নেহৰু ষ্টেডিয়াম, গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেহৰু ষ্টেডিয়াম
স্থান ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প, গুৱাহাটী, অসম
স্থানাংক 15°21′01.52″N 75°08′34.14″E / 15.3504222°N 75.1428167°E / 15.3504222; 75.1428167
স্বত্বাধিকাৰী অসম ক্ৰীড়া ব'ৰ্ড
আসন ক্ষমতা ১৫,০০০
পৃষ্ঠ ঘাঁহ
স্থাপিত ১৯৬২
ভাড়াতীয়া
অসম ফুটবল দল
অসম ক্ৰিকেট দল
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব (১৯৭৫–বৰ্তমান)
এফ চি গ্ৰীণ ভেলী (২০১০–বৰ্তমান)
গুৱাহাটী এফ চি (২০১৫–২০১৮)

স্থানাংক: 15°21′01.52″N 75°08′34.14″E / 15.3504222°N 75.1428167°E / 15.3504222; 75.1428167

নেহৰু ষ্টেডিয়াম (ইংৰাজী: Nehru Stadium) অসমগুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। ইয়াত মূলতঃ ফুটবল আৰু ক্ৰিকেট খেলা হয়। ষ্টেডিয়ামখন ১৯৬২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই নিৰ্মাণ কৰিছিল।[1] মুঠ ১৫,০০০ দৰ্শকে ষ্টেডিয়ামখনত খেল উপভোগ কৰিব পাৰে। নেহৰু ষ্টেডিয়ামত ১৪ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছে। ইয়াৰোপৰি সন্মানীয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফী আৰু দুলীপ ট্ৰফী নিয়মীয়াকৈ অনুষ্ঠিত হোৱাৰ উপৰিও দেওধৰ ট্ৰফী প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত হৈছে। আনহাতে ফুটবলৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ প্ৰতিযোগিতা বৰদলৈ ট্ৰফী আৰু জি এছ এ 'এ', 'বি' আৰু 'চি' ডিভিজন ফুটবল লীগ সমূহ বাৰ্ষিক ভাৱে অনুষ্ঠিত হোৱাৰ লগতে দেশৰ অন্যতম আগশাৰীৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফী আৰু ফেডাৰেচন কাপও এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে।

এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ সমূহ[সম্পাদনা কৰক]

নেহৰু ষ্টেডিয়ামৰ এক সুন্দৰ দৃশ্য

নেহৰু ষ্টেডিয়ামত মুঠ ১৪ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে। তলত এতিয়ালৈকে অনুষ্ঠিত এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ সমূহৰ এক তালিকা প্ৰস্তুত কৰা হৈছে। [2]

তাৰিখ দল ১ দল ২ বিজয়ী ব্যৱধান
১৭ ডিচেম্বৰ, ১৯৮৩  ভাৰত  ৱেষ্ট ইণ্ডিজ  ৱেষ্ট ইণ্ডিজ ৬ উইকেটত
১১ জানুৱাৰী, ১৯৮৭  ভাৰত  শ্ৰীলংকা  ভাৰত ৮ উইকেটত
২৩ ডিচেম্বৰ, ১৯৮৭  ভাৰত  ৱেষ্ট ইণ্ডিজ  ৱেষ্ট ইণ্ডিজ ৫২ ৰাণত
২২ মাৰ্চ, ১৯৯৩  ভাৰত  জিম্বাৱৱে  ভাৰত ৭ উইকেটত
১৯ নবেম্বৰ, ১৯৯৩  দক্ষিণ আফ্ৰিকা  শ্ৰীলংকা  দক্ষিণ আফ্ৰিকা ৭৮ ৰাণত
১ নবেম্বৰ, ১৯৯৪  নিউজিলেণ্ড  ৱেষ্ট ইণ্ডিজ  ৱেষ্ট ইণ্ডিজ ১৩৫ ৰাণত
১ নবেম্বৰ, ১৯৯৬  অষ্ট্ৰেলিয়া  দক্ষিণ আফ্ৰিকা  দক্ষিণ আফ্ৰিকা ৮ উইকেটত
২২ ডিচেম্বৰ, ১৯৯৭  ভাৰত  শ্ৰীলংকা  ভাৰত ৭ উইকেটত
১৪ নবেম্বৰ, ১৯৯৯  ভাৰত  নিউজিলেণ্ড  নিউজিলেণ্ড ৪৮ ৰাণত
১৯ মাৰ্চ, ২০০২  ভাৰত  জিম্বাৱৱে  ভাৰত ১০১ ৰাণত
৯ নবেম্বৰ, ২০০৩  অষ্ট্ৰেলিয়া  নিউজিলেণ্ড  অষ্ট্ৰেলিয়া ৪৪ ৰাণত
৯ এপ্ৰিল, ২০০৬  ভাৰত  ইংলেণ্ড পৰিত্যক্ত -
৫ নবেম্বৰ, ২০০৭  ভাৰত  পাকিস্তান  ভাৰত ৫ উইকেটত
২৯ নবেম্বৰ, ২০০৮  ভাৰত  ইংলেণ্ড নিৰাপত্তাৰ বাবে অনুষ্ঠিত হোৱা নাছিল -
৮ নবেম্বৰ, ২০০৯  ভাৰত  অষ্ট্ৰেলিয়া  অষ্ট্ৰেলিয়া ৬ উইকেটত
২৮ নবেম্বৰ, ২০১০  ভাৰত  নিউজিলেণ্ড  ভাৰত ৪০ ৰাণত

সকলো ৰেক'ৰ্ড আৰু পৰিসংখ্যা[সম্পাদনা কৰক]

খেল দল ১ বিৰোধী দল তাৰিখ
প্ৰথম এদিনীয়া  ভাৰত  ৱেষ্ট ইণ্ডিজ ১৭ ডিচেম্বৰ, ১৯৮৩
অন্তিম এদিনীয়া  ভাৰত  নিউজিলেণ্ড ২৮ নবেম্বৰ, ২০১০
সৰ্বাধিক স্ক'ৰ [3]
দল ১ বিৰোধী দল তাৰিখ স্ক'ৰ অভাৰ
 ভাৰত  জিম্বাৱৱে ১৯ মাৰ্চ, ২০০২ ৩৩৩/৬ ৫০
 ৱেষ্ট ইণ্ডিজ  নিউজিলেণ্ড ১ নবেম্বৰ, ১৯৯৪ ৩০৬/৬ ৫০
সৰ্বনিম্ন স্ক'ৰ [4]
দল ১ বিৰোধী দল তাৰিখ স্ক'ৰ অভাৰ
 ভাৰত  ৱেষ্ট ইণ্ডিজ ২৩ ডিচেম্বৰ, ১৯৮৭ ১৩৫ ৪১.৩
 শ্ৰীলংকা  দক্ষিণ আফ্ৰিকা ১৯ নবেম্বৰ, ১৯৯৩ ১৩৬ ৪০.১

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]