নেহা কাপুৰ
নেহা কাপুৰ | |
---|---|
জন্ম | ৩১ মাৰ্চ, ১৯৮৩ (৪১ বছৰ) নতুন দিল্লী, ভাৰত |
পেচা | মডেল |
উচ্চতা | ১.৭৬ মিটাৰ (U=ft}}) |
দাম্পত্যসঙ্গী | কুনাল নায়াৰ (বি. ২০১১) |
'Beauty pageant titleholder' | |
Title | ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ২০০৬ |
Years active | 2006–present |
Major competition(s) |
ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ২০০৬ (বিজয়ী) (মিছ ফ্ৰেছ ফেচ) (মিছ ফটোজেনিক) মিছ ইউনিভাৰ্ছ ২০০৬ (শীৰ্ষ ২০) |
ৱেবছাইট | |
http://www.myspace.com/nehakapur |
নেহা কাপুৰ (ইংৰাজী: Neha Kapur; জন্ম: ৩১ মাৰ্চ ১৯৮৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০০৬ বিজয়ী আৰু মিছ ইউনিভাৰ্ছ ২০০৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। বিগ বেং থিয়ৰীৰ তাৰকা কুনাল নায়াৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কাপুৰৰ জন্ম হৈছিল ১৯৮৩ চনৰ ৩১ মাৰ্চত ভাৰতৰ নতুন দিল্লীৰ এটা পাঞ্জাৱী হিন্দু পৰিয়ালত। তেওঁ অতি কম বয়সতে শাস্ত্ৰীয় নৃত্য শিকিছিল।[1] তেওঁ ভাৰতনাট্যম চাৰি বছৰ আৰু কত্থকৰ আঠ বছৰৰ প্ৰশিক্ষণ লৈছিল।[1] কাপুৰে পাৰ্ল একাডেমী পৰা ফেশ্বন ডিজাইনত ডিগ্ৰী লাভ কৰিছে। তেখেতৰ ভগ্নী নিনা কাপুৰ এগৰাকী সংবাদ প্ৰচাৰক আছিল।
কেৰিয়াৰ
[সম্পাদনা কৰক]২০০৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট লাভ কৰাৰ উপৰিও কাপুৰে এই প্ৰতিযোগিতাত ফেমিনা মিছ ফ্ৰেছ ফেচ আৰু ফেমিনা মিছ ফটোজেনিক বঁটাও লাভ কৰে।[2]
কাপুৰে ২৩ জুলাইত লছ এঞ্জেলছত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০০৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[3] তেওঁ ছেমিফাইনেলত শীৰ্ষ ২০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Neha Kapur's pretty past". CNN-IBN. 24 July 2006. Archived from the original on 2 October 2012. https://web.archive.org/web/20121002070730/http://ibnlive.in.com/news/neha-kapurs-pretty-past/6966-8.html.
- ↑ Femina Miss India's Official Website Archived 4 February 2012 at the Wayback Machine, Retrieved 12 May 2006.
- ↑ Official Website of Miss Universe. Retrieved 12 May 2006. Archived 2 May 2006 at the Wayback Machine