সমললৈ যাওক

পঞ্চৰথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
পঞ্চৰথ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
উদ্ধৃতি 249-001
ধৰ্মৰাজ ৰথ
ভীম ৰথ
অৰ্জুন ৰথ
নকুল-সহদেৱ ৰথ
দ্ৰৌপদী ৰথ

পঞ্চৰথ (পাঁচ ৰথ বা পাণ্ডৱ ৰথ বা আইন্থনাই কোভিল বুলিও কোৱা হয়) ভাৰততামিলনাডু ৰাজ্যৰ চেংগালপট্টু জিলাৰ বংগ উপসাগৰৰ ক'ৰ'মেণ্ডেল উপকূলৰ মহাবলীপুৰমত অৱস্থিত এটা কীৰ্তিচিহ্ন সংকলন। একক ভাৰতীয় শিল কটা স্থাপত্যৰ নিদৰ্শন হৈছে পঞ্চৰথ। প্ৰথমতে এই কমপ্লেক্সটো প্ৰথম ৰজা নৰসিংহবৰ্মান (৬৩০–৬৬৮ খ্ৰীষ্টাব্দ)ৰ ৰাজত্বকালত নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হৈছিল। কিন্তু নতুন শিলালিপিৰ আৱিষ্কাৰৰ লগে লগে নাগাস্বামীৰ দৰে ইতিহাসবিদসকলে মহাবলীপুৰমৰ সকলো কীৰ্তিচিহ্ন দ্বিতীয় নৰসিংহবৰ্মান (প্ৰায় ৬৯০ – ৭২৫ খ্ৰীষ্টাব্দ)ৰ বুলি কয়।[1] ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI) ৰ তত্বাৱধানত থকা এই কমপ্লেক্সটো ১৯৮৪ চনত ইউনেস্কোৱে মহাবলীপুৰমৰ কীৰ্তিচিহ্ন গোট হিচাপে লিপিবদ্ধ কৰা ইউনেস্কোবিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অংশ।[2]

পঞ্চৰথ কমপ্লেক্সৰ পাঁচটা কীৰ্তিচিহ্ন ৰথৰ দৰে আৰু প্ৰত্যেকটো ওখ গ্ৰেনাইটৰ একক শিলৰ ওপৰত নিৰ্মিত, উত্তৰ-দক্ষিণ দিশত অলপ হেলনীয়া।[3][4] যদিও কেতিয়াবা ভুলতে মন্দিৰ বুলিও কোৱা হয়, প্ৰথম নৰসিংহবৰ্মান মৃত্যুৰ পিছত কেতিয়াও সম্পূৰ্ণ নোহোৱাৰ বাবে এই অট্টালিকাবোৰ কেতিয়াও পূজাৰ বাবে উৎসৰ্গা কৰা হোৱা নাছিল৷[3][4][5] এই গঠনসমূহৰ নাম মহাভাৰতৰ পৰা বিখ্যাত পঞ্চপাণ্ডৱ আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীৰ নামেৰে ৰখা হৈছে।[2][4][6] আকাৰৰ ক্ৰমত ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, নকুল সহদেৱ ৰথ আৰু দ্ৰৌপদী ৰথ আদি অন্তৰ্ভুক্ত।

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

এই একক শিল্পকলাৰ নাম পাণ্ডৱ – অৰ্জুন, ভীম, যুধিষ্ঠিৰ ("ধৰ্মৰাজ"), নকুল আৰু সহদেৱ – আৰু দ্ৰৌপদীৰ নামেৰে ৰখা হৈছে। মহাভাৰত মহাকাব্যৰ বিখ্যাত চৰিত্ৰবোৰৰ লগত গঠনবোৰৰ কোনো সম্পৰ্ক নাই বাবে এই নামবোৰ ভুল বুলি গণ্য কৰা হয়। ইয়াৰো ধৰ্মীয় তাৎপৰ্য্য নাই, কিয়নো ইহঁত অসম্পূৰ্ণ আৰু পবিত্ৰ কৰা হোৱা নাই; ৰথৰ গুৰি আৰু ওপৰৰ অকাটা শিলৰ অংশবোৰ এতিয়াও দেখা যায়। এ এছ আইয়ে গাঁথনিসমূহৰ অসম্পূৰ্ণতা নিশ্চিত কৰি বিমান বুলি কোৱাৰ পৰামৰ্শ দিয়ে। অৱশ্যে পাণ্ডৱ নামটো স্থায়ী হৈ পৰিছে।[3][7][8][9]

