নো ৱান কিল্ডড্ জেচিকা
নো ৱান কিল্ডড্ জেচিকা | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | ৰাজ কুমাৰ গুপ্তা |
ৰচনা | ৰাজ কুমাৰ গুপ্তা |
ভিত্তি | জেচিকা লাল হত্যাকাণ্ড |
প্ৰযোজক | ৰ’ণি স্ক্ৰীণৱালা |
অভিনয়ত | |
চিত্ৰগ্ৰহণকাৰী | অনয় গোস্বামী |
সম্পাদনা | আৰতি বাজাজ |
সংগীত পৰিচালক | অমৃত ত্ৰিবেদী |
প্ৰযোজনা কোম্পানী |
|
মুক্তি |
৭ জানুৱাৰী ২০১১ |
দৈৰ্ঘ্য |
১৩৯ মিনিট[1] |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹9 crore[2] |
সৰ্বমুঠ আয় | ₹45.72 crore[3] |
নো ৱান কিল্ডড্ জেচিকা (ইংৰাজী: No One Killed Jessica ) ২০১১ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধমূলক ড্ৰামা ছবি । ইয়াত অভিনয় কৰিছে বিদ্যা বালান আৰু ৰাণী মুখাৰ্জীয়ে। জেচিকা লালৰ হত্যাকাণ্ডৰ গোচৰৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। এজন ৰাজনীতিবিদৰ পুত্ৰৰ হাতত গুলীবিদ্ধ হৈ মৃত্যু হোৱা এগৰাকী বাৰটেণ্ডাৰ আৰু এই মৃত্যুৰ ন্যায় বিচাৰি বাৰটেণ্ডাৰগৰাকীৰ ভনীয়েকে কৰা সংগ্ৰাম ছবিখনৰ বিষয়বস্তু।[4]
₹৯ কোটি (১.০ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটত নিৰ্মিত এই ছবিখনে ২০১১ চনৰ ৭ জানুৱাৰীত চিত্ৰগৃহত মুক্তি পায়। ইয়াৰ চিত্ৰনাট্য আৰু অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ৰ বাবে সমালোচকৰ ব্যপক প্ৰশংসা লাভ কৰে। প্ৰায় ₹৪৫.৭২ কোটি (৫.৩ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ছবিখনে শ্লিপাৰ হিট হিচাপে আত্মপ্ৰকাশ কৰে।। ৫৭তম ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক (গুপ্ত), আৰু শ্ৰেষ্ঠ অভিনেত্ৰী (বালান) শিতানত মনোনীত হৈছিল যদিও ৰাণী মুখাৰ্জীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা পাবলৈ সক্ষম হয়।
নিৰ্মাণ
[সম্পাদনা কৰক]'নো ৱান কিল্ড জেচিকা' আছিল আমিৰ (২০০৮)ৰ পিছত ৰাজ কুমাৰ গুপ্তাৰ পৰিচালনাৰ দ্বিতীয় উদ্যোগ।[5] ২০০৬ চনত জেচিকা লালৰ হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত মনু শৰ্মাক আদালতে এৰি দিয়াৰ পিছত টাইমছ অৱ ইণ্ডিয়াত পৰিচালকজনে এটা শিৰোনাম দেখা পায়, যাৰ দ্বাৰা তেওঁ ছবিখন নিৰ্মাণৰ বাবে অনুপ্ৰাণিত হয়।[6] পিছৰ বছৰত তেওঁ জেচিকাৰ ভগ্নী ছাব্ৰিনাক লগ পাই এই গোচৰৰ বিষয়ে কিছু অতিৰিক্ত তথ্য জানি লয়।[7] গুপ্তাই কয় যে তেওঁ ছবিখনৰ কাহিনী পুনৰ লিখিবলৈ সাতৰ পৰা আঠ মাহ সময় খৰচ কৰিছিল: "বিষয়টো অতি সংবেদনশীল আৰু মই ইয়াক চিনেমাৰ ক্ষেত্ৰখনলৈ আনিব লগা হৈছিল। সংকোচ আছিল। কাহিনীটোৰ আত্মাৰ সৈতে ন্যায় কৰিব পাৰিমনে? মই নিশ্চিত নাছিলো। শেষত মই ইয়াক প্ৰত্যাহ্বান হিচাপে লৈছিলো।"[8]
সন্মান
[সম্পাদনা কৰক]- ৫৭তম ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- ৰাণী মুখাৰ্জী
- ষ্টাৰডাষ্ট এৱাৰ্ড
- বছৰটোৰ তাৰকা (মহিলা)- বিদ্যা বালান
- শ্ৰেষ্ঠ ড্ৰামা অভিনেত্ৰী- বিদ্যা বালান[9]
টোকা
[সম্পাদনা কৰক]প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "No One Killed Jessica". British Board of Film Classification. https://www.bbfc.co.uk/release/no-one-killed-jessica-q29sbgvjdglvbjpwwc00mji5nte। আহৰণ কৰা হৈছে: 16 January 2021.
- ↑ Mukherjee, Sharmistha (7 January 2011). "No One Killed Jessica recovers cost before release". Business Standard (New Delhi, India). https://www.business-standard.com/article/companies/no-one-killed-jessica-recovers-cost-before-release-111010700076_1.html.
- ↑ "No One Killed Jessica". Box Office India. https://www.boxofficeindia.com/movie.php?movieid=44। আহৰণ কৰা হৈছে: 16 January 2021.
- ↑ "No One Killed Jessica Cast & Crew". Bollywood Hungama. 7 January 2011. https://www.bollywoodhungama.com/movie/no-one-killed-jessica/cast/। আহৰণ কৰা হৈছে: 16 January 2021.
- ↑ Raikwar, Pooja (12 January 2011). "Keeps you hooked". The Hindu. https://www.thehindu.com/features/cinema/Keeps-you-hooked/article15516766.ece.
- ↑ Prabhakar, Jyothi (22 May 2010). "Life after Jessica". The Times of India. Times News Network. https://timesofindia.indiatimes.com/life-style/spotlight/Life-after-Jessica/articleshow/5840066.cms.
- ↑ "'No One Killed Jessica' no docu-drama: director". The Indian Express. 14 December 2010. https://indianexpress.com/article/entertainment/entertainment-others/no-one-killed-jessica-no-docudrama-director/.
- ↑ "'No One Killed Jessica' not based on murder case'". The Hindu. Indo-Asian News Service (New Delhi, India). 11 November 2009. https://www.thehindu.com/features/cinema/No-One-Killed-Jessica-not-based-on-murder-case/article16891496.ece.
- ↑ "No One Killed Jessica (2011) — Awards". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/awards/id/505397। আহৰণ কৰা হৈছে: 16 January 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- No One Killed Jessica সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত নো ৱান কিল্ডড্ জেচিকা।