সমললৈ যাওক

নৈ বৈ যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৈ বৈ যায়  
লেখক লীলা গগৈ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক শ্ৰী ভূমি পাবলিচিং কোম্পানী, কলকাতা
প্ৰকাশ মাৰ্চ, ১৯৮৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ

নৈ বৈ যায় লীলা গগৈৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯৮৩ চনৰ মাৰ্চ মাহত। প্ৰকাশ কৰিছিল শ্ৰী ভূমি পাবলিচিং কোম্পানী, কলিকতাৰ এটা প্ৰকাশন গোষ্ঠীয়ে। বুৰঞ্জীবিদ, সাহিত্যিক লীলা গগৈ দেৱৰ "নৈ বৈ যায়" উপন্যাসখনত অসমীয়া লোক সংস্কৃতিৰ তথা সমাজ জীৱনৰ সকলো সমল সামৰি লোৱা হৈছে। কিতাপখনৰ পাতনিতে ঔপন্যাসিকে লিখিছে যে তেখেতে নিজৰ অনাখৰী আইতাকৰ মুখেৰে শুনা অসমৰ গ্ৰাম্য জীৱনৰ ৰেখাচিত্ৰ উপন্যাসৰ মাধ্যমেদি ফুটাই তুলিছে।[1] কিন্তু লেখকৰ দুৰ্ভাগ্য যে তেখেতে উপন্যাসখন লিখি থকা অৱস্থাতে আইতাক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। আইতাকৰ অনুপস্থিতিত লীলা গগৈদেৱে লোকজীৱনৰ সমল গোটাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। উপন্যাসখন পোনপ্ৰথমে বিহু সংখ্যা 'আমাৰ প্ৰতিনিধি'ত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল যদিও ১৯৮০ চনৰ আগভাগৰ পৰা 'আমাৰ প্ৰতিনিধি' প্ৰকাশ বন্ধ হৈ পৰাত উপন্যাসখন লিখাটো লেখকে আধাতে সামৰি থৈ পাছলৈ শ্ৰী ভূমি পাবলিচিং কোম্পানী নামৰ প্ৰকাশনৰ যোগেদি 'নৈ বৈ যায়' উপন্যাসখন ছপা হৈ ওলায়।

বিষয়বস্তু

[সম্পাদনা কৰক]

সেন্দূৰীপাম নামৰ অসমৰ পুৰণি এখন গাঁৱৰ মাজেদি বৈ যোৱা দিখৌ নৈ খনৰ গাঁওখনৰ মানুহৰ জনজীৱন,অসমৰ লোক সংস্কৃতি আদি উপন্যাসখনৰ মূল চৰিত্ৰ ভগীৰথ ফুকনৰ জৰিয়তে দেখুওৱা হৈছে। 'নৈ বৈ যায়' উপন্যাসখনত এশ বছৰীয়া ভগীৰথ ফুকনে বিহুতলীত সম্বৰ্ধনাৰ শৰাই লৈ অতীত ৰোমন্থন কৰিছে। বোৱতী নৈ খনৰ বহু পানী বৈ গ'ল। বৈ যোৱা নৈৰ পানী বোৰ কেতিয়াও উলটি নাহে। সেইদৰে ভগীৰথ ফুকনে দেখিবলৈ পাইছে তেওঁৰ জীৱনত তথা সেন্দূৰীপাম গাঁওখনলৈও বহু পৰিবৰ্তন আহিল। গাঁৱৰ সম্পৰ্কবোৰ সলনি হ'ল। মানুহবোৰ ব্যক্তিমুখী হ'ল। গ্ৰাম্য ঐতিহ্য লাহে লাহে হেৰাই যাবলৈ ধৰিলে। মানুহবোৰ নগৰমুখী হ'ল।

লীলা গগৈদেৱৰ 'নৈ বৈ যায়' নামৰ উপন্যাসখন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উপন্যাস পাঠ অনুষ্ঠানতো প্ৰচাৰিত হৈছিল। উপন্যাসখনৰ মূল চৰিত্ৰৰ পাঠ আগবঢ়াইছিল সেই সময়ৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালক লুটফুৰ ৰহমানে আৰু মহিলাৰ কণ্ঠত তথা সুৱাগীৰ চৰিত্ৰত সুৱৰ্ণ ভূঞাই। উপন্যাস পাঠৰ যোগেদিও অসমৰ শ্ৰোতাই উপন্যাসখন আদৰি লৈছিল।

উপন্যাসখনৰ এটা সংলাপ হ'ল

'তহঁত নগৰীয়া মানুহবোৰ কাঠফুলা গজালি মাটি ফুটি আচম্বিতে ওলোৱা নাই; গাঁৱৰপৰা বগোৱা বাই আহি নগৰীয়া হৈছ। তহঁতৰ লৰা-লুৰিবোৰ আকাশৰ পৰা নামি অহা গন্ধৰ্ব-কিন্নৰৰ সন্তান নহয়। ত‌ই সিহঁতক সেই শিক্ষা দিছ। গাঁৱৰ বোকাত লুতুৰি-পুতুৰি হৈ আহি ,সেই বোকাত ঘিণ কৰিবলৈ শিকাইছ। তহঁতৰ এই নতুন নগৰীয়া সমাজখন ইৰ্ষা , সন্দেহ আৰু কৃত্ৰিমালিৰ চিকমিকনিৰে গঢ়া। তহঁতৰ পাপ্পা,মাম্মা,দাড্ডী,মাম্মী,আংকল,আন্টিবোৰ পাতলীয়া বেলুনৰ দৰে;কেতিয়া ফুটে ঠিকনা নাই।'[2]

লেখক পৰিচিতি

[সম্পাদনা কৰক]

ডক্টৰ লীলা গগৈ অসমীয়া পাঠকৰ বাবে এজন চিনাকি নাম। লীলা গগৈদেৱে অসমৰ বুৰঞ্জী, সংস্কৃতি আৰু লোক সংস্কৃতিৰ মৌলিক গৱেষণাৰে ভালেমান কিতাপ লিখি থৈ গৈছে।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. নৈ বৈ যায়। লীলা গগৈ
  2. নৈ বৈ যায়,পৃষ্ঠা ৪৩৫