নেপালৰ জেন জী আন্দোলন, ২০২৫
| নেপালৰ জেন জী আন্দোলন, ২০২৫ | |||
|---|---|---|---|
ওপৰৰপৰা ঘড়ীৰ কাঁটাৰ দিশত: প্ৰতিবাদকাৰীসকলে এটা চৰকাৰী কাৰ্যালয় জ্বলাই দিয়া দৃশ্য • শিক্ষাৰ্থীসকলৰ বিক্ষোভ • এটা জ্বলি থকা চৰকাৰী কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলৰ উদ্যাপন • নেপালৰ মানচিত্ৰ এখনৰ সৈতে এগৰাকী প্ৰতিবাদকাৰী | |||
| তাৰিখ | ৮ ছেপ্টেম্বৰ ২০২৫ – ১৩ ছেপ্টেম্বৰ ২০২৫ (2 months and 3 days) | ||
| স্থান | |||
| কাৰণ |
| ||
| ফল |
| ||
| পদ্ধতি |
| ||
| ফলাফল | বিৰোধী দলৰ জয়
| ||
| জড়িত থকা গোটসমূহ | |||
| |||
| নেতৃত্ববৃন্দ | |||
| |||
| হতাহত | |||
| নিহত | মুঠ ৭২ জন নিহত[7]
| ||
| আহত | ১,৩০০+[6]
| ||
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ নেপালত এক বৃহৎ পৰিসৰৰ বিক্ষোভ-আন্দোলন সংঘটিত হয়। প্ৰধানকৈ জেনেৰেচন জী-ৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ নাগৰিকসকলে ইয়াৰ উদ্যোগ লৈছিল।[8] ই জেন জী আন্দোলন (ইংৰাজী: Gen Z protests) নামেৰেও পৰিচিত।[টোকা 2][9] দেশজুৰি ভালে-সংখ্যক ছʼচিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা জাৰি হোৱাৰ পিছত এই আন্দোলনসমূহে গা কৰি উঠিছিল। যদিও প্ৰকৃতাৰ্থত চৰকাৰী বিষয়া তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ দুৰ্নীতি আৰু সম্পদ প্ৰদৰ্শনৰ লগতে ৰাজহুৱা ধনৰ অপব্যৱস্থাপনাৰ অভিযোগৰপৰা জনসাধাৰণৰ হতাশাৰপৰাই ইয়াৰ সূত্ৰপাত হৈছিল।[10][11] এই আন্দোলনটো শাসন, স্বচ্ছতা, আৰু ৰাজনৈতিক জবাবদিহিতাৰ বহল বিষয়সমূহ সামৰি ল’বলৈ সম্প্ৰসাৰিত হৈছিল।[12][13][14][15] বিক্ষোভে আৰু অধিক তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলস্বৰূপেই চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে হিংসা-প্ৰদৰ্শন আৰু সমগ্ৰ দেশজুৰি চৰকাৰী তথা ৰাজনৈতিক ভৱন ক্ষতিসাধনৰ দৰে ঘটনাবোৰ ঘটিছিল।
২০২৫ চনৰ ৯ ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী কে. পি. শৰ্মা ওলীয়ে কেইজনমান চৰকাৰী মন্ত্ৰীৰ সৈতে পদত্যাগ কৰে আৰু ২০২৫ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে সুশীলা কাৰ্কী নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হয়। ২০২৫ চনৰ ১৩ ছেপ্টেম্বৰলৈকে এই আন্দোলনৰ পৰে।[16][17]
পটভূমি
