নৱপত্ৰিকা
নৱপত্ৰিকা হʼল বংগ, অসম আৰু ওড়িশাৰ দুৰ্গাপূজাৰ এক বিশিষ্ট অংগ। নৱপত্ৰিকা শব্দটিৰ আক্ষৰিক অৰ্থ হৈছে নবিধ গছৰ পাত। কিন্তু, আচলতে নৱপত্ৰিকা মানে ন প্ৰকাৰৰ পাত নহয়, নবিধ উদ্ভিদহে।
ৰম্ভা কচ্চী হৰিদ্ৰাচ জয়ন্তী বিল্ব দাড়িমৌ।
অশোক মানকশ্চৈব ধান্যঞ্চ নৱপত্ৰিকা।
অৰ্থাৎ: কদলী বা ৰম্ভা (কল), কচু, হৰিদ্ৰা (হালধি), জয়ন্তী, বিল্ব (বেল), দাড়িম্ব (ডালিম), অশোক, মানকচু আৰু ধান।
এটা সপত্ৰ (পাতযুক্ত) কলগছৰ লগত আঠটা সমূল (শিপাযুক্ত) সপত্ৰ (পাতযুক্ত) উদ্ভিদ একেলগ কৰি এযোৰ বেলৰ সৈতে শ্বেত (বগা) অপৰাজিতা লতাৰে বান্ধি ৰঙা-পাৰিযুক্ত বগা শাৰী মেৰিয়াই উৰণি দি কইনাৰ ৰূপ দিয়া হয়; স্ত্ৰীৰূপৰ বাবে দুটা বেলেৰে স্তনযুগল নিৰ্মাণ কৰা হয়। তাৰপিছত সেন্দূৰ দি সপৰিবাৰে দেৱী-প্ৰতিমাৰ সোঁফালে থিয় কৰোৱাই পূজা কৰা হয়। প্ৰচলিত বঙালী ভাষাত নৱপত্ৰিকাৰ নাম কলা বউ।[1]
নটা উদ্ভিদৰ অধিষ্ঠাত্ৰী দেৱী
[সম্পাদনা কৰক]নৱপত্ৰিকাৰ নবিধ উদ্ভিদ আচলতে দেৱী দুৰ্গাৰ নটা বিশেষ ৰূপৰ প্ৰতীকৰূপে কল্পিত হয়:
- কদলী বা ৰম্ভা (কল গছ): কল গছৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মাণী;
- কচু (সাধাৰণ): কচু গছৰ অধিষ্ঠাত্ৰী দেৱী কালিকা;
- হৰিদ্ৰা (হালধি গছ): হালধি গছৰ অধিষ্ঠাত্ৰী দেৱী উমা;
- জয়ন্তী: জয়ন্তী গছৰ অধিষ্ঠাত্ৰী দেৱী কাৰ্তিকী;
- বিল্ব (বেল গছ): বেল গছৰ অধিষ্ঠাত্ৰী দেৱী শিৱা;
- দাড়িম্ব (ডালিম/বেদানা গছ): ডালিম গছৰ অধিষ্ঠাত্ৰী দেৱী ৰক্তদন্তিকা;
- অশোক: অশোক গছৰ অধিষ্ঠাত্ৰী দেৱী শোকৰহিতা;
- মানকচু: মানকচু গছৰ অধিষ্ঠাত্ৰী দেৱী চামুণ্ডা;
- ধান: ধান গছৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী।
এই নগৰাকী দেৱীক একেলগে "নৱপত্ৰিকাবাসিনী নৱদুৰ্গা" নামেৰে নৱপত্ৰিকাবাসিন্যৈ নৱদুৰ্গায়ৈ নমঃ মন্ত্ৰৰে পূজা কৰা হয়।
ৰম্ভাধিষ্ঠাত্ৰী ব্ৰহ্মাণী, কচ্বাধিষ্ঠাত্ৰী কালিকা, হৰিদ্ৰাধিষ্ঠাত্ৰী উমা, জয়ন্ত্যাধিষ্ঠাত্ৰী কাৰ্তিকী, বিল্বাধিষ্ঠাত্ৰী শিৱা, দাড়িম্বাধিষ্ঠাত্ৰী ৰক্তদন্তিকা, অশোকাধিষ্ঠাত্ৰী শোকৰহিতা, মানাধিষ্ঠাত্ৰী চামুণ্ডা আৰু ধান্যাধিষ্ঠাত্ৰী লক্ষ্মী