এ এছ আইয়ে সেই স্থানত প্ৰদৰ্শিত এখন ফলক অনুসৰি পল্লৱ বংশই পূৰ্বৰ কাঠৰ ৰথৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি এই গঠনসমূহক শিলৰ কাটি ৰথ হিচাপে পৰিকল্পনা কৰিছিল।[9] প্ৰথম মহেন্দ্ৰবৰ্মান ৰজা আৰু তেওঁৰ পুত্ৰ প্ৰথম নৰসিংহবৰ্মানৰ ৰাজত্বকালত পঞ্চৰথ নিৰ্মাণ কৰা হৈছিল।৬৬৮ খ্ৰীষ্টাব্দত নৰসিংহবৰ্মানৰ মৃত্যুৰ পিছত এই পাঁচটা ৰথৰ কাম বন্ধ হৈ পৰিছিল।[5][10] গঠনসমূহ সম্পূৰ্ণ নোহোৱাৰ বাবে তেওঁলোকৰ নিৰ্মাণৰ উদ্দেশ্য জানিব পৰা হোৱা নাই। মহাবলীপুৰমৰ কীৰ্তিচিহ্ন গোটৰ অংশ হিচাপে ১৯৮৪ চনত ইউনেস্কোবিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে শ্ৰেণীভুক্ত কৰা হয়।[2]

কাঞ্চীপুৰম জিলাৰ বংগ উপসাগৰৰ কৰ’মেণ্ডেল উপকূলত মহাবলীপুৰম (পূৰ্বতে মমল্লপুৰম নামেৰে জনাজাত)ত অৱস্থিত এই স্থান। ই ৰাজধানী চহৰ চেন্নাই (পূৰ্বতে মাদ্ৰাজ নামেৰে জনাজাত)ৰ পৰা প্ৰায় ৩৫ মাইল (৫৬ কিলোমিটাৰ) দক্ষিণে অৱস্থিত,[7] আনহাতে চেংগলপট্টু প্ৰায় ২০ মাইল (৩২ কিলোমিটাৰ) দূৰত।[11] ইয়াত দেখা পোৱা নটা একক শিল কাটি লোৱা গঠনৰ অংশ এই গঠনসমূহ।[12]

স্থাপত্যশৈলী

[সম্পাদনা কৰক]

বিন্যাস

[সম্পাদনা কৰক]

পাঁচটা ৰথৰ প্ৰতিটোৱেই একো একোটা 'মোনোলিথ' বা একশিলা স্থাপত্য, যিবোৰ গুলপীয়া গ্ৰেনাইট পাথৰৰ একোটা স্তূপৰ পৰা খোদিত কৰি উলিওৱা হৈছে। এইবোৰ উত্তৰ-দক্ষিণ দিশত সামান্য ঢাল খোৱা এটা সাধাৰণ ভেটিৰ ওপৰত নিৰ্মাণ কৰা হৈছে। প্ৰতিটো ৰথৰে বিন্যাস বা নক্সা বেলেগ বেলেগ, যেনে— বৰ্গাকৃতি, আয়তাকাৰ বা অপছিডাল পৰিকল্পনা। ইয়াৰে আটাইতকৈ ডাঙৰটোৰ জোখ ৪২ x ৩৫ ফুট আৰু সৰ্বোচ্চ উচ্চতা ৪০ ফুট।[13]

প্ৰতিনিধিত্ব

[সম্পাদনা কৰক]

পঞ্চৰথসমূহে সেই সময়ৰ দ্ৰাবিড় স্থাপত্যৰ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। সম্ভৱতঃ এইবোৰৰ মূল নক্সা কাঠৰে নিৰ্মিত মন্দিৰৰ ৰথৰ আৰ্হিত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তামিলনাডুত নিৰ্মাণ কৰা বহু ডাঙৰ মন্দিৰৰ বাবে এইবোৰ আৰ্হি হিচাপে ব্যৱহাৰ কৰা হৈছিল।[6][14] বেছিভাগ ৰথৰে আৰ্হি বৌদ্ধ বিহাৰ আৰু চৈত্যসমূহৰ ওপৰত আধাৰিত বুলি কোৱা হয়।[10][13]

