সমললৈ যাওক

পদ্মিনী দেবী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্মিনী দেবী
হেৰ ৰয়েল হাইনেছ জয়পুৰৰ ৰাজমাতা পদ্মিনী দেৱী

পত্নীৰ সৈতে জয়পুৰৰ ভৱানী সিং
পূৰ্বসূৰী গায়ত্ৰী দেৱী
দাম্পত্য সঙ্গী ভৱানী সিং
সন্তান
দিয়া কুমাৰী
মাতৃ ইন্দিৰা দেৱী
পিতৃ ৰাজেন্দ্ৰ প্ৰকাশ
ধৰ্ম হিন্দু ধৰ্ম

পদ্মিনী দেবী [1] (ইংৰাজী: : Padmini Devi জন্ম: ২১ ছেপ্তেম্বৰ ১৯৪৩), যি গৰাকীক জন্মৰ সময়ত ছিৰমুৰৰ ৰাজকুমাৰী পদ্মিনী দেবী হিচাপে জনা গৈছিল, তেওঁ বৰ্তমান জয়পুৰৰ উপাধিসূচক ৰাজমাতা।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জাতিগতভাৱে ছিৰমুৰৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁৰ পিতৃ বৰ্তমান হিমাচল প্ৰদেশত থকা ছিৰমুৰৰ মহাৰাজা ৰাজেন্দ্ৰ প্ৰকাশ ১৯৩৩–১৯৬৪ চনলৈকে ছিৰমুৰৰ শাসক আছিল।[2] তেওঁৰ মাতৃ আছিল পালিতানাৰ মহাৰাজা ঠাকোৰ বাহাদুৰসিংহজী মানসিংহজীৰ কন্যা ইন্দিৰা দেৱী।[2] মুছুৰীত কনভেণ্টৰ শিক্ষা লাভ কৰে আৰু তাৰ পিছত লণ্ডন আৰু চুইজাৰলেণ্ডৰ ফিনিচিং স্কুলত সময় কটায়।[2][3]

তেওঁ অধ্যক্ষ হিচাপে মহাৰাজা ছাৱাই মান সিং দ্বিতীয় সংগ্ৰহালয়ৰ মুৰব্বী।[4] ৰাজস্থানৰ জয়পুৰৰ জনসাধাৰণৰ সামাজিক কাৰ্যকলাপ আৰু কল্যাণৰ প্ৰতি তেওঁ তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
জয়পুৰৰ মহাৰাজ আৰু মহাৰাণী

পদ্মিনী দেবীয়ে ১৯৬৬ চনৰ ১০ মাৰ্চত দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভৱানী সিংক বিয়া কৰায়। ভৱানী সিং, জয়পুৰৰ মহাৰাজা ছাৱাই মান সিং দ্বিতীয় আৰু তেওঁৰ প্ৰথম পত্নী মহাৰাণী মাৰুধৰ কানোৱাৰৰ জ্যেষ্ঠ পুত্ৰ ।[3]

তেওঁলোকৰ একমাত্ৰ সন্তান গৰাকী হ’ল কন্যা দিয়া কুমাৰী[5][6] দিয়া কুমাৰী বিদ্যাধৰ নগৰ সংসদীয় আসনৰ পৰা ভাৰতীয় সংসদৰ সদস্য আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।[2][7] সম্প্ৰতি ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী।

নাতি-নাতিনী

[সম্পাদনা কৰক]

পদ্মিনী দেবী আৰু ভৱানী সিংৰ একমাত্ৰ সন্তান ৰাজকুমাৰী দিয়া কুমাৰীয়ে সাধাৰণ পৰিয়ালৰ ব্যক্তি মহাৰাজা নৰেন্দ্ৰ সিঙৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিজন সন্তান জন্ম হয়। এই সন্তান তিনিজন যথাক্ৰমে; জয়পুৰৰ মহাৰাজা পদ্মনাভ সিং, তেওঁ বৰ্তমান জয়পুৰৰ উপাধি ৰজা আৰু এজন প্ৰতিষ্ঠিত প'লো খেলুৱৈ, দ্বিতীয় গৰাকী হ’ল জয়পুৰৰ ৰাজকুমাৰী গৌৰৱী কুমাৰী, যি এগৰাকী নাৰীবাদী লগতে পিডিকেএফৰ সাধাৰণ সম্পাদক আৰু তৃতীয় জন হ’ল মহাৰাজা লক্ষ্যৰাজ প্ৰকাশ সিং, তেওঁ ছিৰমুৰৰ উপাধি ৰজা। সেই ছিৰমুৰ য'ৰ পৰা ৰাজমাতা পদ্মিনী দেৱীৰ জন্ম হৈছিল । ৰাজমাতা পদ্মিনী দেৱী এই তিনিতা সন্তানৰ ল’ৰা-ছোৱালীবোৰৰ আইতা হৈ পৰিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Inside Maharani Padmini Devi of Jaipur's 75th birthday celebrations" (en-IN ভাষাত). Vogue India. https://www.vogue.in/content/inside-rajmata-padmini-devi-of-jaipurs-75th-birthday-celebrations। আহৰণ কৰা হৈছে: 2022-05-04. 
  2. 2.0 2.1 2.2 2.3 Brentnall, Mark (2004). The Princely and Noble Families of the Former Indian Empire: Himachal Pradesh. প্ৰকাশক India: Indus Publishing. পৃষ্ঠা. 49. ISBN 9788173871634. 
  3. 3.0 3.1 "Durga Diya Enterprises - Padmani Devi". 2009-01-23. Archived from the original on 2009-01-23. https://web.archive.org/web/20090123044234/http://royalfamilyjaipur.com/index.php?option=com_content&task=view&id=18। আহৰণ কৰা হৈছে: 2022-05-04. 
  4. 4.0 4.1 "The Royal Family : Present – Royal Jaipur- Explore the Royal Landmarks in Jaipur". royaljaipur.in. Archived from the original on 2023-09-27. https://web.archive.org/web/20230927010948/https://royaljaipur.in/index.php/the-royal-family/। আহৰণ কৰা হৈছে: 2022-05-04. 
  5. "Our Leadership | Princess Diya Kumari Foundation". princessdiyakumarifoundation.org. https://princessdiyakumarifoundation.org/our_leadership.php। আহৰণ কৰা হৈছে: 2022-05-04. 
  6. "Members : Lok Sabha". loksabhaph.nic.in. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=5209। আহৰণ কৰা হৈছে: 2022-05-04. 
  7. "Royal family member Diya Kumari wins Rajsamand seat by over 5 lakh votes" (en ভাষাত). Zee News. 2019-05-23. https://zeenews.india.com/lok-sabha-general-elections-2019/erstwhile-royal-family-member-diya-kumari-wins-rajsamand-seat-by-over-5-lakh-votes-2205718.html। আহৰণ কৰা হৈছে: 2022-05-04.