সমললৈ যাওক

পদ্মনাভ বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্মনাভ বৰদলৈ
পৃষ্ঠভূমি
জন্ম ২৪ আগষ্ট, ১৯৮৮ (৩৭ বছৰ)
গুৱাহাটী, অসম, ভাৰত
সংগীতৰ ধৰণ ভাৰতীয় শাস্ত্ৰীয় সংগীত, অসমীয়া লোকগীত, পাশ্চাত্য সংগীত, নেপথ্য গায়ক
পেচা নেপথ্য গায়ক, সংগীত পৰিচালক, গীতিকাৰ, সংগীত ব্যৱস্হাপক
বাদ্যযন্ত্ৰ কণ্ঠ
লেবেল বিভিন্ন

পদ্মনাভ বৰদলৈ এজন ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।[1] তেওঁ অসমীয়া, হিন্দী, নেপালী, বাংলা, মাৰাঠী আৰু ইংৰাজী ভাষাত গীত গাইছে। তেওঁৰ প্ৰথম হিন্দী সৃষ্টি তেৰি জ' বাতেঁ হ্যে ৰ বাবে গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি বঁটাৰ নন-ফিল্ম শাখাত মনোনয়ন লাভ কৰিছিল.[2][3] এই শাখাত মনোনয়ন লাভ কৰা পদ্মনাভ, অংগৰাগ মহন্তৰ পিছৰ দ্বিতীয়জন অসমীয়া ব্যক্তি।[4]

জীৱনৰ আৰম্ভণিৰ সময়

[সম্পাদনা কৰক]

পদ্মনাভ বৰদলৈৰ ১৯৮৮ চনৰ ২৪ আগষ্টত গুৱাহাটীত জন্ম হয়। তেওঁ প্ৰয়াত বিপুল শৰ্মা আৰু প্ৰণিতা শৰ্মাৰ পুত্ৰ। তেওঁ হিন্দুস্তানী ক্লাচিকেল আৰু পাশ্চাত্য সংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ইণ্ডিয়ান আইডলৰ প্ৰথমজন অসমীয়া ফাইনেলিষ্ট পদ্মনাভ পিছলৈ জি টিভি সাৰেগামাপাৰ ফাইনেলিষ্ট হৈছিল [6] তেওঁৰ প্ৰথম অসমীয়া একক কণ্ঠৰ এলবাম ধ্বনি ২০১০ চনত মুক্তি দিয়া হৈছিল। তেওঁ এজন গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে তেওঁৰ দ্বি-ভাষিক এলবাম ৰাস্তে (আলিবাট)ৰ সৈতে আত্মপ্ৰকাশ কৰিছিল।[7]

সন্মান আৰু প্ৰাপ্তি

[সম্পাদনা কৰক]
  • চ'নী টিভিৰ ইণ্ডিয়ান আইডল চিজন-৩ৰ প্ৰতিযোগী হোৱা উত্তৰ পূৰ্ৱৰ প্ৰথমজন ব্যক্তি
  • জীটিভিৰ সা ৰে গা মা পা ২০১২-ৰ প্ৰথম ৮ ফাইনেলিষ্ট
  • আকাশবাণীৰ ২০০৪ চনত অনুজ্ঞাপ্ৰাপ্ত সুগম সংগীত/আধুনিক গীতৰ কণ্ঠশিল্পী
  • ২০০৮ চনৰ Young Achievers Award প্ৰাপ্ত
  • তেৰি জ' বাতেঁ হ্যে ৰ বাবে গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি বঁটাৰ নন-ফিল্ম শাখাত মনোনয়ন লাভ
  • Ramdhenu Viewers Choice Awards 2016ত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ

ডিস্ক'গ্ৰাফী

[সম্পাদনা কৰক]
  •  ধ্বনি (২০১০)
  • ৰাস্তে (আলিবাট) (২০১৪)
  • দিহিং দিচাং ডিমৰু (২০১৬)
  • তেৰি জ' বতেঁ হ্যে'
  • আগুৱাই যাওঁ আমি
  • দিলকশী
  • বিহু মাৰোঁগৈ আহ
  • জোনাকে বিচাৰে
  • অ' বোলো ৰৈ যা
  • ৰুমঝুম
  • বগাকৈ ধুনীয়া (দ্বৈত কণ্ঠৰ গীত)
  • আই এম ইন লাভ (অসমীয়া আধুনিক গীত)
  • তুমি পুৱাৰ ৰ'দালি (আৱাহন থিয়েটাৰ ২০১২)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Padmanav Bordoloi Concert in UK". assamtimes.org. Archived from the original on 2016-11-25. https://web.archive.org/web/20161125174850/http://www.assamtimes.org/node/3117 আহৰণ কৰা হৈছে: 2016-11-25.
  2. "Non-Film Nominees". GIMA. GIMA. http://www.gima.co.in/non-film-nominations.php আহৰণ কৰা হৈছে: 2016-11-24.
  3. "Padmanav Bordoloi Nominated for GIMA 2016". Guwahati. vibesnortheast.in. Archived from the original on 2020-01-03. https://web.archive.org/web/20200103061806/http://vibesnortheast.in/2016/03/19/padmanav-bordoloi-nominated-for-gima-2016/ আহৰণ কৰা হৈছে: 2017-03-06.
  4. "Padmanav Bordoloi nominated for Gobal Indian Music Academy Award". Guwahati. The North-East Today. Archived from the original on 2016-11-25. https://web.archive.org/web/20161125061455/http://thenortheasttoday.com/padmanav-bordoloi-nominated-for-global-indian-music-academy-award/ আহৰণ কৰা হৈছে: 2016-11-24.
  5. "Padmanav Bordoloi Concert in UK". assamtimes.org. Archived from the original on 2016-11-25. https://web.archive.org/web/20161125174850/http://www.assamtimes.org/node/3117 আহৰণ কৰা হৈছে: 2016-11-25.
  6. "In Conversation with a man with golden voice :Padmanav Bordoloi". kaustabhbchakraborty.blogspot.in. http://kaustabchakraborty.blogspot.in/2015/06/inconversation-with-man-with-golden.html?m=1 আহৰণ কৰা হৈছে: 2016-11-26.
  7. "Padmanav Bordoloi releases his first Bihu xuriya album dihing disang dimoru". Guwahati. Magical Assam. http://www.magicalassam.com/2016/04/padmanav-bordoloi-releases-his-first-bihu-xuriya-album-dihing-disang-dimoru.html.