প'চাইভ লাভ্ৰা
| প'চাইভ লাভ্ৰা | |
|---|---|
| Ukrainian: Свято-Успенська Почаївська Лавра | |
| অন্য নাম | পবিত্ৰ ডৰ্মিচন প'চাইভ লাভ্ৰা |
| সাধাৰণ তথ্য | |
| স্থাপত্য শৈলী | বেৰক |
| অৱস্থিতি | প'চাইভ, ক্ৰেমেনেটছ ৰেয়ন, টেৰ্নোপিল অব্লাষ্ট |
| দেশ | |
| স্থানাংক | 50°00′18″N 25°30′24″E / 50.005°N 25.50667°Eস্থানাংক: 50°00′18″N 25°30′24″E / 50.005°N 25.50667°E |
Invalid designation | |
| আধিকাৰিক নাম | Комплекс споруд Почаївської Свято-Успенської Лаври (Building complex of the Pochaiv Holy Dormition Lavra) |
| ধৰণ | Architecture |
| প্ৰসংগ সংখ্যা | 190029 |
পবিত্ৰ ডৰ্মিচন প’চাইভ লাভ্ৰা (ইংৰাজী: Holy Dormition Pochaiv Lavra), [1] যাক কেতিয়াবা প’চাইভ মঠ বুলিও কোৱা হয়, ইউক্ৰেইনৰ টাৰ্নোপিল অ’ব্লাষ্টৰ ক্ৰেমেনেটছ ৰায়নৰ প’চাইভ চহৰত অৱস্থিত এখন মঠ আৰু লাভ্ৰা। মঠটো প’চাইভ চহৰৰ প্ৰায় ৬০ মিটাৰ ওখ এটা পাহাৰৰ ওপৰত অৱস্থিত। ই ক্ৰেমেনেটছৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে আৰু টাৰ্নোপিলৰ পৰা ৭০ কিলোমিটাৰ উত্তৰে অৱস্থিত। প’চাইভ লাভ্ৰা পূবৰ অৰ্থডক্স খ্ৰীষ্টান ধৰ্মৰ এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক আৰু আদৰ্শগত কেন্দ্ৰ আছিল। ১৭২০ চনলৈকে ই পূবীয়া অৰ্থডক্স ধৰ্মৰ সৈতে জড়িত আছিল। তাৰ পিছত ১৮৩১ চনলৈকে ই গ্ৰীক কেথলিক ধৰ্মৰ অধীনত আছিল। ১৮৩১ চনৰ পিছত লাভ্ৰাখন পুনৰ অৰ্থডক্স ধৰ্মৰ অধীনলৈ আহে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বহু বছৰৰ বিবাদৰ [2][3] পিছত ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে মঠটোৰ আধ্যাত্মিক নিয়ন্ত্ৰণ ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাক প্ৰদান কৰে।[4]
ইতিহাস
[সম্পাদনা কৰক]উৎপত্তি
[সম্পাদনা কৰক]প'চাইভত মঠৰ প্ৰথম লিখিত উল্লেখ ১৫২৭ চনৰপৰা পোৱা যায়। অৱশ্যে স্থানীয় পৰম্পৰা অনুসৰি, মঠটো ইয়াৰ প্ৰায় তিনিশ বছৰ পূৰ্বে, মংগোলীয় ৰুছ আক্ৰমণৰ সময়ত প্ৰতিষ্ঠা কৰা হৈছিল। কিংবদন্তি অনুসৰি, কেইজনমান পলাতক সন্ন্যাসীয়ে এই মঠ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক হয় কিয়েভ গুহা মঠৰ পৰা, নহয় পৱিত্ৰ মাউণ্ট আথোছৰপৰা আহিছিল বুলি কোৱা হয়। কিংবদন্তি অনুসৰি, এদিন থিয়'ট'কছ (ঈশ্বৰৰ মাতৃ মেৰী) সন্ন্যাসীসকলৰ সন্মুখত জুইৰ স্তম্ভৰ আকৃতিত আবিৰ্ভাৱ হৈছিল। তেওঁ যি শিলৰ ওপৰত থিয় হৈছিল, সেই শিলত তেওঁৰ ভৰিৰ ছাপ ৰৈ গৈছিল বুলি বিশ্বাস কৰা হয়। এই ভৰিৰ ছাপটোৱেই পিছলৈ প'চাইভ মঠৰ এক গুৰুত্বপূৰ্ণ পৱিত্ৰ নিদৰ্শন হিচাপে পৰিগণিত হয়।[5][6][7] এই ভৰিৰ ছাপটোৰপৰা নিৰ্গত পানীৰ আৰোগ্যকাৰী আৰু ঔষধি গুণ আছে বুলি বিশ্বাস কৰা হৈছিল। সেইবাবে স্থানীয় লোকসকল আৰু মঠৰ সন্ন্যাসীসকলে ইয়াক অতি শ্ৰদ্ধাৰে পূজা-সন্মান কৰিবলৈ আৰম্ভ কৰে।
ষোড়শ শতিকাত মঠটো যথেষ্ট সমৃদ্ধিশালী হৈ উঠিছিল। সেই সময়ত মঠটোৱে এটা শিলৰ গীৰ্জাঘৰ নিৰ্মাণ কৰাব পৰাকৈ সামৰ্থ্য অৰ্জন কৰিছিল আৰু প্ৰতি বছৰে অনুষ্ঠিত হোৱা এখন ব্যস্ত মেলাৰো আয়োজন কৰিছিল। মঠটোৰ মৰ্যাদা ১৫৯৭ চনত আৰু অধিক বৃদ্ধি পায়। সেই বছৰ এগৰাকী অভিজাত মহিলা আন্না হইস্কাইয়াই মঠটোক তেওঁৰ বিস্তৃত ভূমি-সম্পত্তিৰ লগতে থিয়'ট'কছৰ এটা অলৌকিক বুলি বিশ্বাস কৰা আইকন দান কৰে। পৰম্পৰাগতভাৱে এই পৱিত্ৰ প্ৰতিমূৰ্তিটো আৱাৰ লেডী অৱ প'চাইভ (Our Lady of Pochaiv) নামেৰে জনাজাত। কোৱা হয় যে, এই আইকনটো আন্না হইস্কাইয়াই এজন যাত্ৰাপথেৰে যোৱা বুলগেৰীয় বিচপৰপৰা লাভ কৰিছিল। পৰৱৰ্তী সময়ত এই পৱিত্ৰ প্ৰতিমূৰ্তিৰ সহায়ত তেওঁৰ ভায়েকৰ দৃষ্টিহীনতা আৰোগ্য হৈছিল বুলি বিশ্বাস কৰা হয়।
প’চাইভৰ সন্ত জব (St Job )
