সমললৈ যাওক

নেহা মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেহা মেহতা
নেহা মেহতা
২০১৬ চনত মেহতা
জন্ম ০১ এপ্ৰিল, ১৯৭৮ (৪৮ বছৰ)
পাটান, গুজৰাট, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০১–বৰ্তমান
জনা যায় * তাৰক মেহতা কা উল্টা চসমা
  • ডলাৰ বহু
  • ভাবী

নেহা মেহতা (জন্ম: ১ এপ্ৰিল ১৯৭৮) [1] এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী চলচ্চিত্ৰ আৰু হিন্দী দূৰদৰ্শনত কাম কৰে। মেহতাক ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া চিটকম তাৰক মেহতা কা উল্টা চসমাত (২০০৮–২০২০) "অঞ্জলি মেহতা"ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনা যায়। তেওঁৰ আন আন উল্লেখযোগ্য টেলিভিছন উপস্থিতিৰ ভিতৰত আছে ডলাৰ বহুত (২০০১–২০০২) বৈশালী আৰু ভাবীত (২০০২) সৰোজ চোপ্ৰাৰ চৰিত্ৰ।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নেহা মেহতাৰ পূৰ্বপুৰুষ গুজৰাটৰ পাটানৰ আছিল যদিও তেওঁ বদোদৰা আৰু আহমেদাবাদত ডাঙৰ-দীঘল হৈছিল। তেওঁ গুজৰাটী সাহিত্যৰ সৈতে গভীৰ সম্পৰ্ক থকা এটা পৰিয়ালৰ সন্তান আৰু তেওঁ নিজেও এগৰাকী গুজৰাটী ভাষী। তেওঁৰ পিতৃ এজন জনপ্ৰিয় গায়ক, যিয়ে তেওঁক অভিনেত্ৰী হ’বলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যত পাৰ্ফৰ্মিং আৰ্টছৰ স্নাতকোত্তৰ (MPA) ডিগ্ৰী লাভ কৰাৰ লগতে কণ্ঠ সংগীত আৰু নাট্য শাস্ত্ৰত ডিপ্লমা অৰ্জন কৰিছে।[3][4]

কৰ্মজীৱন

[সম্পাদনা কৰক]
২০১৩ চনৰ আইটিএ বঁটা প্ৰদান অনুষ্ঠানত মেহতা

মেহতাই বহু বছৰ ধৰি গুজৰাটী থিয়েটাৰত কাম কৰিছিল, যাৰ ভিতৰত চাহেবজী তেওঁৰ অন্যতম উল্লেখযোগ্য কাম। ১৯৯৮ চনত দীৱাৰ ধাৰাবাহিকৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ২০০১ চনত জি টিভিৰ ডলাৰ বহুত বৈশালীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰথমটো মুখ্য চৰিত্ৰ লাভ কৰে। ২০০২ চনৰপৰা ২০০৩ চনলৈ তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক ভাবীত সৰোজ চোপ্ৰাৰ নাম ভূমিকাত অভিনয় কৰিছিল। ২০০৪ চনত তেওঁ ৰাত হোনে কো হ্যায়ত কুশিকৰ চৰিত্ৰত অভিনয় কৰিছিল।[5][6]

২০০৮ চনৰপৰা ২০২০ চনলৈ মেহতাই চাব টিভিৰ আটাইতকৈ দীৰ্ঘদিনীয়া চিটকম ধাৰাবাহিক তাৰক মেহতা কা উল্টা চসমাত শৈলেশ লোধাৰ বিপৰীতে খাদ্য বিশেষজ্ঞ (dietician) অঞ্জলি মেহতাৰ চৰিত্ৰত অভিনয় কৰিছিল।[7][8] তেওঁৰ চৰিত্ৰটো আছিল অনুষ্ঠানটোৰ সূত্ৰধাৰজনৰ পত্নী আৰু এগৰাকী যুৱতী, বুদ্ধিমতী তথা আধুনিক নাৰী। এই ধাৰাবাহিকখনে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰে।[9] মেহতাই ১২ বছৰৰ অন্তত ২০২০ চনত ধাৰাবাহিকখন ত্যাগ কৰে।[10]

