সমললৈ যাওক

পথেৰ পাঁচালী (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পথেৰ পাঁচালী  
লেখক বিভূতিভূষণ বন্দ্যোপাধ্যায়
দেশ ভাৰত
ভাষা বাংলা
প্ৰকাৰ বিয়োগান্তক, পাৰিবাৰিক কাহিনি
প্ৰকাশক ৰঞ্জন প্ৰকাশলয়
প্ৰকাশ ১৩৩৬ বঙ্গাব্দ (১৯২৯ খ্ৰি)
পৃষ্ঠা সংখ্যা ২৪০
পৰৱৰ্তী অপৰাজিত
পথেৰ পাঁচালিৰ ৰেকৰ্ডিঙত ৰবিশঙ্কৰৰ সৈতে‍ সত্যজিৎ ৰায়

পথেৰ পাঁচালী[1] প্ৰখ্যাত বাঙালী সাহিত্যিক বিভুতিভূষণ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত এখন বিখ্যাত উপন্যাস। এই উপন্যাসখন বংগৰ এখন গাঁৱত দুই ভাই-ভনী অপু আৰু দুৰ্গা ডাঙৰ-দীঘল হোৱাৰ বিখ্যাত কাহিনী। এই উপন্যাসখনৰ শিশু সংস্কৰণৰ নাম আম আঁটিৰ ভেঁপু। পৰৱৰ্তী সময়ত বিখ্যাত বাঙালী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ে এই উপন্যাসখনৰ আধাৰত পথেৰ পাঁচালী নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল যিখন বিশ্ববিখ্যাত হৈ পৰিছিল।[2]

সমগ্ৰ উপন্যাসখন তিনিটা ভাগত বিভক্ত আৰু মুঠ পঁয়ত্ৰিশটা অধ্যায় আছে। খণ্ড তিনিটা যথাক্ৰমে বল্লালী বালাই (পৰিচ্ছেদ ১-৬; ইন্দিৰ ঠাকৰূনৰ বৰ্ণনা দিয়া হৈছে‍), আম-আঁটিৰ ভেঁপু (পৰিচ্ছেদ ৭-২৯; অপু-দুৰ্গাৰ একেলগে ডাঙৰ-দীঘল হোৱা, চঞ্চল শৈশৱ, দুৰ্গাৰ মৃত্যু, অপুৰ সপৰিবাৰে কাশীযাত্ৰা চিত্ৰিত কৰা হৈছে‍) আৰু অক্ৰূৰ সংবাদ (পৰিচ্ছেদ ৩০-৩৫; অপুহঁতৰ কাশীজীৱন, হৰিহৰৰ মৃত্যু, সৰ্বজয়াৰ কামৰ বাবে‍ কাশীত্যাগ আৰু পৰিশেষত নিশ্চিন্দিপুৰলৈ উভতি অহাৰ কাহিনী বৰ্ণিত কৰা হৈছে‍)।

প্ৰকাশনৰ ইতিহাস

[সম্পাদনা কৰক]