[সম্পাদনা কৰক]১৬০৪ চনত ইভান জালিজো নামৰ এজন সুপৰিচিত পূৰ্বাঞ্চলীয় অৰ্থডক্স ধৰ্মৰ সমৰ্থক মঠৰ সন্ন্যাসী সমাজত যোগদান কৰে। তেওঁ সেই সময়ত নতুনকৈ স্বীকৃতি লাভ কৰা মস্কোভীয় পেট্ৰিয়াৰ্কেটৰ ৰাছিয়াৰ অৰ্থডক্স গীৰ্জাৰ সৈতে সংযুক্ত আছিল আৰু ইউনিয়ন অৱ ব্ৰেষ্ট-ৰ এগৰাকী স্পষ্টবাদী সমালোচক আছিল। ইয়াৰ পূৰ্বে জালিজো ৰাজকুমাৰ অষ্ট্ৰ'গস্কিৰ ছপাশালাৰ সৈতে জড়িত আছিল। ১৬৩০ চনত তেওঁ প’চাইভত এখন ছপাশালা স্থাপন কৰে। এই ছপাশালাই গালিচিয়া আৰু ভলহিনিয়াৰ ৰুথেনীয় অৰ্থডক্স লোকসকলৰ বাবে ধৰ্মতাত্ত্বিক গ্ৰন্থ প্ৰকাশ কৰিছিল। ছপাশালাখন ১৯২৪ চনলৈকে চলি থাকে। তাৰ পিছত ইয়াক প্ৰথমে চেকোস্লোভাকিয়ালৈ, তাৰ পিছত মিউনিখলৈ আৰু ১৯৪৬ চনত নিউয়ৰ্কৰ জৰ্ডানভিলস্থিত হলি ট্ৰিনিটি মঠলৈ স্থানান্তৰ কৰা হয়।
জালিজোৱে মঠত জব নামৰ সন্ন্যাসী নাম গ্ৰহণ কৰে আৰু মঠৰ হেগুমেন অৰ্থাৎ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। জবে মঠত কঠোৰ শৃংখলা প্ৰৱৰ্তন কৰাৰ লগতে সন্ন্যাসীসকলৰ জীৱন-যাপনৰ ক্ষেত্ৰত কেইবাটাও সংস্কাৰ সাধন কৰে। তেওঁৰ কাৰ্যকালত হোইস্কাৰ উত্তৰাধিকাৰীসকলৰপৰা মঠটোৱে অবিৰত আক্ৰমণ আৰু আইনী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য আছিল বেলজৰ কাষ্টেলান আন্দ্ৰেজ ফিৰলেই। তেওঁ নিজৰ আইতাকৰ দান-উত্তৰাধিকাৰক লৈ সন্ন্যাসীসকলৰ বিৰুদ্ধে গোচৰ তৰে। ১৬২৩ চনত ফিৰলেয়ে মঠটোত আক্ৰমণ চলাই পৱিত্ৰ আইকনখন লৈ যায় আৰু ১৬৪১ চনলৈকে নিজৰ ওচৰত ৰাখে। অৱশেষত আদালতৰ সিদ্ধান্তৰ জৰিয়তে আইকনখন মঠৰ সন্ন্যাসীসকলক ঘূৰাই দিয়া হয়। প’চাইভৰ জব ১৬৫১ চনৰ ২৫ অক্টোবৰত মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুৰ কিছুদিন পাছতেই তেওঁক সন্ত হিচাপে গৌৰৱান্বিত কৰা হয়।
ৰোমৰ সৈতে একত্ৰীকৰণ
[সম্পাদনা কৰক]
১৬৭৫ চনৰ জবাৰাঝ যুদ্ধৰ সময়ত মঠটো তুৰ্কী সেনাই ঘেৰাও কৰিছিল বুলি কোৱা হয়। পৰম্পৰাগত বিশ্বাস অনুসৰি, ঘেৰাওৰ সময়ত দেৱমাতা (থিয়’ট’কছ)-ক স্বৰ্গদূতসকল আৰু সন্ত জবৰ সৈতে দেখা পোৱাৰ পিছত তুৰ্কী সৈন্যসকলে আতংকিত হৈ পলায়ন কৰিছিল। পৰম্পৰা অনুসৰি, এই ঘটনাৰ সাক্ষী হোৱা বহু তুৰ্কী মুছলমানে পৰৱৰ্তী সময়ত খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰিছিল। এই ঘটনাৰ স্মৃতিত মঠটোৰ এখন উপাসনাগৃহ উৎসৰ্গিত কৰা হৈছে।
কিছুমান উৎসৰ মতে, ফেওফান প্ৰকোপোভিচ, ৰুথেনীয় মূলৰ আৰু ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ এজন ধৰ্মীয় সংস্কাৰক, প’চাইভত সন্ন্যাসীৰ ব্ৰত গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৭১২ চনত তেওঁৰ শাসক পিটাৰ দ্য গ্ৰেটৰ সৈতে মঠটো ভ্ৰমণ কৰিছিল।
১৭২০ চনৰ পিছত মঠটো ইউনিয়েট মতবাদৰ বেচিলিয়ান সন্ন্যাসীসকলৰ অধীনলৈ যোৱাৰ পাছৰেপৰা ইয়াৰ সমৃদ্ধি ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছিল। কিন্তু এটা অলৌকিক বুলি গণ্য কৰা ঘটনাৰ ফলত এই অৱস্থাৰ পৰিৱৰ্তন ঘটে। ১৭৫৯ চনত কাউণ্ট মিকোলাই বাজিলি পট’টস্কিৰ এখন ঘোঁৰাগাড়ী মঠৰ দেৱালৰ ওচৰত বাগৰি পৰে। খঙৰ বশৱৰ্তী হৈ পট’টস্কিয়ে তেওঁৰ গাড়ীচালকজনলৈ তিনিবাৰ গুলী চলায়, কিন্তু প্ৰতিবাৰেই গুলী লক্ষ্যভ্ৰষ্ট হয়। তেওঁ এই ঘটনাক ঈশ্বৰৰ হস্তক্ষেপ বুলি বিশ্বাস কৰি প’চাইভত থাকিবলৈ লয় আৰু মঠটোক উদাৰভাৱে দান-বৰঙনি আগবঢ়াবলৈ আৰম্ভ কৰে।
১৭৭৩ চনত পট’টস্কিয়ে,যিজন প্ৰথম ৰোমান কেথলিক আছিল আৰু পিছলৈ গ্ৰেকো-কেথলিক ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ পোপৰ ওচৰত আবেদন জনাই প’চাইভৰ আইকনক অলৌকিক বুলি স্বীকৃতি দিয়াৰ লগতে সন্ত জবক কেথলিক সন্ত হিচাপে স্বীকৃতি দিবলৈ অনুৰোধ কৰে। অৱশ্যে, দুটা আবেদনৰ ভিতৰত কেৱল প্ৰথমটোহে গ্ৰহণ কৰা হয়। ১৭৮২ চনত পট’টস্কিৰ মৃত্যু হোৱাৰ পিছত তেওঁক এছাম্পচন কেথেড্ৰেলত সমাধিস্থ কৰা হয়। এই কেথেড্ৰেল নিৰ্মাণৰ বাবে তেওঁ আৰ্থিক সাহায্য আগবঢ়াইছিল।
পোলেণ্ড আৰু ৰাছিয়াৰ মাজত
[সম্পাদনা কৰক]
