নেলী মুগো
| নেলী মুগো | |
|---|---|
| ক্ষেত্ৰ | মেডিচিন, এইচ আই ভি। |
| কৰ্মস্থান | কেনিয়া চিকিৎসা গৱেষণা প্ৰতিষ্ঠান ৱাশ্বিংটন বিশ্ববিদ্যালয় |
নেলী মুগো কেনিয়াৰ এগৰাকী প্ৰসূতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু এইচ আই ভি আৰু ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ গৱেষণাৰ সৈতে জড়িত বিজ্ঞানী। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গ্ল'বেল হেল্থ আৰু কেনিয়া মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ক্লিনিকেল ৰিচাৰ্চ চেণ্টাৰৰ গৱেষণা সহযোগী অধ্যাপিকা।[1] আফ্ৰিকান একাডেমী অৱ চাইন্সৰ সদস্যও।[2] ২০২১ চনত মুগো গীতা ৰামজী বঁটাৰ উদ্বোধনী প্ৰাপক হয়।[3][4]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]আঠটা সন্তানৰ ভিতৰত মুগো আছিল অন্যতম।[5] ১৯৮১ চনত নাইৰোবি বিশ্ববিদ্যালয়ত চিকিৎসা প্ৰশিক্ষণ আৰম্ভ কৰে,[5] য'ত তেওঁ চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক আৰু চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] ২০০০ চনত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰপৰা জনস্বাস্থ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6]
কেৰিয়াৰ
[সম্পাদনা কৰক]মুগোৱে স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু মহামাৰী বিশেষজ্ঞ হিচাপে প্ৰশিক্ষণ লৈছিল।[7] প্ৰথমতে তেওঁ গ্ৰাম্য চিকিৎসালয়ত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু পিছলৈ পুমৱানি প্ৰসূতি চিকিৎসালয়ত।[5] তেওঁ কেনিয়াটা ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ গৱেষণা আৰু কাৰ্যসূচীৰ বিভাগৰ মুৰব্বী আৰু চিকিৎসক আছিল আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপও প্ৰদান কৰিছে।[2] মুগো আছিল পাৰ্টনাৰ্ছ প্ৰিইপি অধ্যয়নৰ এজন অনুসন্ধানকাৰী,[1] যাৰ লক্ষ্য আছিল এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঔষধ ব্যৱহাৰ কৰা।[8]মুগোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ বিভিন্ন পদক্ষেপ আৰু মঞ্চত অৰিহণা যোগাইছে,[8] আৰু কেনিয়াৰ ৰাষ্ট্ৰীয় এইডছ আৰু এছটিআই নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বাবে PrEP নিৰ্দেশনা পুনৰ লিখা এখন সমিতিৰ অংশ আছিল।[5]
গৱেষক হিচাপে কাম কৰাৰ উপৰি মুগো এগৰাকী প্ৰজনন স্বাস্থ্যৰ ক্লিনিকেল প্ৰেকটিচনাৰ। বৰ্তমান তেওঁ কেনিয়াৰ থিকাত ক্লিনিকেল ট্ৰায়েল ছাইটৰ নেতৃত্ব দিয়ে,[9] আৰু আন্তঃৰাষ্ট্ৰীয় পেপিলোমা ভাইৰাছ ছ'চাইটিৰ শিক্ষা সমিতিৰ সদস্যও।[7]
২০২১ চনত মুগো এইচ আই ভি প্ৰতিৰোধৰ ক্ষেত্ৰত আগশাৰীৰ মহিলা বিজ্ঞানীসকলৰ বাবে গীতা ৰামজী বঁটাৰ উদ্বোধনী প্ৰাপক হয়।[3]
গৱেষণা
[সম্পাদনা কৰক]মুগো এগৰাকী প্ৰজনন স্বাস্থ্য বিশেষজ্ঞ যিয়ে এছটিআইৰ ওপৰত কৰা গৱেষণাৰ বাবে পৰিচিত, বিশেষকৈ এইচ আই ভি আৰু ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত। যৌনকৰ্মীসকলৰ মাজত এইচ পি ভিৰ অধ্যয়ন চলাইছে, আৰু এইচ পি ভি ভেকচিন পৰীক্ষাৰ সৈতে জড়িত হৈ আছে।[1]
