নোৰা আছলান
| নোৰা আছলান | |
|---|---|
| জন্ম | ১৯ ডিচেম্বৰ, ১৯৩৭ (৮৭ বছৰ) বুয়েনোচ আয়াৰচ্ |
| ৰাষ্ট্ৰীয়তা | আৰ্জেণ্টাইন |
| শিক্ষা | বুয়েনছ আয়াৰ্ছ বিশ্ববিদ্যালয় |
| পেচা | ভিচুৱেল আৰ্টিষ্ট, ফগোগ্ৰাফী |
নোৰা আচলান (ইংৰাজী: Nora Aslan) জন্ম: ১৯৩৭ চনৰ ১৯ ডিচেম্বৰ, এগৰাকী আৰ্জেণ্টিনাৰ ভিচুৱল আৰ্টিষ্ট আৰু ফটোগ্ৰাফাৰ। তেওঁ টেপেষ্ট্ৰী ডিজাইন আৰু কলাজৰ বাবে পৰিচিত। তেওঁৰ কামক মেক্স আৰ্নষ্ট, ফ্ৰেড টমাচেলি, হাইৰ’নিমাছ বছৰ আৰু মাথিয়াছ গ্ৰুনেৱাল্ডৰ সৈতে তুলনা কৰা হৈছে।
জীৱনী
[সম্পাদনা কৰক]বুয়েনছ আয়াৰ্ছত জন্মগ্ৰহণ কৰা ছানীয়ে বুয়েনছ আয়াৰ্ছ বিশ্ববিদ্যালয়ত স্থপতিবিদ হিচাপে প্ৰশিক্ষণ লৈছিল। ফটোগ্ৰাফ, কোলাজ আৰু ইনষ্টলেচন, বস্ত্ৰশিল্পৰ ক্ষেত্ৰত কাম কৰা, ধাৰাবাহিক কৰ্মৰ প্ৰযোজনাৰ বাবে তেওঁ পৰিচিত। এই ধাৰাবাহিকসমূহৰ ভিতৰত এখন আলফমব্ৰাছ নামৰ চেণ্ট্ৰ’ কালচাৰেল ৰেকোলেটাত, মিউজিঅ’ নেচনেল ডি বেলাছ আৰ্টেছত প্ৰদৰ্শিত হৈছিল। চতুৰ্দশ প্ৰিমিঅ’ ক্লেম, মিউজিঅ’ নেচনেল ডি বেলাছ আৰ্টেছৰ চেণ্ট ফেলিচিয়ান বঁটা, নোভাৰ্টিছ বঁটা, কষ্টাণ্টি বঁটা, পালেৰ্মোৰ বিশ্ববিদ্যালয় বঁটা, কনটেষ্ট মেয়’ৰাজগো ফাউণ্ডেশ্যন আৰু আগফা বঁটা লাভ কৰে। ১৯৯২ চনত তেওঁ ভিজুৱেল আৰ্টছ, টেক্সটাইল আৰ্ট আৰু ১৯৮২ চনত কনেক্স ফাউণ্ডেচনৰ দ্বাৰা টেপেষ্ট্ৰীৰ কনেক্স বঁটা,[1] চিএৱাইচিৰ প্ৰাইমাৰ প্ৰিমিঅ' আমেৰিকা ৯২, টেপেষ্ট্ৰীৰ প্ৰাইজ মিউনিচিপাল হল আৰু বুয়েনছ আয়াৰ্ছৰ প্ৰথম পুৰস্কাৰ নেচনেল টেপেষ্ট্ৰি চেম্বাৰ লাভ কৰে।[2][3] তেওঁৰ কামক মেক্স আৰ্নষ্ট, ফ্ৰেড টমাচেলি, হাইৰ'নিমাছ বছ আৰু মাথিয়াছ গ্ৰুনেৱাল্ডৰ সৈতে তুলনা কৰা হৈছে।[4]
তেওঁৰ কামৰ মালিক ডালাছ মিউজিয়াম অৱ আৰ্ট, মিউমক(mumok) মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট, ভিয়েনাৰ; সমসাময়িক কলা সংগ্ৰহালয়, চাৰাজেভো; লেটিন আমেৰিকান আৰ্ট সংগ্ৰহ, এচেক্স বিশ্ববিদ্যালয়; আন্তঃৰাষ্ট্ৰীয় কলাজ চেণ্টাৰ, ফুলটন, পেনচিলভেনিয়া; ইউনিভাৰ্চিটি ডি পালেৰ্মো, আৰু ইউনিভাৰ্চিটি ৩ ডি ফেব্ৰেৰো, বুয়েনছ আয়াৰ্ছ; আৰু আৰ্জেণ্টিনা, আমেৰিকা আৰু ইউৰোপত ব্যক্তিগত সংগ্ৰহত সংৰক্ষিত হৈ আছে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nora Aslan Premio Konex 1992: Arte Textil Premio Konex 1982: Tapices" (Spanish ভাষাত). Fundación Konex. http://www.fundacionkonex.org/b685-nora__aslan। আহৰণ কৰা হৈছে: 1 May 2016.
- ↑ Stupía, Eduardo. "NORA ASLAN: LA FOTOGRAFÍA COMO TAXIDERMIA" (Spanish ভাষাত). El Gran Otro. Archived from the original on 2 May 2016. https://web.archive.org/web/20160502040809/http://elgranotro.com.ar/index.php/nora-aslan-la-fotografia-como-taxidermia/। আহৰণ কৰা হৈছে: 1 May 2016.
- ↑ BATTISTOZZ, ANA MARIA. "La realidad hecha alfombra" (Spanish ভাষাত). Clarin. Archived from the original on 14 April 2016. https://web.archive.org/web/20160414080353/http://edant.clarin.com/diario/1997/12/27/e-05801d.htm। আহৰণ কৰা হৈছে: 1 May 2016.
- ↑ Johnson, Ken (24 October 2003). "ART IN REVIEW; Nora Aslan -- 'Flora y Fauna'". The New York Times. https://www.nytimes.com/2003/10/24/arts/art-in-review-nora-aslan-flora-y-fauna.html। আহৰণ কৰা হৈছে: 1 May 2016.