১৭৯৫ চনত পোলেণ্ডৰ তৃতীয় বিভাজনৰ ফলত ভলহিনিয়া ৰাছিয়ান সাম্ৰাজ্যৰ অংশ হৈ পৰে। যদিও গ্ৰীক-কেথলিকসকলক পুনৰ ৰাছিয়ান অৰ্থডক্স ধৰ্মলৈ ঘূৰি আহিবলৈ উৎসাহিত কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছিল, তথাপি ৰাছিয়াৰ সাম্ৰাজ্যিক কৰ্তৃপক্ষই তৎক্ষণাৎ এই ধৰ্মান্তৰ প্ৰক্ৰিয়াক জোৰদাৰ কৰি, যিসকলে ধৰ্মান্তৰিত হ’বলৈ অস্বীকাৰ কৰিছিল তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰা নাছিল। তদুপৰি, মঠখনৰ ছপাশালা আৰু ধৰ্মীয় বিদ্যালয়সমূহত এতিয়াও লেটিন ভাষা ব্যৱহাৰ কৰা হৈছিল, আনহাতে যোগাযোগৰ প্ৰধান ভাষা আছিল পোলেণ্ডীয় ভাষা। তথাপি সেই সময়তে প্ৰথমবাৰৰ বাবে ৰাছিয়াপন্থী প্ৰৱণতা দেখা দিবলৈ আৰম্ভ কৰে।
পোলেণ্ড বিভাজনৰ প্ৰায় ত্ৰিছ বছৰৰ ভিতৰত, ভলহিনিয়াৰ অৰ্থডক্স বিচপ ষ্টেফানে ১৮২৩ চনত সম্ৰাট আলেকজেণ্ডাৰ প্ৰথম লৈ চিঠি লিখি প'চাইভ মঠটো ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ জনায়। কিন্তু প্ৰথম অৱস্থাত তেওঁৰ অনুৰোধ নাকচ কৰা হয়। কিন্তু ইয়াৰ মাত্ৰ ন বছৰৰ পাছত, ১৮৩১ চনত নৱেম্বৰ বিদ্ৰোহৰ প্ৰতি গ্ৰীক-কেথলিকসকলৰ সমৰ্থনৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ সম্ৰাট নিকোলাছ প্ৰথমে মঠটো ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ অনুসৰণকাৰীসকলৰ হাতত অৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ১৮৩১ চনৰ ১০ অক্টোবৰত মঠটো মস্কোৰ পেট্ৰিয়াৰ্কেটৰ অধীনত থকা অৰ্থডক্স ধৰ্মীয় প্ৰতিষ্ঠান হিচাপে পুনৰ অভিষিক্ত কৰা হয়। ইয়াৰ ফলত প'চাইভ মঠত চলি থকা ১১০বছৰীয়া গ্ৰীক-কেথলিক সন্ন্যাসী জীৱনৰ অন্ত পৰে।
দুবছৰৰ পাছত, ১৮৩৩ চনত, ৰাছিয়ান অৰ্থডক্স গীৰ্জাই মঠটোক লাভ্ৰাৰ মৰ্যাদা প্ৰদান কৰে,[8] যদিও বেছিলিয়ানসকলৰ শাসনৰ সময়তো ই লাভ্ৰা হিচাপে পৰিগণিত হৈছিল। ইয়াৰ লগতে প’চাইভ ভলিনিয়াৰ ৰাছিয়ান অৰ্থডক্স বিচপসকলৰ গ্ৰীষ্মকালীন বাসস্থানতো পৰিণত হয়। ১৯ শতিকাৰ শেষভাগত প’চাইভ সমগ্ৰ ৰাছিয়ান সাম্ৰাজ্য আৰু বলকান অঞ্চলৰপৰা অহা অৰ্থডক্স তীৰ্থযাত্ৰীসকলৰ এক প্ৰধান তীৰ্থস্থানত পৰিণত হয়। সাম্ৰাজ্যবাদী অৰ্থডক্সীৰ পশ্চিম সীমান্তৰ এক ৰাজনৈতিক প্ৰতীক হিচাপে ইয়াৰ ভাবমূৰ্তি বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। কাৰণ, ই অষ্ট্ৰিয়ান শাসনাধীন গালিচিয়াত থকা গ্ৰীক কেথলিকসকলৰপৰা মাত্ৰ কেইকিলোমিটাৰ দূৰত অৱস্থিত আছিল। এই প্ৰতীকী ভূমিকাক পেন-স্লাভবাদৰ প্ৰচাৰৰ ক্ষেত্ৰতো ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল।
২০ শতিকাৰ আৰম্ভণিতে এই মঠটো ৰাছিয়াৰ সাম্ৰাজ্যৰ ব্লেক হাণ্ড্ৰেডছ আন্দোলনৰ অন্যতম প্ৰধান কেন্দ্ৰত পৰিণত হয়। [9] ইয়াৰ ছপাশালৰপৰা ৰাছিয়ান জাতীয়তাবাদক সমৰ্থন কৰা বহুতো প্ৰচাৰমূলক প্ৰকাশনা প্ৰকাশ কৰা হৈছিল। একে সময়তে, এই ছপাশালখনে ইউক্ৰেইনৰ ইতিহাস সম্পৰ্কে জ্ঞান বিস্তাৰতো অৰিহণা যোগাইছিল।[10] প’চাইভৰ আৰ্কিমেণ্ড্ৰাইট ভিটালি (মাক্সিমেংকো), যি ৰাজতন্ত্ৰবাদী ইউনিয়ন অৱ দ্য ৰাছিয়ান পিপলৰ সদস্য আছিল, ব’হদান খমেলনিটস্কিৰ কছাকসকলৰ স্মৃতিত এটা স্মাৰক স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৬৫১ চনৰ বেৰেষ্টেচকোৰ যুদ্ধ সংঘটিত হোৱা প্ৰান্তৰত ১৯১৪ চনত এই স্মাৰকটো নিৰ্মাণ কৰা হয়। [11]
২০ শতিকাৰ আৰম্ভণিতে আৰ্চবিশপ এণ্টনি খ্ৰাপোভিটস্কিয়ে এটা নতুন ট্ৰিনিটি গীৰ্জা নিৰ্মাণৰ নিৰ্দেশ দিয়ে। এই নতুন গীৰ্জাটো বাৰোক শৈলীৰ ডৰ্মিচন কেথেড্ৰেলৰ সৈতে দৃশ্যগত বৈপৰীত্য সৃষ্টি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল। আৰ্চবিশপজনৰ মতে, ডৰ্মিচন কেথেড্ৰেলটো “অতি কেথলিক” আছিল। নতুন ট্ৰিনিটি গীৰ্জাটোৰ উদ্দেশ্য আছিল মঠটোৰ স্থাপত্যিক পৰিৱেশক ৰাছিয়ানকৰণ কৰা আৰু মস্কোৰ ওচৰৰ ছাৰ্গিয়েভ প’ছাদৰ ট্ৰিনিটি মঠৰ স্থাপত্যিক ৰূপৰ সৈতে ইয়াৰ সাদৃশ্য সৃষ্টি কৰা। [12]
