায়) স্থাপন কৰি গণেশক পূজা কৰা হয়। পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদ শাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ, প্ৰাৰ্থনা আদি গায়।[26]
বসন্ত পঞ্চমী
[সম্পাদনা কৰক]বসন্ত পঞ্চমী বা সৰস্বতী পূজা হ'ল জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়।
মাঘে সংক্ৰান্তি
[সম্পাদনা কৰক]মাঘে সংক্ৰান্তি বিক্ৰম সম্বত(B.S) বা য়েলে পঞ্জিকামতে মাঘৰ প্ৰথম দিনটোত পুহ মাহৰ হাড়-কঁপোৱা শীতৰ অন্ত পেলোৱা নেপালী লোক-উৎসৱ।[27] থাৰুসকলে এই বিশেষ দিনটোক নতুন বছৰ হিচাপে পালন কৰে৷ ইয়াক মগৰ সম্প্ৰদায়ৰ মুখ্য চৰকাৰে ঘোষণা কৰা বাৰ্ষিক উৎসৱ হিচাপেও পালন কৰা হয়।[28] মাঘে সংক্ৰান্তি উৎসৱৰ সৈতে অন্যান্য সৌৰ কেলেণ্ডাৰৰ ধৰ্মীয় পৰম্পৰাৰ লগত মিল আছে।[29]
হোলী
[সম্পাদনা কৰক]ফাকুৱা বা হোলী হ'ল ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।
পাহান চাৰ্হে
[সম্পাদনা কৰক]পাহান চাৰ্হে (Devanagari: पाहां चह्रे) বা পাছা চাৰ্হে নেপাল মণ্ডলৰ বছৰৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মীয় উৎসৱ। কাঠমাণ্ডুত ইয়াক বিশেষ উৎসাহেৰে উদ্যাপন কৰা হয় আৰু ইয়াত পেৰেড, মুখা নৃত্য, ঘোঁৰা দৌৰ আৰু বিভিন্ন ঠাইত তিনিদিন ধৰি অনুষ্ঠিত হোৱা ধৰ্মীয় উপাসনাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে উদ্যাপন কৰা হয়।[30]
জন বাহা দ্যাঃ যাত্ৰা
[সম্পাদনা কৰক]জন বাহা দ্যাঃ যাত্ৰা হৈছে নেপালৰ কাঠমাণ্ডুত প্ৰতি বছৰে অনুষ্ঠিত হোৱা কৰুণা বোধিসত্ত্ব জনবাহা দ্যাহৰ ৰথ শোভাযাত্ৰা। চন্দ্ৰ নেপাল যুগৰ চান্দ্ৰ পঞ্জিকাৰ ষষ্ঠ মাহ চৌলাৰ শুক্লপক্ষৰ দশম দিনত ই আৰম্ভ হয়।
খ্ৰীষ্টমাছ
[সম্পাদনা কৰক]বৰদিন বা খ্ৰীষ্টমাছ (ইংৰাজী: Christmas[31] বা Christmas Day[32][33]) খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়।[34][35]
ঈদ
[সম্পাদনা কৰক]ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ (আৰৱী: عيد الفطر অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা।[36] দ্বিতীয়টো হ'ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ইয়াউমুল জাএজ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।
ৰাষ্ট্ৰীয় ধান দিৱস
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় ধান দিৱস (Nepali: राष्ट्रीय धानरोपाई दिवस, romanized: Rastriya Dhanropai Diwas) হʼল নেপালৰ এটি বাৰ্ষিক উৎসৱ। ই নেপালত ধান ৰোপণৰ বতৰৰ সূচনা কৰে। প্ৰতি বছৰে আহাৰ মাহৰ ১৫ তাৰিখে (২৯ জুন) এই উৎসৱ পালন কৰা হয়। এই উৎসৱটোক ৰোপাইঁ দিৱস, ধান দিৱস, আৰু আষাঢ় পন্দ্ৰ নামেৰেও জনা যায়।[4][37] কৃষকসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খাদ্য-উপকৰণ যেনে ধান, দাইল, শাক-পাচলি ইত্যাদি উৎপাদন কৰে। তেওঁলোকৰ শ্ৰমক সন্মান জনোৱাৰ লক্ষ্যৰে এই উৎসৱ উদ্যাপন কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Top Festivals in Nepal with Date, Time & Tika Sahit Updated" (en-US ভাষাত). Wap Nepal. 2017-04-06. https://wapnepal.com.np/festivals-in-nepal/। আহৰণ কৰা হৈছে: 2023-10-08.
