পকমৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পকমৌ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Solanaceae
গণ: Solanum
প্ৰজাতি: S. nigrum
বৈজ্ঞানিক নাম
Solanum nigrum
L.
Subspecies

S. nigrum subsp. nigrum
S. nigrum subsp. schultesii

পকমৌ (ইংৰাজী: Black night shade, বৈজ্ঞানিক নাম-Solanum nigrum)Solanum গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদৰ প্ৰজাতি৷ ইয়াক স্থানীয়ভাৱে লাচকচি ,লাটকচু বা পিচকাটি বুলিও কোৱা হয়৷ এই উদ্ভিদক সংস্কৃতত কাকামাচি বা কাকমাচি,নেপালীত কালবিহি,তাই আহোম ভাষাত ফাক টেন নামেৰে জনা যায়৷ পকমৌৰ বৈজ্ঞানিক নাম Solanum nigrum ৷ পৰিয়াল - Solanaceae ৷ [1] পকমৌ ইউৰেছিয়াত স্থানীয়ভাৱে পোৱা যায়৷ এই উদ্ভিদবিধ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত নতুনকৈ স্থাপন কৰা হৈছে৷[2]


প্ৰকাৰ[সম্পাদনা কৰক]

পকমৌ দুই প্ৰকাৰৰ৷ এটাৰ পাত আৰু কাণ্ড কজলা বৰণৰ৷ আনটোৰ বগা৷ কাণ্ড আৰু শাখা উভয়ৰে মিহি আৰু কোমল৷ দুয়োটাৰে ফুল বগা৷ ফুল ১.৫ - ২.০ চেণ্টিমিটাৰ ব্যাসৰ৷

আকৃতি[সম্পাদনা কৰক]

পকমৌ একবৰ্ষজীৱী,থিয় কোমল উদ্ভিদ৷ গছজোপা ১ মিটাৰলৈকে ওখ হ'ব পাৰে৷ ইয়াৰ গুৰিৰ পৰাই ভিন্নমুখী শাখাসমূহ ওলাই গছজোপা দেখাত জোপোহা হৈ পৰে৷ পাত অকলশৰীয়া,দুয়ো পিঠি মিহি,ঠাৰিযুক্ত,আগ অংশ জোঙা,২.৫ - ১৩ চেণ্টিমিটাৰ দীঘল,১.২ - ৫.০ চেণ্টিমিটাৰ বহল৷ পাতল আকৃতি ডিম্বাকৃতিৰ,আয়তাকাৰ বা উপবৃত্তাকাৰ হয় আৰু কাষ ঢৌ খেলোৱা৷ কাণ্ড আৰু শাখা উভয়ৰে মিহি আৰু কোমল৷ দুয়োটাৰে ফুল বগা৷ ফুল ১.৫ - ২.০ চেণ্টিমিটাৰ ব্যাসৰ৷[1]

বিস্তৃতি[সম্পাদনা কৰক]

পকমৌ পশ্চিম আফ্ৰিকাৰ দেশীয় গছ যদিও ভাৰতৰ প্ৰায়বোৰ ঠাইতে বৰ্তমান পোৱা যায়৷ ই এবিধ সাধাৰণ বনশাক৷ সমগ্ৰ ভাৰতবৰ্ষত ২,১০০ মিটাৰ উচ্চতালৈ এই উদ্ভিদ পোৱা যায়৷ খৰালিকালত এই বনশাক য'তে ত'তে বিশেষকৈ শাকনিবাৰীত গজি উঠা দেখিবলৈ পোৱা যায়৷ সাধাৰণতে শুকান অঞ্চলত এই উদ্ভিদ বেছিকৈ দেখা যায়৷[1]

ব্যৱহাৰ[সম্পাদনা কৰক]

পকমৌৰ পাতত ৰাইব'ফ্লেবিন,নিক'টিনিক এচিড আৰু ভিটামিন-চি প্ৰচুৰ পৰিমানে পোৱা যায়৷ ইয়াৰ উপৰিও পাতত বিটা কেৰ'টিন আৰু চাইট্ৰিক এচিডো পোৱা যায়৷ এই বনশাক ভাজি খাবলৈ ভাল৷ পাতত মৃদু তিতা ভাব থাকে যদিও ৰন্ধাৰ পাছত তিতা ভাব প্ৰায়েই নাথাকে৷ ইয়াৰ টেঙা জোল ৰান্ধি খাবলৈ ভাল৷ সিদ্ধ কৰিও এই বনশাক খাব পাৰি৷ গৰু বিহুৰ দিনা এশ এবিধ শাকৰ লগত এই বনশাক মিহলোৱা হয়৷ শাক হিচাপে খাৱৰ বাবে ফুল ফুলাৰ আগতেই নিৰ্বাচন কৰিব লাগে৷ খাবৰ বাবে সাধাৰণতে কুমলীয়া পাত আৰু আগ বাচি লোৱা হয়৷ ই মূল্যবান হৃদযন্ত্ৰৰ টনিক হিচাপে কামত দিয়ে৷ গছজোপা গৰু-ছাগলীয়ে নাখায়৷ পকা ফল কোনো চৰায়ে খোৱা দেখা নাযায়৷ [1]