২০১২ চনৰপৰা ২০১৩ চনলৈ তেওঁ শৈলেশ লোধাৰ সৈতে চাব টিভিৰ ৱাহ! ৱাহ! ক্যা বাত হ্যায়! ৰ আঁত ধৰিছিল। তেওঁ গুজৰাটী ছবি জন্মো জনম, চহেৰা পৰ মোহৰু, বেটাৰ হাফ আৰু হালকী ফুলকী, আৰু ভোজপুৰী ছবি দোস্তী দুচমনী ঔৰ প্যাৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Taarak Mehta Ka Ooltah Chashmah's Shailesh Lodha wishes onscreen wife Anjali aka Neha Mehta on her birthday" (en ভাষাত). The Times of India. 1 April 2019. https://timesofindia.indiatimes.com/tv/news/hindi/taarak-mehta-ka-ooltah-chashmahs-shailesh-lodha-wishes-onscreen-wife-anjali-aka-neha-mehta-on-her-birthday/articleshow/68671424.cms আহৰণ কৰা হৈছে: 3 June 2022.
  2. "Neha Mehta: I don't miss Taarak Mehta Ka Ooltah Chashmah or my character Anjali because she is always with me" (en ভাষাত). The Times of India. 15 September 2023. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-neha-mehta-i-dont-miss-taarak-mehta-ka-ooltah-chashmah-or-my-character-anjali-because-she-is-always-with-me/articleshow/103697880.cms আহৰণ কৰা হৈছে: 10 May 2024.
  3. Best Gujarati Actress Neha Mehta | Tarak Mehta Fame | Interview by Devang Bhatt. YouTube. Retrieved 19 June 2016.
  4. Jain, Kiran (6 August 2015). "Revealed! You will be shocked to know the education qualifications of'Taarak Mehta…' star cast". Daily Bhaskar. Archived from the original on 4 November 2020. https://web.archive.org/web/20201104215121/https://daily.bhaskar.com/news/ENT-TV-daya-jethalal-babita-you-will-be-shocked-to-know-education-qualifications-of-taa-5074996-PHO.html আহৰণ কৰা হৈছে: 5 November 2018.
  5. "Dollar Bahu survives WTC attack". Screen India. Archived from the original on 2009-06-24. https://web.archive.org/web/20090624130155/http://www.screenindia.com/old/20010921/tvnews.html আহৰণ কৰা হৈছে: 2001-09-21.
  6. "Hey Bhabhi". Daily News and Analysis. https://www.dnaindia.com/entertainment/report-hey-bhabhi-1124192#:~:text=Incidentally%2C%20the%20actors%20who%20earlier,got%20married%20to%20Avneet%20Dhanowa..
  7. "Dear Taarak Mehta, you were our peak comfort content for 14 years". The Print. 21 May 2022. https://theprint.in/opinion/pov/dear-taarak-mehta-you-were-our-peak-comfort-content-for-14-years-now-its-time-to-retire/963666/ আহৰণ কৰা হৈছে: 16 September 2023.
  8. "Naagin out of ratings race; Taarak Mehta Ka Ooltah Chashmah is the No. 1 show" (en ভাষাত). India Today. 30 June 2017. https://www.indiatoday.in/television/top-stories/story/naagin-out-of-trp-race-taarak-mehta-ka-ooltah-chashmah-is-the-no-1-show-lifetv-1021655-2017-06-30 আহৰণ কৰা হৈছে: 10 January 2018.
  9. "Taarak Mehta Ka Ooltah Chashmah: Unraveling the Legacy". Medium. 6 March 2024. https://medium.com/@samirpandey1973/taarak-mehta-ka-ooltah-chashmah-unraveling-the-legacy-b0c57932e1be আহৰণ কৰা হৈছে: 28 April 2024.
  10. Panchal, Komal RJ (25 June 2022). "Taarak Mehta Ka Ooltah Chashmah producers reject Neha Mehta's claims of unpaid dues: 'Gave her 12 years of fame'". The Indian Express (Mumbai). https://indianexpress.com/article/entertainment/television/taarak-mehta-ka-ooltah-chashmah-makers-react-to-neha-mehtas-claims-of-pending-dues-7990133/. "The producers of Taarak Mehta Ka Ooltah Chashmah in a statement have said that actor Neha Mehta "stopped responding to all our communication from past 2 years and she left the show without meeting us.""
  11. "Waah Waah Kya Baat Hai on Women Special". 6 March 2013. https://timesofindia.indiatimes.com/tv/news/hindi/waah-waah-kya-baat-hai-on-women-special/articleshow/18828762.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]