[সম্পাদনা কৰক]২০২৫ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে নেপাল চৰকাৰে যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ নতুন নিয়মৰ অধীনত পঞ্জীয়ন নকৰাৰ বাবে ফেইচবুক, এক্স, ইউটিউব, লিংকডইন, ৰেডিট, চিগনেল, আৰু স্নেপচেটকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰাৰ নিৰ্দেশ দিছিল।[14] ৰাজহ বৃদ্ধিৰ প্ৰচেষ্টাত, বিদেশী ই-সেৱা প্ৰদানকাৰীসকলৰ ওপৰত নতুন ডিজিটেল সেৱা কৰ আৰু কঠোৰ মূল্য সংযোজিত কৰ নিয়ম বলবৎ কৰাৰ উপায় হিচাপে, পঞ্জীয়নৰ প্ৰয়োজনীয়তাক আংশিকভাৱে প্ৰেৰিত কৰা হৈছিল।[18] কিন্তু সমালোচকসকলে অভিযোগ কৰিছিল যে প্ৰভাৱশালী ৰাজনৈতিক নেতাসকলৰ সন্তান আৰু আত্মীয়ই লাভ কৰা অযথা বিশেষাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছ’চিয়েল মিডিয়াৰ ধাৰাটোৱে স্বজনপ্ৰীতিক উজ্জ্বল কৰি তুলিছে।[19]
মিডিয়া প্লেটফৰ্ম নিষেধাজ্ঞাৰ তাৎপৰ্য নেপালৰ ৰাজনৈতিক অৰ্থনীতিৰ লগত জড়িত। নেপালৰ জিডিপিৰ ৩৩% ৰেমিটেন্সৰপৰা আহে আৰু লাখ লাখ এক্সিট পাৰ্মিট জাৰি কৰা হয়, লগতে ২০% যুৱ নিবনুৱাৰ অৰ্থ হ’ল এই ৰেমিটেন্সে পৰিয়ালসমূহক জীয়াই ৰখা আৰু আমদানিৰ বিল পৰিশোধ কৰে, কিন্তু ইয়াৰ লগতে ঘৰুৱা অৰ্থনীতিৰ গাঁথনিগত ৰূপান্তৰৰ অভাৱৰ ইংগিত দিয়ে, যিয়ে যুৱক-যুৱতীসকলক অনলাইন স্থানত কাম কৰিবলৈ ঠেলি দিয়ে।[18] ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাটোৱে এইদৰে যুৱক-যুৱতীসকলৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল।
আন্দোলনৰ পূৰ্বে নেপালী ব্যক্তি এগৰাকীয়ে বছৰি গড়ে ১৪০০ মাৰ্কিন ডলাৰ উপাৰ্জন কৰিছিল আৰু ইয়াৰ বিপৰীতে দেশৰ শাসকীয় অভিজাত শ্ৰেণীৰ পৰিয়ালে ছ’চিয়েল মিডিয়াত নিজৰ ধন-সম্পত্তি প্ৰদৰ্শন কৰিছিল।[20] এই "নেপো কিড" ধাৰাটোৱে বিশেষকৈ জেনেৰেচন জী ব্যৱহাৰকাৰীসকলৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছিল।[21][22] নেপালৰ জনসংখ্যাৰ মধ্যম বয়স ২৫ বছৰ, অৰ্থাৎ জনসংখ্যাৰ এক বৃহৎ অংশ জেন জী-ত আছে, যি বয়সৰ লোকে ছ’চিয়েল মিডিয়াৰ সৰ্বাধিক ব্যৱহাৰ কৰে। ইয়াৰ বাবেই দেশখনৰ বহুলাংশে গ্ৰাম্য, ৰুক্ষ ভূ-খণ্ড আৰু বিদেশলৈ যথেষ্ট প্ৰব্ৰজন হোৱাৰ লগতে দক্ষিণ এছিয়াৰ ভিতৰতে নেপালত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সৰ্বাধিক, প্ৰতি দুগৰাকী লোকৰ বিপৰীতে প্ৰায় এটা একাউণ্ট আছে।[23]
ডিজিটেল সমন্বয়
[সম্পাদনা কৰক]যুৱ অংশগ্ৰহণকাৰী গোটসমূহে, বিশেষকৈ হামি নেপালে[24] (এটা বেচৰকাৰী সংস্থা) জেন জী আন্দোলনত ডিস্কৰ্ড চাৰ্ভাৰ আৰু ইনষ্টাগ্ৰাম চেনেলসমূহক কেন্দ্ৰীয় সংগঠনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল।[25] যিকোনো লোকেই হামি নেপাল ডিস্কৰ্ড গ্ৰুপত যোগ দিব পাৰিছিল, যাৰ ফলত ই ট্ৰʼল বা নেপালত বসবাস নকৰা লোকসকলৰ বাবে বিপদসংকুল হৈ ওঠে।[26]
