পদ্মা লক্ষ্মী
| পদ্মা লক্ষ্মী | |
|---|---|
লক্ষ্মী, ২০১৭ চনত | |
| জন্ম | পদ্মা পাৰ্বতী লক্ষ্মী বৈদ্যনাথন ০১ ছেপ্টেম্বৰ, ১৯৭০ (৫৫ বছৰ) মাদ্ৰাজ, তামিলনাডু, ভাৰত |
| নাগৰিকত্ব | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষা | ক্লাৰ্ক বিশ্ববিদ্যালয় (স্নাতক) |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৯২–বৰ্তমান |
| দাম্পত্যসঙ্গী | চলমান ৰুশ্বদি (বি. ২০০৪; বিবি. ২০০৭) |
| সন্তান | ১ |
| 'Modeling information' | |
| Height | ৫ ফুট ৯ ইঞ্চি (১.৭৫ মিটাৰ)[1] |
| Hair color | ক’লা[1] |
| Eye color | মটিয়া[1] |
| ৱেবছাইট | |
| www | |
পদ্মা পাৰ্বতী লক্ষ্মী (জন্ম নাম: বৈদ্যনাথন; জন্ম ১ ছেপ্টেম্বৰ, ১৯৭০) এগৰাকী আমেৰিকান টেলিভিছন আয়োজক, মডেল, লেখিকা, উদ্যোগী, কৰ্মী আৰু প্ৰযোজক। তেওঁ ব্ৰাভো ৰন্ধন প্ৰতিযোগিতা কাৰ্যসূচী টপ চেফ (২০০৬–২০২৩) আয়োজন কৰি বিশিষ্টতা লাভ কৰে। লক্ষ্মী হৈছে ২০২০ চনত হুলুত প্ৰিমিয়াৰ হোৱা টেষ্ট দ্য নেশ্বন উইথ পদ্মা লক্ষ্মী নামৰ ডকুচেৰীখনৰ সৃষ্টিকৰ্তা, আয়োজক আৰু কাৰ্যবাহী প্ৰযোজক। এই দুখন ধাৰাবাহিকৰ সৈতে তেওঁৰ কামৰ বাবে, এগৰাকী কাৰ্যবাহী প্ৰযোজক আৰু আয়োজক হিচাপে, তেওঁ ১৬টা প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
ভাৰতত জন্মগ্ৰহণ কৰা লক্ষ্মী শিশুকালত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰৱাস কৰে। টেলিভিছন ক্ষেত্ৰত কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰিছিল। তেওঁ পাঁচখন গ্ৰন্থ ৰচনা কৰিছে— দুখন ৰন্ধনপুথি ইজি একজটিক আৰু টেঙি, টাৰ্ট, হট এণ্ড ছুইট; এখন বিশ্বকোষধৰ্মী গ্ৰন্থ দ্য এনচাইক্লোপিডিয়া অৱ স্পাইচেছ এণ্ড হাৰ্বছ: এন এছেনশিয়েল গাইড টু দ্য ফ্লেভাৰ্ছ অৱ দ্য ৱৰ্ল্ড; এখন আত্মজীৱনীমূলক গ্ৰন্থ লাভ, লছ, এণ্ড হোৱাট উই এইট; আৰু এখন শিশু গ্ৰন্থ টোমেট’জ ফ’ৰ নীলা, যাক জুৱানা মাৰ্টিনেজ-নীল অলংকৃত কৰিছে। শেষৰ দুখন গ্ৰন্থ দ্য নিউ ইয়ৰ্ক টাইমছৰ বেষ্ট ছেলাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। লক্ষ্মীয়ে পাঁচটা ভিন্ন ব্যৱসায় প্ৰতিষ্ঠা কৰি উৎপাদন আৰু বিক্ৰী সম্পাদন কৰিছে। তেওঁ ২০০৯ চনত এণ্ড’মেট্ৰিঅ’ছিছ ফাউণ্ডেশ্যন অৱ আমেৰিকা সহ-প্ৰতিষ্ঠা কৰিছিল। তেওঁক ২০১৯ চনত সংযুক্ত ৰাষ্ট্ৰ উন্নয়ন কাৰ্যসূচীৰ সদিচ্ছা দূত হিচাপে নিযুক্তি দিয়া হয়। ২০২৩ চনত তেওঁ টাইম আলোচনীৰ বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]লক্ষ্মীৰ সম্পূৰ্ণ নাম পদ্মা পাৰ্বতী লক্ষ্মী বৈদ্যনাথন। তেওঁ ১ ছেপ্টেম্বৰ, ১৯৭০ চনত মাদ্ৰাজ চহৰত জন্মগ্ৰহণ কৰে, যাক ১৯৯৬ চনৰপৰা চেন্নাই নামেৰে জনা যায়। এই চহৰখন ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত।[2][3] তেওঁৰ মাতৃ বিজয়া লক্ষ্মী অৱসৰপ্ৰাপ্ত অনক’লজি নাৰ্ছ।[4][5] ১৯৭১ চনত তেওঁৰ পিতৃ-মাতৃ পৃথক হয় আৰু পাছবছৰ তেওঁলোকৰ বিবাহ-বিচ্ছেদ ঘটে। তাৰ পিছত বিজয়া একেলগে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰৱাস কৰে। লক্ষ্মীয়ে প্ৰথমে মাতৃকুলৰ দেউতা-আইতাৰ সৈতে বাস কৰিছিল আৰু দুবছৰ পাছত মাতৃৰ ওচৰলৈ যায়।
