নৱাজুদ্দিন ছিদ্দিকী
| এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
| নৱাজুদ্দিন ছিদ্দিকী | |
|---|---|
২০২১ চনত নৱাজুদ্দিন | |
| জন্ম | ১৯ মে', ১৯৭৪ (৫১ বছৰ) বুধানা, উত্তৰ প্ৰদেশ, ভাৰত |
| শিক্ষা |
|
| পেচা | আভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৯-বৰ্তমানলৈ |
| দাম্পত্যসঙ্গী | আলিয়া ছিদ্দিকী (বি. ২০০৯)[1][2] |
| সন্তান | ২ |
নৱাজুদ্দিন ছিদ্দিকী (ইংৰাজী: Nawazuddin Siddiqui, জন্ম ১৯ মে' ১৯৭৪) ভাৰতীয় হিন্দী চিনেমা (বলিউড) জগতৰ এজন অভিনেতা।[3][4] তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা, লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।[5] ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত নৱাজুদ্দিন ছিদ্দিকী চাৰফোৰোচ (১৯৯৯) , শুল (১৯৯৯), আৰু মুন্না ভাই এম.বি.বি.এছ. (২০০৩) আদি ছবিত সৰু সৰু ভূমিকা পালন কৰিছিল।
ছিদ্দিকী প্ৰথমে স্বীকৃতি লাভ কৰে অনুৰাগ কাশ্যপৰ ব্লেক ফ্ৰাইডে (২০০৪) আৰু ২০১২ চনৰ গেংছ অৱ ৱাছেইপুৰ ছবিখনৰ বিখ্যাত সংলাপৰ বাবে।[6]ইয়াৰ পিছত সহযোগী অভিনেতা হিচাপে দ্য লাঞ্চবক্স’’ (২০১৩) ছবি খনত যথেষ্ট সুনাম অৰ্জন কৰে আৰু ফিল্মফেৰ, সৰ্বশ্ৰেষ্ঠ সহযোগী অভিনেতা বঁটা লাভ কৰে। ইয়াৰ পিছত কিক (২০১৪) বজৰংগী ভাইজান (২০১৫) ৰমন ৰাঘৱ ২.০ (২০১৬) ৰইচ (২০১৭) ম'ম (২০১৭) মণ্টো (২০১৮) আদি চলচ্চিত্ৰত অভিনয়ৰ বাবে সমালোচনামূলক প্ৰশংসা লাভ কৰে।[7] ইয়াৰ উপৰি তেওঁ Sacred Games (২০১৮–২০১৯)[8] আৰু ব্ৰিটিছ McMafia (২০১৮). ধাৰাবাহিক দুখনৰ বলিষ্ঠ অভিনয়ৰ বাবে দুবাৰকৈ Emmy Awardলৈ মনোনীত হৈছিল।
জীৱনৰ পাতনি
[সম্পাদনা কৰক]নৱাজউদ্দিন ছিদ্দিকীৰ জন্ম হৈছিল ১৯৭৪ চনৰ ১৯ মে'ত[3] , উত্তৰ প্ৰদেশ, ভাৰত ৰ মুজাফৰনগৰ জিলাৰ বুধানা নামৰ সৰু চহৰ এখনৰ এটি জমিদাৰ মুছলমান[3][9] পৰিয়ালত ।[10] পৰিয়ালৰ আঠজন ভাই-ভনীৰ ভিতৰত তেওঁ সকলতকৈ ডাঙৰ ।[11]ছিদ্দিকী যৌৱনৰ বেছিভাগ সময় উত্তৰাখণ্ডত অতিবাহিত কৰে ।.[12][13]
ছিদ্দিকী হৰিদ্বাৰৰ গুৰুকুল কাংৰি বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[14] ইয়াৰ পিছত তেওঁ এবছৰ বদোদৰাত ৰসায়নবিদ হিচাপে কাম কৰিছিল, তাৰ পিছত নতুন চাকৰিৰ সন্ধানত দিল্লীলৈ ৰাওনা হৈছিল। দিল্লীত এবাৰ নাটক এখন চোৱাৰ পাছতে অভিনয়ৰ প্ৰতি মুহূৰ্ততে আকৰ্ষিত হৈছিল। সেইবাবে তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন এছ ডি)ত নামভৰ্তি কৰিবলৈ চেষ্টা কৰে ।[14]নামভৰ্তিৰ বাবে মাপকাঠী পূৰণ কৰিবলৈ তেওঁ বন্ধু কেইজনমানৰ সৈতে দহখনতকৈ অধিক নাটকত অভিনয় কৰে, তাৰ ভিতৰত এটা দল ডেৰাডুনৰ আছিল [12][3]
কেৰিয়াৰ
[সম্পাদনা কৰক]আৰম্ভণি আৰু স্বীকৃতি (১৯৯৯–২০১২)