ডিস্কৰ্ড চেনেলসমূহত কৌশলগত আলোচনা হৈছিল বুলি জানিব পৰা গৈছে, যেনে বিমানবন্দৰৰফালে লোকসকলক নিৰ্দেশ দিয়া, অগ্নিসংযোগকাৰী ডিভাইচ্ (যেনে, মোলোটভ্ ককটেল্) সংগ্ৰহ বা ব্যৱহাৰৰ আয়োজন কৰা, পুলিচ ষ্টেচনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰা আৰু এচিটিলিন গেছ ব্যৱহাৰ কৰি বিমানৰ টায়াৰ নিষ্ক্ৰিয় কৰাৰ বিষয়ে আলোচনা কৰা।[5] পুলিচৰ অভিযানত ১৯ জন লোকৰ মৃত্যু হোৱাৰ পিছত, কিছুমান ডিস্কৰ্ড চাৰ্ভাৰৰ আয়োজকসকলে সদস্যসকলৰ ক্লাচত যোগদান বন্ধ কৰিবলৈ কয়। তেওঁলোকে চৰকাৰে নিহত লোকসকলৰ দায় স্বীকাৰ নকৰা লৈকে কলেজ আৰু স্কুল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰাখাৰ আহ্বান জনায়।[27]
সামাজিক মাধ্যমৰ নিষেধাজ্ঞা এৰাই চলিবলৈ বিক্ষোভকাৰীৰা ভিপিএন ব্যৱহাৰ কৰিছিল আৰু কিউআৰ কোড সহ লিফলেট্ পোষ্ট কৰিছিল।[28]
ওলিৰ পদত্যাগৰ পিছত, সেনা প্ৰধানসকলে হামি নেপালৰ সৈতে সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নিৰ্বাচন তত্ত্বাবধান কৰিব পৰা অন্তৱৰ্তীকালীন নেতাৰ বাবে মনোনীত লোকসকলৰ পৰামৰ্শ দিবলৈ কয়। বিতৰ্কৰ বাবে, তেওঁলোকৰ ডিস্কৰ্ড চেনেলত ভাৰ্চুৱেলি এক লাখতকৈ অধিক ব্যৱহাৰকাৰীয়ে মিলিত হৈছিল। আলোচনা আৰু কেইবাটাও জৰিপৰ অন্তত সদস্যসকলে সুশীলা কাৰ্কীৰ নামটো থিৰাং কৰে। চেনেলৰ মডাৰেটৰ তথা শেহতীয়াকৈ উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শাস্বত লামিচানেই কৈছিল যে এই আলোচনাসমূহ এক “ক্ষুদ্ৰ-নিৰ্বাচন” (Mini-election)ৰ অনুকৰণ কৰাৰ বাবে কৰা হৈছিল।[26]
সময়ৰেখা
[সম্পাদনা কৰক]৮ ছেপ্টেম্বৰ
[সম্পাদনা কৰক]কাঠমাণ্ডুত,[9] বিশেষকৈ মাইতিঘৰ মণ্ডল আৰু ফেডাৰেল সংসদ ভৱন, নিউ বানেশ্বৰৰ আশে-পাশে বিশাল সমাৱেশ অনুষ্ঠিত হৈছিল, যʼত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল।[29][30] হামি নেপাল[5] নামৰ এটি বেচৰকাৰী সংস্থাই[31][32] আন্দোলনসমূহ এটি শান্তিপূৰ্ণ সমাৱেশ হিচাপে আয়োজন কৰিছিল; যাৰ ৱেবছাইটে ভূমিকম্প সাহায্য প্ৰকল্পসমূহক তুলি ধৰে।[33] হামি নেপালৰ বিক্ষোভ সংগঠকসকলৰ অনিল বনিয়াই যুক্তি আগবঢ়ায় যে, মেগৰাজ গিৰি নামৰ তেওঁলোকৰেই এজন সদস্যই চিচিটিভি কেমেৰালৈ শিলগুটি দলিওৱাৰ পিছত চৰকাৰে আন্দোলনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লয়। বনিয়াই কয় যে, শান্তিপূৰ্ণ প্ৰতিবাদ হিচাপে আৰম্ভ হোৱা কথাটো "বাহ্যিক শক্তি আৰু ৰাজনৈতিক দলৰ কেডাৰসকলে" অপহৰণ কৰিছিল যদিও যিয়েই নহওক, সশস্ত্ৰ আৰক্ষীৰপৰা সজীৱ গোলাবাৰুদেৰে শিলগুটি নিক্ষেপ কৰাৰ প্ৰতি চৰকাৰে সঁহাৰি দিব নালাগিছিল।[20] ২০২৫ চনৰ ইণ্ডোনেছিয়াৰ প্ৰতিবাদৰ দৰে, মাংগা ছিৰিজ ৱান পিছৰ ষ্ট্ৰ’ হেট পাইৰেটছৰ জলি ৰজাৰ পতাকাখন কিছুমান প্ৰতিবাদকাৰীয়ে ব্যৱহাৰ কৰিছিল।[34]