- ↑ Gait Edward. A History of Assam.
- ↑ কৈৰালা প্ৰকাশ (জানুৱাৰী, ২০২০). অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ. পূৰ্বায়ন প্ৰকাশন. ISBN 978-93-88593-81-6.
- ↑ 4.0 4.1 4.2 Burbank, Jon, 1951–. Nepal. ISBN 978-0-7614-8021-1. OCLC 1046067057. http://worldcat.org/oclc/1046067057. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>tag; name ":0" defined multiple times with different content - ↑ উপাধ্যায় টি.. অসম তথা ভাৰতৰ নেপালী জাতি এক আলোকপাত.
- ↑ "Chhath festival celebrated in India and Nepal begins today : The Indian Express". Archived from the original on 5 November 2016. https://web.archive.org/web/20161105095143/http://indianexpress.com/article/lifestyle/art-and-culture/chhath-puja-2016-history-significance-dates-and-benefits-of-chhath-puja-surya-sashthi-3736023/.
- ↑ "Chhath natively celebrated in India and Nepal has significance in Hindu Culture". Archived from the original on 5 November 2016. https://web.archive.org/web/20161105170120/http://www.weallnepali.com/nepali-festivals/chhath-parva.
- ↑ Vajracharya, Gautama Vajra (6 November 2018). "Nepal Saṃvat and Vikrama Saṃvat; Discerning Original Significance". Asian Art. https://www.asianart.com/articles/gvv-lecture/index.html.
- ↑ "Nag Panchami: A mix of faith and superstition". Archived from the original on 2013-08-14. https://web.archive.org/web/20130814235056/http://articles.timesofindia.indiatimes.com/2013-08-11/nagpur/41293949_1_nag-panchami-snakes-rahu-and-ketu.
- ↑ quintdaily (26 July 2017). "Nag Panchami 2017 Wishes With Images – QuintDaily". http://quintdaily.com/2017/07/nag-panjami-images-wishes-2017/.
- ↑ LLP, Adarsh Mobile Applications. "2019 Nag Pancham Puja Date and Time for New Delhi, NCT, India" (en ভাষাত). Drikpanchang. http://www.drikpanchang.com/gujarati/festivals/nag-pancham/nag-pancham-date-time.html। আহৰণ কৰা হৈছে: 2019-08-20.
- ↑ "The Wrestler’s Body". publishing.cdlib.org. https://publishing.cdlib.org/ucpressebooks/view?docId=ft6n39p104&chunk.id=ch06&toc.id=ch06&brand=ucpress। আহৰণ কৰা হৈছে: 2019-08-20.
- ↑ "Sri Krishna Janamashtami celebrated in the city". The Hindu. 24 August 2008. http://www.hindu.com/2008/08/24/stories/2008082458410200.htm। আহৰণ কৰা হৈছে: 12 August 2009.
- ↑ William D. Crump, "Losar" in Encyclopedia of New Year's Holidays Worldwide (McFarland & Co.: 2008), pp. 237-38.
- ↑ "Buddhism: Losar". BBC. September 8, 2004. http://www.bbc.co.uk/religion/religions/buddhism/holydays/losar.shtml.
- ↑ Peter Glen Harle, Thinking with Things: Objects and Identity among Tibetans in the Twin Cities (Ph.D dissertation: Indiana University, 2003), p. 132: "In Tibet, Nepal, Bhutan, India and other areas where Tibetan Buddhism is practiced, the dates for Losar are often calculated locally, and often vary from region.".
- ↑ William D. Crump, Encyclopedia of New Year's Holidays Worldwide (McFarland & Co.: 2008), pp. 237: ""Different traditions have observed Losar on different dates."
- ↑ "Losar 2020 - Google Search". www.google.com. https://www.google.com/search?ei=DNU_WvDeK4PGmQGEjqaIAw&q=Losar+2020&oq=Losar+2020&gs_l=psy-ab.3..0l3.10631.11240.0.11623.5.5.0.0.0.0.90.395.5.5.0....0...1c.1.64.psy-ab..0.5.392...0i67k1j0i22i30k1.0.Jttk7jiUiVg। আহৰণ কৰা হৈছে: Feb 25, 2020.
