সমললৈ যাওক

পম্পেই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পম্পেই

পম্পেই চহৰ আৰু মাউণ্ট ভিচুভিয়াছৰ দৃশ্য
অৱস্থিতি পম্পেই, নেপলছ্ চহৰ, কেম্পানিয়া, ইটালী
অৱস্থান 40°45′0″N 14°29′10″E / 40.75°N 14.48611°E / 40.75; 14.48611স্থানাংক: 40°45′0″N 14°29′10″E / 40.75°N 14.48611°E / 40.75; 14.48611
প্ৰকাৰ আৱাসিক অঞ্চল
বিস্তৃতি ৬৪-৬৭ হেক্টৰ (১৭৪ একৰ)
ইতিহাস
স্থাপনা খ্ৰীষ্টপূৰ্ব ৭ম-৬ষ্ঠ শতিকা
পৰিত্যক্ত ৭৯ খ্ৰীষ্টাব্দ
অতিৰিক্ত তথ্য
ৱেবছাইট www.pompeiisites.org
আধিকাৰিক নাম পম্পেই, হাৰ্কুলেনিয়াম আৰু তৰ এনুজিয়াটাৰ প্ৰত্নতাত্ত্বিক অঞ্চল
ধৰণ সাংস্কৃতিক
চৰ্ত iii, iv, v
নিৰ্ধাৰিত ১৯৯৭ (21st session)
প্ৰসংগ  সংখ্যা 829
Region ইউৰোপ

পম্পেই (/pɒmˈpeɪ(i)/ I; লেটিন ভাষাত: [pɔmˈpei̯.iː]) এখন প্ৰাচীন চহৰ আছিল যিখন বৰ্তমানৰ ইটালীৰ কেম্পেনিয়া অঞ্চলৰ নেপলছৰ ওচৰৰ পম্পেই পৌৰসভাত অৱস্থিত। ৭৯ খ্ৰীষ্টাব্দত মাউণ্ট ভেছুভিয়াছৰ উদগীৰণৰ ফলত হাৰকুলেনিয়াম, ষ্টেবিয়া আৰু ইয়াৰ আশে-পাশে থকা বহুতো ভিলাৰ লগতে পম্পেই চহৰখন ৪ৰ পৰা ৬ মিটাৰ (১৩ৰ পৰা ২০ ফুট) আগ্নেয়গিৰিৰ ছাই আৰু পিউমিচৰ তলত পোত খাইছিল।

ছাইৰ তলত বহু পৰিমাণে সংৰক্ষিত হৈ থকা পম্পেইয়ে ৰোমান জীৱনশৈলীৰ এক অনন্য জীৱন্ত ছবি প্ৰদান কৰে, যি ছাইৰে ঢাক খোৱা মুহূৰ্তটোতে স্থবিৰ হৈ পৰিছিল।[1] চহৰখনে প্ৰাচীন নগৰীয়া পৰিকল্পনাৰ ছবি এখনো দাঙি ধৰে।[2][3] ধ্বংস হোৱাৰ সময়ত ই আছিল ১০,০০০ৰ পৰা ২০,০০০ বাসিন্দাৰ এখন প্ৰতিপত্তিশালী নগৰ।[4] ইয়াত বহুতো উন্নত ৰাজহুৱা ভৱন আৰু ধুনীয়াকৈ সজাই-পৰাই ৰখা, আচবাব-পত্ৰ আৰু শিল্পকৰ্মৰে ভৰপূৰ বিলাসী ব্যক্তিগত ঘৰ-দুৱাৰ আছিল, যি প্ৰাৰম্ভিক খননকাৰীসকলৰ বাবে মূল আকৰ্ষণ আছিল। পৰৱৰ্তী খনন কাৰ্য্যত বিভিন্ন স্থাপত্য শৈলী আৰু সামাজিক শ্ৰেণী প্ৰতিফলিত কৰা শ শ ব্যক্তিগত ঘৰ-দুৱাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে অসংখ্য ৰাজহুৱা ভৱন উদ্ধাৰ হৈছে। কাঠৰ বস্তু আৰু মানৱ শৰীৰকে ধৰি জৈৱিক অৱশেষ ছাইৰ তলত পোত খাইছিল; সেইবোৰ ক্ৰমাগতভাৱে ক্ষয় হৈ যোৱাৰ ফলত প্ৰত্নতত্ত্ববিদসকলে জীৱনৰ শেষ মুহূৰ্তবোৰত থকা মানুহৰ আকৃতিৰ সাঁচ নিৰ্মাণ কৰিব পাৰিছিল। বাহিৰৰ বেৰত আৰু ঘৰৰ ভিতৰত খোদিত কৰা অসংখ্য শিলালিপি সেই সময়ত কথিতভাৱে ব্যৱহৃত, এতিয়া প্ৰায় হেৰাই যোৱা Vulgar Latin ভাষাৰ এক গুৰুত্বপূৰ্ণ ভঁৰাল, যি ধ্ৰুপদী লেখকসকলৰ আনুষ্ঠানিক ভাষাৰ বিপৰীত।

