প'য়েট্ৰী
| সম্পাদক | এড্ৰিয়ানা মাটেজকা |
|---|---|
| পূৰ্বৰ সম্পাদক | হেৰিয়েট ম’নৰো, মৰ্টন ডাউৱেন জেবেল, জৰ্জ ডিলন, হেইডেন কাৰুথ, ক্ৰিষ্টিয়ান ৱিমেন, ডন শ্বেয়াৰ আদি |
| প্ৰকাৰ | কবিতা |
| প্ৰকাশক | প'য়েট্ৰী ফাউণ্ডেশ্যন |
| মুঠ বিতৰণ | ৩০,০০০ |
| প্ৰতিষ্ঠাপক | হেৰিয়েট ম'নৰো |
| প্ৰথম সংখ্যা | অক্টোবৰ, ১৯১২ |
| দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| ভিত্তি | চিকাগো, ইলিনইছ |
| ভাষা | ইংৰাজী |
| ৱেবচাইট | https://www.poetryfoundation.org/ |
| ISSN সংখ্যা | 0032-2032 |
প'য়েট্ৰী (ইংৰাজী: Poetry) ১৯১২ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰপৰা প্ৰকাশ পাই থকা ইংৰাজী ভাষাৰ এখন মাহেকীয়া কবিতা আলোচনী।[1] আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কবি হেৰিয়েট মনৰো।[1] ২০০৭ চনত আলোচনীখনৰ প্ৰচলন আছিল ৩০,০০০। প্ৰতি বছৰে আলোচনীখনত বিভিন্ন কবিৰ প্ৰায় এক লাখ কবিতা জমা হয় আৰু তাৰ ভিতৰত ৩০,০০০ কবিতাই আলোচনীখনত স্থান পায়।[1]
বিৱৰণ
[সম্পাদনা কৰক]আলোচনীখনে হেৰিয়েট মনৰোৰ সম্পাদনাত ১৯১২ চনত জন্ম লাভ কৰিছিল। প্ৰকাশৰ প্ৰথম দশকটোত ইংৰাজীভাষী জগতত আলোচনীখন আধুনিক কবিতাৰ প্ৰধান মুখপত্ৰ হৈ পৰিছিল। টি.এছ. এলিয়টৰ 'দ্য লাভ ছং অৱ জে আলফ্ৰেড প্ৰুফক' নামৰ বিখ্যাত কবিতাটো এইখন আলোচনীতে প্ৰকাশ পাইছিল। এজৰা পাউণ্ড, এইচ. ডি., ৰবাৰ্ট ফ্ৰষ্ট, লেংষ্টন হিউজ, এডনা ছেইণ্ট ভিনচেণ্ট মিলে আদি কবিৰ আগবয়সৰ কবিতাবোৰ এইখন আলোচনীতে প্ৰকাশ পাইছিল।
আলোচনীখনত কবিতা প্ৰকাশ পোৱা খ্যাতিসম্পন্ন কবিসকলৰ ভিতৰত ৱিলায়ম কাৰ্লোছ ৱিলয়ামছ, জয়চ কিলমাৰ, ৱালেচ ষ্টিভেন্স, ডৰথী ৰিচাৰ্ডছন, ই.ই. কামিংছ, এলেন গিনছবাৰ্গ, টেনেছি ৱিলায়মছ আদি অন্যতম। ২০০৩ চনত আলোচনীখনৰ উদ্যোগত পয়েট্ৰী ফাউণ্ডেশ্যন নামৰ ছচাইটীখন গঠিত হয়।[2] সম্প্ৰতি আলোচনীখন উক্ত ছচাইটীৰ অধীনত প্ৰকাশ পাই আছে। আলোচনীখনৰ বৰ্তমানৰ সম্পাদক হ'ল এড্ৰিয়ানা মাটেজকা।[1]
আলোচনীখনে অনলাইনত ভুমুকি মাৰে ১৯৯৮ চনত৷
সম্পাদকসকল[1]
[সম্পাদনা কৰক]- হেৰিয়েট ম’নৰো – ১৯১২-১৯৩৬
- মৰ্টন ডাউৱেন জেবেল – ১৯৩৬-৩৭
- জৰ্জ ডিলন – ১৯৩৭-১৯৪২
- (গোট) – ১৯৪২-৪৯
- হেইডেন কাৰুথ –১৯৪৯-১৯৫੦
- কাৰ্ল শ্বাপিৰো ১৯৫੦-১৯৫৫
- হেনৰী ৰেগো – ১৯৫৫-১৯৬৯
- ডেৰিল হাইন – ১৯৬৯-১৯৭৭
- জন ফ্ৰে়ডেৰিক নিমছ – ১৯৭৮-১৯৮৩
- জোছেফ পেৰিছি – ১৯৮৩-২੦੦৩
- ক্ৰিষ্টিয়ান ৱিমেন – ২੦੦৩-২੦১৩
- ডন শ্বেয়াৰ – ২੦১৩-২੦২੦
- অতিথি সম্পাদক – ২੦২੦-২੦২২
- এড্ৰিয়ানা মাটেজকা -- ২੦২২-