সমললৈ যাওক

নৰেন্দ্ৰনাথ মিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰেন্দ্ৰনাথ মিত্ৰ
জন্ম ৩০ জানুৱাৰি, ১৯১৬
সদৰদি, ফৰিদপুৰ, বেংগল প্ৰেচিডেন্সি‍, ব্ৰিটিছ ইণ্ডিয়া
(বৰ্তমানৰ বাংলাদেশ)
মৃত্যু ১৪ ছেপ্টেম্বৰ ১৯৭৫
কলকাতা, পশ্চিম বংগ, ভাৰত
পেচা লেখক, সাংবাদিক আৰু ঔপন্যাসিক
ভাষা বাংলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
মাতৃশিক্ষায়তন বঙ্গবাসী মহাবিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি চেনামহল

নৰেন্দ্ৰনাথ মিত্ৰ (ইংৰাজী: Narendranath Mitra); ১৯১৬–১৯৭৫) বাংলা ভাষাৰ এজন ঔপন্যাসিক আৰু গল্পকাৰ।[1][2]

নৰেন্দ্ৰনাথ মিত্ৰৰ জন্ম ১৬ মাঘ, ১৩২৩ বঙ্গাব্দ (৩০ জানুৱাৰি, ১৯১৬)ত বাংলাদেশেৰ ফৰিদপুৰৰ সদৰদিত।[3] ভংগা হাইস্কুলৰপৰা মেট্ৰিক, ফৰিদপুৰৰ ৰাজেন্দ্ৰ মহাবিদ্যালয়ৰপৰা আই-এ আৰু বঙ্গবাসী মহাবিদ্যালয়ৰপৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। লেখা-মেলা আৰম্ভ হৈছিল শৈশৱতে। প্ৰথম মুদ্ৰিত কবিতা 'মূক', প্ৰথম মুদ্ৰিত গল্প 'মৃত্যু ও জীৱন'। দুয়োটাই ১৯৩৬ চনত 'দেশ' আলোচনীত প্ৰকাশ পাইছিল। বিষ্ণুপদ ভট্টাচাৰ্য আৰু নাৰায়ণ গঙ্গোপাধ্যায়ৰ সৈতে‍ একত্ৰে প্ৰথম কাব্যগ্ৰন্থ 'জোনাকি' (১৩৪৫ বঙ্গাব্দ) প্ৰকাশ পাইছিল। "নিৰিবিলি" নামেৰে আন এখন কাব্যগ্ৰন্থও প্ৰকাশিত হৈছিল। ইয়াৰ পাছত তেওঁৰ কবিতাসমূহ মাজে মাজে বিভিন্ন আলোচনীত প্ৰকাশ পাইছিল যদিও কিতাপ আকাৰত প্ৰকাশ পোৱা নাছিল। প্ৰথম গল্প সংকলন 'অসমতল' (১৩৫২ বঙ্গাব্দ)। প্ৰথম উপন্যাস 'হৰিবংশ', গ্ৰন্থাকাৰৰ নাম 'দীপপুঞ্জ' (১৩৫৩ বঙ্গাব্দ)। প্ৰকাশিত চুটিগল্প সংকলনৰ সংখ্যা একানব্বৈখন আৰু উপন্যাসৰ সংখ্যা আঠত্ৰিছখন। উপন্যাসসমূহৰ ভিতৰত বিশেষকৈ ‘দীপপুঞ্জ’, ‘চেনামহল’, ‘তিন দিন তিনি ৰাত্ৰি’ আৰু ‘সূৰ্য সাক্ষী’ দেশ পত্ৰিকাত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱাৰ পাছৰেপৰাই প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭৫ চনৰ ১৪ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

