নৱল ৰৱিকান্ত
| নৱল ৰৱিকান্ত | |
|---|---|
২০০৯ চনত ৰৱিকান্ত | |
| জন্ম | ৫ নৱেম্বৰ, ১৯৭৪ (৫১ বছৰ)[1] নতুন দিল্লী, ভাৰত |
| শিক্ষানুষ্ঠান | ডাৰ্টমাউথ কলেজ (বি.এছ.) |
| পেচা | উদ্যমী, বিনিয়োগকাৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমান |
| জনা যায় | |
| ৱেবছাইট | |
| nav | |
নৱল ৰৱিকান্ত[টোকা 1] (Hindi: नवल रविकांत, pronounced [nəʋəl ɾəʋɪkɑːnt̪]; জন্ম: ৫ নৱেম্বৰ, ১৯৭৪) এজন ভাৰতীয় মূলৰ আমেৰিকান উদ্যমী আৰু বিনিয়োগকাৰী। তেওঁ ষ্টাৰ্টআপ, বিনিয়োগকাৰী আৰু চাকৰি প্ৰাৰ্থীসকলৰ বাবে এটা মঞ্চ এঞ্জেললিষ্টৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ।[2] তেওঁ এজন এঞ্জেল ইনভেষ্টৰ যিয়ে উবেৰ, টুইটাৰ, পোষ্টমেট্ছ আৰু য়ামাৰকে ধৰি কেইবাটাও কোম্পানীত প্ৰাৰম্ভিক পৰ্যায়ত বিনিয়োগ কৰিছে।[3]
ৰৱিকান্ত এডমাণ্ড হিলাৰী ফেলোশ্বিপৰ এজন প্ৰাপক।[4] তেওঁ ব্ৰেট হলৰ সৈতে এটা পডকাষ্টো পৰিচালনা কৰে।[5]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৰৱিকান্তৰ জন্ম ১৯৭৪ চনত ভাৰতৰ নতুন দিল্লীত হৈছিল। ৯ বছৰ বয়সত তেওঁ মাক আৰু ভাতৃ কমলৰ সৈতে নিউয়ৰ্ক চহৰলৈ যায়। তেওঁ ষ্টাইভেচেণ্ট হাইস্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৯১ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[6] ১৯৯৫ চনত তেওঁ ডাৰ্টমাউথ কলেজৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[6] কলেজত পঢ়ি থকা সময়ছোৱাত তেওঁ ডেভিছ পল্ক এণ্ড ৱাৰ্ডৱেল নামৰ ল ফাৰ্মখনত ইণ্টাৰ্ণশ্বিপ কৰিছিল।[6]
কৰ্মজীৱন
[সম্পাদনা কৰক]স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, চিলিকন ভেলীলৈ যোৱাৰ পূৰ্বে ৰৱিকান্তই অলপ সময়ৰ বাবে বষ্টন কনচালিটিং গ্ৰুপত কাম কৰিছিল।[6]
ইপিনিয়ঞ্চ
[সম্পাদনা কৰক]১৯৯৯ চনত ৰৱিকান্তই গ্ৰাহক সামগ্ৰী পৰ্যালোচনা ছাইট ইপিনিয়ঞ্চ সহ-প্ৰতিষ্ঠা কৰে। কোম্পানীটোৱে বেঞ্চমাৰ্ক কেপিটেল আৰু আগষ্ট কেপিটেল আদিকে ধৰি কেইবাখনো ফাৰ্মৰ পৰা ৪৫ নিযুত ডলাৰৰ ভেঞ্চাৰ কেপিটেল সংগ্ৰহ কৰিছিল।[7] ২০০৩ চনত ইপিনিয়নছ তুলনাভিত্তিক মূল্য নিৰ্ধাৰণ ছাইট ডিলটাইমৰ সৈতে একত্ৰিত হৈ শ্বপিং ডট কম হয়, যিয়ে ২০০৪ চনৰ অক্টোবৰত প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ মুকলি কৰিছিল।[7]
২০০৫ চনৰ জানুৱাৰীত ৰৱিকান্ত আৰু তেওঁৰ তিনিজন সহ-প্ৰতিষ্ঠাপকে বেঞ্চমাৰ্ক কেপিটেল, আগষ্ট কেপিটেল আৰু সহ-প্ৰতিষ্ঠাপক নীৰৱ টোলিয়াৰ বিৰুদ্ধে এক গোচৰ তৰে। তেওঁলোকৰ অভিযোগ আছিল যে কোম্পানীটোৰ মূল্য সংগ্ৰহ কৰা মূলধনতকৈ কম বুলি মিছাকৈ দেখুৱাই তেওঁলোকক এই একত্ৰীকৰণত সন্মতি দিবলৈ প্ৰতাৰণা কৰা হৈছিল, যাৰ ফলত তেওঁলোকৰ শ্বেয়াৰসমূহ মূল্যহীন হৈ পৰিছিল।[7] ২০০৫ চনৰ ডিচেম্বৰত এই গোচৰটো নিষ্পত্তি হয়।[8]
হিট ফৰ্জ
