পদ্ম দেশাই
| পদ্ম দেশাই | |
|---|---|
২০১৫ চনত দেশাই | |
| জন্ম | ১২ অক্টোবৰ, ১৯৩১ চুৰাট, বম্বে প্ৰেচিডেঞ্চি, বৃটিছ ভাৰত |
| মৃত্যু | ২৯ এপ্ৰিল, ২০২৩ (৯১ বছৰ) |
| নাগৰিকত্ব |
|
| দাম্পত্যসঙ্গী | জগদীশ ভাগৱতী |
| সন্তান | ১ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্ম ভূষণ (২০০৯) |
| শৈক্ষিক পটভূমি | |
| মাতৃশিক্ষানুষ্ঠান |
|
| প্ৰভাৱিত হৈছে | |
| শৈক্ষিক কৰ্ম | |
| শাখা | উন্নয়ন অৰ্থনীতি |
| প্ৰতিষ্ঠানসমুহ | কলম্বিয়া বিশ্ববিদ্যালয় (১৯৯২–২০২৩) |
পদ্ম দেশাই (ইংৰাজী: Padma Desai); ছোভিয়েট আৰু ভাৰতীয় ঔদ্যোগিক নীতিৰ বৃত্তিৰ বাবে পৰিচিত পদ্ম দেশাই ২০০৯ চনত পদ্ম ভূষণ বঁটা লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ট্ৰেঞ্জিচন ইকনমিজৰ সঞ্চালক আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰেচিডেন্সিৰ চুৰাটত গুজৰাটী অনাল ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল দেশাই। তেওঁৰ পিতৃ-মাতৃ শান্ত আৰু কালিদাস সাহিত্যৰ অধ্যাপক আছিল আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।[1] তাইৰ তিনিজন ভাই-ভনী আছিল।[1]
দেশায়ে বি.এ. (অৰ্থনীতি) ১৯৫১ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা, আৰু ১৯৫৩ চনত একেখন বিশ্ববিদ্যালয়ৰপৰা এম.এ.(অৰ্থনীতি) ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৬০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা পি.এইচ.ডি.লাভ কৰে।[2][1] তেওঁ অৰ্থনীতিবিদ আলেকজেণ্ডাৰ গেৰ্চেনক্ৰন আৰু ৰবাৰ্ট ছ'ল'ৰদ্বাৰা প্ৰভাবিত হয়। পি এইচ ডি কৰি থকাৰ সময়তে ড° হাৰ্ভাৰ্ডত তেওঁ আমেৰিকান এছ’চিয়েচন অৱ ইউনিভাৰ্চিটি উইমেনৰ ফেলো আছিল। [3]
কৰ্মজীৱন
[সম্পাদনা কৰক]দেশায়ে হাৰ্ভাৰ্ডৰ অৰ্থনীতি বিভাগত (১৯৫৭–১৯৫৯) নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, তাৰ পিছত ১৯৫৯ চনৰপৰা ১৯৬৮ চনলৈকে দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অৱ ইকনমিক্সত অৰ্থনীতিৰ সহযোগী অধ্যাপিকা আছিল। [2]
১৯৬৮ চনত দেশাইৰ ভৱিষ্যত স্বামী তথা অৰ্থনীতিবিদ জগদীশ ভাগৱতীৰ সহযোগত লিখা ভাৰত: প্লেনিং ফৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন গ্ৰন্থ ভাৰতৰ ঔদ্যোগিক পৰিকল্পনা ব্যৱস্থাৰ এক প্ৰভাৱশালী সমালোচনা আছিল। [1] এই কামে ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক উদাৰীকৰণক প্ৰভাবিত কৰিছিল।[1] সেই সময়ত ভাৰতত প্ৰচলিত লাইচেন্স ৰাজ আৰু কমাণ্ড ইকনমিক নীতিৰ বিৰোধী আছিল এই গ্ৰন্থখন। [1]