চাৰি দশকত তেওঁ প্ৰায় পাঁচশ গল্প ৰচনা কৰিছিল। শান্তিপূৰ্ণ গ্ৰাম্য-জীৱন, নগৰীয়া চহৰৰ ভাসমান মধ্যবিত্ত শ্ৰেণী, কলকাতা মহানগৰৰ প্ৰান্তীয় অঞ্চলৰ অভিজ্ঞতাই তেওঁৰ উপন্যাসৰ মূল বিষয়-বস্তু। তেওঁৰ নিজৰ উপন্যাস ‘দ্বীপপুঞ্জ’ৰ আলোচনা প্ৰসংগত কৈছিল,"মোৰ কোনো এখন ৰচনাতে অচিনাকি মানুহক চিনাকি কৰাই দিয়াৰ ইচ্ছা হোৱা নাই। চিনাকি মানুহবোৰ সুপৰিচিত হৈ পৰিছে।"

চলচ্চিত্ৰ অভিযোজন

[সম্পাদনা কৰক]

নৰেন্দ্ৰনাথ মিত্ৰৰ সাহিত্যকৰ্মসমূহৰ ভিতৰত যিবোৰক চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰা হৈছে, সেইবোৰ হ’ল- সত্যজিৎ ৰায়ৰ 'মহানগৰ', অগ্ৰগামীৰ 'হেডমাষ্টাৰ', 'বিলম্বিতলয়'; ৰাজেন তৰফদাৰৰ 'পালঙ্ক'। তেওঁৰ 'ৰস' গল্পৰ আধাৰত অমিতাভ বচ্চন অভিনীত হিন্দী চলচ্চিত্ৰ 'সৌদাগৰ' উল্লেখযোগ্য।[4]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল:

উপন্যাস

  • দ্বীপপুঞ্জ
  • ৰূপমঞ্জৰী
  • অক্ষৰে অক্ষৰে
  • চেনামহল
  • দেহ-মন
  • দূৰভাষিণী
  • সঙ্গিণী
  • অনুৰাগিণী
  • সহৃদয়া
  • গোধূলি
  • শুল্কপক্ষ
  • চোৰাবালি
  • তিন দিন তিন ৰাত্ৰি
  • পৰস্পৰা
  • জলপ্ৰপাত
  • কন্যাকুমাৰী
  • সুখ-দুখেৰ ঢেউ
  • প্ৰথম তোৰণ
  • তাৰ এক পৃথিৱী
  • সেই পথটুকু
  • নীড়েৰ কথা
  • নতুন ভূবন
  • জলমাটিৰ গন্ধ
  • শিখা
  • অনাত্মীয়া
  • নতুন তোৰণ
  • সূৰ্যমুখী
  • সিঁদূৰে মেঘ
  • নিৰ্বাসন

গল্প সংকলন

  • অসমতল
  • হলদে বাড়ি
  • চড়াই-উৎৰাই
  • বিদু্যৎলতা
  • সেতাৰ
  • উল্টোৰথ
  • পতাকা

কবিতা সংকলন

  • জোনাকি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. তুহিন ওয়াদুদ. "কালোত্তীৰ্ণ গল্পকাৰ নৰেন্দ্ৰনাথ মিত্ৰ". https://www.bd-pratidin.com/Friday-various/2016/04/01/135987. 
  2. "বিষণ্ণ এক অক্ষৰপুৰুষ". https://www.anandabazar.com/supplementary/patrika/beside-writing-the-colourful-life-of-writer-narendranath-mitra-1.629412. 
  3. মফিজ ইমাম মিলন. "নৰেন্দ্ৰনাথ মিত্ৰ :ছোটগল্পেৰ বড় লেখক". https://archive1.ittefaq.com.bd/print-edition/drishtikon/2016/01/30/98828.html. [সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ
  4. Gulzar (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. ISBN 81-7991-066-0. http://books.google.co.in/books?id=8y8vN9A14nkC&pg=PT361&dq=Sahib+Bibi+Aur+Golam+Bimal+Mitra+%28novel%29&hl=en&ei=9iN3TsiuGoH3rQfo2OW_Aw&sa=X&oi=book_result&ct=result&resnum=1&ved=0CDgQ6AEwAA#v=onepage&q=Sahib%20Bibi%20Aur%20Golam%20Bimal%20Mitra%20%28novel%29&f=false.