পডণ্টিয়া কনগ্ৰেগেটা
| পডণ্টিয়া কনগ্ৰেগেটা | |
|---|---|
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | পডণ্টিয়া |
| প্ৰজাতি: | প. কনগ্ৰেগেটা |
| দ্বৈৰাশিক নামকৰণ | |
| পডণ্টিয়া কনগ্ৰেগেটা জে. এচ. বেলি, ১৮৬৫ | |
পডণ্টিয়া কনগ্ৰেগেটা বা পাত-খোৱা পখিলা বা পোক (ইংৰাজী:Podontia congregata) হ’ল পশ্চিমঘাট পৰ্বতমালাৰ এবিধ থলুৱা ফ্লী বিটল প্ৰজাতি। প্ৰাপ্তবয়স্ক পোকবোৰৰ এলাইট্ৰা হালধীয়া ৰঙৰ, য’ত ক’লা আৰু বগা দাগ থাকে, আৰু ইহঁতৰ প্ৰণ’টামকমলা ৰঙৰ। ১৮৬৫ চনত ইংৰাজ কীটতত্ত্ববিদ জে. এচ. বেলি-য়ে এক অজ্ঞাত উৎসৰ নমুনাৰ ওপৰত ভিত্তি কৰি এই প্ৰজাতিটোৰ বৰ্ণনা দিছিল আৰু দ্বি-পদ নামকৰণ কৰিছিল। [1]
পডণ্টিয়া কনগ্ৰেগেটা এ গাৰ্চিনিয়া গামি-গাটা গছৰ পাত খায় বুলি জনা যায়। ইহঁতে পোষক গছজোপাৰ পাতত, ঘাইকৈ পাতৰ তলৰ পিঠিত কমলা ৰঙৰ থূপাকাৰ কণী পাৰে। এনচাইৰটিড পৰিয়ালৰ Ooencyrtus keralensis নামৰ এবিধ পখিলা বা মাখিৰ প্ৰজাতিয়ে ইহঁতৰ কণীবোৰ পৰজীৱীত কৰে বুলি জনা যায়।[2]
প্ৰায় এসপ্তাহৰ ভিতৰত কণীৰপৰা পলু ওলায় আৰু প্ৰথম অৱস্থাত পাতৰ পৃষ্ঠভাগ চাঁচি খায়, কিন্তু পাছৰ পৰ্যায়ত পাত কাটি খাবলৈ লয়। পলুবোৰে নিজৰ মল-মূত্ৰৰে গাটো ঢাকি ৰাখে, যাৰ ফলত ইহঁতক চৰাইৰ বিষ্ঠাৰ দৰে দেখা যায়। প্ৰায় তিনি সপ্তাহৰ ভিতৰত ইহঁতে কোমল মাটিৰ উপৰিভাগত লেটা পৰ্যায়লৈ ৰূপান্তৰিত হয়। ইহঁতে নিজৰ চাৰিওফালে বোকাৰ এটা আৱৰণ বা কোকুন তৈয়াৰ কৰি লয়।
আন তিনি সপ্তাহৰ পাছত প্ৰাপ্তবয়স্ক পোকবোৰ ওলাই আহে, আৰু ইহঁতৰ সমগ্ৰ জীৱনচক্ৰ ৪৯ ৰপৰা ৫৩ দিনৰ ভিতৰত সম্পূৰ্ণ হয়। গৱেষণাগাৰৰ পৰিৱেশত প্ৰাপ্তবয়স্ক পোকবোৰ প্ৰায় ৩ ৰপৰা ৪ মাহ পৰ্যন্ত জীয়াই থাকে। প্ৰাপ্তবয়স্ক পোকবোৰে পাতৰ উপৰিভাগ খায়। ইহঁতক আমনি কৰিলে পাতৰপৰা সৰি পৰে আৰু কেতিয়াবা জঁপিয়াই দিয়ে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Baly, J.S. (1865). "Descriptions of new genera and species of Galerucidae.". Annals and Magazine of Natural History; Zoology, Botany, and Geology খণ্ড 5: 403–410. https://www.biodiversitylibrary.org/page/22249347.
- ↑ Hayat, Mohammad; Prathapan, K. D. (2010). "A new species of Ooencyrtus (Hymenoptera: Encyrtidae), parasitoid in the eggs of Podontia Congregata (Coleoptera: Chrysomelidae) from India" (en ভাষাত). Oriental Insects খণ্ড 44 (1): 35–39. doi:10.1080/00305316.2010.10417604. ISSN 0030-5316. https://www.tandfonline.com/doi/abs/10.1080/00305316.2010.10417604.
- ↑ Prathapan, Kaniyarikkal; Chaboo, Caroline (2011). "Biology of Blepharida-group flea beetles with first notes on natural history of Podontia congregata Baly, 1865 an endemic flea beetle from southern India (Coleoptera, Chrysomelidae, Galerucinae, Alticini)". ZooKeys (157): 95–130. doi:10.3897/zookeys.157.1472. ISSN 1313-2970. PMID 22303106.