[সম্পাদনা কৰক]নৱাজউদ্দিন ছিদ্দিকী নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নামভৰ্ত্তি কৰে .[15] আৰু ১৯৯৯ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি মুম্বাইলৈ গুচি যায়।[16]
১৯৯৯ চনত তেওঁ আমিৰ খান অভিনীত ছাৰফৰোছ(১৯৯৯) বোলছবিত এটা সৰু চৰিত্ৰ অভিনয় কৰি বলীউডত অভিষেক ঘটায়।[17] ইয়াৰ পিছত তেওঁ ৰাম গোপাল বৰ্মাৰ শ্বুল (১৯৯৯) আৰু জংগল ছবিৰ লগতে ৰাজকুমাৰ হিৰানীৰ মুন্নাভাই এম বি বি এছ (২০০৩) ছবিত অভিনয় কৰে। মুম্বাইলৈ যোৱাৰ পিছত তেওঁ টেলিভিছনৰ ধাৰাবাহিকত কাম পাবলৈ চেষ্টা কৰিছিল যদিও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।[18][19]২০০৩ চনত তেওঁ ইৰফান খানৰ সৈতে The Bypass নামৰ এখন চুটি ছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল।[20] কিন্তু ২০০২ চনৰ পৰা ২০০৫ চনৰ সময়খিনিত তেওঁ প্ৰায় কৰ্মহীন হৈ পৰিছিল আৰু আন চাৰিজন সৈতে এটা ফ্লেটত বাস কৰিবলগীয়া হৈছিল, মাজে মাজে অভিনয় কৰ্মশালা অনুষ্ঠিত কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল ।[18]২০০৪ চনটো তেওঁৰ জীৱনৰ অন্যতম বেয়া বছৰ আছিল, ছিদ্দিকিয়ে ৰুমভাড়া দিব পৰা নাছিল, সেয়ে তেওঁ এন এছ ডিৰ এজন জ্যেষ্ঠক অনুৰোধ কৰিলে যে তেওঁৰ লগত থাকিব পাৰিবনে?জ্যেষ্ঠজনে তেওঁক গোৰেগাঁও উপকণ্ঠ অঞ্চলত থকা নিজৰ এপাৰ্টমেণ্টটোত থাকিবলৈ অনুমতি দিলে কিন্তু তাৰ বিনিময়ত তেওঁৰ বাবে ৰন্ধা-বঢ়া কৰি দিব লাগিব ।[21]২০০৪ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ছিদ্দিকিয়ে কেইটামান সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত ২০০৭ চনত ' 'Golden Leopard' ' ৰ মনোনীত হোৱা ব্লেক ফ্ৰাইডে (২০০৭) ছবিখনো আছিল। ২০০৯ চনত তেওঁ Dev D চিনেমাত "ইমোচনেল অত্যাচাৰ" গীতত ৰঙীলাৰ চৰিত্ৰত অভিনয় কৰে ।সেই বছৰতে তেওঁ নিউয়ৰ্ক ছবিখনটো অভিনয় কৰে। কিন্তু ২০১০ চনত অনুষা ৰিজভিৰ ছবি পিপলি লাইভত তেওঁৰ সাংবাদিকৰ চৰিত্ৰত অভিনেতা হিচাপে ব্যাপক স্বীকৃতি লাভ কৰিছিল।[22]২০১২ চনত তেওঁ প্ৰশান্ত ভাৰ্গৱৰ পাটাং: দ্য কাইটত অভিনয় কৰে, এইখন ছবি বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল।আৰু ছিদ্দিকিৰ অভিনয়ক প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক Roger Ebertয়ে প্ৰশংসা কৰে।[23] আৰু তেওঁ অভিনেতাজনক Thumbsup Trophy বঁটা প্ৰদান কৰে। ইয়াৰ পিছত ছবিখনে আমেৰিকা আৰু কানাডাত মুক্তি লাভ কৰে আৰু বহু চৰ্চা লাভ কৰে, দ্য নিউয়ৰ্ক টাইমছৰ পৰাও তেওঁ যথেষ্ট সমালোচনা লাভ কৰে।[24][25]
উৎস
[সম্পাদনা কৰক]- ↑ "Nawazuddin Siddiqui's wife Aaliya says they are back together for the sake of their children: 'No option of being apart in life now'". 27 February 2024. https://indianexpress.com/article/entertainment/bollywood/nawazuddin-siddiqui-wife-aaliya-are-back-together-for-children-9236806/lite/.