ইয়াৰ গাঁথনিগত নক্সা আৰু উচ্চতাত একক (একথলা) পৰা ত্ৰিগুণ (ত্ৰিথলা) টাৱাৰ বা গম্বুজ আছে, যিয়ে দক্ষিণ ভাৰতীয় দ্ৰাবিড় স্থাপত্যৰ এক অনন্য প্ৰদৰ্শনী দাঙি ধৰে। শিলৰ ভাস্কৰসকলে কৰা খোদাই কাৰ্য পাথৰৰ জোৰাবোৰত মাজে মাজে দেখিবলৈ পোৱা যায়। দেৱালবোৰ ক্ৰমানুসাৰে ভাগ কৰা হৈছে। এই দেৱালবোৰৰ প্ৰক্ষেপণ আৰু গহ্বৰবোৰে অগভীৰ পিলাষ্টাৰৰ এক সংহতিৰ দৰে ৰূপ দিছে। দেৱালত তৈয়াৰ কৰা কুলুংগীবোৰ আয়তাকাৰ আৰু ইয়াত দেৱ-দেৱী, অৰ্ধ-দেৱতা আৰু ৰজাসকলৰ মূৰ্তি খোদিত কৰা হৈছে। দেৱালৰ পিলাষ্টাৰবোৰত বক্ৰ ব্ৰেকেট আছে আৰু বাৰাণ্ডাৰ স্তম্ভবোৰে ওলমি থকা চালৰ কাষটোক আধাৰ প্ৰদান কৰে। ইয়াৰ ওপৰত মাজে মাজে দেৱ-দেৱীৰ ছবি খোদিত কৰা ধেনুভেৰীয়া খিৰিকী আছে। স্থাপত্যসমূহৰ চাৰিওফালে ওলমি থকা চালৰ ওপৰত সৰু আকাৰৰ সজোৱা চালৰ আৰ্হি দেখা যায়।[15]

সংৰক্ষণ

[সম্পাদনা কৰক]

গ্ৰেনাইট পাথৰৰ মজবুত গুণাগুণৰ বাবে ৰথসমূহ বৰ্তমানলৈকে ভালদৰে সংৰক্ষিত হৈ আছে। বংগোপসাগৰৰ নিৰন্তৰ লুণীয়া বতাহ আৰু ত্ৰয়োদশ শতিকা তথা ২০০৪ চনৰ ভয়ংকৰ ছুনামীৰ পাছতো এইবোৰ অটুট আছে।[2][4][9]

উল্লেখযোগ্য কীৰ্তিচিহ্নসমূহ

[সম্পাদনা কৰক]

ধৰ্মৰাজ ৰথৰ স্থাপত্যৰ বিশেষত্ব হ’ল ইয়াৰ পিৰামিড সদৃশ গঠন যি তিনিটা স্তৰত ওপৰলৈ উঠি গৈছে। এই ৰথখন বৰ্গাকৃতিৰ নক্সাৰে নিৰ্মিত। ইয়াৰ গাত হিন্দু দেৱতা হৰিহৰ, ব্ৰহ্মা, স্কন্দ, অৰ্ধনাৰীশ্বৰ আৰু ৰজা প্ৰথম নৰসিংহবৰ্মনৰ মূৰ্তি খোদিত কৰা হৈছে। ৰথখনৰ পূব দিশত থকা এক স্বকীয় খোদাই হ’ল নিজৰ বাহন 'ঐৰাৱত'ৰ ওপৰত বহি থকা ইন্দ্ৰৰ মূৰ্তি। ইয়াৰ লগতে এই ৰথৰ কাষৰ মুকলি ঠাইত একশিলা পাথৰৰ এক স্বতন্ত্ৰ নন্দীৰ মূৰ্তিও আছে। ইয়াৰ পিছৰটো হ’ল অৰ্জুন ৰথ, যিটো ধৰ্মৰাজ ৰথৰ সৈতে প্ৰায় একে আৰু ইয়াৰ মুখভাগ অতি সুন্দৰকৈ সজোৱা হৈছে। ইয়াৰ পিছতে আছে আয়তাকাৰ নক্সাৰ ভীম ৰথ, যাৰ দুয়োটা দীঘল দিশত সিংহৰ মূৰ্তি সম্বলিত চাৰিটা স্তম্ভযুক্ত গেলেৰী আছে।