ধ্বংসৰ পিছত ১৬শ শতিকাৰ শেষৰ ফালে পুনৰ আৱিষ্কাৰ নোহোৱালৈকে পম্পেই প্ৰায় কাৰো সংস্পৰ্শলৈ নহাকৈ তেনেভাৱেই ঢাক খাই আছিল। ১৮শ শতিকাৰ মাজভাগলৈ কোনো প্ৰধান খনন কাৰ্য্য আৰম্ভ হোৱা নাছিল, যিটো সময়তে আধুনিক প্ৰত্নতত্ত্বৰ আৰম্ভণি হৈছিল।[5] চহৰখন উলিওৱাৰ প্ৰাৰম্ভিক প্ৰচেষ্টাসমূহ যধে-মধে হৈছিল বা লুটপাটো চলিছিল, ফলত বহুতো বস্তু বা স্থান ক্ষতিগ্ৰস্ত আৰু ধ্বংস হৈছিল।[6] ১৯৬০ চনলৈকে পম্পেইৰ বেছিভাগ অংশ উন্মোচিত হৈছিল যদিও ক্ষয়ৰ অৱস্থাত এৰি থোৱা হৈছিল।[7] ইয়াৰ পাছত আনুষ্ঠানিক খনন কাৰ্য্য নিষিদ্ধ কৰা হৈছিল, কেৱল লক্ষ্য অনুযায়ী অগ্ৰাধিকাৰ থকা অঞ্চলতে খনন সীমাবদ্ধ কৰি দিয়া হৈছিল। এই প্ৰচেষ্টাসমূহৰ ফলত ২০১৮ চনৰ পৰা চহৰখনৰ কিছু পূৰ্বে অনাবিষ্কৃত অঞ্চলত নতুন নতুন আৱিষ্কাৰৰ সূচনা কৰিছে।[8][9][10][11]

পম্পেই এখন ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, কাৰণ ই হৈছে "পৃথিৱীৰ একমাত্ৰ প্ৰত্নতাত্ত্বিক স্থান যিয়ে এখন প্ৰাচীন ৰোমান চহৰৰ এক পূৰ্ণাংগ চিত্ৰ প্ৰদান কৰে।"[12] ই ইটালীৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন আকৰ্ষণসমূহৰ মাজৰ অন্যতম। প্ৰতি বছৰে প্ৰায় ২৫ লাখ দৰ্শকে ইয়ালৈ ভ্ৰমণ কৰ।[13][14]

নামৰ অৰ্থ

[সম্পাদনা কৰক]

লেটিন ভাষাত পম্পেই হৈছে দ্বিতীয় ৰূপকৰণৰ পুংলিঙ্গ নামবাচক বহুবচন বিশেষ্য (Pompeiī, -ōrum)। থিয়ডৰ ক্ৰাউছৰ মতে, "পম্পেই শব্দটোৰ মূল পাঁচ সংখ্যাটো বুজোৱা অস্কান শব্দ পম্পে যেন লাগিব, যাৰ পৰা অনুমান কৰিব পাৰি যে সম্প্ৰদায়টো হয়তো পাঁচখন গাঁৱেৰে গঠিত আছিল, আৰু নহ'লেবা ইয়াত এটা পৰিয়ালৰ গোটে (gens Pompeia) বসতি স্থাপন কৰিছিল।"