[সম্পাদনা কৰক]২০০৭ চনৰ আশে-পাশে ৰৱিকান্তই দ্য হিট ফৰ্জ নামৰ ২০ নিযুত ডলাৰৰ এটা প্ৰাৰম্ভিক পৰ্যায়ৰ ভেঞ্চাৰ কেপিটেল ফাণ্ড আৰম্ভ কৰে। এই ফাণ্ডে টুইটাৰ, উবেৰ আৰু ষ্টেক অভাৰফ্ল’ আদিকে ধৰি বিভিন্ন ষ্টাৰ্টআপত বিনিয়োগ কৰিছিল।[9]
এঞ্জেললিষ্ট
[সম্পাদনা কৰক]২০০৭ চনত ৰৱিকান্তই ভেঞ্চাৰ হেক্স নামৰ এটা ব্লগ লিখিবলৈ আৰম্ভ কৰে, য’ত চৰ্তসমূহৰ আলোচনাৰ বিষয়ে বিতং পৰামৰ্শ আগবঢ়োৱা হৈছিল।[10] সেই ব্লগটোৱেই পৰৱৰ্তী সময়ত এঞ্জেললিষ্টলৈ ৰূপান্তৰিত হয়, যাক ২০১০ চনত ৰৱিকান্তই ষ্টাৰ্টআপসমূহক এঞ্জেল ইনভেষ্টৰৰ সৈতে সংযোগ কৰাৰ এক মঞ্চ হিচাপে সহ-প্ৰতিষ্ঠা কৰিছিল।[10] এঞ্জেললিষ্টে সামগ্ৰী আৱিষ্কাৰৰ মঞ্চ প্ৰডাক্ট হাণ্টো পৰিচালনা কৰে। ২০২২ চনত এঞ্জেললিষ্ট ভেঞ্চাৰে ৪ বিলিয়ন ডলাৰৰ মূল্যায়নত পুঁজি সংগ্ৰহ কৰিছিল।[11]
মেটাষ্টেবল কেপিটেল
[সম্পাদনা কৰক]
২০১৪ চনত ৰৱিকান্তই মেটাষ্টেবল কেপিটেল নামৰ এটা ক্ৰিপ্ট'কাৰেন্সী হেজ ফাণ্ড সহ-প্ৰতিষ্ঠা কৰে।[12] ২০১৭ চনৰ জুন মাহৰ এটা নিয়ন্ত্ৰণমূলক ফাইলিং অনুসৰি এই ফাণ্ডৰ সম্পত্তি আছিল ৬৯ নিযুত ডলাৰ, য’ত আন্দ্ৰিচেন হৰ’উইটজ আৰু চেকুৱা কেপিটেলৰ দৰে বিনিয়োগকাৰী অন্তৰ্ভুক্ত আছিল।[12]
স্পিয়াৰহেড ডট ক’ বিনিয়োগ ফাণ্ড
[সম্পাদনা কৰক]২০১৭ চনত ৰৱিকান্তই 'স্পিয়াৰহেড' মুকলি কৰে, যিটো এটা বিনিয়োগ ফাণ্ড। ই প্ৰতিষ্ঠাপকসকলক মূলধন প্ৰদান কৰে যাতে তেওঁলোকে নিজেই এঞ্জেল ইনভেষ্টৰ হিচাপে প্ৰযুক্তিগত ষ্টাৰ্টআপত বিনিয়োগ কৰিব পাৰে।[13] ফাণ্ডটোৰ তৃতীয়টো গোটত ১৫ জন প্ৰতিষ্ঠাপকৰ বাবে ১০০ নিযুত ডলাৰ সংগ্ৰহ কৰা হৈছিল।[3] স্পিয়াৰহেডৰ প্ৰতিষ্ঠাপকসকলে সমৰ্থন কৰা কোম্পানীসমূহৰ ভিতৰত নিউৰালিংক, অ’পেনড’ৰ আৰু ৰিপ্লিং অন্যতম।[14]
পডকাষ্টিং আৰু লিখা-মেলা
[সম্পাদনা কৰক]ৰৱিকান্তই Nav.al নামৰ এটা পডকাষ্ট পৰিচালনা কৰে, য’ত তেওঁ দৰ্শন আৰু বিনিয়োগ আদিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰে। ইয়াৰ উপৰিও তেওঁ দ্য জ’ ৰ’গান এক্সপিৰিয়েঞ্চ আৰু 'দ্য টিম ফেৰিছ শ্ব’ৰ দৰে পডকাষ্টত অতিথি হিচাপে অংশগ্ৰহণ কৰিছে।[15]
ৰৱিকান্তৰ অনুমতি সাপেক্ষে এৰিক জৰ্জেনছনে তেওঁৰ টুইট, প্ৰবন্ধ আৰু সাক্ষাৎকাৰসমূহ সংগ্ৰহ কৰি The Almanack of Naval Ravikant: A Guide to Wealth and Happiness নামৰ এখন গ্ৰন্থ সংকলিত কৰে।[16]
এয়াৰচাট
[সম্পাদনা কৰক]২০২৩ চনত ৰৱিকান্তই এয়াৰচাট নামৰ এখন ছচিয়েল মিডিয়া এপ্লিকেচন সহ-প্ৰতিষ্ঠা কৰে যি ভয়েচ নোট আৰু কৃবু-চালিত ট্ৰেন্সক্ৰিপশ্বন ব্যৱহাৰ কৰে।[17]
টোকা
[সম্পাদনা কৰক]- ↑ Hindi: नवल रविकांत, pronounced [nəʋəl ɾəʋɪkɑːnt̪]; English: Naval Ravikant।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jorgenson, Eric (2020). The Almanack of Naval Ravikant. Magrathea Publishing. ISBN 978-1-5445-1420-8. https://navalmanack.s3.amazonaws.com/Eric-Jorgenson_The-Almanack-of-Naval-Ravikant_Final.pdf। আহৰণ কৰা হৈছে: March 19, 2021.