প্ৰতিবাদত কোনো আনুষ্ঠানিক নেতৃত্ব নাছিল, ব্যক্তিসকলে স্বেচ্ছাই যোগদান কৰি দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞাৰ বিৰোধিতা কৰিছিল। প্ৰতিবাদকাৰীয়ে নেপালৰ ফেডাৰেল সংসদত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ, পানীৰ কামান, ৰবৰৰ গুলী, আৰু সজীৱ গোলাবাৰুদ আদিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।সাঁচ:Contradictory inline[35] পিছলৈ সন্ধিয়া প্ৰকাশ পোৱা জিঅ’ল’কেটিং ভিডিঅ’ত সংসদ ভৱনৰ সন্মুখত অসংখ্য ভুক্তভোগীক হত্যা কৰা দেখা গৈছে। কিছুমান ভুক্তভোগীক মাটিত নিৰ্জীৱ হৈ পৰি থকা দেখা গৈছিল, বহুতে মূৰ আৰু ধড়ৰ ঘাঁত গুৰুতৰ বা মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হৈছিল। কিছুমান ভিডিঅ’ত ভুক্তভোগীক মুখ উৰুৱাই দিয়া দেখা গৈছিল। এজন বিশেষজ্ঞই গুলীচালনা কৰা গুলীবোৰ লঘু ওজনৰ ৭.৬২x৫১মিমি অটোমেটিক ৰাইফলৰপৰা অহা বুলি চিনাক্ত কৰিছে।[36] চৰকাৰী ভৱনৰ সমীপৰ ৰাজধানীৰ কিছু অংশত কাঠমাণ্ডু জিলা প্ৰশাসনৰ কাৰ্যালয়ে সান্ধ্য আইন জাৰি কৰিছিল। অৱশ্যে প্ৰতিবাদ কিন্তু অব্যাহত আছিল।[20]
সন্ধিয়া চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়।[37] গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰিছিল।[38] কাঠমাণ্ডু, বীৰগঞ্জ, ভৈৰহোৱা, বুটৱাল, পোখাৰা, ইটহাৰী, দমককে ধৰি কেইবাখনো ডাঙৰ চহৰত সান্ধ্য আইন জাৰি কৰা হৈছিল।[39] ইয়াৰ পিছতে সংসদ সম্পূৰ্ণৰূপে ভংগ কৰাৰ প্ৰতিবাদ আৰম্ভ হয়। মূল প্ৰতিবাদৰ ওপৰত চৰকাৰৰ প্ৰাৰম্ভিক প্ৰতিক্ৰিয়াই আছিল ইয়াৰ মূল কাৰণ।[20]
এই সংঘৰ্ষত ১৯ জন লোক নিহত হোৱাৰ লগতে ৩৪৭ জনতকৈ অধিক লোক আহত হয়।[40][35][41] সেই প্ৰতিবাদকাৰীসকলৰ ভিতৰত সোতৰজন ৰাজধানীত নিহত হৈছিল।[36]
টোকা
[সম্পাদনা কৰক]
সময়িক সংশোধনৰ প্ৰয়োজন
এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে।
কাৰণ: বৰ্তমানে চলি থকা ঘটনা
বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৫ চনৰ অক্টোবৰ মাহৰ ০১ তাৰিখে পৰীক্ষা কৰা হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Sharma, Gopal; Chitrakar, Navesh (9 September 2025). "Nepal PM Oli resigns after violent anti-corruption protests, his aide says". Reuters. https://www.reuters.com/business/media-telecom/nepal-pm-oli-resigns-after-violent-anti-corruption-protests-his-aide-says-2025-09-09/.