প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিৰ দিনকেইটাত, ৰাছিয়ান সাম্ৰাজ্যৰ সৈন্যবাহিনীয়ে গালিচিয়াৰ বৃহৎ অংশ দখল কৰাৰ পাছত, গালিচিয়াৰ হাজাৰ হাজাৰ ইউক্ৰেইনীয়ে প’চাইভ লাভ্ৰালৈ তীৰ্থযাত্ৰা কৰে। তেওঁলোকৰ কিছুমানে অৰ্থডক্স ধৰ্ম গ্ৰহণ কৰে। এই সময়ত অষ্ট্ৰিয়া-হাংগেৰীৰ সেনাবাহিনীত থকা কিছুমান স্লাভ সৈন্যই ৰাছিয়ানসকলৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। এই ঘটনাসমূহ গালিচিয়াৰ যুদ্ধ আৰু ১৯১৪–১৯১৫ চনৰ পূব গালিচিয়াত ৰাছিয়াৰ দখলৰ সৈতে জড়িত আছিল। ১৯১৫ চনত সমগ্ৰ ভলিনিয়াৰ সৈতে প’চাইভ লাভ্ৰাও অষ্ট্ৰিয়া আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ সন্মুখৰেখাত পৰিণত হয়। অৱশ্যে, ১৯১৫ চনত অষ্ট্ৰিয়ান সৈন্যই লাভ্ৰাত কৰা লুণ্ঠন আছিল মঠটোৰ ২০ শতিকাৰ দীঘলীয়া আৰু অশান্ত যাত্ৰাৰ মাত্ৰ আৰম্ভণিহে।
১৯১৭ চনৰ ৰাছিয়ান অক্টোবৰ বিপ্লৱৰ পিছত বলছেভিকসকলৰদ্বাৰা লাভ্ৰাত পুনৰ লুণ্ঠন সংঘটিত হয়। ইয়াৰ পিছত স্বল্পকালীন ইউক্ৰেইনী আন্দোলনসমূহ আৰু ১৯২০ চনৰ পোলেণ্ড–ছোভিয়েট যুদ্ধ সংঘটিত হয়। অৱশেষত ৰিগাৰ শান্তিচুক্তিৰ চৰ্ত অনুসৰি পশ্চিম ভলিনিয়া পোলেণ্ডৰ অন্তৰ্ভুক্ত হয়। ১৯২১ চনত লাভ্ৰা এক সংকটজনক অৱস্থাত আছিল। প্ৰায় এটা দশক ধৰি চলি অহা অশান্তিৰ ফলত ইয়াত খাদ্যৰ তীব্ৰ অভাৱ হৈছিল আৰু মঠৰ বহুতো স্থাপত্য তথা সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হৈছিল। কিন্তু সন্ন্যাসীসকলৰ বাবে আটাইতকৈ চিন্তাৰ বিষয় আছিল লাভ্ৰাই কোনটো ধৰ্মীয় কৰ্তৃত্বৰ অধীনত থাকিব। ছোভিয়েট সংঘৰ বাহিৰত থকা অধিকাংশ ৰাছিয়ান অৰ্থডক্স ধৰ্মীয় সম্প্ৰদায়ৰ দৰে, লাভ্ৰাৰ ক্ষেত্ৰতো নিৰ্যাতনৰ সন্মুখীন হোৱা ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰপৰা কোনো কাৰ্যকৰী ধৰ্মীয় নিয়ন্ত্ৰণ লাভ কৰা সম্ভৱ নাছিল। সেয়ে কনষ্টাণ্টিনোপলৰ একুমেনিকেল পেট্ৰিয়াৰ্কেটে মস্কোৰ স্থান গ্ৰহণ কৰিবলৈ সন্মতি দিয়ে। ফলত ১৯২৩ চনত প’চাইভ লাভ্ৰা পোলিছ অৰ্থডক্স গীৰ্জাৰ অংশ হৈ পৰে।
১৯২০ৰ দশকৰ শেষলৈকে লাভ্ৰা এটা শান্তিপূৰ্ণ স্থান হৈ আছিল আৰু ইয়াৰ ক্ষতিগ্ৰস্ত বহুতো অট্টালিকা মেৰামতি কৰা হৈছিল। নিজা বিদ্যুৎ ব্যৱস্থা থকা সম্পূৰ্ণ মঠসমূহৰ ভিতৰত এইখনেই প্ৰথম আছিল। ১৯২৯ চনত ৰুথেনিয়ানসকলৰ সুৰক্ষাৰ সম্পৰ্কীয় পোলিছ গণৰাজ্যৰ ডিক্ৰীখনৰ কাৰ্যকৰিতা বন্ধ হোৱাৰ পিছতেই ৰোমান কেথলিক গীৰ্জাই পৰিস্থিতিটোৰ সুযোগ ল'বলৈ আৰম্ভ কৰে। লাভ্ৰাৰ বিৰুদ্ধে এশটাতকৈও অধিক অভিযোগ দাখিল কৰা হৈছিল আৰু অৰ্থডক্স সম্প্ৰদায়টোক মঠটো হস্তান্তৰ কৰিবলৈ দাবী জনোৱা হৈছিল। অসংখ্য অভিযোগ আৰু চাপৰ সত্ত্বেও লাভ্ৰাই এই সকলোবোৰ সংকট অতিক্ৰম কৰি টিকি থাকিবলৈ সক্ষম হয়। এই প্ৰক্ৰিয়াত লাভ্ৰা পুনৰ দ্বিতীয় পোলিছ গণৰাজ্যৰ অন্যতম দৃশ্যমান আৰু গুৰুত্বপূৰ্ণ অৰ্থডক্স ধৰ্মীয় কেন্দ্ৰত পৰিণত হয়।
সাম্প্ৰতিক ইতিহাস
[সম্পাদনা কৰক]প’চাইভ লাভ্ৰাই পশ্চিমীয়া দেশসমূহত অৰ্থডক্স ধৰ্মৰ ওপৰত পৰোক্ষ প্ৰভাৱ পেলাইছিল। মঠৰ ছপাশালাৰ পৰিচালক আৰ্কিমাণ্ড্ৰাইট ভিতালি (মাক্সিমেংকো)-এ ৰাছিয়ান বিপ্লৱৰ পিছত মঠৰ ছপাশালাৰ সামগ্ৰী সুৰক্ষিতভাৱে বাহিৰলৈ লৈ যায়। তাৰ পিছত তেওঁ চেকোস্লোভাকিয়ালৈ পলাই যায় আৰু তাত এটা নতুন ভ্ৰাতৃসংঘ প্ৰতিষ্ঠা কৰি পুনৰ প্ৰকাশন কাৰ্য আৰম্ভ কৰে। এই নতুন প’চাইভৰ সন্ত জব ভ্ৰাতৃসংঘ পিছলৈ চেকোস্লোভাকিয়াৰপৰা জাৰ্মানীলৈ আৰু তাৰ পিছত আমেৰিকালৈ স্থানান্তৰিত হয়। অৱশেষত ই নিউয়ৰ্কৰ জৰ্ডানভিলৰ ওচৰৰ হলি ট্ৰিনিটি মঠৰ সৈতে একত্ৰিত হয় আৰু তেতিয়াৰ আৰ্কবিশ্বপ ভিতালি ইয়াৰ মঠাধ্যক্ষ হয়। এইদৰে হলি ট্ৰিনিটি মঠে প’চাইভৰ সন্ত জবৰ প্ৰকাশন পৰম্পৰা অব্যাহত ৰাখে।[13]