বিভুতিভূষণ বন্দ্যোপাধ্যায়ে বিহাৰৰ ভাগলপুৰত থকাৰ সময়তে পথেৰ পাঁচালী ৰচনা কৰিছিল। সেই সময়ত তেওঁ খেলাত ঘোষ এষ্টেটৰ মেনেজাৰ হিচাপে কাম কৰি আছিল। কামৰ সময়ত বন লিজত দিবলৈ ভাগলপুৰ জিলাৰ বনাঞ্চললৈ‍ যাবলগীয়া হৈছিল। ১৯২৫ চনৰ এপ্ৰিল মাহত তেওঁ ভাগলপুৰৰ ‘বড়বাসা’ত পথেৰ পাঁচালীৰ ৰচনা কাম আৰম্ভ কৰে। প্ৰথমতে তেওঁ এই উপন্যাসখনৰ দুৰ্গাৰ চৰিত্ৰটোৰ কথা ভবা নাছিল। ভাগলপুৰত এদিন বিয়লি‍ তেওঁ এগৰাকী গাঁৱলীয়া ছোৱালী দেখা পালে‍। ছোৱালীজনীৰ তেল নিদিয়া ৰুক্ষ চুলিখিনি বতাহত উৰি আছিল। এই ছোৱালীজনীক দেখিয়েই তেওঁ দুৰ্গা চৰিত্ৰটো কল্পনা কৰে। ‘বড়বাসা’ত থকাৰ সময়তে ১৯২৮ চনৰ ২৬ এপ্ৰিলত উপন্যাসখনৰ পাণ্ডুলিপি সম্পূৰ্ণ কৰি লগে লগে উপেন্দ্ৰনাথ গংগোপাধ্যায়ৰ সম্পাদনাত প্ৰকাশিত মাহেকীয়া আলোচনী বিচিত্ৰাত প্ৰকাশৰ বাবে প্ৰেৰণ কৰে। উক্ত আলোচনীখনৰ দ্বিতীয় বৰ্ষৰ প্ৰথম সংখ্যাৰ পৰা (১৯২৮-২৯) উপন্যাসখন অবিৰতভাৱে প্ৰকাশ পাইছিল। মন কৰিবলগীয়া যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ উপন্যাস যোগাযোগ (১৯২৭-২৮) এই সময়ত বিচিত্ৰাত অবিৰতভাৱে প্ৰকাশ হৈ আছিল। ১৯২৯ চনৰ ছেপ্টেম্বৰ মাহত সজনীকান্ত দাসে ৰঞ্জন প্ৰকাশনালয়ৰ পৰা পথেৰ পাঁচালী গ্ৰন্থাকাৰে প্ৰকাশ কৰিছিল।[3] ১৯৩২ চনত সজনীকান্ত দাসে এমাহৰ ব্যৱধানত দুভাগত অপৰাজিত উপন্যাসখন প্ৰকাশ কৰে (মাঘ-ফালগুন, ১৩৩৮ বঙ্গাব্দ)। বিতৰক আছিল বিখ্যাত কিতাপ বিক্ৰেতা পি. চি. সৰকাৰ। দুটা খণ্ডত প্ৰকাশ পোৱাৰ পাছত একেলগে এটা খণ্ডত অপৰাজিত প্ৰকাশ পায়। আলোচনীত প্ৰকাশিত ৰচনাৰ সৈতে‍ গ্ৰন্থাকাৰে প্ৰকাশিত পথেৰ পাঁচালী আৰু অপৰাজিত উপন্যাসৰ পাঠত কিছু পাৰ্থক্য দেখা যায়। অপৰাজিত প্ৰকাশৰ প্ৰায় ত্ৰিশ বছৰৰ পাছত বিভুতিভূষণৰ পুত্ৰ তাৰাদাস বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত এই ধাৰাবাহিকখনৰ তৃতীয়খন উপন্যাস কাজল (আহাৰ, ১৩৭৭ বঙ্গাব্দ) প্ৰকাশ পায়। মনোজ বসু আৰু শচীন্দ্ৰনাথ মুখোপাধ্যায়ে বেংগল পাব্লিচাৰ্ছৰ বিভাজনৰ পাছত মুঠ চাৰিটা প্ৰকাশন প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। মনোজ বসুৱে বেংগল পাব্লিচাৰ্ছ আৰু গ্ৰন্থপ্ৰকাশ নামৰ দুটি‍ প্ৰকাশন প্ৰতিষ্ঠান আৰম্ভ কৰিছিল আৰু শচীন্দ্ৰনাথ মুখোপাধ্যায়ে প্ৰকাশভৱন আৰু বাকসাহিত্য নামৰ দুটি‍ প্ৰকাশন প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। মনোজ বসুৰ পুত্ৰ ময়ূখ বসুৱে গ্ৰন্থপ্ৰকাশৰ পৰা পথেৰ পাঁচালী, অপৰাজিত আৰু কাজল এই তিনিখন উপন্যাস একেলগে অপু (নতুন ছপা, ফাগুন, ১৩৮৭ বঙ্গাব্দ) নামে‍ৰে প্ৰকাশ কৰে।[4] এইখনেই আছিল বিভুতিভূষণৰ প্ৰথম প্ৰকাশিত উপন্যাস।[5]

