পদ্মাৱতী (অশোকৰ পত্নী)
| পদ্মাৱতী (অশোকৰ পত্নী) | |
|---|---|
| ৰাণী
| |
| ৰাজত্ব | প্ৰায় 268 BCE – প্ৰা. 232 BCE |
| দাম্পত্য সঙ্গী | অশোক (m. 268 BCE) |
| সন্তান | |
| কুণাল | |
| সম্পূৰ্ণ নাম | |
| পদ্মাৱতী | |
| ধৰ্ম | জৈন ধৰ্ম |
ৰাণী পদ্মাৱতী মহান মৌৰ্য সম্ৰাট অশোকৰ তৃতীয় পত্নী আছিল।[1] সম্ৰাট অশোকৰ উত্তৰাধিকাৰী হিচাপে বিবেচিত কুণালৰ মাতৃ আছিল তাই। কুণাল আছিল সম্ৰাট অশোকৰ স্বাভাৱিক উত্তৰাধিকাৰী, কিন্তু তেওঁৰ সৎমাতা তিষ্যৰক্ষিতাই তেওঁৰ সৰু বয়সতে চকু নষ্ট কৰিছিল। কুণাল সৰু থাকোঁতেই মাতৃ পদ্মাৱতীৰ মৃত্যু হৈছিল, আৰু অশোকৰ মুখ্য মহাৰাণী অশন্ধিমিত্ৰাই তেওঁক নিজৰ পুত্ৰ জলুকাৰ দৰে লালন-পালন কৰিছিল। আন কিছু তথ্য মতে, পিছত কুনালক লালন-পালনৰ বাবে অশোকৰ আনগৰাকী পত্নী মহাৰাণী দেৱীৰ ওচৰলৈ পঠিওৱা হয়। খ্ৰীষ্টপূৰ্ব ২৮০ চনত কুণালৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। লগতে, পদ্মাৱতী আছিল সম্প্ৰতিৰ আইতা।[2] অৱশ্যে কুণাল অন্ধ হোৱা বাবে অশোকে তেওঁৰ নাতি সম্প্ৰতিক উত্তৰাধিকাৰী ঘোষণা কৰিছিল। অশোকে হিন্দু ধৰ্ম পালন কৰাৰ বিপৰীতে পদ্মৱতীয়ে জৈন ধৰ্ম পালন কৰিছিল। অশোকৰ তিনিজনী পত্নীৰ ভিতৰত তাই আছিল মহাৰাণী। পদ্মাৱতীৰ মৃত্যুৰ পিছত ৰাণী দেৱী মহাৰাণী হয়।
অধিক পঢ়ক
[সম্পাদনা কৰক]- Singh, Upinder (2008) (en ভাষাত). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. Pearson Education India. ISBN 9788131716779. https://books.google.co.in/books?id=Pq2iCwAAQBAJ.
- Lahiri, Nayanjot (2015) (en ভাষাত). Ashoka in Ancient India. Harvard University Press. ISBN 9780674057777. https://books.google.co.in/books?id=bJ_XCgAAQBAJ.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Singh 2008, পৃষ্ঠা. 332.
- ↑ Lahiri 2015, পৃষ্ঠা. 284.