- ↑ Scarr, Charlotte; Fraser, Simon; Ethirajan, Anbarasan (9 September 2025). "Nepal parliament set on fire after PM resigns over anti-corruption protests". BBC. https://www.bbc.com/news/articles/c0m4vjwrdwgo.
- ↑ "Protesters torch Nepal parliament as PM resigns amid turmoil". Al Jazeera. 9 September 2025. https://www.aljazeera.com/gallery/2025/9/9/protesters-torch-nepal-parliament-as-pm-resigns-amid-turmoil.
- ↑ Ellis-Petersen, Hannah; Pokharel, Gaurav (9 September 2025). "The Nepalese government has lifted the ban on social media". The Guardian. https://www.theguardian.com/world/2025/sep/09/nepal-protests-social-media-ban-lifted-gen-z-kathmandu.
- ↑ 5.0 5.1 5.2 Jha, Anuja (9 September 2025). "How Discord became control room for Nepal's Gen Z protests". India Today. https://www.indiatoday.in/world/story/nepal-protests-discord-revolution-a-success-and-a-failure-2784606-2025-09-09. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>tag; name "indiatoday" defined multiple times with different content - ↑ 6.0 6.1 "Death toll in Gen-Z protests reaches 30, over 1,000 injured". Khabarhub. 10 September 2025. https://english.khabarhub.com/2025/10/495734/.
- ↑ "Nepal protest death toll reaches 51 as 12,500 prisoners remain on the run". Al Jazeera. 12 September 2025. https://www.aljazeera.com/news/2025/9/12/nepal-protest-death-toll-reaches-51-as-12500-prisoners-remain-on-the-run.
- ↑ "Why GenZ has taken over the streets in Nepal". BBC News. 9 September 2025. https://www.bbc.com/news/articles/crkj0lzlr3ro.
- ↑ 9.0 9.1 "Gen Z protest in Kathmandu against corruption and ban on social media platforms" (en ভাষাত). The Kathmandu Post. 8 September 2025. https://kathmandupost.com/visual-stories/2025/09/08/gen-z-protest-in-kathmandu-against-corruption-and-social-media-ban.
- ↑ "A year of corruption" (en ভাষাত). The Record. 29 January 2021. https://www.recordnepal.com/a-year-of-corruption। আহৰণ কৰা হৈছে: 7 September 2025.
- ↑ "Nepal Gen Z Protests Live: Kathmandu streets wear deserted look, forces on alert after day-long protests" (en ভাষাত). India Today. 8 September 2025. https://www.indiatoday.in/world/story/nepal-gen-z-protest-live-updates-curfew-in-kathmandu-oli-government-in-emergency-huddle-security-forces-use-tear-gas-2783755-2025-09-08। আহৰণ কৰা হৈছে: 8 September 2025.
- ↑ "Gen Z protest in Kathmandu against corruption and ban on social media platforms" (en ভাষাত). The Kathmandu Post. https://kathmandupost.com/visual-stories/2025/09/08/gen-z-protest-in-kathmandu-against-corruption-and-social-media-ban। আহৰণ কৰা হৈছে: 9 September 2025.
- ↑ "Gen Z youths stage protest at Maitighar against corruption, social media ban" (en ভাষাত). The Himalayan Times. 8 September 2025. https://thehimalayantimes.com/kathmandu/gen-z-youths-stage-protest-at-maitighar-against-corruption-social-media-ban। আহৰণ কৰা হৈছে: 9 September 2025.