লক্ষ্মীয়ে নিউ ইয়ৰ্ক চহৰৰ কুইন্স অঞ্চলত বাস কৰিছিল,[6][7] তাৰ পিছত সৎপিতৃ আনন্দ প্ৰসাদ (ফিজি-জন্ম ভাৰতীয় বংশোদ্ভূত) আৰু মাতৃৰ সৈতে লছ এঞ্জেলেছ কাউণ্টিৰ লা পুৱেণ্টে চহৰলৈ স্থানান্তৰিত হয়।[8][9] কৈশোৰত তেওঁ ভাৰতীয় পৰিচয়ৰ বাবে উপহাস আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল বুলি উল্লেখ কৰিছে, যাৰ ফলত তেওঁ “অভ্যন্তৰীণ আত্ম-অবজ্ঞা”ৰ সৈতে সংগ্ৰাম কৰিছিল।[10]
১৪ বছৰ বয়সত লক্ষ্মীক তিনি সপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু পিছলৈ তেওঁক ষ্টিভেন্স–জনছন ছিণ্ড্ৰ’ম নামৰ দুৰ্লভ ৰোগ ধৰা পৰে। চিকিৎসালয়ৰপৰা ৰিলিজ পোৱাৰ দুদিন পাছত তেওঁ মালিবু চহৰত এক গাড়ী দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, যাৰ ফলত তেওঁৰ সোঁ কঁকাল ভাঙি যায় আৰু সোঁ বাহুৰ ওপৰ অংশ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।[11] অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ কঁকাল আৰু বাহুৰ মাজত প্ৰায় সাত ইঞ্চি দীঘল দাগ ৰৈ যায়।[7][12]
লক্ষ্মীয়ে ১৯৮৮ চনত উইলিয়াম ৱাৰ্কম্যান হাই স্কুলৰপৰা উত্তীৰ্ণ হয়।[9][13] ১৯৯২ চনত তেওঁ ক্লাৰ্ক বিশ্ববিদ্যালয়ৰপৰা থিয়েটাৰ আৰ্টছ আৰু আমেৰিকান সাহিত্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[14][15]
২০১৮ চনত দ্য নিউ ইয়ৰ্ক টাইমছত প্ৰকাশিত এখন প্ৰবন্ধত লক্ষ্মীয়ে প্ৰকাশ কৰে যে ১৬ বছৰ বয়সত তেওঁ তেতিয়াৰ প্ৰেমিকৰদ্বাৰা ধৰ্ষিত হৈছিল, যদিও তেওঁ এই ঘটনা আৰক্ষীক জনোৱা নাছিল। তেওঁ লিখিছে যে সাত বছৰ বয়সত সৎ-ককায়েকৰদ্বাৰা যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত বিষয়টো জনোৱাৰ বাবে তেওঁক এ বছৰলৈ ভাৰতলৈ পঠিয়াই দিয়া হৈছিল। সেয়ে তেওঁ দীঘলীয়া সময় নীৰৱ আছিল। পিছলৈ তেওঁ লিখে যে তেওঁ এতিয়া ক’বলৈ আৰম্ভ কৰিছে যাতে ভবিষ্যৎ প্ৰজন্মৰ ছোৱালীবিলাকে এই ভয় আৰু লজ্জাৰ অভিজ্ঞতা নাপায়।[16]
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ মাতৃক সন্মান জনোৱাৰ উদ্দেশ্যে নিজৰ নাম চৰকাৰীভাৱে পদ্মা পাৰ্বতী লক্ষ্মী হিচাপে স্থিৰ কৰে।[4][17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 "About Padma Lakshmi". India Forumsindiaforums.com. https://www.indiaforums.com/person/padma-lakshmi_9550/about/। আহৰণ কৰা হৈছে: 16 January 2025.
