সমললৈ যাওক

নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
অৱস্থান নৱাবগঞ্জ, দিনাজপুৰ জিলা, বাংলাদেশ
মাটিকালি ৫১৭.৬১ হেক্টৰ
প্ৰতিস্থা ২৪ অক্টোবৰ ২০১০

নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Nawabganj National Park) আই ইউ চি এনৰ চতুৰ্থ শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল।[1] এই উদ্যানখন দিনাজপুৰ জিলাৰ অন্তৰ্গত নৱাবগঞ্জ উপজিলা সদৰৰপৰা প্ৰায় এক কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত।[1]

এই উদ্যানখনে নৱাবগঞ্জ বনাঞ্চলৰ জগন্নাথপুৰ, হৰিলাখুৰ, বৰা জালালপুৰ, আলোকধুটি, তৰ্পনঘাট, ৰাছুলপুৰ আৰু খাটখটিয়া কৃষ্টাপুৰ অঞ্চল সামৰি লৈছে।[2] উদ্যানখনৰ প্ৰধান উদ্ভিদ হ'ল চেগুন আৰু শ্ব'ৰিয়া ৰবুষ্টা (শাল গছ); [2] ইয়াক স্থানীয়ভাৱে নৱাবগঞ্জ শাল বাগান বুলিও জনা যায়[3] বা 'শালবন বাগিছা'।[4] ইয়াৰ উপৰি গ্মেলিনা আৰ্ব'ৰিয়া, ইউকেলিপ্টাছ ৰেগনেন্স, চিজিজিয়াম কুমিনি, একেচিয়া অৰিকুলিফৰ্মিছ আৰু কেইবিধমান অৰ্কিডেচিয়াও আছে।[2] বন্যপ্ৰাণীৰ ভিতৰত বংগ শিয়াল, হেপা, মেচেকা আৰু সাপ আদি।

উদ্ভিদ, প্ৰাণী আৰু প্ৰকৃতিৰ সংৰক্ষণ আৰু পৰ্যটনৰ সুবিধাসমূহৰ উন্নয়নৰ উদ্দেশ্যে বাংলাদেশ চৰকাৰে ২০১০ চনৰ ২৪ অক্টোবৰত এই উদ্যানখন আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।[1][4][5] ইয়াৰ আয়তন ৫১৭.৬১ হেক্টৰ।[1][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "National Parks". bforest.gov.bd. http://bforest.gov.bd/site/page/7304f3af-8d7b-4fcd-a237-41b5be4de286/%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8। আহৰণ কৰা হৈছে: 8 June 2020. 
  2. 2.0 2.1 2.2 "আৰ্কাইভ কপি" (bn ভাষাত). BDNews24. Archived from the original on 16 December 2019. https://web.archive.org/web/20191216101116/https://bangla.bdnews24.com/lifestyle/article925200.bdnews। আহৰণ কৰা হৈছে: 10 June 2020. 
  3. "Error: no |title= specified when using {{Cite web}}" (bn ভাষাত). Nawabganj Upazila, Dinajpur District, Government of Bangladesh. http://www.nawabganj.dinajpur.gov.bd/en/site/page/Nxr3-এক-নজৰে-নবাবগঞ্জ। আহৰণ কৰা হৈছে: 13 November 2024. [সংযোগবিহীন উৎস]
  4. 4.0 4.1 (bn ভাষাত). 6 June 2019. https://www.kalerkantho.com/online/country-news/2019/06/06/777199. 
  5. 5.0 5.1 Mohammad Kamal Hossain. "Bangladesh National Conservation Strategy: Biodiversity Flora". Government of Bangladesh, Forests. Archived from the original on 1 November 2019. https://web.archive.org/web/20191101055104/http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/notices/c3379d22_ee62_4dec_9e29_75171074d885/5.%20Biodievsrity%20Flora_NCS.pdf। আহৰণ কৰা হৈছে: 8 June 2020.