সমললৈ যাওক

পঞ্চমুখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পঞ্চমুখ শিৱ, ১৬ শতিকা, আয়ুথায়। থাইলেণ্ডৰ বেংককৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ ফটো।

পঞ্চমুখক (সংস্কৃত: पञ्चमुख ,ইংৰাজী: Pañcamukha) পঞ্চমুখী বুলিও কোৱা হৈছে। হিন্দু প্ৰতীকধৰ্মিতাত (Iconography) ই এক ধাৰণা, য'ত এজন দেৱতাক পাঁচটা মূৰ বা পাঁচখন মুখেৰে প্ৰতিনিধিত্ব কৰা হয়।[1] কেইবাজনো হিন্দু দেৱতাক পাঁচটা মুখেৰে চিত্ৰিত কৰা হৈছে; যেনে-হনুমান, শিৱ, ব্ৰহ্মা, গণেশ আৰু গায়ত্ৰী[2]

প্ৰতীকবাদত

[সম্পাদনা কৰক]
Correct statue of Panchamukhi Hanuman depicting the five heads in their correct position
ভাৰতৰ মহাৰাষ্ট্ৰৰ শিৰডীত পঞ্চমুখী হনুমান প্ৰতিমূৰ্তি।

হনুমান দেৱতাক তেওঁৰ আইক'ন'গ্ৰাফীত কেতিয়াবা পাঁচমুখৰ সৈতে দেখা যায়, যাক পঞ্চমুখী হনুমান বা পঞ্চমুখ অঞ্জনেয় বুলি জনা যায়।[3] প্ৰতিটো মূৰ বিষ্ণুৰ সৈতে জড়িত এজন দেৱতাৰ, আৰু ইয়াক এটা মূল দিশৰ ফালে চিত্ৰিত কৰা হৈছে৷ হনুমান পূব দিশ, নৰসিংহ দক্ষিণ, বৰাহ উত্তৰ, গৰুড় পশ্চিম আৰু হয়গ্ৰীৱক আকাশৰ ফালে। এই আইকনগ্ৰাফীক মূলসুঁতিৰ হিন্দু ধৰ্মত অস্তিত্ব বুলি গণ্য কৰা নহয় আৰু ইয়াক প্ৰধানকৈ তন্ত্ৰ পৰম্পৰাত খ্ৰীষ্টীয় ১৫ শতিকাৰ পৰাহে প্ৰদৰ্শিত কৰা হৈছে।[4][5] পঞ্চমুখ হনুমানৰ আৰ্ৱিৰ্ভাৱৰ বৰ্ণনা হনুমত ৰহশ্যাম নামৰ তান্ত্ৰিক গ্ৰন্থত পোৱা যায়। গ্ৰন্থখনৰ পঞ্চমুখহানুমত কৱচম নামৰ খণ্ডটোত এই ৰূপৰ বৰ্ণনা আছে।[6][7]

ৰামায়ণৰ আঞ্চলিক পৰম্পৰাতো এই দেৱতাৰ ৰূপ দেখা যায়। এটা সংস্কৰণত ৰাম আৰু লক্ষ্মণঅহিৰাৱনে বন্দী কৰে, আৰু পাতালত এগৰাকী দেৱীৰ সমুখত বলি হিচাপে আগবঢ়োৱা হয়। হনুমানে ভাতৃদ্বয়ক বন্দীত্বৰ পৰা উদ্ধাৰ কৰে আৰু দেৱীক বধ কৰে,[8] আৰু নিজৰ পাঁচটা মুখ প্ৰকাশ কৰি একেলগে পাঁচগচি বন্তি নুমুৱাই অহিৰাৱনক পৰাস্ত কৰে।[9][10]

শিৱ দেৱতাক কেতিয়াবা তেওঁৰ পঞ্চমুখ দিশত প্ৰতিনিধিত্ব কৰা হয়, আৰু প্ৰত্যেকেই নিজৰ এটা বৈশিষ্ট্যক বুজায়:[11][12]

  1. তেওঁৰ উৰ্ধমুখী মুখখনক ঈশনাম্ বোলা হয়, আৰু ই জ্ঞান আৰু প্ৰকৃতিৰ প্ৰতিনিধিত্ব কৰে। ইয়াক তামৰ ৰঙেৰে চিত্ৰিত কৰা হয়।
  2. তেওঁৰ পূব মুখখনক তৎপুৰুষম বোলা হয়, আৰু ই স্পৰ্শ আৰু ক্ৰিয়াৰ অংগক প্ৰতিনিধিত্ব কৰে। ইয়াক হালধীয়া ৰঙেৰে চিত্ৰিত কৰা হয়।
  3. তেওঁৰ পশ্চিম মুখখনক বামদেৱ বুলি কোৱা হয়, আৰু ই অহংকাৰ আৰু অগ্নিক প্ৰতিনিধিত্ব কৰে। ইয়াক ৰঙা ৰঙেৰে চিত্ৰিত কৰা হয়৷
  4. তেওঁৰ দক্ষিণৰ মুখখনক অঘোৰাম বোলা হয়, আৰু ই বুদ্ধি আৰু ধৰ্ম্মক প্ৰতিনিধিত্ব কৰে। ইয়াক নীলা ৰঙেৰে চিত্ৰিত কৰা হয়৷
  5. তেওঁৰ উত্তৰ মুখখনক সদ্যোজাতম বোলা হয়, আৰু ই মন আৰু সোম নামৰ পদাৰ্থক প্ৰতিনিধিত্ব কৰে। ইয়াক বগা ৰঙেৰে চিত্ৰিত কৰা হয়