পম্পেই চহৰখন সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৪০ মিটাৰ (১৩০ ফুট) উচ্চতাত ভেছুভিয়াছ পৰ্বতৰ পূৰ্বৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা উপকূলীয় লাভা মালভূমিত (৮ কিলোমিটাৰ বা ৫ মাইল দূৰত) নিৰ্মাণ কৰা হৈছিল। মালভূমিখন দক্ষিণ দিশত আৰু আংশিকভাৱে পশ্চিম দিশত সংকীৰ্ণ পৰিসৰেৰে গৈ সাগৰৰ লগত মিলিত হৈছিল। সম্ভৱতঃ বৰ্ধিত বৰষুণৰ ফলত হোৱা বৃহৎ ভূমিস্খলনৰ পৰা পলসৰ তিনিটা তৰপ লাভাৰ ওপৰত জমা হৈছে। এসময়ত সমুদ্ৰতীৰৰ কাষত থকা এই চহৰখন আজি প্ৰায় ৭০০ মিটাৰ (২৩০০ ফুট) ভিতৰুৱা অঞ্চলত অৱস্থিত। চহৰৰ কাষতে থকা জাহাজ চলাচল কৰিব পৰা চাৰ্নো নদীৰ মুখখন লেগুনে সুৰক্ষিত কৰি ৰাখিছিল আৰু ই আদিম গ্ৰীক আৰু ফিনিচিয়ান নাৱিকসকলক আশ্ৰয়স্থল হিচাপে সেৱা আগবঢ়াইছিল, পিছলৈ ৰোমানসকলে ইয়াক বিকশিত কৰিছিল।

পম্পেই মুঠ ৬৪ৰ পৰা ৬৭ হেক্টৰ (১৬০ৰ পৰা ১৭০ একৰ) ভূমি সামৰি লৈছিল আৰু পৰিয়ালৰ সংখ্যাৰ ভিত্তিত ১১,০০০ৰ পৰা ১১,৫০০ লোকৰ বাসস্থান আছিল।

পম্পেই নগৰত বসতিস্থাপনৰ পৰ্যায়সমূহ
  প্ৰথম (ছামনাইট) নগৰ
  প্ৰথম বিস্তাৰ, খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা
  দ্বিতীয় বিস্তাৰ
  ৰোমানসকলৰ বিস্তাৰ, খ্ৰীষ্টপূৰ্ব ৮৯ চনৰ পৰা

পম্পেই যদিও আজি ৭৯ খ্ৰীষ্টাব্দৰ ৰোমান অৱশিষ্টৰ বাবে বেছিকৈ পৰিচিত, ইয়াক বহু আগৰ এখন গুৰুত্বপূৰ্ণ চহৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। প্ৰাথমিক অভিকেন্দ্ৰৰ (পুৰণি চহৰখন) পৰা খ্ৰীষ্টপূৰ্ব ৪৫০ চনৰ পিছত গ্ৰীকসকলৰ অধীনত কুমাই যুদ্ধৰ পিছত চহৰখনৰ সম্প্ৰসাৰণ ত্বৰান্বিত হয়।

আদিম ইতিহাস

[সম্পাদনা কৰক]
ত্ৰিকোণীয় মঞ্চত অৱস্থিত গ্ৰীক ডৰিক মন্দিৰ (খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকা)
এপ'লো মন্দিৰ

এই স্থানত প্ৰথম সুস্থিৰ বসতি স্থাপন খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত হৈছিল যেতিয়া মধ্য ইটালীৰ অস্কানসকলে এই অঞ্চলত পাঁচখন গাঁও প্ৰতিষ্ঠা কৰিছিল।