- ↑ 14.0 14.1 Gurubacharya, Binaj (4 September 2025). "Nepal blocks Facebook, X, YouTube and others for failing to register with the government" (en ভাষাত). AP News. https://apnews.com/article/nepal-ban-social-media-platform-3b42bbbd07bc9b97acb4df09d42029d5। আহৰণ কৰা হৈছে: 4 September 2025.
- ↑ Ellis-Petersen, Hannah (8 September 2025). "At least 10 people killed during protests against Nepal's social media ban" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2025/sep/08/nepal-bans-26-social-media-sites-including-x-whatsapp-and-youtube.
- ↑ "Nepal calm as first female prime minister takes charge after deadly protests". icirnigeria.org. 13 September 2025. https://www.icirnigeria.org/nepal-calm-as-first-female-prime-minister-takes-charge-after-deadly-protests/.
- ↑ (hi ভাষাত)BBC News. 11 September 2025. https://www.bbc.com/hindi/articles/ckgqyq7q4geo.
- ↑ 18.0 18.1 Chandra, Atul; Pokharel, Pramesh. "Nepal's Gen-Z uprising is about jobs, dignity – and a broken development model". People's Dispatch. https://peoplesdispatch.org/2025/09/09/nepals-gen-z-uprising-is-about-jobs-dignity-and-a-broken-development-model/। আহৰণ কৰা হৈছে: 10 September 2025.
- ↑ "A "Nepo Kid" Trend Amid Gen Z-Led Protests Against Nepal's Social Media Ban". NDTV. 8 September 2025. https://www.ndtv.com/world-news/nepo-kid-trends-amid-gen-z-led-protests-against-nepals-social-media-ban-9240003। আহৰণ কৰা হৈছে: 8 September 2025.
- ↑ 20.0 20.1 20.2 20.3 Kharel, Samik. "'Topple this government': Nepal's Gen Z protesters demand mass resignations". Al Jazeera. https://www.aljazeera.com/features/2025/9/9/we-want-mass-resignations-nepals-gen-z-anger-explodes-after-19-killed.
- ↑ Latif, Aamir (8 September 2025). "Army called in to quell violent protests in Nepal after clashes over social media ban leave 19 dead" (en ভাষাত). Anadolu Agency. https://www.aa.com.tr/en/asia-pacific/army-called-in-to-quell-violent-protests-in-nepal-after-clashes-over-social-media-ban-leave-19-dead/3681127.
- ↑ Bose, Saikat Kumar (9 September 2025). "Why Nepal Banned Social Media, And Why That's Not Only Trigger For Protests". NDTV. https://www.ndtv.com/world-news/nepal-protests-why-nepal-banned-social-media-and-why-thats-not-only-trigger-for-protests-9236802। আহৰণ কৰা হৈছে: 9 September 2025.
- ↑ Butler, Gavin (9 September 2025). "Social media is a big part of Nepali life". BBC News. https://www.bbc.com/news/live/c741n80ndlxt?post=asset%3Ade42d66f-de59-4376-b21e-7b7917e29f8b#post.
- ↑ Lamsal, Sangya; Tuladhar, Sudiksha (11 September 2025). "Who, or what, is Hami Nepal?". Nepali Times. https://nepalitimes.com/here-now/who-or-what-is-hami-nepal। আহৰণ কৰা হৈছে: 12 September 2025.
- ↑ Tiwari, Subham; Sharma, Aakash (8 September 2025). "Who are the organisers of Nepal's massive Gen Z protest?" (en ভাষাত). India Today. https://www.indiatoday.in/world/story/who-are-the-organisers-of-nepals-massive-gen-z-protest-2783981-2025-09-08। আহৰণ কৰা হৈছে: 12 September 2025.
- ↑ 26.0 26.1 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;:5নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Tiwari, Subham; Sharma, Aakash (9 September 2025). "Nepal protests: Gen Z protestors mobilising through Discord app to coordinate actions. Here's what they discussed" (en ভাষাত). Business Today. https://www.businesstoday.in/india/story/nepal-protests-gen-z-protestors-mobilising-through-discord-app-to-coordinate-actions-heres-what-they-discussed-493190-2025-09-09। আহৰণ কৰা হৈছে: 12 September 2025.