- ↑ Tibetan Borderlands: PIATS 2003: Proceedings of the International Association of Tibetan Studies, Oxford, 2003, p. 121: "Yet though their Lhochhar is observed about eight weeks earlier than the Tibetan Losar, the festival is clearly borrowed, and their practice of Buddhism comes increasingly in a Tibetan idiom."
- ↑ Chettri, Prabhakar. "Festivals of Nepal: Gai Jatra". nepalhomepage.com. Archived from the original on 2012-11-13. https://web.archive.org/web/20121113150827/http://www.nepalhomepage.com/society/festivals/gaijatra.html। আহৰণ কৰা হৈছে: 2024-02-27.
- ↑ Setopati, सेतोपाटी. "गाईजात्रा सुरु" (en-US ভাষাত). Setopati. https://www.setopati.com/social/187949/। আহৰণ কৰা হৈছে: 2022-09-01.
- ↑ Shah, Manawi. "5 Jatras to observe in Nepal" (en ভাষাত). My City. http://myrepublica.nagariknetwork.com/news/130226/। আহৰণ কৰা হৈছে: 2022-11-02.
- ↑ Atma Ram Giri MGS 2016.pdf, https://vid.brage.unit.no/vid-xmlui/bitstream/handle/11250/2407256/Atma%20Ram%20Giri%20MGS%202016.pdf?sequence=1, আহৰণ কৰা হৈছে: 2021-05-02
- ↑ "Ghode Jatra". ECS NEPAL. http://ecs.com.np/festival/ghode-jatra। আহৰণ কৰা হৈছে: 2021-05-02.
- ↑ Board, Nepal Tourism. "Ghode Jatra". Naturally Nepal. https://de.welcomenepal.com/whats-on/ghode-jatra.html। আহৰণ কৰা হৈছে: 2021-05-02.
- ↑ "গণেশ চতুৰ্থী". The Editors of Encyclopaedia Britannica. https://www.britannica.com/topic/Ganesh-Chaturthi। আহৰণ কৰা হৈছে: 6 December 2020.
- ↑ "Maghi the Tharu way" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/art-culture/2023/01/15/maghi-the-tharu-way। আহৰণ কৰা হৈছে: 2024-01-17.
- ↑ "Magar, Tharu communities observe Maghi festival (in pictures)" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/valley/2016/01/15/magar-tharu-communities-observe-maghi-festival-in-pictures। আহৰণ কৰা হৈছে: 2024-01-17.
- ↑ N. P. ManandharSolar cycle (calendar)title=Plants and People of Nepal (2002). Plants and People of Nepal. Timber Press. পৃষ্ঠা. 39–. ISBN 978-0-88192-527-2. https://books.google.com/books?id=klAFeYz4YdYC&pg=PA39.
- ↑ Sāyami, Dhūsvām (1972). The Lotus & the Flame: An Account on Nepalese Culture. প্ৰকাশক Kathmandu: Department of Information, Ministry of Communication, HMG, Nepal. পৃষ্ঠা. 35.
- ↑ Canadian Heritage – Public holidays Archived 2009-11-24 at the Wayback Machine — Government of Canada. Retrieved November 27, 2009.
- ↑ 2009 Federal Holidays Archived 2013-01-16 at the Wayback Machine — U.S. Office of Personnel Management. Retrieved November 27, 2009.
- ↑ Bank holidays and British Summer time — HM Government. Retrieved November 27, 2009.
- ↑ Christmas, Merriam-Webster. Retrieved October 6, 2008.
"Christmas Archived 2009-09-23 at the Wayback Machine," MSN Encarta. Retrieved October 6, 2008. 2009-10-31. - ↑ "Christmas", The Catholic Encyclopedia, 1913.
- ↑ Elias, Jamal J. (1999). Islam. Routledge. পৃষ্ঠা. 75. ISBN 0415211654.
- ↑ Pandey, Pradyumna Raj; Pandey, Hemprabha (2013). "Socio-Economic Development Through Agro- Tourism: A Case Study of Bhaktapur, Nepal". Journal of Agriculture and Environment খণ্ড 12: 59–66. doi:10.3126/aej.v12i0.7564.