- ↑ "Nawazuddin Siddiqui and wife Aaliya Siddiqui back together after bitter separation row". 28 March 2024. https://www.telegraphindia.com/amp/entertainment/nawazuddin-siddiqui-and-wife-aaliya-siddiqui-back-together-after-bitter-separation-row/cid/2009594.
- ↑ 3.0 3.1 3.2 3.3 Siddiqui, Nawazuddin (24 August 2015). Guftagoo with Nawazuddin Siddiqui (in হিন্দী). Interview with Guftagoo. India: Sansad TV. Event occurs at 2:15. Archived from the original on 30 October 2021 – via YouTube.
- ↑ PTI (24 April 2017) Watch: Nawazuddin Siddiqui Explains That He Isn't Just a Muslim, But a Bit of All Religions HuffPost. Retrieved 24 April 2017.
- ↑ "Nawazuddin Siddiqui seen farming while on family vacation in UP". Hindustan Times. 12 September 2015. https://www.hindustantimes.com/bollywood/nawazuddin-siddiqui-seen-farming-while-on-family-vacation-in-up/story-OOJJGHBXj8J8WND1jCWuLM.html। আহৰণ কৰা হৈছে: 7 December 2019.
- ↑ IANS (23 June 2025). "Nawazuddin Shares Throwback Pic with Anurag Kashyap to Celebrate Wasseypur Legacy". news.abplive.com. https://news.abplive.com/entertainment/celebrities/nawazuddin-celebrates-13-years-of-gangs-of-wasseypur-1782304। আহৰণ কৰা হৈছে: 23 June 2025.
- ↑ "Manto director Nandita Das honoured at Asia Pacific Screen Awards; Nawazuddin Siddiqui named Best Actor". Firstpost. 29 November 2018. https://www.firstpost.com/entertainment/manto-director-nandita-das-honoured-at-asia-pacific-screen-awards-nawazuddin-siddiqui-named-best-actor-5643271.html। আহৰণ কৰা হৈছে: 7 December 2019.
- ↑ "GQ Men of the Year Awards 2018: Nawazuddin Siddiqui wins Actor of the Year, Saif Ali Khan is style legend". The Indian Express. 28 September 2018. https://indianexpress.com/article/entertainment/bollywood/gq-men-of-the-year-awards-2018-winners-saif-ali-khan-photos-5377681/। আহৰণ কৰা হৈছে: 7 December 2019.
- ↑ "I've struggled for over 15 years, hope is what saw me through: Nawazuddin Siddiqui". The Indian Express. 2 August 2015. http://indianexpress.com/article/entertainment/bollywood/i-thought-if-i-have-to-die-of-hunger-i-might-as-well-do-so-in-mumbai-nawazuddin-siddiqui/.
- ↑ Ram, Sharmila Ganesan (22 October 2017). "In Bollywood, the heroine is still a prop and the hero must dance and shoot people: Nawazuddin Siddiqui". The Times of India. https://timesofindia.indiatimes.com/home/sunday-times/in-bollywood-the-heroine-is-still-a-prop-and-the-hero-must-dance-and-shoot-people-nawazuddin-siddiqui/articleshow/61166160.cms.