ৰীতি-নীতি
[সম্পাদনা কৰক]সপ্তমীৰ দিনা পুৱা নিকটৱৰ্তী নদী বা কোনো জলাশয়ত (নদী বা জলাশয় নাথাকিলে কোনো মন্দিৰলৈ) লৈ যোৱা হয়। পুৰোহিতে (অথবা কেতিয়াবা ঘৰ নাইবা ক্লাবৰ সদস্যসকলে) নিজেই কান্ধত নৱপত্ৰিকা লৈ যায়। তেওঁৰ পিছে পিছে ঢাকীসকলে ঢাক বজায় আৰু মহিলাসকলে শঙ্খ বজায় আৰু উৰুলি দি যায়। শাস্ত্ৰবিধি অনুসৰি স্নান কৰোৱাৰ পাছত নৱপত্ৰিকাক নতুন শাৰী পিন্ধোৱা হয়। তাৰপিছত পূজামণ্ডপলৈ লৈ আনি নৱপত্ৰিকাক দেৱীৰ সোঁফালে এটি কাঠৰ সিংহাসনত স্থাপন কৰা হয়। পূজামণ্ডপত নৱপত্ৰিকা প্ৰৱেশৰ জৰিয়তে দুৰ্গাপূজাৰ মূল অনুষ্ঠানটিৰ প্ৰথাগত সূচনা হয়। নৱপত্ৰিকা প্ৰৱেশৰ পিছত দৰ্পণ (দাপোণ)ত দেৱীক মহাস্নান কৰোৱা হয়। ইয়াৰ পিছত বাকি দিনবোৰত নৱপত্ৰিকাক প্ৰতিমাস্থ দেৱ-দেৱীসকলৰ লগতেই পূজা কৰা হয়।[2] বিশেষভাৱে লক্ষণীয় বিষয়টো হʼল, নবপত্ৰিকা প্ৰৱেশৰ পূৰ্বে পত্ৰিকাৰ সন্মুখত দেৱী চামুণ্ডাৰ আৱাহন আৰু পূজা কৰা হয়। পত্ৰিকাস্থ অন্য কোনো দেৱীক কিন্তু পৃথককৈ পূজা কৰা নহয়।[3]
গৱেষকসকলৰ মতে, নৱপত্ৰিকাৰ পূজা প্ৰকৃতপক্ষে শস্যদেৱীৰ পূজা।[1] ড° শশিভূষণ দাশগুপ্তই লিখিছিল,
"এই শস্যবধূকেই দেৱীৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি প্ৰথমে পূজা কৰিব লাগে, কাৰণ শাৰদীয়া পূজা মূলত বোধহয় এই শস্য-দেৱীৰেই পূজা। পৰৱৰ্তীকালৰ বিভিন্ন দুৰ্গাপূজাৰ বিধিত এই নৱপত্ৰিকাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে। ... কোৱাই বাহুল্য যে এই সকলোবোৰেই হৈছে পৌৰাণিক দুৰ্গাদেৱীৰ সহিত এই শস্যদেৱীক সৰ্বাংশে মিলাই লোৱাৰ এক সচেতন চেষ্টা। এই শস্য-দেৱী মা পৃথিৱীৰেই ৰূপভেদ, বৰঞ্চ আমাৰ জ্ঞাতে-অজ্ঞাতে আমাৰ দুৰ্গাপূজাৰ ভিতৰত এতিয়াও সেই আদিমাতা পৃথিৱীৰ পূজা বহুখিনি মিশ্ৰিত হৈ আছে।" [4]
ড° জিতেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ মতে,
"দেৱীৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল উদ্ভিদৰ আত্ম-স্বৰূপ হিচাপে ধাৰণা, যাক ইতিমধ্যে উল্লেখ কৰা শাকম্ভৰী নামেৰে গুৰুত্ব আৰোপ কৰা হৈছে। বৰ্তমান, বংগৰ শাৰদীয় দুৰ্গাপূজাত নৱপত্ৰিকা প্ৰৱেশ অনুষ্ঠানত ইয়াৰ স্পষ্ট প্ৰমাণ পোৱা যায়।[5]
