পঞ্চৈবাজা
অৱয়ব

পঞ্চৈবাজা হৈছে নেপালৰ পৰম্পৰাগত সংগীত যন্ত্ৰৰ সমষ্টি। সাধাৰণতে বিবাহ, পূজা-পাৰ্বণ, শোভাযাত্ৰা আদি ধৰ্মীয় অনুষ্ঠানত এই বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়। নেপালী সমাজত এই বাদ্যযন্ত্ৰসমূহ মূলত দামাই আৰু গাইনে জাতিৰ সংগীতজ্ঞসকলে বজায়।[1]
‘‘পঞ্চ’’ মানে ‘‘পাঁচ’’ আৰু ‘‘বাজা’’ মানে সংগীত-যন্ত্ৰ; সেইবাবে ইয়াক ‘‘পঞ্চৈবাজা’’ বোলা হয়। বানানৰ বিভিন্ন ৰূপ— ‘‘পঁচে বাজা’’, ‘‘পঞ্চাই বাজা’’, ‘‘পঁচাই বাজা’’ আদি।
উপাদান
[সম্পাদনা কৰক]
পঞ্চৈবাজাত সাধাৰণতে তলত দিয়া পাঁচবিধ মুখ্য যন্ত্ৰ থাকে—
- ঝালি
- ঢোলক — একপ্ৰকাৰৰ সৰু ঢোল
- দামাহা — একপ্ৰকাৰৰ ডাঙৰ ঢোল
- নাৰ্ছিংগা — C-আকৃতিৰ দীঘল বাঁহী
- শেহনাই — লোকবাঁহী
কিছুমান তথ্যত ‘‘ট্যম্কো’’, ‘‘ঢোলকি’’ আদি যন্ত্ৰৰ কথাও উল্লেখ আছে।[2] [3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hao Huang (1999). Music in the 20th century. M.E. Sharp. পৃষ্ঠা. 598. ISBN 978-0-7656-8012-9. https://books.google.com/books?id=2CkKAQAAMAAJ। আহৰণ কৰা হৈছে: 24 March 2012..
- ↑ "Instruments used in Panche baja". yeahnepal.com. 9 October 2015. Archived from the original on 21 November 2019. https://web.archive.org/web/20191121170713/http://yeahnepal.com/instruments-used-in-panche-baja#sthash.dV6PWvuN.dpbs। আহৰণ কৰা হৈছে: 14 November 2025.
- ↑ Tanka, Khadka C. (2004). The Culture, Tourism & Nature of Nepal. প্ৰকাশক Nepal: Folk Music Art Academy. ISBN 9789993388142. https://books.google.com/books?id=pW0wAQAAIAAJ&q=Panche+baja.