- ↑ "Nawazuddin Siddiqui:The ordinary star". Tehelka. July 2012. Archived from the original on 18 July 2012. https://web.archive.org/web/20120718191942/http://www.tehelka.com/story_main53.asp?filename=hub210712ORDINARY.asp.
- ↑ 12.0 12.1 Roy, Ishani. "Acting in Town Hall, star gazing in Maldevta: What makes Doon so special for Nawazuddin Siddiqui?" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Acting-in-Town-Hall-star-gazing-in-Maldevta-What-makes-Doon-so-special-for-Nawazuddin-Siddiqui/articleshow/49023539.cms.
- ↑ "Actor Nawazuddin's family caught in Uttarakhand weather havoc" (en ভাষাত). India Today. 22 June 2013. https://www.indiatoday.in/movies/bollywood/story/actor-nawazuddins-family-caught-in-uttarakhand-weather-havoc-167632-2013-06-22। আহৰণ কৰা হৈছে: 25 February 2022.
- ↑ 14.0 14.1 Bari, Nishat (15 September 2012). "Rural Rockstars: Nawazuddin Siddiqui carved his own space in Bollywood through his unique roles". India Today. https://www.indiatoday.in/magazine/nation/story/20120917-rural-rockstars-nawazuddin-siddiqui-gangs-of-wasseypur-i-and-ii-759720-2012-09-08। আহৰণ কৰা হৈছে: 5 May 2021.
- ↑ "Bollywood diaries! Nawazuddin Siddiqui's journey from a watchman to darling of crossover cinema". Mail Today. 4 November 2012. http://indiatoday.intoday.in/story/nawazuddin-siddiqui-anurag-kashyap-gangs-of-wasseypur-talaash/1/227597.html.
- ↑ "'I learnt a long time ago to not let how I look affect me' — Nawazuddin Siddiqui". The Telegraph (Kolkata). https://www.telegraphindia.com/entertainment/i-learnt-a-long-time-ago-to-not-let-how-i-look-affect-me-nawazuddin-siddiqui/cid/1720206.
- ↑ "Aamir recommended me for 'Talaash': Nawazuddin". 1 August 2012. Archived from the original on 2012-08-13. https://web.archive.org/web/20120813051853/http://ibnlive.in.com/news/aamir-recommended-me-for-talaash-nawazuddin/277068-8-66.html। আহৰণ কৰা হৈছে: 2025-08-28.
- ↑ 18.0 18.1 "My family counts only the Khans as actors". The Indian Express. 27 May 2012. http://www.indianexpress.com/news/my-family-counts-only-the-khans-as-actors/953978/0.
- ↑ "Nawazuddin Siddiqui on a roll". The Times of India. 15 March 2012. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Nawazuddin-Siddiqui-on-a-roll/articleshow/12273536.cms.
- ↑ "Irrfan Khan and Nawazuddin Siddiqui starrer The Bypass to be screened at the Bandra Film Festival". 25 August 2022. https://www.bollywoodhungama.com/news/bollywood/irrfan-khan-nawazuddin-siddiqui-starrer-bypass-screened-bandra-film-festival/.
- ↑ Sinha, Chinki (21 September 2012). "Now Starring: Nawazuddin Siddiqui". openthemagazine. http://www.openthemagazine.com/article/art-culture/now-starring-nawazuddin-siddiqui। আহৰণ কৰা হৈছে: 29 September 2012.
- ↑ Won't do second lead anymore: Nawazuddin Siddiqui Archived 25 March 2012 at the Wayback Machine CNN-IBN, 18 March 2012.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;rogerebert.suntimes.comনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;bollyspice.comনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Saltz, Rachel (14 June 2012). "The Old Neighborhood, in India: 'Patang' ('The Kite'), Directed by Prashant Bhargava". The New York Times. https://www.nytimes.com/2012/06/15/movies/patang-the-kite-directed-by-prashant-bhargava.html.