১৯৩৯ চনত মোলোটভ–ৰিবেণ্ট্ৰপ চুক্তিৰ গোপন প্ৰট’কল অনুসৰি পশ্চিম ভলহিনিয়া ইউক্ৰেইনীয় এছএছআৰৰ অন্তৰ্ভুক্ত কৰা হয়। স্থানীয় জনসংখ্যাৰ এটা অংশই, অন্ততঃ আৰম্ভণিতে, ইয়াক পোলেণ্ডৰ শাসনৰপৰা একপ্ৰকাৰৰ মুক্তি হিচাপে গ্ৰহণ কৰিছিল। কিন্তু ছোভিয়েট চৰকাৰৰ ধৰ্মবিৰোধী নীতি অতি সোনকালেই নতুন নিপীড়নৰ উৎস হৈ পৰে। অৱশ্যে ১৯২০-ৰ দশকৰ আৰম্ভণিতে ৰাছিয়াৰ অঞ্চলসমূহত চলোৱা ধৰ্মীয় নিৰ্যাতনৰ তুলনাত ইউক্ৰেইনত এই নিৰ্যাতন কিছু কম কঠোৰ আছিল। এই সময়ছোৱাত লাভ্ৰাই নিজকে মস্কো পেট্ৰিয়াৰ্কেটৰ অধীনলৈ স্থানান্তৰ কৰে। সমগ্ৰ ছোভিয়েট সংঘৰ বিভিন্ন প্ৰান্তৰপৰা হাজাৰ হাজাৰ অৰ্থডক্স তীৰ্থযাত্ৰীয়ে নিজৰ বিপদৰ কথা জানিও মঠটো দৰ্শন কৰিবলৈ আহিবলৈ সুযোগ গ্ৰহণ কৰিছিল। তেওঁলোকে আশংকা কৰিছিল যে ছোভিয়েট সংঘৰ আন আন মঠৰ দৰে প’চাইভ লাভ্ৰাৰো একে পৰিণতি হ’ব পাৰে। কিন্তু তেনে নহ’ল। যদিও লাভ্ৰাত ব্যাপক তালাচী চলোৱা হৈছিল আৰু মঠৰ পশুধন, অনাথালয় তথা স্থানীয় সমাজক আগবঢ়োৱা অন্যান্য সামূহিক সেৱাসমূহ তৎক্ষণাত বাজেয়াপ্ত কৰা হৈছিল, তথাপি দৰ্শনাৰ্থীৰ বিপুল সংখ্যায় ছোভিয়েট চৰকাৰক সেই সময়তে লাভ্ৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত বাধা দিছিল। ফলত লাভ্ৰাখন পুনৰ এবাৰ অৰ্থডক্স ধৰ্মৰ এক আশ্ৰয়স্থল হিচাপে টিকি থাকিবলৈ সক্ষম হৈছিল।

১৯৪১ চনৰ ২২ জুনত নাজী জাৰ্মানীয়ে ছোভিয়েট সংঘ আক্ৰমণ কৰাৰ সময়ত জাৰ্মানসকলে প’চাইভ লাভ্ৰা বন্ধ কৰা নাছিল। অৱশ্যে ছোভিয়েটসকলে যিবোৰ সম্পদ জব্দ কৰিব পৰা নাছিল, সেইবোৰো জাৰ্মানসকলে বাজেয়াপ্ত কৰিছিল। এই সময়ছোৱাতে ইউক্ৰেইনীয় অট’চেফেলাছ অৰ্থডক্স গীৰ্জা গঠন কৰা হয়। জাৰ্মানসকলে এই গীৰ্জাখনক সমৰ্থন কৰিছিল আৰু অৰ্থডক্স গীৰ্জাৰ কিছুমান সম্পত্তি জোৰপূৰ্বক ইয়াৰ হাতলৈ হস্তান্তৰ কৰিছিল। কিন্তু প’চাইভ লাভ্ৰাই ইয়াক এক ধৰ্মীয় বিভেদ বুলি অভিহিত কৰি সেই পথ অনুসৰণ কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পৰিৱৰ্তে, ১৯৪১ চনত লাভ্ৰাখন “স্বায়ত্তশাসনবাদী” আন্দোলনৰ কেন্দ্ৰ হৈ পৰে। এই আন্দোলনে মস্কোৰ অধীনত ধৰ্মীয়-প্ৰশাসনিক সম্পৰ্ক বজাই ৰখাৰ পক্ষপাতী আছিল, কিন্তু মস্কোৰ পেট্ৰিয়াৰ্ক ছোভিয়েট নিয়ন্ত্ৰণৰ অধীনত থকালৈকে লাভ্ৰাক মস্কোৰপৰা স্বাধীনভাৱে কাৰ্য সম্পাদন কৰাৰ অধিকাৰ থাকিব লাগে বুলি দাবী কৰিছিল। [14]
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ধৰ্মৰ প্ৰতি ছোভিয়েট নীতিত যেন এক আমূল পৰিৱৰ্তন ঘটিছিল। পেট্ৰিয়াৰ্কেট পুনৰ প্ৰতিষ্ঠাৰ পিছত ৰাছিয়ান অৰ্থডক্স গীৰ্জাই (মস্কো পেট্ৰিয়াৰ্কেট) নাজীসকলৰ বিৰুদ্ধে দৃঢ় ছোভিয়েটপন্থী অৱস্থান গ্ৰহণ কৰিছিল আৰু নাজী অধিকৃত অঞ্চলসমূহত প্ৰতিৰোধ আন্দোলনতো অংশগ্ৰহণ কৰিছিল। অৰ্থডক্স ধৰ্মৰ এক অতি গুৰুত্বপূৰ্ণ আৰু সুস্পষ্ট কেন্দ্ৰ হিচাপে প’চাইভ লাভ্ৰাই সম্ভাৱ্যভাৱে যিমান সক্ৰিয় ভূমিকা পালন কৰিব পাৰিলেহেঁতেন, সিমান সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰা নাছিল। তথাপি, নাজী নিৰ্যাতনৰপৰা স্থানীয় জনসাধাৰণক আশ্ৰয় প্ৰদান কৰি লাভ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৪৪ চনৰ আগষ্ট মাহত ৰেড আৰ্মীয়ে ভলহিনিয়া মুক্ত কৰে। কোৱা হয় যে, সেই সময়ত ৰেড আৰ্মীৰ সৈনিকসকলে লাভ্ৰাৰ শক্তিশালী প্ৰাচীৰসমূহৰ সন্মুখত শ্ৰদ্ধাৰে মূৰ দোঁৱাইছিল।
যুদ্ধৰ পিছত প’চাইভ লাভ্ৰা এনে এক অঞ্চলত অৱস্থিত আছিল, য’ত ছোভিয়েট সংঘৰ ভিতৰত অৰ্থডক্স গীৰ্জাসমূহৰ সৰ্বাধিক ঘনত্ব আছিল। পশ্চিম ইউক্ৰেইনত অৰ্থডক্স ধৰ্মৰ এক অগ্ৰণী কেন্দ্ৰ হিচাপে লাভ্ৰাৰ অৱস্থান ১৯৪৮ চনত আৰু অধিক শক্তিশালী হয়। সেই বছৰ ছোভিয়েট ৰাষ্ট্ৰৰ উদ্যোগত অনুষ্ঠিত লভিভ ছিনডে ব্ৰেষ্টৰ সংঘৰ সমাপ্তি ঘটায় আৰু পূব গালিচিয়াত গ্ৰীক কেথলিক ধৰ্মক জোৰপূৰ্বক বিলুপ্ত কৰি ইয়াৰ অনুসাৰীসকলক ৰাছিয়ান অৰ্থডক্স ধৰ্মলৈ ৰূপান্তৰিত কৰা হয়। কিন্তু যুদ্ধোত্তৰ সময়ত ছোভিয়েট সংঘত ধৰ্মৰ প্ৰতি থকা তুলনামূলকভাৱে সহনশীল মনোভাব অতি সোনকালেই শেষ হয়। ১৯৫০-ৰ দশকৰ শেষভাগত নিকিতা খ্ৰুশ্চভৰ “থ’” নীতিৰ সৈতে ধৰ্মবিৰোধী অভিযান পুনৰ তীব্ৰ হৈ উঠে। এই সময়ছোৱাত প’চাইভ লাভ্ৰা ছোভিয়েট চৰকাৰৰ ব্যাপক হেঁচাৰ সন্মুখীন হয়। লাভ্ৰাত নিয়মীয়াকৈ অভিযান আৰু তালাচী চলোৱা হৈছিল আৰু মঠটো অহৰহ চৰকাৰী নিৰীক্ষণৰ অধীনত আছিল। ১৯৫৯ চনত জব্দ কৰা এটা গীৰ্জাৰ ভৱনত নাস্তিকতাবাদৰ সংগ্ৰহালয় স্থাপন কৰা হয়। মঠৰ ভৱনসমূহ ছোভিয়েট চৰকাৰে বাজেয়াপ্ত কৰিছিল। ১৯৬০-ৰ দশকৰপৰা ২০০০ চনলৈকে সন্ন্যাসীসকলক এই ভৱনসমূহ ব্যৱহাৰ কৰাৰ বাবে ভাড়া পৰিশোধ কৰিবলৈ বাধ্য কৰা হৈছিল। তথাপি, এই সকলো চাপৰ মাজতো লাভ্ৰাখন বন্ধ কৰি দিয়া নহ’ল। ১৯৭০-ৰ দশকৰ শেষভাগত ই ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ মস্কো পেট্ৰিয়াৰ্কেটৰ ইউক্ৰেইনীয় এক্সাৰ্কেটৰ প্ৰধান ধৰ্মতাত্ত্বিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল।
