সমললৈ যাওক

নৰহৰি বুঢ়াভকত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰহৰি বুঢ়াভকত
জন্ম ১৯১৩
গলিয়াহাটী, বৰপেটা জিলা, অসম
মৃত্যু ১৯৭৮
পেচা
  • সত্ৰীয়া নৃত্যৰ সাধক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

নৰহৰি বুঢ়াভকত (ইংৰাজী: Narahari Buhabhakat,১৯১৩-১৯৮৫) আছিল মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰৰ বৰবাহাৰ প্ৰথম বুঢ়াভকত পূৰ্ণানন্দ আতৈৰ বংশধৰ। তেওঁ পৰিয়ালৰ পৰম্পৰা পালন কৰি চৈধ্য বছৰ বয়সত নৰহৰি দাসে উদাসীন ভকত হৈ সত্ৰৰ বৰবাহাত থাকিবলৈ লয়। তেতিয়াৰে পৰা তেওঁ নৰহৰি বুঢ়াভকত নামেৰে পৰিচিত হয়। নৰহৰি বুঢ়াভকতৰ অনুপম সৃষ্টি হৈছে ভোৰতাল নৃত্য।[উদ্ধৃতিৰ প্ৰয়োজন]

নৰহৰি দাসৰ ১৯১৩ চনত বৰপেটাৰ গলিয়াহাটীত হয়।

পঞ্চমমানলৈ পঢা নৰহৰি বুঢ়াভকতৰ শিক্ষাগুৰু আছিল সংস্কৃত পণ্ডিত নাৰায়ণ দেৱমিশ্ৰ। পাছলৈ তেওঁ ভকতৰাম আতৈ বুঢ়াভকত, বলোৰাম বায়ন, পীতাম্বৰ ওজা আদিৰ অধীনত সত্ৰীয়া নৃত্য-গীত আদিত পাৰদৰ্শী হৈ পৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰৰ অৰ্থে ১৯৪৬ চনত বুঢ়াভকত আৰু আন কিছুমান শিল্পীয়ে শঙ্কৰী নৃত্য-কলা প্ৰচাৰ সমিতি নামৰ অনুষ্ঠান এটা প্ৰতিষ্ঠা কৰে। নৰহৰি বুঢ়াভকতৰ অনুপম সৃষ্টি হৈছে ভোৰতাল নৃত্য। বৰপেটা অঞ্চলত প্ৰচলিত থিয় নামৰ ছন্দ আৰু সত্ৰীয়া নৃত্যৰ বিভিন্ন মুদ্ৰাৰ আধাৰত সৃষ্টি কৰা এই নৃত্যৰে বুঢ়াভকতে অসমৰ লগতে ভাৰতৰ আন ঠাইতো যশস্যা অৰ্জন কৰে। পঞ্চাছব দশকত ভাৰতীয় গণনাট্য সংঘৰ সাংস্কৃতিক জাগৰণত জড়িত হৈ পৰা বুঢ়াভকতৰ অনাড়ম্বৰ জীবনাধাৰা আৰু গভীৰ সাংস্কৃতিক বোধে হেমাংগ বিশ্বাস, ভূপেন হাজৰিকাৰ দৰে ব্যক্তিক মুগ্ধ কৰিছিল। ১৯৫৪ চনত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম সঙ্গীত সম্মিলনী, ১৯৫৭ চনত নগাঁৱত অনুষ্ঠিত অসম সঙ্গীত-নাটক অকাডেমিৰ সম্মিলনত তেওঁ সক্ৰীয়া নৃত্য আৰু বৰগীত পৰিৱেশন কৰি পুৰস্কৃত হৈছিল। ১৯৫৭ চনত মাদ্ৰাজত বহা ইণ্ডিয়ান ফাইন আৰ্টছ ছচাইটীৰ ৰূপালী জয়ন্তী উৎসৱত অসম গণনাট্য সংঘৰ হৈ বুঢ়াভকতে ভোৰতাল আৰু দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসিত হৈছিল।[1] বুঢ়াভকতে ড° ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ (১৯৫৬)ত ভোৰতাল নৃত্য প্ৰদৰ্শন কৰাৰ উপৰি কমলনাৰায়ণ চৌধুৰীৰ অমৰ লক্ষ্মীনাথ নামৰ তথ্যচিত্ৰখনতো অভিনয় কৰিছিল। ১৯৭৮ চনত নহাটীত পৈতৃক ভেটিত সত্ৰীয়া নৃত্য-গীত-ভাওনাৰ প্ৰশিক্ষণৰ বাবে বুঢ়াভকতৰ উদ্যোগত প্ৰতিষ্ঠা হয় 'নৰহৰি বুঢ়াভকত সঙ্গীত বিদ্যালয়'।[2] এই অনুষ্ঠানে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত আজিও ভূমিকা পালন কৰি আহিছে।

১৯৮৫ চনৰ ২২ অক্টোবৰত নৰহৰি বুঢ়াভকতৰ বৰপেটাত মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. সম্পা- দাস শোণিত বিজয়, বায়ন মুনীন (২০০৬). কথা বৰেণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা প্ৰকাশন. পৃষ্ঠা. ৩৫২. ISBN 81-89148-14-1. 
  2. সম্পা- দাস শোণিত বিজয়, বায়ন মুনীন (২০০৬). কথা বৰেণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা প্ৰকাশন. পৃষ্ঠা. ৩৫২. ISBN 81-89148-14-1.