সমললৈ যাওক

নৱনীত কৌৰ ধিলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৱনীত কৌৰ ধিলন

Dhillon in 2018
জন্ম ছেপ্টেম্বৰ, ২৩[1]
Ambala, Haryana, India
পেচা Actress, model
উচ্চতা ১.৬৮ মিটাৰ (U=ft}})[2]
'Beauty pageant titleholder'
Title
Years active 2012–present
Hair color Brown
Eye color Brown
Major
competition(s)

নৱনীত কৌৰ ধিলন ইংৰাজী: : Navneet Kaur Dhillon ; এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিছ ৱৰ্ল্ড ২০১৩ত।[3][4][5] ২০১৩ চনৰ ২৪ মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা পন্দচ্ ৫০ সংখ্যক সংস্কৰণৰ ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া ২০১৩ৰ বিজয়ী।[6]নৱনীতে শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰে ।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তেওঁৰ পিতৃ এজন সেনা বিষয়া।[7] তেওঁৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ আম্বালা কেণ্টৰ আৰ্মি পাব্লিক স্কুলৰ পৰা আৰম্ভ হৈছিল।[8] আৰু অৱশেষত তেওঁলোক আম্বালা এৰি পাটিয়ালাত স্থায়ীভাবে বসতি স্থাপন কৰিছিল আৰু পাটিয়ালাৰ বুঢ়া দল পাব্লিক স্কুলৰ পৰা মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল।[8] তাৰ পিছত তেওঁ পাটিয়ালাৰ পাঞ্জাবী বিশ্ববিদ্যালয়ৰ পৰা টিভি আৰু মিডিয়াত বি টেক ডিগ্ৰী লাভ কৰে।[8] মডেলিঙৰ লগতে ফটোগ্ৰাফী, সাঁতোৰ, ঘোঁৰা চলোৱাৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছে।[9] তেওঁ পাটিয়ালাৰ পাঞ্জাবী বিশ্ববিদ্যালয়ৰ সংবাদ মাধ্যমৰ ছাত্ৰী আছিল।[8]

পন্দচ্ ফেমিনা (Pond’s Femina) মিছ ইণ্ডিয়া ২০১৩

[সম্পাদনা কৰক]

২০১৩ চনৰ ২৪ মাৰ্চত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৩ হিচাপে মুকুট পৰিধান কৰিছিল। প্ৰতিযোগিতাৰ সময়ত তেওঁ এটা প্ৰশ্নৰ সন্মুখীন হৈছিল – যদি কাইলৈ তেওঁৰ মৃত্যু হয়, তেন্তে তেওঁৰ একমাত্র অনুতাপ কি হ’ব? উত্তৰস্বৰূপে তেওঁ এইদৰে কৈছিল " মই বিচৰা ধৰণে সমাজৰ বাবে একো কৰিব নেৱাৰাতোৱেই হ'ব মোৰ অনুশোচনাৰ একমাত্ৰ কাৰণ। নাৰী সবলীকৰণ আৰু শিশু শ্ৰমিক নিবাৰণ আৰু অন্যান্য সামাজিক অপৰাধৰ বিষয়বোৰ এটা ডাঙৰ চিন্তাৰ বিষয়।"[10]

পন্দচ্ ফেমিনা মিছ ইণ্ডিয়া চণ্ডীগড় ২০১৩

[সম্পাদনা কৰক]

পন্দচ্ ফেমিনা মিছ ইণ্ডিয়া চণ্ডীগড় ২০১৩ৰ শেষ ৰাউণ্ডত ১১ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত তেওঁ এডজাষ্ট বিজয়ী হৈছিল।[11] নৱনীতক পন্দচ্ ফেমিনা মিছ গ্ল'য়িং স্কিন হিচাপেও অভিষিক্ত কৰা হয়।[10]

I AM She 2012 প্ৰতিযোগিতা

[সম্পাদনা কৰক]

নৱনীত কৌৰ I AM She 2012 প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ৰ প্ৰতিযোগী আছিল আৰু তেওঁ প্ৰতিযোগী নং 6 হিচাপে অংশগ্ৰহণ কৰিছিল। যদিও তেওঁ এই প্ৰতিযোগিতাত বিজয়ী হোৱা নাছিল, তথাপি এই অভিজ্ঞতাই ফেমিনা মিছ ইণ্ডিয়া ২০১৩ ৰ বাবে তেওঁৰ পৰিচৰ্যা আৰু দক্ষতা উন্নত কৰিবলৈ সহায় কৰিছিল।[12]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ বলীউডৰ প্ৰতি আগ্ৰহী আৰু সুযোগ পালে নিশ্চিতভাৱে কঠোৰ পৰিশ্ৰম কৰিব। ভাৰত আৰু বিদেশৰ বিভিন্ন স্থানত ফেমিনা মিছ ইণ্ডিয়া ২০১৩ ভ্ৰমণ আৰু ফটো চেচনত ব্যস্ত আছিল। বৰ্তমান তেওঁ পন্দচ্ হোৱাইট বিউটি বিবি+ ফেয়াৰনেছ ক্ৰীমৰ ব্ৰেণ্ড এম্বেছাদৰ।[13]

চিনেমা পঞ্জী

[সম্পাদনা কৰক]