ইয়াৰ পিছৰ ৰথখন হ’ল নকুল সহদেৱ ৰথ। ই এক সৰল নক্সাৰে নিৰ্মিত আৰু ইয়াৰ কক্ষবোৰত কোনো অতিৰিক্ত কাৰুকাৰ্য নাই। এই ৰথৰ কাষৰ মুকলি ঠাইত হাতীৰ এটা বিশাল একশিলা মূৰ্তি স্থাপন কৰা হৈছে। শাৰীৰ একেবাৰে শেষত থকা ৰথখন হ’ল দ্ৰৌপদী ৰথ, যিটো দেখিবলৈ গাঁৱৰ খেৰী ঘৰৰ দৰে এক বৰ্গাকৃতিৰ গাঁথনি। এই মন্দিৰটোৰ ভিতৰত মাতৃ দেৱী দুৰ্গাৰ এক ফ্ৰেস্কো বা দেৱালচিত্ৰ আছে।[12][16]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. M. T. Saju (May 17, 2015). "Rediscovery of ancient transcript says Mamalla monuments were built by Rajasimha | Chennai News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/chennai/rediscovery-of-ancient-transcript-says-mamalla-monuments-were-built-by-rajasimha/articleshow/47314450.cms আহৰণ কৰা হৈছে: 2021-11-28.
  2. 1 2 3 4 "Group of Monuments at Mahabalipuram". United Nations Educational Scientific and Cultural OrganizationUNESCO World Heritage Convention. https://whc.unesco.org/en/list/249/ আহৰণ কৰা হৈছে: 2007-02-08.
  3. 1 2 3 Five Rathas, Plaque at the site, Archaeological Survey of India, Chennai Circle
  4. 1 2 3 4 "Pancha Rathas, Mamallapuram". Archaeological Survey of India. http://www.art-and-archaeology.com/india/mamallapuram/mam01.html আহৰণ কৰা হৈছে: 23 October 2012.
  5. 1 2 "Mahabalipuram". UCLA Education, South Asia. http://www.sscnet.ucla.edu/southasia/Culture/Archit/Mahaba.html আহৰণ কৰা হৈছে: 30 December 2012.
  6. 1 2 "The Rathas, monolithic [Mamallapuram"]. Online Gallery of the British Library. http://www.bl.uk/onlinegallery/onlineex/apac/photocoll/t/019pho0000472s1u00027000.html আহৰণ কৰা হৈছে: 19 February 2013.
  7. 1 2 Gunther, Michael D.. "Pancha Rathas, Mamallapuram". art-and-archaeology.com. http://www.art-and-archaeology.com/india/mamallapuram/mam01.html আহৰণ কৰা হৈছে: 23 October 2012.
  8. Ring, Trudy; Watson, Noelle; Schellinger, Paul (12 November 2012). Asia and Oceania: International Dictionary of Historic Places. Taylor & Francis. পৃষ্ঠা. 554–555, 912–. ISBN 978-1-884964-04-6. https://books.google.com/books?id=vWLRxJEU49EC&pg=PA912 আহৰণ কৰা হৈছে: 3 January 2013.
  9. 1 2 3 "World Heritage Sites – Mahabalipuram: Group of Monuments Mahabalipuram (1984), Tamil Nadu". Archaeological Survey of India by National Informatics Centre. http://asi.nic.in/asi_monu_whs_mahabalipuram.asp আহৰণ কৰা হৈছে: 30 December 2012.
  10. 1 2 "Rock Cut Architecture". culturalindia.net. Archived from the original on 10 February 2006. https://web.archive.org/web/20060210113338/http://www.culturalindia.net/indian-architecture/ancient-architecture/rock-cut.html আহৰণ কৰা হৈছে: 30 December 2012.
  11. Ayyar, P. V. Jagadisa (1982). South Indian Shrines: Illustrated. Asian Educational Services. পৃষ্ঠা. 157–. ISBN 978-81-206-0151-2. https://books.google.com/books?id=NLSGFW1uZboC&pg=PA157 আহৰণ কৰা হৈছে: 7 February 2013.
  12. 1 2 "A monumental effort". Front Line India's National Magazine from the publishers of The Hindu. 8 November 2003. http://www.flonnet.com/fl2023/stories/20031121000107100.htm আহৰণ কৰা হৈছে: 30 December 2012.
  13. 1 2 Sharma, Dr. K.K.; Jain, Dr. Amit Rai (2019). Cave temples of India. প্ৰকাশক New Delhi: Kitabwale. পৃষ্ঠা. 82. ISBN 978-93-85754-64-7.
  14. "Pancha Rathas". Art-and-Archaeology.com. http://www.art-and-archaeology.com/india/mamallapuram/mam01.html আহৰণ কৰা হৈছে: 11 January 2012.
  15. Michell 1977, পৃষ্ঠা. 132.
  16. Schreitmüller, Karen; Dhamotharan, Mohan; Szerelmy, Beate (2012). Baedeker India. Baedeker. পৃষ্ঠা. 589–. ISBN 978-3-8297-6622-7. https://books.google.com/books?id=bGgf_LkeG2kC&pg=PA589.