- ↑ "Padma Lakshmi". TV Guide. http://www.tvguide.com/celebrities/padma-lakshmi/279465। আহৰণ কৰা হৈছে: April 21, 2014.
- ↑ Neha Tara Mehta (October 24, 2010). "Padma a secret in Rushdie memoir". India Today. https://www.indiatoday.in/movies/story/padma-a-secret-in-rushdie-memoir-84434-2010-10-23। আহৰণ কৰা হৈছে: January 3, 2011.
- 1 2 Olito, Frank. "10 things you didn't know about 'Top Chef's' Padma Lakshmi". Business Insiderbusinessinsider.com. https://www.businessinsider.com/top-chef-padma-lakshmi-facts-2021-10। আহৰণ কৰা হৈছে: 16 January 2025.
- ↑ Young, Julius (September 2, 2020). "Padma Lakshmi celebrates 50th birthday with bikini snap, reflects on 'year of misery and elation'". Fox News. https://www.foxnews.com/entertainment/padma-lakshmi-celebrates-50th-birthday-bikini-snap-misery-elation.
- ↑ Lakshmi, Padma (host) (June 18, 2020). "Don't mind if I Dosa". Taste the Nation with Padma Lakshmi. Season 1. Episode 3. Hulu.
- 1 2 Padma Lakshmi, Model, Actor And TV Host, Says Above All, She's A Writer. Interview. July 6, 2020. https://www.freshair.com/segments/padma-lakshmi-model-actor-and-tv-host-says-above-all-shes-writer। আহৰণ কৰা হৈছে: April 29, 2025.
- ↑ Wrightson, Erica Zora (January 5, 2023). "How Padma Lakshmi's stepdad became the curry leaf king of California". Los Angeles Times. https://www.latimes.com/food/story/2023-01-05/padma-lakshmi-stepdad-grows-curry-leaves-at-los-angeles-county-farm.
- 1 2 Yamato, Jen; Shyong, Frank. "Padma Lakshmi". Los Angeles Times (Podcast).
- ↑ Hauser, Christine (March 9, 2016). "Padma Lakshmi Opens Up About Rushdie in Memoir". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2016/03/10/arts/padma-lakshmi-opens-up-about-rushdie-in-memoir.html.
- ↑ "Letter From New York". Vanity Fair (s 566–568). 2007.
- ↑ Cartner-Morley, Jess (April 8, 2006). "The unlikely wife of Salman Rushdie Padma Lakshmi talks to Jess Cartner-Morley". The Guardian. ISSN 0261-3077. https://www.theguardian.com/lifeandstyle/2006/apr/08/fashion.salmanrushdie.
- ↑ "Padma Lakshmi." In Newsmakers. Vol. 2. Detroit, MI: Gale, 2012. Gale In Context: Biography (accessed July 17, 2020).
- ↑ Salerno, Jane (August 16, 2012). "Padma Power". Clark Universityclarknow.clarku.edu. Archived from the original on 14 December 2024. https://web.archive.org/web/20241214012122/https://clarknow.clarku.edu/2012/08/15/padma-power/। আহৰণ কৰা হৈছে: 16 January 2025.
- ↑ "Padma Lakshmi Actor, Writer, Producer, EndoFound Founder". Endometriosis Foundation of Americaendofound.org. https://www.endofound.org/-/padma-lakshmi। আহৰণ কৰা হৈছে: 16 January 2025.
- ↑ Padma Lakshmi (September 25, 2018). "I was raped at 16 and I kept silent.". The New York Times. https://www.nytimes.com/2018/09/25/opinion/padma-lakshmi-sexual-assault-rape.html.
- ↑ @PadmaLakshmi. "Brown, proud and voting loud!! !! Immigrants make this country great. Vote no for bigotry and yes to love vs hate!". https://twitter.com/PadmaLakshmi/status/796031308745113600। আহৰণ কৰা হৈছে: January 17, 2025. Missing or empty |date= (help)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত পদ্মা লক্ষ্মী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- পদ্মা লক্ষ্মী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- ৰ'টেন টমাট'জ ৱেবছাইটত পদ্মা লক্ষ্মী।