নেবিলা আব্দুলমেলিক
নেবিলা আব্দুলমেলিক (ইংৰাজী: Nebila Abdulmelik) এগৰাকী ইথিঅ'পিয়াৰ নাৰীবাদী কৰ্মী আৰু বিশিষ্ট মহিলা অধিকাৰ কৰ্মী। ২০১৩ চনত নিৰ্মমভাৱে ধৰ্ষণৰ[1] সন্মুখীন হোৱা লিজ নামৰ ১৬ বছৰীয়া কেনিয়ান ছোৱালী এজনীৰ ন্যায় বিচাৰি আৰম্ভ কৰা #JusticeforLiz অভিযানৰ নেতৃত্ব দিয়াৰ বাবে তেওঁ সুপৰিচিত আছিল। নেবিলাই ইয়াৰ পূৰ্বে আফ্ৰিকাত মহিলাৰ বৃদ্ধিৰ পোষকতা কৰা প্ৰতিষ্ঠান ফেমনেটত সংবাদ মাধ্যমৰ সম্পৰ্কৰ পৰিচালক হিচাপে কাম কৰিছিল। [2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]নেবিলাই ইথিঅ'পিয়াৰ আদিছ আবাবাত জন্মগ্ৰহণ কৰিছিল। হাৰাৰী মূলৰ এগৰাকী মুছলমান যুৱতী হিচাপে তেওঁ কয় যে তেওঁ বৈষম্যৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁ এগৰাকী কৰ্মী হোৱাত প্ৰভাৱ পৰিছিল।[3] আমেৰিকাত উচ্চ অধ্যয়নৰ বাবে বৃত্তি লাভ কৰে আৰু লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা আফ্ৰিকান অধ্যয়নত এম এ ডিগ্ৰী লাভ কৰে।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]নেবিলাই নাৰী অধিকাৰৰ পোষকতা কৰা এগৰাকী কৰ্মী হিচাপে তেওঁ নিজৰ কেৰিয়াৰ অব্যাহত ৰাখিছিল। ৪০ খনতকৈও অধিক দেশ ভ্ৰমণ কৰি কেইবাটাও মানৱ অধিকাৰ সংস্থাৰ সৈতে নেবিলাই কাম কৰিছে। তেওঁ ফেমনেটকে ধৰি প্যান-আফ্ৰিকান মহিলা অধিকাৰ সংস্থাসমূহৰ লগতে আফ্ৰিকান গভৰ্নেন্স আৰ্কিটেকচাৰ সচিবালয়ৰ জৰিয়তে আফ্ৰিকান ইউনিয়নৰ সৈতে কাম কৰিছিল।[5]
২০১৩ চনত লিজৰ দলবদ্ধ ধৰ্ষণৰ পিছত তেওঁ #JusticeforLiz শীৰ্ষক অনলাইন আবেদন আৰম্ভ কৰে আৰু এই আবেদনত ধৰ্ষণকাৰীসকলক মৃত্যুদণ্ডৰ দাবীত ২০ লাখতকৈ অধিক স্বাক্ষৰ লাভ কৰে।[6]
দুবছৰৰ পিছত ২০১৫ চনত তেওঁ বিশেষভাৱে গ্ল'বেল গ'লছৰ বিকাশৰ সময়ত বহনক্ষম উন্নয়ন লক্ষ্য-৫,[7] সৃষ্টিৰ পোষকতা কৰে। ২০২১ চনৰ আগষ্ট মাহত তেওঁক আফ্ৰিকান মহিলা কৰ্মীৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হয় যিসকলক গ্ল'বেল চিটিজেন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু ওকালতি সংস্থাই ৱিকিপিডিয়াত লিখিবলগীয়া প্ৰবন্ধৰ যোগ্য বুলি বিবেচিত কৰে।[8][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Trending: #JusticeforLiz and the rape that's shocked Kenya" (en-GB ভাষাত). BBC News. 2013-10-28. https://www.bbc.com/news/magazine-24716407.
- ↑ Ali, Nada (29 July 2015). Gender, Race, and Sudan's Exile Politics Do We All Belong to This Country?. Lexington Books. পৃষ্ঠা. 177. ISBN 978-1-4985-0050-0. https://books.google.com/books?id=dxoqCgAAQBAJ&dq=Nebila+Abdulmelik&pg=PA177.
- ↑ MARMIER, Anne-Marie. "Nebila ABDULMELIK". Le Dictionnaire universel des Créatrices. https://www.dictionnaire-creatrices.com/fiche-nebila-abdulmelik.
- ↑ Moffett, Helen (15 October 2018). ID Identity: New Short Fiction From Africa. New Internationalist. পৃষ্ঠা. 280. ISBN 978-1-78026-460-8. https://books.google.com/books?id=fNxFDwAAQBAJ&dq=Nebila+Abdulmelik+ucla&pg=PA280.
- ↑ 5.0 5.1 "Nebila Abdulmelik | Nelson Mandela School of Public Governance" (en ভাষাত). www.mandelaschool.uct.ac.za. Archived from the original on 2021-12-21. https://web.archive.org/web/20211221202507/http://www.mandelaschool.uct.ac.za/abdulmelik। আহৰণ কৰা হৈছে: 2021-08-10.
- ↑ "Kenya teen gang rape case sparks outrage, protests". america.aljazeera.com. http://america.aljazeera.com/articles/2013/11/1/kenya-teen-gang-rapecasesparksoutrageprotests.html। আহৰণ কৰা হৈছে: 2021-08-10.
- ↑ Global Goal 5: Gender Equality
- ↑ "7 Notable African Women Activists Who Deserve Wikipedia Pages" (en ভাষাত). Global Citizen. 9 August 2021. https://www.globalcitizen.org/en/content/african-women-activists-wikipedia-wikigap/। আহৰণ কৰা হৈছে: 2021-08-10.