সমললৈ যাওক

নৱন্যাসবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৱন্যাসবাদ মূলতঃ এনে এক সাহিত্যিক দৃষ্টিভংগী যি যুক্তিবাদী চিন্তাতকৈ ভাববাদী চিন্তাক অধিক প্ৰাধান্য দিয়ে, আৰু জগৎ-সংসাৰৰ কেন্দ্ৰত ব্যক্তিক নিদিষ্টকৈ স্থাপন কৰে। আধুনিক গণতান্ত্ৰিক সমাজ-ৰচনাত নৱন্যাসবাদী চিন্তাৰ অৱদান নগণ্য নহয়। এক স্বতন্ত্ৰ মতবাদ হিচাপে নৱন্যাসবাদে গা কৰি উঠাৰ মূলতে আছে কিছুমান বিশেষ ঐতিহাসিক ঘটনা সেইবোৰৰ ভিতৰত ফৰাছী বিপ্লৱ প্ৰধান। ইংৰাজী সাহিত্যত ১৭৯৮ চনৰ পৰা ১৮৩২ চনলৈ এই কালছোৱাক নৱন্যাসযুগ বোলা হয়। ১৭৯৮ চনত ৱৰ্ডছৱৰ্থ আৰু ক'লৰিজৰ যুটীয়া গ্ৰন্থ 'The Lyrical Ballads' প্ৰকাশ হয়।[1] সম্পূৰ্ণ অভিনৱ বৈশিষ্ট্যৰ এই কবিতাৰ পুথিয়ে ইংৰাজী সাহিত্যত নৱন্যাসবাদী ধাৰাৰ সূচনা কৰে। ১৮৩২ চনত প্ৰখ্যাত নৱন্যাসবাদী লেখক ছাৰ ৱাল্টাৰ স্কটৰ মৃত্যু হয় আৰু সেই সময়ৰ পৰাই ইংৰাজী সাহিত্যত নৱন্যাস যুগ বা ৱৰ্ডছৱৰ্থৰ যুগৰ অৱসান ঘটে বুলি গণ্য কৰা হয়। অসমীয়া আদি আধুনিক প্ৰান্তীয় ভাৰতীয় সাহিত্যতো, বিশেষকৈ ইংৰাজী শিক্ষাৰ ব্যাপক প্ৰচলনৰ পৰিণতি হিচাপে নৱন্যাসবাদী ভাব-চিন্তাই তাৎপৰ্যপূৰ্ণ প্ৰসাৰ লাভ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. সাহিত্য সংজ্ঞা কোষ, ড° প্ৰফুল্ল দত্ত