ব্ৰহ্মা

[সম্পাদনা কৰক]

ব্ৰহ্মা দেৱতাক চাৰিটা মূৰেৰে চিত্ৰিত কৰা হয় যদিও হিন্দু সাহিত্যত এসময়ত তেওঁৰ পাঁচটা মূৰ আছিল বুলি প্ৰায়ে কোৱা হয়। এটা কিংবদন্তি অনুসৰি ব্ৰহ্মাই সৰস্বতী, সাবিত্ৰী বা গায়ত্ৰীৰ নামেৰে এগৰাকী দেৱী সৃষ্টি কৰাৰ পিছত দেৱীৰ প্ৰতি তেওঁৰ প্ৰতি মোহ বাঢ়ি আহিছিল, যদিওবা ঋষিসকলে তেওঁৰ আধ্যাত্মিক কন্যা বুলি প্ৰতিবাদ কৰিছিল । দেৱীয়ে নিজৰ সৃষ্টিকৰ্তাক প্ৰদক্ষিণ কৰি শ্ৰদ্ধা জনাইছিল বুলি কোৱা হয়। নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেওঁৰ প্ৰতি দৃষ্টি ৰখাই প্ৰচেষ্টাত ব্ৰহ্মাই তেওঁৰ প্ৰধান মূৰৰ কাষত তিনিটা মূৰ আৰু মূৰৰ ওপৰত অন্য এটা মূৰ প্ৰকাশ কৰিলে। ইয়াৰ ফলত তেওঁৰ সকলো যোগ্যতা ক্লান্ত হৈ পৰিল। আন এটা কিংবদন্তিত ব্ৰহ্মাই শিৱৰ ওপৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিছিল৷ তেওঁৰ পঞ্চম মূৰটোৱে শিৱৰ বিৰুদ্ধে কেইবাটাও অত্যুগ্ৰ মন্তব্য কৰিছিল। শিৱই ইয়াৰ উত্তৰত নিজৰ পঞ্চমুখী ৰূপ প্ৰকাশ কৰি ব্ৰহ্মাৰ পঞ্চম মূৰটো নখেৰে কাটি পেলালে বা ভৈৰৱৰ জৰিয়তে সেই কাম কৰিবলৈ আদেশ দিলে।[13]

গণেশ দেৱতাক তেওঁৰ আইকন'গ্ৰাফীত কেতিয়াবা পাঁচটা মুখেৰে প্ৰতিনিধিত্ব কৰা হয়, যাক হেৰম্ব বা পঞ্চমুখ গণেশ বুলি কোৱা হয়। দেৱতাৰ প্ৰতিটো মূৰে পাঁচ কোষক প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়৷ সেয়া হৈছে অন্নময়, প্ৰাণময়, মনোময়, বিজ্ঞানময়, আৰু আনন্দময়।[14]

গায়ত্ৰী

[সম্পাদনা কৰক]

গায়ত্ৰী মন্ত্ৰৰ ব্যক্তিত্ব গায়ত্ৰী দেৱীক তেওঁৰ প্ৰতিমূৰ্তিত পাঁচটা মুখৰ অধিকাৰী বুলি চিত্ৰিত কৰা হৈছে। তেওঁৰ চাৰিটা মূৰত চাৰিখন বেদৰ চিত্ৰণ কৰা বুলি কোৱা হৈছে, আনহাতে পঞ্চম মূৰটোৱে চূড়ান্ত বাস্তৱতাক বুজায়।[15]

পঞ্চমুখী হনুমান মন্দিৰ, বসতীয়াৱালা

[সম্পাদনা কৰক]

হাৰিয়ানাৰ বিলাসপুৰৰ ওচৰৰ যমুনানগৰ জিলাত বসতীয়াৱালাৰ পঞ্চমুখী হনুমান মন্দিৰ অৱস্থিত।[16]

কৰাচীৰ পঞ্চমুখী হনুমান মন্দিৰ

[সম্পাদনা কৰক]

পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কৰাচীত এটা পঞ্চমুখী হনুমান মন্দিৰ অৱস্থিত।[17] মন্দিৰটো ১৫০০ বছৰ পুৰণি মন্দিৰ বুলি দাবী কৰা হয়।[18]