১৯৮০-ৰ দশকৰ শেষভাগত ছোভিয়েট সংঘই ধৰ্মৰ ওপৰত থকা নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ পাছত পূৰ্বৰ নাস্তিকতাবাদৰ সংগ্ৰহালয়টো বন্ধ কৰি দিয়া হয়। প্ৰথমে ইয়াক এখন ধৰ্মতাত্ত্বিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হয় আৰু পৰৱৰ্তী সময়ত ১৯৯১ চনত সেই বিদ্যালয়খন এখন ধৰ্মতত্ত্ব মহাবিদ্যালয় (Seminary)লৈ পৰিণত হয়। একেসময়তে ইউক্ৰেইনীয় গ্ৰীক কেথলিক গীৰ্জা আৰু ইউক্ৰেইনীয় স্বতন্ত্ৰ অৰ্থডক্স গীৰ্জাও পুনৰ প্ৰতিষ্ঠিত হয়। কিন্তু লাভ্ৰাৰ মঠীয়া সমাজে এই নৱপুনৰুজ্জীৱিত ধৰ্মীয় সম্প্ৰদায়সমূহৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি প্ৰকাশ কৰিবলৈ সৰ্বসন্মতিক্ৰমে অস্বীকাৰ কৰে। তেওঁলোকে ইয়াৰ কাৰণ হিচাপে আংশিকভাৱে ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ পেৰিছসমূহৰ বিৰুদ্ধে প্ৰয়োগ কৰা কিছুমান অধিক হিংসাত্মক পদ্ধতিৰ কথা উল্লেখ কৰিছিল, যিবোৰত জাতীয়তাবাদী অৰ্ধসামৰিক গোটসমূহেও সহায় কৰিছিল। [15]
ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ পেৰিছসমূহৰ সুৰক্ষাৰ বাবে এটা কছাক ৰেজিমেণ্ট গঠন কৰা হয়। ছোভিয়েট নিৰ্যাতনৰপৰা লাভ্ৰাৰ পুনৰুত্থান এই ঘটনাসমূহৰ সৈতে একে সময়তে সংঘটিত হোৱাৰ ফলত পশ্চিম ইউক্ৰেইনত অৰ্থডক্স ধৰ্মৰ এক অগ্ৰণী কেন্দ্ৰ হিচাপে ইয়াৰ ৰাজনৈতিক-ঐতিহাসিক ভূমিকা পুনৰ প্ৰকাশ পায়। কছাকসকলে ভলহিনিয়া আৰু ইউক্ৰেইনৰ অৰ্থডক্স ধৰ্মীয় সম্প্ৰদায়সমূহ গ্ৰীক কেথলিক গীৰ্জা অথবা ইউক্ৰেইনীয় কিয়েভ পেট্ৰিয়াৰ্কেটৰ অধীনস্থ গীৰ্জাসমূহে দখল কৰাৰপৰা বাধা দিয়ে। অৱশ্যে গ্ৰীক কেথলিক গীৰ্জাসমূহৰ অৱস্থা আৰু পূৰ্বতে ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ বাবে জব্দ কৰা সম্পত্তিসমূহৰ অধিকাৰ সম্পৰ্কীয় বিতৰ্কৰ কোনো স্পষ্ট সমাধান হোৱা নাছিল। [15]
২০০০ চনত ৰাষ্ট্ৰপতিৰ জাৰিৰ কৰা ডিক্ৰীৰ জৰিয়তে প’চাইভ লাভ্ৰাৰ মালিকীস্বত্ব আৰু দখল পুনৰ গীৰ্জাৰ হাতলৈ ঘূৰাই দিয়া হয়। ইয়াৰ পিছত মঠৰ সন্ন্যাসীসকলক আৰু ভাড়া পৰিশোধ কৰিবলৈ বাধ্য কৰা হোৱা নাছিল। [16]
২০০২ চনত টাৰ্নোপিল অব্লাষ্ট কাউন্সিলে ক্ৰেমেনেটছ–প’চাইভ ৰাজ্যিক ঐতিহাসিক-স্থাপত্য সংৰক্ষিত অঞ্চল প্ৰতিষ্ঠা কৰে আৰু প’চাইভ মঠক ইয়াৰ অন্তৰ্ভুক্ত বুলি ঘোষণা কৰে। কিন্তু ২০০৩ চনত মঠৰ সন্ন্যাসীসকলৰ আবেদনৰ ভিত্তিত ইউক্ৰেইনৰ মন্ত্ৰীসভাই লাভ্ৰাৰ ঐতিহাসিক ভৱনসমূহক এই সংৰক্ষিত অঞ্চলৰপৰা বাহিৰ কৰি আনে আৰু সেইবোৰ ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট) আৰু মঠৰ সন্ন্যাসীসকলৰ হাতলৈ হস্তান্তৰ কৰে। এই হস্তান্তৰ ৪৯ বছৰৰ লীজৰ ভিত্তিত কৰা হৈছিল, যাৰ ম্যাদ ২০৫২ চনৰ ১ জানুৱাৰীলৈ চলিবলগীয়া আছিল। [16][17]
২০১৪ চনৰ জুলাই মাহত টাৰ্নোপিল অব্লাষ্ট কাউন্সিলে ইউক্ৰেইনৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী আৰচেনি য়াটচেনিউকক ৪৯ বছৰৰ লীজ বাতিল কৰি প’চাইভ মঠৰ ভৱনসমূহ পুনৰ ঐতিহাসিক-স্থাপত্য সংৰক্ষিত অঞ্চলৰ অধীনলৈ ঘূৰাই দিয়াৰ বাবে আবেদন জনোৱাৰ উদ্যোগ লয়। ২০১৫ চনৰ এপ্ৰিল মাহত আঞ্চলিক কাউন্সিলে য়াটচেনিউক আৰু তেওঁৰ মন্ত্ৰীসভাক আবেদন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাতে মঠটো ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট)ৰ হাতৰপৰা উলিয়াই আনি ইয়াক এখন সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা হয়। [16]