মুগো পাৰ্টনাৰ পি আৰ ই পি অধ্যয়নৰ অংশ হিচাপে প্ৰি-এক্সপ'জাৰ প্ৰফিলেক্সিছ অধ্যয়নৰ সৈতে জড়িত আছিল,[9] যাৰ লক্ষ্য আছিল চেৰ'ডিচকৰ্ডেণ্ট দম্পতীৰ মাজত এইচ আই ভি প্ৰতিৰোধ উন্নত কৰা। তাৰ পিছত তেওঁ PrEP ৰূপায়ণসমূহ অধিক ৰূপায়ণ আৰু মূল্যায়নৰ বাবে কাৰ্যসূচীসমূহৰ সৈতে জড়িত হৈ পৰে,[5] লগতে এইচ আই ভি স্ব-পৰীক্ষা পদ্ধতিৰ বাবে ক্লিনিকেল পৰীক্ষা।[2] মুগো গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ সময়ত এইচ আই ভি ভাইৰাছ হোৱাৰ আশংকা মূল্যায়ন কৰা ইভিডেন্স ফৰ কনট্ৰেচেপটিভ অপচনছ এণ্ড এইচ আই ভি আউটকমছ (ECHO) পৰীক্ষাৰ পৰিচালনা সমিতিৰ সদস্যও আছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 "Nelly Mugo Research Associate Professor, Global Health". University of Washington. https://globalhealth.washington.edu/faculty/nelly-mugo। আহৰণ কৰা হৈছে: 19 September 2021.
- 1 2 3 "Nelly Mugo". African Academy of Sciences. Archived from the original on 9 January 2023. https://web.archive.org/web/20230109152318/https://www.aasciences.africa/fellow/nelly-mugo। আহৰণ কৰা হৈছে: 19 September 2021.
- 1 2 Nosipho (January 29, 2021). "Dr Nelly Mugo becomes 1st recipient of Gita Ramjee Prize at HIVR4P // Virtual 2021" (en-gb ভাষাত). www.auruminstitute.org. https://www.auruminstitute.org/component/content/article/28-blog/aurum-news/366-dr-nelly-mugo-becomes-1st-recipient-of-gita-ramjee-prize-at-hivr4p-virtual-2021। আহৰণ কৰা হৈছে: 2022-06-02.
- ↑ "Nelly Mugo Honored for Research in HIV Prevention" (en ভাষাত). globalhealth.washington.edu. 2021-01-28. https://globalhealth.washington.edu/news/2021/01/28/nelly-mugo-honored-research-hiv-prevention। আহৰণ কৰা হৈছে: 2022-04-16.
- 1 2 3 4 5 Kirby, Tony (2017-04-29). "Nelly Mugo—rolling out PrEP in Kenya" (en ভাষাত). The Lancet খণ্ড 389 (10080): 1689. doi:10.1016/S0140-6736(17)31068-1. সাঁচ:ProQuest. PMID 28463131. https://linkinghub.elsevier.com/retrieve/pii/S0140673617310681.
- ↑ "Nelly Mugo" (en ভাষাত). The Conversation. November 21, 2016. https://theconversation.com/profiles/nelly-mugo-317505। আহৰণ কৰা হৈছে: 2022-06-02.
- 1 2 3 "Mugo, Nelly" (en-US ভাষাত). IPVS. https://ipvsoc.org/member/nelly-mugo/। আহৰণ কৰা হৈছে: 2022-06-02.
- ↑ "Partners PrEP Study | International Clinical Research Center" (en ভাষাত). depts.washington.edu. http://depts.washington.edu/uwicrc/?q=research/current/partners-prep-study। আহৰণ কৰা হৈছে: 2022-06-02.
- 1 2 "Nelly Mugo, MbCHB, MMED (Ob,Gyn) MPH | AME" (en ভাষাত). academicmedicaleducation.com. https://academicmedicaleducation.com/nelly-mugo-mbchb-mmed-obgyn-mph। আহৰণ কৰা হৈছে: 2022-04-16.