ছবি-ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lingham, Durgadas (Rodney) (2013-11-03) (en ভাষাত). Exploring Mantric Ayurveda: Secrets and Insights of Mantra-Yoga and Healing. Lulu.com. পৃষ্ঠা. 42. ISBN 978-1-304-59409-9. https://books.google.com/books?id=SO0LBgAAQBAJ&dq=panchamukha+five+heads&pg=PA42.
  2. www.wisdomlib.org (2017-07-05). "Pancamukha, Pañcamukha, Panca-mukha, Pancan-mukha, Pamcamukha: 11 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/pancamukha আহৰণ কৰা হৈছে: 2022-12-06.
  3. (en ভাষাত) Itihas. Director of State Archives, Government of Andhra Pradesh.. 1992. পৃষ্ঠা. 9. https://books.google.com/books?id=8wpDAAAAYAAJ&q=panchamukha+anjaneya.
  4. Urbani, Bernardo; Youlatos, Dionisios; Antczak, Andrzej T. (2022-08-18) (en ভাষাত). World Archaeoprimatology: Interconnections of Humans and Nonhuman Primates in the Past. Cambridge University Press. পৃষ্ঠা. 450. ISBN 978-1-108-80327-4. https://books.google.com/books?id=KPZ-EAAAQBAJ&dq=panchamukhi+hanuman&pg=PA450.
  5. Five Heads and no tail: Hanuman and the popularization of Tantra by Philip Lutgendorf, 2001, International Journal of Hindu Studies, Vol. 5, No. 3, Page 269-296
  6. Hanumad Rahashyam with Hindi Commentary by Shivdutta Mishra Shastri, pp-130-133 | url=https://archive.org/details/wg989/page/n4/mode/1up
  7. Five Heads and no tail: Hanuman and the popularization of Tantra by Philip Lutgendorf, 2001, International Journal of Hindu Studies, Vol. 5, No. 3, Page 269-296
  8. Dalal, Roshen (2014-04-18) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin UK. পৃষ্ঠা. 526. ISBN 978-81-8475-277-9. https://books.google.com/books?id=zrk0AwAAQBAJ&dq=hanuman+mahiravan+five+faces&pg=PT526.
  9. Tripathy, Dr Preeti (2010) (en ভাষাত). Indian Religions: Tradition, History and Culture. Axis Publications. পৃষ্ঠা. 215. ISBN 978-93-80376-17-2. https://books.google.com/books?id=lixAAQAAIAAJ&q=patala+anjaneya.
  10. Murty, Sudha (2018-09-25) (en ভাষাত). The Upside-Down King: Unusual Tales about Rama and Krishna. Penguin Random House India Private Limited. পৃষ্ঠা. 89. ISBN 978-81-8475-417-9. https://books.google.com/books?id=e2puDwAAQBAJ&dq=panchamukha+five+heads&pg=PT89.
  11. Seth, Kailash Nath; Chaturvedi, B. K. (2000) (en ভাষাত). Gods And Goddesses Of India. Diamond Pocket Books (P) Ltd.. পৃষ্ঠা. 41. ISBN 978-81-7182-069-6. https://books.google.com/books?id=4ok0t6cs3BAC&dq=shiva+five+faces&pg=PA41.
  12. www.wisdomlib.org (2015-05-25). "Pancabrahma, Pañcabrahma, Panca-brahma: 5 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/pancabrahma আহৰণ কৰা হৈছে: 2022-12-06.
  13. Bonnefoy, Yves (1993-05-15) (en ভাষাত). Asian Mythologies. University of Chicago Press. পৃষ্ঠা. 51. ISBN 978-0-226-06456-7. https://books.google.com/books?id=r4I-FsZCzJEC&dq=brahma+five+faces&pg=PA51.
  14. Iyer, V. K. (2013-12-30) (en ভাষাত). 7 Steps to the Art of Tanjore Painting. Partridge Publishing. পৃষ্ঠা. 13. ISBN 978-1-4828-1161-2. https://books.google.com/books?id=_jmVAgAAQBAJ&dq=panchamukha+ganesha&pg=PT13.
  15. Chandra, Suresh (1998) (en ভাষাত). Encyclopaedia of Hindu Gods and Goddesses. Sarup & Sons. পৃষ্ঠা. 102. ISBN 978-81-7625-039-9. https://books.google.com/books?id=mfTE6kpz6XEC&dq=five+heads+gayatri&pg=PA102.
  16. Kalesar-Kalka stretch to be promoted for tourism Archived 2019-04-17 at the Wayback Machine, The Tribune, 18 jan 2019.
  17. "Diwali celebrations begin in Karachi Prayer services, ceremonies organised at temples across the city". Dawn. 27 December 2019. https://tribune.com.pk/story/2087907/diwali-celebrations-begin-karachi?amp=1.
  18. Rabia Ali (19 February 2012). "Recycling history: And all of Hanuman's men put this temple together again". Express Tribune. https://tribune.com.pk/story/338875/recycling-history-and-all-of-hanumans-men-put-this-temple-together-again?amp=1.