কিন্তু হংসনাৰায়ণ ভট্টাচাৰ্যই দুৰ্গাপূজাৰ সৈতে শস্যদেৱীৰ পূজাৰ অনুষঙ্গটিক স্বীকাৰ কৰে যদিও, শাকম্ভৰী তত্ত্বটিক নৱপত্ৰিকাৰ উৎসৰূপে মানি লোৱা নাছিল। যোগেশচন্দ্ৰ ৰায় বিদ্যানিধিয়ে লিখিছিল,
“মই নৱপত্ৰিকাৰ উৎপত্তি আৰু প্ৰয়োজন কিঞ্চিৎ পৰিমাণো বুজিব পৰা নাই। নৱপত্ৰিকা নৱদুৰ্গা, ইয়াৰদ্বাৰাও একোৱেই নুবুজিলোঁ। দেৱীপুৰাণত নৱদুৰ্গা আছে, কিন্তু নৱপত্ৰিকা নাই। ... নৱপত্ৰিকা দুৰ্গাপূজাৰ এক আগন্তুক অংগত পৰিণত হৈছে। ... বোধহয় কোনো প্ৰদেশত শবৰাদি জাতি নটা গছৰ পাত সন্মুখত ৰাখি নৱৰাত্ৰি উৎসৱ কৰিছিল। তেওঁলোকৰ নৱপত্ৰী দুৰ্গা-প্ৰতিমাৰ কাষতে স্থাপিত হৈ আছে।” [6]
উল্লেখ্যযোগ্য যে, মাৰ্কণ্ডেয় পুৰাণত নৱপত্ৰিকাৰ উল্লেখ নাই। কালিকা পুৰাণত নৱপত্ৰিকাৰ উল্লেখ নাথাকিলেও, সপ্তমী তিথিত পত্ৰিকাপূজাৰ নিৰ্দেশ উল্লিখিত আছে।[7] কৃত্তিবাস ওঝা বিৰচিত ৰামায়ণত ৰামচন্দ্ৰৰদ্বাৰা নৱপত্ৰিকা পূজাৰ উল্লেখ আছে – “বাঁধিলা পত্ৰিকা নৱ বৃক্ষেৰ বিলাস।”[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 হিন্দুদেৰ দেবদেবী: উদ্ভব ও ক্ৰমবিকাশ, তৃতীয় খণ্ড, হংসনাৰায়ণ ভট্টাচাৰ্য, ফাৰ্মা কেএলএম প্ৰাঃ লিঃ, কলকাতা, ২০০৭ মুদ্ৰণ, পৃ. ২৩২-৩৫
- ↑ Durga Puja: Yesterday, Today and Tomorrow, Sudeshna Banerjee, Rupa & co, Kolkata, 2006, p. 22
- ↑ বৃহন্নন্দিকেশ্বৰ পুৰাণোক্ত শ্ৰীশ্ৰীদুৰ্গাপূজা পদ্ধতি, পণ্ডিত শ্যামাচৰণ ভট্টাচাৰ্য সংকলিত ও শক্তিপদ চক্ৰবৰ্তী সম্পাদিত, বেণীমাধব শীল'স লাইব্ৰেৰী, কলকাতা, পৃ. ৫২
- ↑ ভাৰতেৰ শক্তিসাধনা ও শাক্তসাহিত্য, শশিভূষণ দাশগুপ্ত, সাহিত্য সংসদ, কলকাতা, প্ৰথম সং, ১৩৬৭, পৃ. ২৫-২৬
- ↑ Pauranice and Tantric Religion, Dr J. N. Banerjea, University of Calcutta, 1st Edn, 1966, p. 125-26
- ↑ পূজা-পাৰ্বণ, যোগেশচন্দ্ৰ ৰায় বিদ্যানিধি, বিশ্বভাৰতী গ্ৰন্থনবিভাগ, কলকাতা, অগ্ৰহায়ণ ১৪১০ মুদ্ৰণ, পৃ. ১৩১
- ↑ কালিকাপুৰাণ, ৫৯। ২১-২২