পউলিনা ভেগা
| পউলিনা ভেগা | |
|---|---|
২০১৮ চনত ভেগা | |
| জন্ম | পউলিনা ভেগা ডিয়েপ্পা ১৫ জানুৱাৰী, ১৯৯৩ (৩৩ বছৰ) বাৰানকুইলা, আটলাণ্টিকো, কলম্বিয়া |
| শিক্ষা | ডয়চ স্কুল বগোটো |
| শিক্ষানুষ্ঠান | পোণ্টিফিকেল জেভিয়াৰিয়ান ইউনিভাৰ্চিটি (বি.বি.এ.) |
| পেচা | টিভি সূত্ৰধাৰ, মডেল, ব্যৱসায়ী মহিলা, টেলিভিছন ব্যক্তিত্ব |
| উচ্চতা | ১.৭৮ মিটাৰ[1] |
| 'Beauty pageant titleholder' | |
| Title |
|
| Major competition(s) |
|
পউলিনা ভেগা ডিয়েপ্পা (ইংৰাজী: Paulina Vega Dieppa; জন্ম: ১৫ জানুৱাৰী ১৯৯৩) এগৰাকী কলম্বিয়ান মডেল, ব্যৱসায় প্ৰশাসক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৪ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ মিছ কলম্বিয়া ২০১৩ জয় কৰিছিল। ভেগা আছিল কলম্বিয়াৰপৰা নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী মিছ ইউনিভাৰ্ছ।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পউলিনা ভেগা ডিয়েপ্পাৰ জন্ম কলম্বিয়াৰ আটলাণ্টিকোৰ বাৰানকুইলাত হৈছিল। তেওঁৰ পিতৃ এজন হৃদৰোগ বিশেষজ্ঞ ৰডলফো ভেগা লামা আৰু মাতৃ লৰা ডিয়েপ্পা।[2] ভেগা ফৰাচী আৰু স্পেনিছ মূলৰ লোক। তেওঁ কলম্বিয়ান গায়ক গেষ্টন ভেগা আৰু ১৯৫৩ চনৰ মিছ আটলাণ্টিকো এলভিৰা কাষ্টিলোৰ নাতিনী।[3] ভেগাই বাৰানকুইলাৰ কাৰ্ল চি পাৰিছ স্কুল আৰু জাৰ্মান স্কুলত প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত বগোটোলৈ যোৱাৰ পাছত তেওঁ ডয়চ স্কুল বগোটোৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ পোণ্টিফিকেল জেভিয়াৰিয়ান ইউনিভাৰ্চিটিত ব্যৱসায় প্ৰশাসনৰ বিষয়েও অধ্যয়ন কৰিছিল।[4]
সৌন্দৰ্য প্ৰতিযোগিতা
[সম্পাদনা কৰক]মিছ কলম্বিয়া ২০১৩
[সম্পাদনা কৰক]ভেগাই আটলাণ্টিকোক প্ৰতিনিধিত্ব কৰি ২০১৩ চনৰ ১১ নৱেম্বৰত কাৰ্টাজেনাত অনুষ্ঠিত মিছ কলম্বিয়া ২০১৩ প্ৰতিযোগিতাত বিজয়ী হয়। ইয়াৰ জৰিয়তে তেওঁ মিছ ইউনিভাৰ্ছ ২০১৪ ত দেশক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ লাভ কৰে। বিদায়ী খিতাপধাৰী লুচিয়া অলডানাই তেওঁক মুকুট পিন্ধাইছিল। ১৯৩৪ চনত এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰপৰা তেওঁ মিছ কলম্বিয়া জয় কৰা আটলাণ্টিকোৰ ১১ গৰাকী প্ৰতিনিধিৰ ভিতৰত এজনী হিচাপে পৰিগণিত হয়।[5]
মিছ ইউনিভাৰ্ছ ২০১৪
[সম্পাদনা কৰক]২০১৫ চনৰ ২৫ জানুৱাৰীত ফ্ল’ৰিডাৰ ডোৰালত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত ৮৭ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি ভেগা বিজয়ী হয়। ভেনেজুৱেলাৰ গেব্ৰিয়েলা ইছলাৰে তেওঁক মুকুট পিন্ধাইছিল। ১৯৫৮ চনৰ মিছ ইউনিভাৰ্ছ লুজ মেৰিনা জুলুয়াগাৰ ৫৬ বছৰৰ পাছত খিতাপ জিকা তেওঁ দ্বিতীয়গৰাকী কলম্বিয়ান। পুৰস্কাৰ হিচাপে তেওঁ নগদ ধনৰ উপৰি নিউয়ৰ্ক চহৰত এটা বিলাসী এপাৰ্টমেণ্টত এবছৰ বিনামূলীয়াকৈ থকাৰ সুবিধা, নিউয়ৰ্ক ফিল্ম একাডেমীত শিক্ষা গ্ৰহণৰ বাবে এক লাখ ডলাৰৰ বৃত্তি আৰু বিখ্যাত ফেশ্বন হাউচসমূহলৈ বিনামূলীয়া প্ৰৱেশৰ সুযোগ লাভ কৰিছিল। ভেগাই তেওঁৰ কাৰ্যকালত বিশ্ব ভ্ৰমণ কৰি মানৱীয় বিষয় আৰু এইচ আই ভি/এইডছৰ প্ৰতিৰোধৰ বিষয়ে শিক্ষা প্ৰসাৰৰ লক্ষ্য ৰাখিছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Paulina Vega, Miss Universe 2014". Miss Universe. Archived from the original on July 16, 2017. https://web.archive.org/web/20170716121756/https://www.missuniverse.com/titleholder/661314। আহৰণ কৰা হৈছে: March 27, 2026.
- ↑ "Paulina Vega wins Miss Universe - here's why Colombian pageants are controversial" (en-GB ভাষাত). The Independent. https://www.independent.co.uk/news/people/miss-colombia-miss-universe-winner-paulina-vega-and-colombias-murky-culture-of-ott-beauty-pageants-10002895.html.
- ↑ "Miss Colombia Paulina Vega crowned Miss Universe 2015" (en-US ভাষাত). Chicago Tribune. January 26, 2015. http://www.chicagotribune.com/entertainment/chi-miss-universe-winner-20150125-story.html.
- ↑ "Miss Universe 2014: 5 Things to Know About Miss Colombia Paulina Vega". January 26, 2015. https://www.eonline.com/news/618329/miss-universe-2014-5-things-to-know-about-miss-colombia-paulina-vega.
- ↑ "Miss Colombia". Los Angeles Times. Associated Press. January 25, 2015. http://www.latimes.com/nation/nationnow/la-na-nn-miss-universe-20150125-story.html.
- ↑ "Miss Universe 2014: Media Tour in America". missuniverse.com. Archived from the original on January 19, 2017. https://web.archive.org/web/20170119113818/http://missuniverse.com/news/index/year:2015/month:1#.VPzPO9LF--0। আহৰণ কৰা হৈছে: March 8, 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- পউলিনা ভেগাৰ আনুষ্ঠানিক ৱেবছাইট Archived 2025-08-25 at the Wayback Machine