২০২২ চনৰ নৱেম্বৰ মাহত ইউক্ৰেইনৰ নিৰাপত্তা সেৱা (SBU), ইউক্ৰেইনীয় আৰক্ষী আৰু ইউক্ৰেইনৰ নেচনেল গাৰ্ডে ২০২২ চনৰ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত [18][17] প’চাইভ লাভ্ৰাত তালাচী অভিযান চলায়। এই অভিযানটো ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট)ৰ বিভিন্ন স্থানত ইউক্ৰেইনীয় আইন-শৃংখলা ৰক্ষাকাৰী সংস্থাসমূহে চলোৱা অধিকসংখ্যক তালাচী অভিযানৰ অংশ আছিল। [19]
২০২৩ চনৰ জানুৱাৰী মাহত ইউক্ৰেইনীয় গ্ৰীক কেথলিক গীৰ্জাই প’চাইভ লাভ্ৰাত ধৰ্মীয় সেৱা অনুষ্ঠিত কৰাৰ অধিকাৰ লাভ কৰিব বিচৰাৰ কথা প্ৰকাশ কৰে। [20][17]
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত টাৰ্নোপিল অব্লাষ্ট কাউন্সিলে প’চাইভ লাভ্ৰা কমপ্লেক্সটো **ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট)**ক লীজত দিয়াটো আইনসন্মত নে নহয়, সেই বিষয়টো পৰীক্ষা কৰিবলৈ এটা কৰ্মগোট গঠন কৰে। [17]ইয়াৰ পিছৰ মাহত, অৰ্থাৎ ২০২৩ চনৰ মাৰ্চত, ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাই লাভ্ৰাৰ কিছুমান চৌহদ “মঠীয়া জীৱন, ধৰ্মীয় উপাসনা আৰু অন্যান্য ধৰ্মীয় কাৰ্যকলাপৰ বাবে” তেওঁলোকক আবণ্টন দিয়াৰ বাবে আবেদন জনায়। [17]
প'চাইভৰ সন্ত এম্ফিলোচিয়াছ
[সম্পাদনা কৰক]
১২ মে ২০০২ তাৰিখে ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জাই প’চাইভৰ স্কীমা সন্ন্যাসী এম্ফিলোখিয়াছ (Amfilohiy)ক সাধু হিচাপে স্বীকৃতি দিয়ে। প’চাইভৰ এম্ফিলোখিয়াছ (জগতত নাম ইয়াকিভ হোলোভাটিউক, ১৮৯৪–১৯৭১) ১৮৯৪ চনৰ ২৭ নৱেম্বৰত পশ্চিম ইউক্ৰেইনৰ টাৰ্নোপিল অব্লাস্তৰ শুমস্ক ৰাইঅ’নৰ অন্তৰ্গত মালা ইলোভিটছিয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল। ১৯২৫ চনত তেওঁ সন্ন্যাস গ্ৰহণ কৰি প’চাইভ লাভ্ৰাৰ সন্ন্যাসী সমাজত যোগদান কৰে। ১৯৩৬ চনত এম্ফিলোখিয়াছক হিয়েৰ’মঙ্ক (সন্ন্যাসী-পুৰোহিত) পদবী প্ৰদান কৰা হয়। তেওঁৰ আৰোগ্য প্ৰদানৰ ক্ষমতাই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
লাভ্ৰাৰ আৰ্কিমেণ্ড্ৰাইটে এই সেৱাৰ বাবে সন্ন্যাসীগৰাকীক আশীৰ্বাদ প্ৰদান কৰে আৰু তেওঁক সমাধিক্ষেত্ৰৰ ওচৰৰ এটা সৰু কুটীৰত থাকিবলৈ অনুমতি দিয়ে। গ্ৰীষ্মকালত তেতিয়া পিতৃ যোচেফ নামেৰে পৰিচিত এম্ফিলোখিয়াছৰ ওচৰলৈ তীৰ্থযাত্ৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে আৰু দৈনিক প্ৰায় ৫০০ জনলৈকে তীৰ্থযাত্ৰী আহিবলৈ ধৰে। ২০০২ চনৰ ১১/১২ মে’ত, গীৰ্জাৰ এটা আয়োগে তেওঁৰ জীৱন সম্পৰ্কে অনুসন্ধান কৰাৰ পাছত অৰ্থডক্স গীৰ্জাই তেওঁক সাধু হিচাপে স্বীকৃতি দিয়ে। ইষ্টাৰৰ অলপ পূৰ্বে তেওঁৰ পৱিত্ৰ দেহাৱশেষ উলিয়াই অনা হয় আৰু সেইবোৰ সম্পূৰ্ণ অক্ষত অৱস্থাত পোৱা যায়। ২০,০০০ৰো অধিক অৰ্থডক্স তীৰ্থযাত্ৰী সাধু এম্ফিলোখিয়াছৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে উপস্থিত হৈছিল। বহু লোকে তেওঁৰ পৱিত্ৰ দেহাৱশেষ স্পৰ্শ কৰাৰ পাছত আৰোগ্য লাভ কৰা বুলি কোৱা হয়।
স্বাধীনতাৰ পিছৰেপৰা লাভ্ৰাই ইউক্ৰেইনৰ কিয়েভ কেভছ মঠৰ পিছত দ্বিতীয়টো প্ৰধান অৰ্থডক্স কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ বহুতো প্ৰচেষ্টা চলাই আহিছে। ইয়াৰ ধৰ্মতত্ত্ব মহাবিদ্যালয়ৰ প্ৰথম দলৰ প্ৰাক্তন ছাত্ৰসকলে ইতিমধ্যে বিশপৰ পদমৰ্যাদা লাভ কৰিছে। ইয়াৰপৰা প্ৰকাশিত ধৰ্মীয় সাহিত্য আৰু ইয়াৰ দেৱালত থকা আইকনসমূহ সমগ্ৰ ইউক্ৰেইনতে, লগতে ওচৰ-চুবুৰীয়া ৰাছিয়া আৰু বেলাৰুছতো দেখা পোৱা যায়। প্ৰাক্তন ছোভিয়েট সংঘৰ বিভিন্ন অঞ্চল, বাল্কান অঞ্চল আৰু দূৰ-দূৰণিৰ অন্যান্য অৰ্থডক্স প্ৰধান অঞ্চলৰপৰা বছৰি লাখ লাখ অৰ্থডক্স তীৰ্থযাত্ৰী এই প্ৰাচীন মঠ-প্ৰাংগন পৰিদৰ্শন কৰিবলৈ আহে।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Pochaiv Monastery". http://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CP%5CO%5CPochaivMonastery.htm.