পকমৌৰ খাদ্যমূল্য হ'ল (প্ৰতি ১০০গ্ৰামত)

জলীয় বাষ্প ৮২.১%
প্ৰটিন ৫.৯%
চৰ্বী ১.০%
খনিজ দ্ৰব্য ২.১%
কাৰ্ব'হাইড্ৰেট ৮.৯%

এই উদ্ভিদত পোৱা খনিজ পদাৰ্থ আৰু ভিটামিনবোৰ হ'ল কেলচিয়াম,ফছফৰাছ,লো,ৰাইব'ফ্লেভিন,নিয়াচিন আৰু ভিটামিন চি ৷ ইয়াৰ কেলৰি ৮৮ ৷

ঔষধি গুণ[সম্পাদনা কৰক]

পকমৌৰ আঞ্জা ৰান্ধি খালে জ্বৰ,গ্ৰহণী,পেটৰ অসুখ,পেটফুলা,পেটৰ বিষ,চকুৰ অসুখত উপকাৰ পোৱা যায়৷ এই আঞ্জাই মূল ক্ষৰণ (secretion) আৰু বৃদ্ধিকাৰক ৰূপেও ক্ৰিয়া কৰে৷ ড্ৰপচি ৰোগীৰ বাবে ই এবিধ উত্তম বনৌষধি শাক৷ উতলোৱা ৰস বা শাক উভয় ধৰণে এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি৷ ই শক্তিবৰ্ধকৰূপেও ক্ৰিয়া কৰে৷ জলাতংক ৰোগ,লিভাৰ বৃদ্ধি, কেচুমুৰীয়া ৰোগতো এই বনশাক উপকাৰী৷ বৃক্কজনিত ৰোগত পকমৌৰ শিপা জালুকৰ লগত উতলাই খোৱা হয়৷ পকমৌৰ শিপা বায়ু নি:সাৰক হিচাপেও প্ৰয়োগ হয়৷ তদুপৰি ই দাঁতৰ বিষ আৰু কৃমিনাশক ৰূপেও কাৰ্য কৰে৷ শিপাৰ ৰস মৌজোলৰ লগত খালে হুপিং কাঁহ ভাল হয়৷ পাতৰ ৰস আদাৰ ৰসৰ লগত খালে বমি বন্ধ হয়৷ পাতৰ ৰস পিহি খৰ-খজুৱতিত সানিলে ভাল ফল পোৱা যায়৷ এই ঔষধ ঘামচি আৰু বিষাক্ত পোকে বিন্ধা ঠাইত লগালে ভাল হয়৷ কটা-ছিঙাত এই ঔষধে এণ্টিছেপটিকৰূপে কামত দিয়ে৷ গ্ৰহনী ৰোগত আঞ্জা হিচাপে এই বনশাক উত্তম পথ্য হিচাপে ব্যৱহৃত হয়৷ ই হজম শক্তি বৃদ্ধি কৰে আৰু অৰুচি নাইকিয়া কৰাত সহায় কৰে৷ ফল ঔষধ হিচাপে ব্যৱহাৰ হয়৷ ফলবোৰ বলকাৰক তথা জুলাপ হিচাপে খাব পাৰি৷ ভোক বৃদ্ধিতো ফলে সহায় কৰে৷ চৰ্মৰোগ - যেনে বেচু,শালমইনা হ'লে পাত আৰু কাণ্ডৰ ৰস সেই ঠাইত সানিব লাগে৷ শৰীৰৰ কোনো অংশত হোৱা বিষ,ফুলি উঠা,জ্বালা-পোৰা কৰাত পাতৰ প্ৰলেপ সানিব লাগে৷ চোম পৰিলে কেঁচা ফলৰ প্ৰলেপ সেই ঠাইত সানিব লাগে৷[1]

বংশ বৃদ্ধি[সম্পাদনা কৰক]

বীজৰ জৰিয়তে এই উদ্ভিদৰ বংশ বিস্তাৰ হয়৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 ড° অন্নজ্যোতি গগৈ (জুন-জুলাই ২০০৬). "খাদ্য আৰু ঔষধ হিচাপে ( লাচকচি বা পকমৌ )". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ২৩-২৪. 
  2. Mohy-ud-dint, A., Khan, Z., Ahmad, M., Kashmiri, M.A., Chemotaxonomic value of alkaloids in Solanum nigrum complex, Pakistan Journal of Botany, 42(1): 653-660, 2010.[1]