হৰিহৰ ৰায়, বৰ ভাল ব্ৰাহ্মণ নহয়, নিশ্চিন্দিপুৰ গাঁৱত থাকে। হৰিহৰ ৰায়ৰ দূৰ সম্পৰ্কীয় আত্মীয় ইন্দিৰা ঠাকুৰে হৰিহৰৰ ঘৰত আশ্ৰয় লৈছিল। তেওঁ এগৰাকী বৃদ্ধ বিধৱা, যাক চোৱা-চিতা কৰাৰ বাবে কোনো নাছিল। কিন্তু হৰিহৰৰ পত্নী সৰ্বজয়া আছিল এগৰাকী বদমেজাজী মহিলা, যিয়ে‍ ইন্দিৰাক সহ্য কৰিব নোৱাৰিছিল। গতিকে বুঢ়ীক থাকিবলৈ এটা জুপুৰি দিয়া হ'ল। কিন্তু সৰ্বজয়াৰ ছবছৰীয়া কন্যা দুৰ্গাই ইন্দিৰা ঠাকুৰক বৰ ভাল পাইছিল আৰু তেওঁৰ লগত ঘণ্টাৰ পাছত ঘণ্টা বহি সাধুকথা শুনিছিল।

কিছুদিন পাছত সৰ্বজয়াৰ এটি‍ পুত্ৰ সন্তান জন্ম হয়। দুৰ্গাই সৰ্বজয়াতকৈ ইন্দিৰাক বেছি ভাল পায় বুলি অনুভৱ কৰি সৰ্বজয়াই ইন্দিৰা ঠাকুৰক ঈৰ্ষা কৰে। সেয়ে সৰু কথাতে ইন্দিৰা ঠাকুৰক নিৰ্মমভাৱে জুপুৰিৰ পৰা উলিয়াই দিয়া হ’ল। অসহায় বৃদ্ধাই মৃত্যুৰ মুহূৰ্তত আশ্ৰয় বিচাৰি কাতৰ অনুৰোধ কৰে, কিন্তু সৰ্বজয়াই হৃদয়হীনভাৱে নাকচ কৰে আৰু বুঢ়ীয়ে চাউলৰ গুদামত শেষ নিঃশ্বাস ত্যাগ কৰে।

চাৰি-পাঁচ বছৰৰ পাছত সৰ্বজয়াৰ পুত্ৰ অপু প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু ৰহস্যৰ প্ৰতি অতি কৌতুহলী আৰু সংবেদনশীল হৈ পৰিল। সি আৰু তাৰ ভনীয়েক দুৰ্গা সদায় নতুন দুঃসাহসিক অভিযানৰ বাবে ওলাই যায়, যেনে হাবিত বিচৰণ কৰা, জনজাতীয় খেলত অংশগ্ৰহণ কৰা আৰু গোপনে ফুল আৰু ফল গছৰ পৰা ছিঙে৷ অপু গাঁৱৰ স্কুলত ভৰ্তি হয় য’ত গাঁৱৰ বহু বয়োজ্যেষ্ঠ লোক গোট খাই বিভিন্ন বিষয়ত কথা পাতি সময় অতিবাহিত কৰিছিল৷ এদিন অপুক দেউতাকে তেওঁৰ এজন মক্কেলৰ ঘৰলৈ লৈ গ’ল। অপুৱে‍ প্ৰথমবাৰৰ বাবে বাহিৰৰ জগতখনৰ আভাস পালে আৰু তেওঁৰ মনটো আনন্দ আৰু উত্তেজনাৰে ভৰি উঠিল৷ গাঁৱৰ উৎসৱ, মেলা, যাত্ৰা আদিয়ে গাঁৱৰ জীৱনৰ একঘেয়ামী প্ৰৱাহে জীৱনলৈ‍ বৈচিত্ৰ্য আৰু উত্তেজনা আনে। অস্থিৰ অথচ সম্পূৰ্ণ নিৰীহ ছোৱালী দুৰ্গাৰ হঠাৎ মৃত্যু হয়, যাৰ ফলত সমগ্ৰ পৰিয়ালটো শোকত ভাগি পৰে আৰু সৰু ভায়েক অকলশৰীয়া হৈ পৰে। হাহাকাৰ অৱস্থাৰ মাজতে বহুদিন ঘৰ এৰি হৰিহৰে জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম কৰবলগীয়া হয়। ঘৰলৈ উভতি অহাৰ পিছত হৰিহৰে নিছিন্দিপুৰ এৰি যোৱাৰ সিদ্ধান্ত ল’লে। সকলো বস্তু-বাহানি‍ গোটাই তেওঁলােক ৰেলৱে ষ্টেচনলৈ গ’ল। ৰেলগাড়ীত উঠিয়েই তেওঁলোকে নিজৰ সকলো সুখ-দুখৰ স্মৃতি চিৰদিনৰ বাবে এৰি থৈ যায়।

