নৰকৰ দুৱাৰ
নৰকৰ দুৱাৰ | |
---|---|
![]() ২০১১ চনৰ দৃশ্য | |
Country | তুৰ্কমেনিস্তান |
Region | দৰৱাজা, আহেল প্ৰদেশ |
Offshore/onshore | উপকূলৱৰ্তী |
Field history | |
Discovery | ১৯৭১ |

নৰকৰ দুৱাৰ (ইংৰাজী: Darvaza gas crater) হ'ল তুৰ্কমেনিস্তানৰ দৰৱাজা চহৰৰ এটি প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ।[1] দীৰ্ঘদিন ধৰি এই প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত জুই অবিৰতভাৱে জ্বলি থকাৰ বাবে ইয়াক নৰকৰ দুৱাৰ বুলি কোৱা হয়। কাৰাকুম মৰুভূমিত অৱস্থিত এই গহ্বৰৰ ব্যাস ৬৯ মিটাৰ (২২৬ ফুট) আৰু গভীৰতা ৩০ মিটাৰ (৯৮ ফুট)। ভূতত্ত্ববিদসকলে মিথেন গেছ বিয়পি পৰাত বাধা দিবলৈ ইয়াত জুই লগাই দিয়ে আৰু ১৯৭১ চনৰ পৰা ই অবিৰতভাৱে জ্বলি আছে।[2]
এই অগ্নিমুখ চাবলৈকে প্ৰতি বছৰে দৰৱাজা চহৰলৈ পৰ্যটক আহে। ২০০৯ চনৰ পৰা বৰ্তমানলৈকে ৫০ হাজাৰ পৰ্যটকে এই স্থান পৰিদৰ্শন কৰিছে।[3] ৫,৩৫০ বৰ্গমিটাৰ অঞ্চল সামৰি লোৱা এই গেছ ক্ষেত্ৰখনৰ চাৰিওফালৰ অঞ্চলটো বন্য মৰুভূমিৰ কেম্পিঙৰ বাবেও বিখ্যাত।
ইতিহাস
[সম্পাদনা কৰক]এইটো কোনো প্ৰাকৃতিক গাঁত নহয়। ১৯৭১ চনত তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ প্ৰাকৃতিক গেছ সমৃদ্ধ দাৰুইজি অঞ্চলত গেছ অন্বেষণৰ সময়ত এই ক্ষেত্ৰখন আৱিষ্কাৰ কৰা হৈছিল। প্ৰথমতে তেওঁলোকে ইয়াক তৈলক্ষেত্ৰ বুলি ভাবি তাত ড্ৰিলিং মেচিনৰ সহায়ত তেল উলিয়াবলৈ শিবিৰ পাতে।[4] কিন্তু পিছত তেওঁলোকে দেখিলে যে ইয়াৰ পৰা বিষাক্ত গেছ ওলাইছে।
গেছ বিচাৰি ফুৰাৰ সময়ত অন্বেষকসকলে ভুলবশতঃ গেছ সমৃদ্ধ গুহাত মাটি স্পৰ্শ কৰাৰ ফলত সমগ্ৰ ড্ৰিলিং ৰিগটো ভাঙি পৰে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক আহত নহ'ল। প্ৰাৰম্ভিক গৱেষণাত বিষাক্ত মিথেন গেছৰ উপস্থিতি নিশ্চিত কৰা হৈছিল। ইয়াৰ পিছত ভূতত্ত্ববিদসকলে যাতে বিষাক্ত গেছ পৰিৱেশত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গেছ উদ্গিৰণ হোৱা মুখখন জ্বলাই দিয়াৰ সিদ্ধান্ত লয়। তেওঁলোকে ইয়াত সীমিত পৰিমাণৰ গেছ থাকিব পাৰে বুলি ভাবিছিল। কিন্তু তেওঁলোকৰ ধাৰণা ভুল প্ৰমাণ কৰি ১৯৭১ চনৰ পৰাই ই অবিৰতভাৱে জ্বলি আছে।[5][6]
ভৱিষ্যৎ গেছ নিষ্কাশনৰ ওপৰত প্ৰভাৱ
[সম্পাদনা কৰক]২০১০ চনৰ এপ্ৰিল মাহত তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতিয়ে গেছক্ষেত্ৰখন পৰিদৰ্শন কৰি ইয়াক বন্ধ কৰাৰ আহ্বান জনায়। অন্যথা অঞ্চলটোৰ অন্যান্য প্ৰাকৃতিক গেছ নিষ্কাশনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলিও তেওঁ কয়। বৰ্তমান তুৰ্কমেনিস্তানে প্ৰাকৃতিক গেছ নিষ্কাশন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান ৭৫ মিলিয়ন ঘনমিটাৰ গেছ নিষ্কাশন কৰে আৰু অহা ২০ বছৰত ভাৰত, ৰাছিয়া, চীন, ইৰাণ আৰু পশ্চিম ইউৰোপলৈ গেছ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "নৰকেৰ দৰজা". ৩০ এপ্ৰিল ২০১৩. Archived from the original on 2016-04-14. https://web.archive.org/web/20160414181127/http://www.manobkantha.com/2012/09/23/84979.html। আহৰণ কৰা হৈছে: 2025-06-02.
- ↑ Christina Nunez (2017-01-28). "Q&A: The First-Ever Expedition to Turkmenistan's "Door to Hell"". National Geographic. http://news.nationalgeographic.com/news/energy/2014/07/140716-door-to-hell-darvaza-crater-george-kourounis-expedition/.
- ↑ "Turkmenistan hopes 'Door to Hell' will boost tourism". Relaxnews. 2017-01-28. http://www.ctvnews.ca/sci-tech/turkmenistan-hopes-door-to-hell-will-boost-tourism-1.1880647.
- ↑ American Geological Institute (January 2010). Earth. American Geological Institute. http://books.google.com/books?id=9ZhQAQAAIAAJ.
- ↑ "The Door to Hell: Take a look inside a giant hole in the desert which has been on fire for more than 40 YEARS". Mail Online. 2019-08-21. https://www.dailymail.co.uk/sciencetech/article-2179622/The-Door-Hell-Giant-hole-Karakum-Desert-40-YEARS.html.
- ↑ "Maximilian Büsser and Friends" (en ভাষাত). Maximilian Büsser and Friends. 2019-08-21. https://www.mbandf.com/en/parallel-world.
- ↑ "Turkmen president wants to close "Hell's Gate"" (en ভাষাত). Reuters. 2019-08-21. https://www.reuters.com/article/us-turkmenistan-crater-odd-idUSTRE63J4H120100420.