দেশাই ১৯৮০ চনত কলম্বিয়া বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯২ চনৰ নৱেম্বৰ মাহত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ তুলনামূলক অৰ্থনৈতিক ব্যৱস্থাৰ গ্লেডিছ আৰু ৰ’লেণ্ড হেৰিমেনৰ অধ্যাপিকা হয় আৰু তাৰ পিছত বিশ্ববিদ্যালয়খনৰ চেণ্টাৰ ফৰ ট্ৰেঞ্জিচন ইকনমিজৰ সঞ্চালিকা হয় [2][4]
দেশাইৰ গৱেষণাৰ ভিতৰত আছিল ছোভিয়েট অৰ্থনীতি, বিশেষকৈ কমাণ্ড অৰ্থনীতি আৰু ইয়াৰ সম্পদৰ ভুল আবণ্টনৰ অধ্যয়ন। তেওঁ অৰ্থনীতিবিদ আলেকজেণ্ডাৰ গেৰ্চেনক্ৰন আৰু ৰবাৰ্ট ছ’ল’ৰ অধ্যয়ন সম্প্ৰসাৰিত কৰিছিল, ছোভিয়েট অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ মন্থৰতা পৰীক্ষা কৰিছিল আৰু প্ৰযুক্তিৰপৰা উৎপাদনশীলতা লাভৰ ক্ষেত্ৰত পুঁজিৰ অৱদানৰ পাৰ্থক্য কৰিছিল। তেওঁৰ গ্ৰন্থ পেৰেষ্ট্ৰইকা ইন প্ৰগ্ৰেছ (১৯৮৯)ত তেওঁ কমাণ্ড ইকনমিত সম্পদৰ ভুল আবণ্টন আৰু তাৰ ফলত হোৱা লোকচান আৰু খণ্ডসমূহৰ মাজত হোৱা লোকচানৰ বিষয়ে অধ্যয়ন কৰিছিল।[1] ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত তেওঁ ৰাছিয়াৰ অৰ্থনীতিৰ বিষয়ে অধ্যয়ন কৰি আমেৰিকাৰ নীতি নিৰ্ধাৰকসকলক প্ৰশিক্ষণ দি ৰাছিয়াৰ অৰ্থনৈতিক নীতিৰ ওপৰত পৰামৰ্শ দিছিল।[1] ১৯৯৫ চনৰ গ্ৰীষ্মকালত ৰাছিয়াৰ বিত্ত মন্ত্ৰ্যালয়ৰ আমেৰিকাৰ কোষাগাৰৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।[5]
দেশাই ২০০১ চনত এছ'চিয়েচন ফৰ কম্পাৰেটিভ ইকনমিক ষ্টাডিজৰ সভাপতি আছিল। [5] ২০০৯ চনত ভাৰত চৰকাৰে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰে [6]
দেশায়ে ২০১২ চনত তেওঁৰ স্মৃতিগ্ৰন্থ "ব্ৰেকিং আউট: এণ ইণ্ডিয়ান উইমেনছ আমেৰিকান জাৰ্নি" প্ৰকাশ কৰে [7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]
দেশাইৰ বিবাহ হৈছিল জগদীশ ভাগৱতীৰ সৈতে, যিজনো ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু আইন বিভাগৰ অধ্যাপক আছিল; দম্পতীহালৰ এগৰাকী ছোৱালী আছিল। ১৯৫৬ চনত তেওঁক প্ৰথম লগ পাইছিল।[1] ১৯৬০ চনত তেওঁলোক দুয়োজনেই দিল্লী স্কুল অৱ ইকনমিক্সৰ অধ্যাপক আছিল।[1] তেওঁলোকে পুনৰ বিবাহপাশত আবদ্ধ হ'বলৈ চেষ্টা কৰে যদিও ভাৰতত বিবাহ বিচ্ছেদৰ কঠোৰ আইন থকাৰ বাবে দেশাই ১৯৬৯ চনলৈকে প্ৰথম স্বামীক বিবাহ বিচ্ছেদ কৰিব নোৱাৰিলে, তেতিয়ালৈকে তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে (ভাৰতত ধৰ্মান্তৰকৰণ বিবাহ বিচ্ছেদৰ ভিত্তি আছিল)।[1] ভাগৱতী আৰু দেশাই মেক্সিকোত বিবাহপাশত আবদ্ধ হয়।[1]
২০২৩ চনৰ ২৯ এপ্ৰিলত ৯১ বছৰ বয়সত দেশাইৰ মৃত্যু হয়। [8][9]
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- ব্ৰেকিং আউট: এণ ইণ্ডিয়ান উইমেনছ আমেৰিকান জাৰ্নি" Viking, 2012. আই.এচ.বি.এন. 9780670085781.