- ↑ [https://www.unian.info/m/society/10965947-ukraine-s-police-open-criminal-cases-over-lockdown-violations-by-moscow-patriarchate-church-members.html Ukraine's police open criminal cases over lockdown violations by Moscow Patriarchate church members, UNIAN (20 April 2020)
- ↑ Julia Struck (30 November 2023). "Ukrainian Security Services Search Russian-linked Pochaiv Lavra Monastery". Kyiv Post. https://www.kyivpost.com/post/24871.
- ↑ "Ukrainian Believers Wrest Famed Pochaiv Monastery from Moscow's Control". Kyiv Post. 7 December 2023. https://www.kyivpost.com/post/25154.
- ↑ About the footprint of the Virgin Nikolai Leskov wrote: „No any distinct resemblance of a human footprint here is noticeable, but one can see, firstly, the darkish surface of a solid stone of granite rock, in several places as if cracked, and in the middle of its area there is a significant oblong cavity, in the shape of a shell narrow but long, like a plate for fish. Such a length no human foot does not happen”.
- ↑ „Никакого хоть маломальски отчетливого подобия следа ноги человека здесь незаметно, а видна, во-первых, темноватая поверхность сплошного камня гранитной породы, в нескольких местах как бы надтреснувшего, и посреди ее площади есть значительная продолговатая впадина, в форме раковины узкой, но длинной, наподобие подрыбного блюда. В такую длину никакая нога человеческая не бывает.” − Н. С. Лесков. «След ноги Богородицы в Почаеве. (Заметка по поводу статьи кн. Н. С. Голицына)». / «Исторический вестник», 1882, № 10, стр. 227–236. / С. 230
- ↑ Емелях Л. И. «Происхождение христианского культа» / Л. И. Емелях. - Ленинград : Лениздат, 1971. - 198 с. : ил.; / С. 67
- ↑ Klymentii I. Fedevych; Klymentii K. Fedevych (2017). For Faith, Tsar and Kobzar: Little Russian Monarchists and the Ukrainian National Movement. Krytyka. পৃষ্ঠা. 33. ISBN 9789662789058.
- ↑ Klymentii I. Fedevych; Klymentii K. Fedevych (2017). For Faith, Tsar and Kobzar: Little Russian Monarchists and the Ukrainian National Movement. Krytyka. পৃষ্ঠা. 33. ISBN 9789662789058.
- ↑ Klymentii I. Fedevych; Klymentii K. Fedevych (2017). For Faith, Tsar and Kobzar: Little Russian Monarchists and the Ukrainian National Movement. Krytyka. পৃষ্ঠা. 149–150. ISBN 9789662789058.
- ↑ Klymentii I. Fedevych; Klymentii K. Fedevych (2017). For Faith, Tsar and Kobzar: Little Russian Monarchists and the Ukrainian National Movement. Krytyka. পৃষ্ঠা. 153. ISBN 9789662789058.
- ↑ Berezhnaya, Liliya, ed (2019-03-01). RAMPART NATIONS. Berghahn Books. doi:10.3167/9781789201475. ISBN 978-1-78920-147-5. https://archive.org/details/rampartnationsbu0000unse.
- ↑ "Builder of the Church – Archbishop Vitaly Maximenko". Orthodox America. 1990. http://www.roca.org/OA/98-99/98f.htm.
- ↑ Paul Robert Magocsi. (1996). A History of Ukraine. Toronto: University of Toronto Press: pp. 628-629.
- 1 2 Geraldine Fagan, Aleksandr Shchipkov. "The Ukrainian Greek Catholics in an Ambiguous Position". Religion, State& Society, Vol. 29, No. 3. 2001.
- 1 2 3 "The Pochayiv Lavrain the Ukraine may be transferred to the State", Pravoslavie, 29 April 2015
- 1 2 3 4 5 "The OCU creates its monastery in Pochaiv, where the UOC MP Lavra is now located" (Ukrainian ভাষাত). Ukrainska Pravda. 28 March 2023. https://www.pravda.com.ua/news/2023/03/28/7395446/। আহৰণ কৰা হৈছে: 28 March 2023.
- ↑ ""God is not revealed": how Ukrainians react to the SBU search of the Kyiv-Pechersk Lavra" (Ukrainian ভাষাত). Ukrainska Pravda – "Life". 11 November 2022. https://life.pravda.com.ua/society/2022/11/22/251452/। আহৰণ কৰা হৈছে: 28 March 2023.
- ↑ "Foreign Ministry dismisses UN claim that searches in Moscow-linked churches could be 'discriminatory'". The Kyiv Independent. 27 March 2023. https://kyivindependent.com/foreign-ministry-dismisses-un-claim-searches-in-moscow-linked-churches-could-be-discriminatory/। আহৰণ কৰা হৈছে: 28 March 2023.
- ↑ "The UGCC wants to get the right to serve in the Pochaiv Lavra" (Ukrainian ভাষাত). Ukrainska Pravda. 19 January 2023. https://www.pravda.com.ua/news/2023/01/19/7385566/। আহৰণ কৰা হৈছে: 28 March 2023.