- ↑ Clifford, Catherine (April 3, 2019). "Top Silicon Valley investor: This is what gives Elon Musk 'true superpowers' in business" (en ভাষাত). CNBC. https://www.cnbc.com/2019/04/03/angellist-founder-what-gives-elon-musk-true-superpowers-in-business.html। আহৰণ কৰা হৈছে: March 15, 2020.
- 1 2 Bertoni, Steven (October 22, 2019). "How AngelList's Naval Ravikant Is Creating A New Generation Of Angel Investors". Forbes. https://www.forbes.com/sites/stevenbertoni/2019/10/22/angellist-naval-ravikant-100-million-fund-spearhead/। আহৰণ কৰা হৈছে: May 21, 2024.
- ↑ "Edmund Hillary Foundation Alumni Directory" (en ভাষাত). EHF. https://www.ehf.org/alumni-directory-advanced-search#advanced-alumni-search/view-fellow-details/60c66ce733ee78071b3caf2b/। আহৰণ কৰা হৈছে: July 2, 2025.
- ↑ nav
.al 
- 1 2 3 4 Smillie, Eric (2014-11-01). "Avenging Angel". Dartmouth Alumni Magazine. https://dartmouthalumnimagazine.com/articles/avenging-angel। আহৰণ কৰা হৈছে: 2024-10-11.
- 1 2 3 Rivlin, Gary (January 26, 2005). "Founders of Web Site Accuse Backers of Cheating Them (Published 2005)". The New York Times. https://www.nytimes.com/2005/01/26/technology/founders-of-web-site-accuse-backers-of-cheating-them.html.
- ↑ Rivlin, Gary (December 23, 2005). "Suit Over Epinions.com Is Settled". The New York Times. https://www.nytimes.com/2005/12/23/technology/suit-over-epinionscom-is-settled.html.
- ↑ "AngelList's Naval Ravikant on His Syndicates Program, Two Months In" (en-US ভাষাত). Strictly VC. November 21, 2013. https://www.strictlyvc.com/2013/11/21/angellists-naval-ravikant-syndicates-program-two-months/। আহৰণ কৰা হৈছে: April 26, 2020.
- 1 2 Halperin, Alex (2014-03-24). "Silicon Valley's Avenging Angel". Fast Company. https://www.fastcompany.com/3027305/naval-ravikants-angellist.
- ↑ Mascarenhas, Natasha (2022-03-08). "AngelList Venture takes on rare capital at a $4 billion valuation". TechCrunch. https://techcrunch.com/2022/03/08/angellist-series-c/.
- 1 2 Wieczner, Jen (2016-07-26). "Sequoia and Andreessen Horowitz Are Secretly Backing This Cryptocurrency Hedge Fund". Fortune. https://fortune.com/2017/07/26/bitcoin-cryptocurrency-hedge-fund-sequoia-andreessen-horowitz-metastable/। আহৰণ কৰা হৈছে: 2024-10-21.
- ↑ "Spearhead will give $1M to 15 founders to invest freely". TechCrunch. October 15, 2019. https://techcrunch.com/2019/10/15/spearhead-will-give-1m-to-15-founders-to-invest-freely/.
- ↑ "FAQ". https://spearhead.co/faq/.
- ↑ Parrish, Shane (August 17, 2019). "Naval Ravikant: The Angel Philosopher [The Knowledge Project Ep. #18"]. Farnam Street Blog. https://fs.blog/knowledge-project-podcast/naval-ravikant/.
- ↑ "Almanack of Naval Ravikant". navalmanack.com. https://www.navalmanack.com/.
- ↑ Liao, Taylor (May 23, 2023). "Naval Ravikant Launches Airchat, a Social App Built on Voice". The Verge. https://www.theverge.com/2023/5/23/23733578/naval-ravikant-airchat-social-app-voice-notes। আহৰণ কৰা হৈছে: 2024-03-13.