নৰ্মাল স্কুল, যোৰহাট
| নৰ্মাল স্কুল, যোৰহাট | |
| অৱস্থান | |
|---|---|
| যোৰহাট, অসম | |
| প্ৰাথমিক তথ্যসমূহ | |
| স্কু্লৰ প্ৰকাৰ | ৰাজহুৱা |
| প্ৰতিষ্ঠাকাল | ১৯০৬ চন |
| বিদ্যালয়ৰ বিভাগ | যোৰহাট জিলা |
| নীহাৰিকা সোণোৱাল | |
| মাধ্যম | অসমীয়া |
| ভাষা | অসমীয়া |
| কেম্পাছ | চহৰাঞ্চল |
নৰ্মাল স্কুল, যোৰহাট (ইংৰাজী: Normal School, Jorhat) হৈছে ১৯০৬ চনত যোৰহাটত প্ৰতিষ্ঠিত এখন নৰ্মাল শিক্ষাৰ বিদ্যালয়। ১৮৫৫ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ প্ৰভৃতি শিক্ষাবিদসকলৰ উদ্যোগত কলিকতাত নৰ্মাল স্কুল প্ৰতিষ্ঠা হৈছিল। ইয়াৰ আগতেই, ১৮৫৩ চনৰ ৪ জুলাই তাৰিখে আনন্দৰাম ঢেকিয়ালফুকনে কলিকতাৰ সদৰ দেৱানি আদালতত অসমত এখন নৰ্মাল স্কুল স্থাপনৰ বাবে অনুৰোধ কৰি প্ৰতিবেদন দাখিল কৰিছিল।[1] ফুকনৰ প্ৰতিবেদনৰ আধাৰত ১৮৫৫ চনত অসমত নৰ্মাল স্কুল স্থাপনৰ পথ সুগম হৈছিল। নৰ্মাল শিক্ষাৰ মূল উদ্দেশ্য আছিল - আঞ্চলিক ভাষা-সাহিত্যৰ শিক্ষাদান কৰা আৰু আঞ্চলিক ভাষা-সাহিত্যৰ শিক্ষাদানৰ বাবে উপযুক্ত শিক্ষক গঢ়ি তোলা। এই উদ্দেশ্যে গুৱাহাটী, শিৱসাগৰ আৰু তেজপুৰত নৰ্মাল শিক্ষা আৰম্ভ হৈছিল। ১৯০৬ চনত গুৱাহাটীৰ নৰ্মাল স্কুল যোৰহাটলৈ স্থানান্তৰিত কৰা হয়। যোৰহাট নৰ্মাল স্কুলৰ প্ৰথমগৰাকী অধীক্ষক আছিল ঘনকান্ত বৰুৱা।[2]
যোৰহাট নৰ্মাল স্কুলৰ অধীক্ষক আৰু অধ্যক্ষসকল
[সম্পাদনা কৰক]- অধীক্ষক
- ঘনকান্ত বৰুৱা - ১৯০৬-১৯১০
- কালিৰাম মেধি - ১৯১০-১৯১১
- কমলা কান্ত শৰ্ম্মা - ১৯১২-১৯১৪
- শৰৎচন্দ্ৰ গোস্বামী - ১৯১৫-১৯২৭
- ৰায়চাহাব কমলাকান্ত বৰুৱা - ১৯২৭-১৯৩০
- লক্ষ্মীনাথ শৰ্মা - ১৯৩০-১৯৩১
- ঘনকান্ত বৰুৱা - ১৯৩১-১৯৩৭
- মুক্তালাল কাঠবৰুৱা - ১৯৩৭-১৯৩৯
- প্ৰাণনাথ বুজৰবৰুৱা - ১৯৩৯-১৯৪৪
- ৰাজেন্দ্ৰনাথ বৰুৱা - ১৯৪৪-১৯৪৪
- লক্ষেশ্বৰ শৰ্ম্মা বৰুৱা - ১৯৪৫-১৯৪৮
- চন্দ্ৰনাথ দত্তফুকন - ১৯৪৮-১৯৪৮
- গোলাপ বৰুৱা - ১৯৪৮-১৯৫০
- গোলাপ চন্দ্ৰ গোস্বামী - ১৯৫১-১৯৫৪
- যজ্ঞোৰাম গোহাঁই - ১৯৫৪-১৯৫৫
- ডিম্বেশ্বৰ নেওগ - ১৯৫৫-১৯৫৭
- চিৰাজুল হকবৰুৱা - ১৯৫৮-১৯৬১
- পিৰজাহান আলী - ১৯৬১-১৯৬২
- অধ্যক্ষ
- চেৰিফুদ্দিন আহম্মদ - ১৯৬২-১৯৬৬
- অৱনী ভাগৱতী - ১৯৬৬-১৯৬৯
- মুক্তিনাথ শৰ্ম্মা - ১৯৭০-১৯৭৭
- দুলাল চন্দ্ৰ শৰ্ম্মা - ১৯৭৭-১৯৮১
- মাখন চন্দ্ৰ গগৈ - ১৯৮১-১৯৮৩
