সমললৈ যাওক

নৰ্মা আলভাৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰ্মা আলভাৰেছ
জন্ম বম্বে, ভাৰত
পেচা সমাজকৰ্মী, পৰিৱেশ কৰ্মী, উকীল
দাম্পত্যসঙ্গী ক্ল'ড আলভাৰেছ
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি

নৰ্মা আলভাৰেছ (ইংৰাজী: Norma Alvares) এগৰাকী ভাৰতীয় উকীল, সমাজকৰ্মী আৰু পৰিৱেশ কৰ্মী।[1][2] লগতে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা এটা বিখ্যাত বেচৰকাৰী সংস্থা ব্ৰিডছ অৱ গোৱাৰ প্ৰতিষ্ঠাপক সদস্য।[3] প্ৰায় তিনিটা দশক ধৰি তেওঁ পৰিৱেশ বিষয়, মানৱ অধিকাৰ, মহিলাৰ সম অধিকাৰ, পশু কল্যাণৰ ওপৰত দুশৰো অধিক জনস্বাৰ্থৰ মামলাৰ গোচৰৰ বাবে প্ৰ’ ব’ন’ৰ পোষকতা কৰি আহিছে। আলভাৰেজ উকীল সংগ্ৰহৰ ট্ৰাষ্টী আৰু দ্য অদাৰ ইণ্ডিয়া বুকষ্ট'ৰ ছ'চাইটিৰ প্ৰতিষ্ঠাপক ট্ৰাষ্টী। [4]

নৰ্মা পশু কল্যাণকাৰী গোট পিপল ফৰ এনিমেলছৰ সভানেত্ৰী।[5]। ২০০০ চনৰ পৰা ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ সদস্য হিচাপেও তিনিটা কাৰ্যকাল পশু তত্ত্বাৱধান আৰু নিয়ন্ত্ৰণ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০০২ চনত তেওঁক পশু আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নৰ্মাই মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰিৱেশ সক্ৰিয়তাত যোগদান কৰে।[1] সহযোগী কৰ্মী ক্লড আলভাৰেছৰ সৈতে তেওঁৰ বিবাহ। বৰ্তমান এই দম্পতীহালে তেওঁলোকৰ তিনিটা সন্তান ৰাহুল, সমীৰ আৰু মিলিন্দৰ সৈতে গোৱাৰ পাৰাত থাকে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

আলভাৰেছৰ স্বামী ক্ল'ডে আৰম্ভ কৰা পৰিৱেশ কাৰ্য্য গোট গোৱা ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত তেওঁ ১৯৮৭ চনত গোৱাৰ বালিৰ টিলাবোৰ বচাবলৈ জনস্বাৰ্থৰ মামলা (পিআইএল) আৰম্ভ কৰে, যিটো ৰাজ্যখনত প্ৰথমবাৰৰ বাবে দাখিল কৰা পিআইএল।[1] তেওঁ ১০০ টাতকৈও অধিক পিআইএলৰ সৈতে জড়িত[6][7] আৰু এমিকাছ কিউৰিয়া হিচাপে কাম কৰিছে।[8] ডুপণ্টৰ এটা কাৰখানা বন্ধ কৰাৰ বাবে অনুকূল আদালতৰ আদেশ লাভ কৰা আৰু গোৱাত খনন কাৰ্য্যকলাপত বাধা আৰোপ কৰা আন এটাত তেওঁৰ প্ৰচেষ্টাৰ কথা কোৱা হৈছে।[1] তেওঁ পিপল ফৰ এনিমেলছৰ গোৱা শাখাৰ সভানেত্ৰী[9] আৰু অদাৰ ইণ্ডিয়া বুক ষ্ট'ৰ[10] আৰু অদাৰ ইণ্ডিয়া প্ৰেছৰ প্ৰতিষ্ঠাপক।[11] ২০২৪ চনত বম্বে উচ্চ ন্যায়ালয়ে আলভাৰেছক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিছিল।

আলভাৰেছক ভাৰত চৰকাৰে ২০০২ চনত পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাৰে সন্মানিত কৰে।[12] ২০০১ চনত গোৱা চৰকাৰে যশদামিনি পুৰাস্কাৰে তেওঁক সম্বৰ্ধনা জনায়। [13]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Livemint". Livemint. 9 August 2014. http://www.livemint.com/Leisure/1P5V4SptPe1ZwGUQEi1zYL/Norma-Alvares--Claude-Alvares--The-power-of-two.html আহৰণ কৰা হৈছে: 1 February 2015.
  2. 1 2 "India Inspires". India Inspires. 2015. Archived from the original on 26 February 2015. https://web.archive.org/web/20150226212733/http://indiainspires.org/speakers/7 আহৰণ কৰা হৈছে: 1 February 2015.
  3. "Goa Foundation". https://goafoundation.org/ আহৰণ কৰা হৈছে: 24 February 2025.[সংযোগবিহীন উৎস]
  4. ""Other India Book Store"". https://insider.in/trekking-adventure-from-basistha-to-garbhanga-reserve-forests-hidden-routes-jun11-2023/event আহৰণ কৰা হৈছে: 24 February 2025.
  5. "PFA Goa". Archived from the original on 9 May 2021. https://web.archive.org/web/20210509020408/http://pfagoa.org/ আহৰণ কৰা হৈছে: 24 February 2025.
  6. "Goa Foundation". Goa Foundation. 2015. Archived from the original on 18 February 2015. https://web.archive.org/web/20150218001827/http://goafoundation.org/ আহৰণ কৰা হৈছে: 1 February 2015.
  7. "Down to Earth". Down to Earth. 11 April 2012. Archived from the original on 30 August 2018. https://web.archive.org/web/20180830041357/https://www.downtoearth.org.in/content/dabolim-project-forest-area আহৰণ কৰা হৈছে: 1 February 2015.
  8. "Amicus Curiae". Down to Earth. 20 April 2012. Archived from the original on 30 August 2018. https://web.archive.org/web/20180830004939/https://www.downtoearth.org.in/content/are-goas-village-panchayats-following-high-court-orders-garbage-disposal-state-pollution-boa আহৰণ কৰা হৈছে: 1 February 2015.
  9. "PFA Goa". PFA Goa. 2015. Archived from the original on 9 May 2021. https://web.archive.org/web/20210509020408/http://pfagoa.org/ আহৰণ কৰা হৈছে: 1 February 2015.
  10. "Other India Book Store". Other India Book Store. 2015. Archived from the original on 21 January 2015. https://web.archive.org/web/20150121051948/http://otherindiabookstore.com/index.jsp আহৰণ কৰা হৈছে: 1 February 2015.
  11. "About Us". Other India Book Store. 2015. Archived from the original on 23 January 2015. https://web.archive.org/web/20150123182425/http://otherindiabookstore.com/about.jsp আহৰণ কৰা হৈছে: 1 February 2015.
  12. "Padma Awards". Padma Awards. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 11 November 2014.
  13. "Archived copy". http://www.awbi.org/awbi-pdf/ac_jan_14_june_16.pdf আহৰণ কৰা হৈছে: 23 February 2018.