নৱনীত কৌৰ অভিনিত চিনেমা সমূহ হল

  • ২০১৬- Love Shhuda[14],Ambarseriya,একতা[15],জানি[16][17]
  • ২০১৯ চনত- হাই এণ্ড ইয়াৰিয়ান, অমবাস
  • ২০২০ চনত-জিন্দে মেৰিয়ে
  • ২০২৩ চনত- গোল গাপে
  • ২০২৪ চনত- ছোটা ভীম আৰু দমিয়ানৰ অভিশাপ

লগতে চাওক

[সম্পাদনা কৰক]
  • ফেমিনা মিছ ইণ্ডিয়া
  • ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া ২০১৩
  • মিছ ডিভা ২০১৩

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Meet the harbingers of change". Hindustan Times. 9 August 2013. http://www.hindustantimes.com/brunch/meet-the-harbingers-of-change/story-2Q6pzTeSZErcxZXGLWjLoK.html। আহৰণ কৰা হৈছে: 30 May 2016. 
  2. "May Queen". The Telegraph. 28 May 2011. http://www.telegraphindia.com/1110528/jsp/entertainment/story_14038649.jsp। আহৰণ কৰা হৈছে: 30 May 2016. 
  3. "Navneet Kaur Dhillon supports new designers". thestatesman.com. http://www.thestatesman.com/news/life-style/navneet-kaur-dhillon-supports-new-designers/121686.html। আহৰণ কৰা হৈছে: 20 April 2016. 
  4. India (26 January 2016). "No rehearsals, only spontaneity for actress Navneet Kaur Dhillon". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/no-rehearsals-only-spontaneity-for-actress-navneet-kaur-dhillon/। আহৰণ কৰা হৈছে: 20 April 2016. 
  5. India (7 January 2016). "Navneet Kaur Dhillon always considered herself a 'born actress'". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/navneet-kaur-dhillon-always-considered-herself-a-born-actress/। আহৰণ কৰা হৈছে: 20 April 2016. 
  6. "Navneet Kaur Dhillon wins Miss Multimedia Award at Miss World 2013". http://news.biharprabha.com/2013/09/navneet-kaur-dhillon-wins-miss-multimedia-award-at-miss-world-2013/। আহৰণ কৰা হৈছে: 27 September 2013. 
  7. "Why Miss Indias from defence background shine bright?". The Times of India. 16 April 2013. Archived from the original on 2 March 2021. https://web.archive.org/web/20210302205622/https://beautypageants.indiatimes.com/miss-india/Why-Miss-Indias-from-defence-background-shine-bright/articleshow/19439522.cms। আহৰণ কৰা হৈছে: 30 May 2016. 
  8. 8.0 8.1 8.2 8.3 Sharma, Parvesh Kumar (25 March 2013). "Punjabi University erupts in joy as Navneet Kaur Dhillon wins Miss India crown". The Times of India. http://timesofindia.indiatimes.com/city/chandigarh/Punjabi-University-erupts-in-joy-as-Navneet-Kaur-Dhillon-wins-Miss-India-crown/articleshow/19193941.cms. 
  9. "Navneet Kaur Dhillon". Femina Miss India. Archived from the original on 8 June 2023. https://web.archive.org/web/20230608093530/https://beautypageants.indiatimes.com/miss-india/contestants/miss-india-2014/miss-india-2013/Navneet-Kaur-Dhillon/profile/18498063.cms। আহৰণ কৰা হৈছে: 30 May 2016. 
  10. 10.0 10.1 "Who is Femina Miss India 2013 Navneet Kaur Dhillon?". News18. 25 March 2013. http://www.news18.com/news/india/who-is-femina-miss-india-2013-navneet-kaur-dhillon-598837.html। আহৰণ কৰা হৈছে: 30 May 2016. 
  11. "POND'S Femina Miss India Chandigarh 2013 WINNERS UNVEILED!". IndiaTimes Portal. Archived from the original on 6 January 2013. https://web.archive.org/web/20130106140926/http://feminamissindia.indiatimes.com/articleshow/17649613.cms। আহৰণ কৰা হৈছে: 24 March 2013. 
  12. "List of I Am She Finalists". http://pageant-mania.ephpbb.com/t6637p75-road-to-i-am-she-2012-indian-preliminaries-of-miss-universe-pageant-contestants। আহৰণ কৰা হৈছে: 3 January 2014. 
  13. Ningthoujam, Natalia (31 May 2013). "Miss India World 2013 Navneet Kaur Dhillon ready to act, but no intimacy please!". DNA. http://www.dnaindia.com/entertainment/report-miss-india-world-2013-navneet-kaur-dhillon-ready-to-act-but-no-intimacy-please-1841914। আহৰণ কৰা হৈছে: 30 May 2016. 
  14. India (30 January 2016). "Girish Kumar, Navneet Kaur Dhillon starrer 'Loveshhuda' to now release on Feb 19 with new song". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/girish-kumar-navneet-kaur-dhillon-starrer-loveshhuda-to-now-release-on-feb-19-with-new-song/। আহৰণ কৰা হৈছে: 20 April 2016. 
  15. "Ekta". IMDb. https://www.imdb.com/title/tt8546144/. 
  16. "Our 'Romantic Locations' Wow Indian Movie Maker". http://fijisun.com.fj/2016/06/29/our-romantic-locations-wow-indian-movie-maker/। আহৰণ কৰা হৈছে: 6 July 2016. 
  17. "Fiji, choice for film - Fiji Times Online". http://www.fijitimes.com/story.aspx?id=360056। আহৰণ কৰা হৈছে: 6 July 2016.