সমললৈ যাওক

পদ্ম ইয়াংচান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
 ভাৰতীয় ৰাষ্ট্ৰপতিৰ পৰা মহিলাই বঁটা লাভ
পদ্ম ইয়াংচানে নাৰি শক্তিপুৰস্কাৰ লাভ কৰিলে ৰামনাথ কোবিন্দ

পদ্ম ইয়াংচান ইংৰাজী: : Padma Yangchan ;লাডাখৰ এগৰাকী ভাৰতীয় উদ্যোগী। ফেশ্বন ডিজাইনাৰ হিচাপে প্ৰশিক্ষণ লৈছিল ৷ নামজা কৌট্যুৰ আৰু নামজা ডাইনিঙৰ স্বত্বাধিকাৰী আৰু লাডাখৰ থলুৱা শিল্প আৰু শিল্পকলাৰ লগতে খাদ্যৰ ক্ষেত্ৰতো পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিচিত। তেওঁৰ সাফল্যৰ স্বীকৃতি স্বৰূপে নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে ।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

পদ্ম ইয়াংচানৰ জন্ম হৈছিল প্ৰায় ১৯৯১ চনত উত্তৰ ভাৰতৰ লাডাখত। তেওঁ লেডী শ্ৰী ৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু দিল্লী আৰু লণ্ডনৰ পৰা ফেশ্বন ডিজাইনিং পাঠ্যক্ৰম কৰে। দিল্লী, লণ্ডন আৰু মুম্বাইৰ বিখ্যাত মেগজিনৰ সৈতে কাম কৰাৰ পিছত লাডাখলৈ উভতি যায়।[1][2] ব্যৱসায়িক অংশীদাৰ জিগমেট ডিস্কেটৰ সৈতে ইয়াংচানে ২০১৬ চনত কাপোৰ কোম্পানী নামজা ক'টুৰ স্থাপন কৰে।[1] ইয়াত পৰম্পৰাগত স্থানীয় বস্ত্ৰ যেনে পশমিনা আৰু ভেড়া (লাডাখী: নাম্বু), (লাডাখী: খুলু) য়াক আৰু উটৰ পৰা উল ব্যৱহাৰ কৰি হাতেৰে নিৰ্মিত জেকেট আৰু কেপ তৈয়াৰ কৰা হয়।[3][1] ডিস্কেটে পিঁয়াজ, সূৰ্য্যমুখী আৰু গোলাপ ফুল ব্যৱহাৰ কৰি নিজাকৈ ৰং প্ৰস্তুত কৰে।[4]

২০১৯ চনত লণ্ডন ফেশ্বন উইকত এই কাপোৰৰ ৰেঞ্জ প্ৰদৰ্শিত হৈছিল।[5] লেহত নামজাৰ এটা ষ্ট'ৰ আছে যিয়ে উচ্চমানৰ ক্যুট্যুৰ বিক্ৰী কৰে আৰু লগতে লাডাখৰ লাডাখী সংস্কৃতি, পৰম্পৰা আৰু হেৰুৱা পুৰণি খাদ্যৰ অভিজ্ঞতাও কিউৰেট কৰিছে।[5][2] ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত তেওঁৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তিৰ সন্মান লাভ কৰে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]