- From Financial Crisis to Global Recovery. HarperCollins, 2012. আই.এচ.বি.এন. 9789350295823.
- Conversations on Russia: Reform from Yeltsin to Putin. Oxford University Press, 2006. আই.এচ.বি.এন. 9780195300611.
- Financial Crisis, Contagion, and Containment: From Asia to Argentina. Princeton University Press, 2003. আই.এচ.বি.এন. 9780691113920.
- Work Without Wages: Russia's Non-Payment Crisis, with Todd Idson. MIT Press, 2001. আই.এচ.বি.এন. 9780262041843.
- Going Global: Transition from Plan to Market in the World Economy, Editor. MIT Press, 1997. আই.এচ.বি.এন. 9780262041614.
- The Soviet Economy: Problems and Prospects. Blackwell, 1990. আই.এচ.বি.এন. 9780631171836
- Perestroika in Perspective: The Design and Dilemmas of Soviet Reform. I B Tauris & Co, 1989. আই.এচ.বি.এন. 9781850431411.
- Bokaro Steel Plant: A Study of Soviet Economic Assistance. North-Holland, 1972. আই.এচ.বি.এন. 9780720430653.
- India: Planning for Industrialization (with Jagdish Bhagwati). 1968. আই.এচ.বি.এন. 9780192153340
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 "Padma Desai, economist, 1931–2023". Financial Times. May 6, 2023. https://www.ft.com/content/f7da279a-28e6-455d-9036-69973921c113.
- ↑ 2.0 2.1 2.2 "Curriculum Vitae of Padma Desai". Columbia University. Archived from the original on January 25, 2012. https://web.archive.org/web/20120125072202/http://www.columbia.edu/~pd5/Padma%20Desai%20CV%20February%202011.pdf। আহৰণ কৰা হৈছে: December 4, 2025.
- ↑ "Padma Desai (1931–2023): Influential academic, a thinker ahead of her times" (en ভাষাত). The Indian Express. May 5, 2023. https://indianexpress.com/article/opinion/columns/padma-desai-1931-2023-influential-academic-a-thinker-ahead-of-her-times-8592209/। আহৰণ কৰা হৈছে: May 7, 2023.
- ↑ "Padma Desai". Department of Economics, Columbia University. http://econ.columbia.edu/padma-desai.
- ↑ 5.0 5.1 "Padma Desai" (en-US ভাষাত). American Academy. https://www.americanacademy.de/person/padma-desai/। আহৰণ কৰা হৈছে: May 6, 2023.
- ↑ "Padma Awards Directory (1954–2009)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/LST-PDAWD.pdf.
- ↑ "Random truths in common things". Business Line. May 4, 2012. http://www.thehindubusinessline.com/opinion/books/article3384137.ece.
- ↑ "In Memoriam: Padma Desai (1931–2023)" (en-US ভাষাত). The Harriman Institute. https://harriman.columbia.edu/in-memoriam-padma-desai-1931-2023/। আহৰণ কৰা হৈছে: May 1, 2023.
- ↑ "Padma Desai (1931–2023): Influential academic, a thinker ahead of her times" (en ভাষাত). The Indian Express. May 5, 2023. https://indianexpress.com/article/opinion/columns/padma-desai-1931-2023-influential-academic-a-thinker-ahead-of-her-times-8592209/। আহৰণ কৰা হৈছে: May 5, 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Padma Desai homepage at Columbia University
- Divakaruni, Chitra Banerjee (June 23, 2012). "The Examined Life". Tehelka খণ্ড 9 (25). Archived from the original on October 29, 2012. https://web.archive.org/web/20121029021151/http://www.tehelka.com/story_main53.asp?filename=hub230612Examined.asp। আহৰণ কৰা হৈছে: December 4, 2025.
- Celebrating Padma Desai – Columbia University (PDF)