পথেৰ পাঁচালী ১৯৬০ চনত প্ৰথমবাৰৰ বাবে একে নামেৰে তেলেগু ভাষাত অনূদিত আৰু প্ৰকাশিত হয়। ইয়াৰ অনুবাদ কৰিছিল মাডিপাতলা ছুৰীয়ে। পাছলৈ অৰ্থাৎ ১৯৮৬ চনত চিন্থা লক্ষ্মী সিংহৰাচিয়ে ইয়াক সিংহলীলৈ মাৱাতে গীতা বুলি অনুবাদ কৰি প্ৰকাশ কৰে। শ্ৰীলংকাত ই অতি জনপ্ৰিয় হৈ পৰিছিল আৰু একেজন অনুবাদকে অপু ত্ৰিলজীৰ আন দুখন গ্ৰন্থৰো অনুবাদ সম্পূৰ্ণ কৰিছিল।

'পথেৰ পাঁচালী' মালয়ালম ভাষাত 'পথেৰ পাঁচালী - পাথায়ুউদয় সঙ্গীতম' নামে অনূদিত হয় আৰু ২০০৯ চনৰ এপ্ৰিল মাহত গ্ৰীন বুকছ প্ৰাইভেট লিমিটেড, ত্ৰিচুৰৰ পৰা প্ৰকাশিত হয়।

টি ডব্লিউ ক্লাৰ্ক আৰু তাৰাপাদা মুখোপাধ্যায়ে ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক গ্ৰন্থৰ অংশ হিচাপে উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰে আৰু ১৯৬৮ চনত ইণ্ডিয়ানা ইউনিভাৰ্চিটি প্ৰেছে প্ৰকাশ কৰে।[6] ১৯৭৬ চনত উপন্যাসখনৰ এক সংক্ষিপ্ত অনুবাদ কে ৰয় আৰু মাৰ্গাৰেট চট্টোপাধ্যায়ে প্ৰকাশ কৰিছিল।

উপন্যাসখনৰ এক অভিযোজনা ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত বিবিচি ৰেডিঅ' ৪-ত "ধ্ৰুপদী ধাৰাবাহিক" হিচাপে সম্প্ৰচাৰ কৰা হয়।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. পথেৰ পাঁচালী, অক্সফোৰ্ড বিশ্ববিদ্যালয় প্ৰেস, আই.এচ.বি.এন. 0-19-565709-8
  2. "পথেৰ পাঁচালী". http://bn.banglapedia.org/index.php/%E0%A6%AA%E0%A6%A5%E0%A7%87%E0%A6%B0_%E0%A6%AA%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%BE%E0%A6%B2%E0%A7%80। আহৰণ কৰা হৈছে: 5 June 2025. 
  3. ৰবিনসন, অ্যাণ্ড্ৰু (1989). Satyajit Ray: The Inner Eye. ক্যালিফোৰ্নিয়া বিশ্ববিদ্যালয় প্ৰেস. ISBN 978-0-520-06946-6. https://archive.org/details/satyajitrayinner00robi_0. 
  4. বাংলা উপন্যাসে ট্ৰিলজি, অৰুণকুমাৰ মুখোপাধ্যায়, পুস্তক বিপণি, কলকাতা, ১৯৯৯, পৃ. ১১-১২, ১৪
  5. Encyclopaedia of Indian literature. সাহিত্য আকাদেমি. 2008-11-27. ISBN 81-260-1803-8. https://books.google.com/?id=ObFCT5_taSgC&pg=PA364&dq=bibhutibhushan#PPA365,M1. 
  6. "Pather Panchali. Song of the Road". অ্যালেন এবং আনউইন - ইউনেস্কো (এবং ইণ্ডিয়ানা বিশ্ববিদ্যালয় প্ৰেস, ব্লুমিংটন এবং লণ্ডন). 2015-09-13. http://www.unesco.org/culture/lit/rep/pop.php?fnc=record&lng=en_GB&record=5563. 
  7. "Pather Panchali--Song of the Road". ব্ৰিটিশ ব্ৰডকাষ্টিং কৰ্পোৰেশন. 3 March 2013. http://www.bbc.co.uk/programmes/b01qx0cg.