- ↑ Hameed, Sajad; Mir, Rehan Qayoom (2025-09-23). "Nepal's Youth Rise Against a Digital Gag Order" (en-US ভাষাত). Jacobin. https://jacobin.com/2025/09/nepal-youth-social-media-protest। আহৰণ কৰা হৈছে: 2025-09-24.
- ↑ Das, Pankaj (8 September 2025). "Huge Gen Z protest in Nepal over social media ban; 19 dead, 150+ injured in firing" (en ভাষাত). India Today. https://www.indiatoday.in/world/story/gen-z-protests-nepal-kp-sharma-oli-corruption-social-media-restrictions-2783683-2025-09-08। আহৰণ কৰা হৈছে: 8 September 2025.
- ↑ "Death toll climbs to 14 in Gen Z protests in Kathmandu" (en ভাষাত). The Himalayan Times. 8 September 2025. https://thehimalayantimes.com/kathmandu/death-toll-climbs-to-14-in-gen-z-protests-in-kathmandu.
- ↑ Gandhi, Swati (9 September 2025). "Who is Sudan Gurung, the man behind massive Gen Z protest in Nepal?". Business Standard. https://www.business-standard.com/world-news/nepal-social-media-ban-genz-protest-sudan-gurung-hami-nepal-125090900932_1.html.
- ↑ "All about Sudan Gurung, the activist behind Nepal's Gen Z protests against social media ban". Business Today. 9 September 2025. https://www.businesstoday.in/india/story/all-about-sudan-gurung-the-activist-behind-nepals-gen-z-protests-against-social-media-ban-493269-2025-09-09.
- ↑ "Hami Nepal recent campaigns". Hami Nepal. https://www.haminepal.org/campaign/causes/1। আহৰণ কৰা হৈছে: 9 September 2025.
- ↑ "Japanese manga icon becomes emblem of youth protest against social media ban in Nepal" (en ভাষাত). The Statesman. 8 September 2025. https://www.thestatesman.com/entertainment/japanese-manga-icon-becomes-emblem-of-youth-protest-against-social-media-ban-in-nepal-1503482968.html.
- ↑ 35.0 35.1 Walker, Amy; Dahal, Phanindra (8 September 2025). "At least 19 dead after protests against Nepal social media ban" (en ভাষাত). BBC News. https://www.bbc.com/news/articles/c78nd2zy9jgo.
- ↑ 36.0 36.1 Derre, Mellit (2025-09-15). "How Nepalese police shot at protesters with 'military-grade ammunition'" (en ভাষাত). France 24. https://www.france24.com/en/asia-pacific/20250915-nepal-police-protests-violence-kathmandu। আহৰণ কৰা হৈছে: 2025-09-16.
- ↑ "Nepal Gen Z Protest Live Updates: Nepal lifts social media ban in wake of fatal protests that left 19 dead" (en ভাষাত). The Indian Express. 9 September 2025. https://indianexpress.com/article/world/nepal-protests-live-updates-clash-youth-genz-army-social-media-ban-10237198/.
- ↑ "Nepal home minister resigns after Gen-Z protests over social media ban leave 19 dead" (en ভাষাত). Firstpost. 8 September 2025. https://www.firstpost.com/world/nepal-home-minister-resigns-takes-moral-responsibility-after-violent-gen-z-protests-leave-20-dead-13931943.html। আহৰণ কৰা হৈছে: 8 September 2025.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;id202502নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "19 dead in Gen Z protests across Nepal". The Kathmandu Post. 8 September 2025. https://kathmandupost.com/national/2025/09/08/19-dead-in-gen-z-protests-across-nepal.
- ↑ "19 dead, over 300 injured in Gen Z protests nationwide". The Himalayan Times. 8 September 2025. https://thehimalayantimes.com/kathmandu/updated-19-dead-over-300-injured-in-gen-z-protests-nationwide.