প্ৰায় ৭৪০ খ্ৰীষ্টপূৰ্বৰ পৰা গ্ৰীকসকলৰ কেম্পেনিয়াত আগমনৰ লগে লগে পম্পেই হেলেনিক জনগোষ্ঠীৰ কক্ষপথত প্ৰৱেশ কৰে। এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অট্টালিকাটো হৈছে ডৰিক মন্দিৰ, কেন্দ্ৰৰ পৰা আঁতৰত নিৰ্মাণ কৰা যিটো অট্টালিকা পিছলৈ ত্ৰিকোণীয় মঞ্চত পৰিণত হৈছিল। একে সময়তে গ্ৰীক দেৱতা এপ'লোৰ পূজাৰ প্ৰৱৰ্তন কৰা হয়। গ্ৰীক আৰু ফিনিচিয়ান নাৱিকসকলে সেই স্থানক নিৰাপদ বন্দৰ হিচাপে ব্যৱহাৰ কৰিছিল।

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ আৰম্ভণিতে এই বসতিস্থলটো কুমাই, নোলা আৰু ষ্টেবিয়াৰ মাজৰ গুৰুত্বপূৰ্ণ সংযোগস্থলত কেন্দ্ৰীভূত হৈ একক সম্প্ৰদায়ত একত্ৰিত হয় আৰু ইয়াৰ চাৰিওফালে টুফা চহৰৰ দেৱাল (পাপামন্টে দেৱাল) আছিল। প্ৰথম দেৱালখনে (যিখন পিছৰ দেৱালৰ ভিত্তি হিচাপেও ব্যৱহাৰ কৰা হৈছিল) অস্বাভাৱিকভাৱে প্ৰাৰম্ভিক চহৰখনতকৈ বহু বেছি অঞ্চল বহু কৃষিভূমিৰ সৈতে একেলগে সামৰি লৈছিল। এই সময়ত যে ইমান আকৰ্ষণীয় দেৱাল নিৰ্মাণ কৰা হৈছিল, তাৰ পৰা বুজা যায় যে বসতিস্থলটো ইতিমধ্যে গুৰুত্বপূৰ্ণ আৰু ধনী আছিল। নদীখনৰ মুখৰ ওচৰত এটা সৰু বন্দৰ নিৰ্মাণৰ ফলত চহৰখনৰ উন্নতি হ'বলৈ ধৰে আৰু সামুদ্ৰিক বাণিজ্য আৰম্ভ হয়। ছামনাইট আৰু ৰোমান অট্টালিকাৰ তলৰ স্তৰবিন্যাসৰ পৰা, আৰু লগতে বিভিন্ন আৰু অনিয়মিত ৰাস্তাৰ পৰিকল্পনাৰ পৰা চিনাক্ত কৰা অনুসৰি চহৰখনৰ সপ্তম আৰু অষ্টম অঞ্চলত আটাইতকৈ প্ৰাচীন বসতি কেন্দ্ৰীভূত হৈছিল।

খ্ৰীষ্টপূৰ্ব ৫২৪ চনলৈকে ইট্ৰুস্কানসকলে পম্পেইকে ধৰি সেই অঞ্চলত বসতি স্থাপন কৰিছিল আৰু ছাৰ্নো নদীত সাগৰ আৰু অভ্যন্তৰীণ অঞ্চলৰ মাজত যোগাযোগৰ পথ বিচাৰি পাইছিল। গ্ৰীকসকলৰ দৰে ইট্ৰুস্কানসকলেও সামৰিকভাৱে চহৰখন জয় কৰা নাছিল, বৰঞ্চ কেৱল ইয়াক নিয়ন্ত্ৰণ কৰিছিল আৰু পম্পেইয়ে এক প্ৰকাৰৰ স্বায়ত্তশাসন লাভ কৰিছিল। তথাপিও পম্পেই ইট্ৰুস্কান লীগ অৱ চিটিৰ সদস্য হৈ পৰিছিল। ১৯৮০-১৯৮১ চনৰ খননত ইট্ৰুস্কান শিলালিপি আৰু খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ এটা নেক্ৰ'পলিছৰ উপস্থিতি দেখা গৈছে। ইট্ৰুস্কানসকলৰ অধীনত এটা আদিম মঞ্চ বা সৰল বজাৰ চৌহদ নিৰ্মাণ কৰা হৈছিল, লগতে এপ'লো মন্দিৰো নিৰ্মাণ কৰা হৈছিল, যি দুয়োটাতে বুচেৰোৰ খণ্ডকে ধৰি বস্তু মাইউৰীয়ে পাইছিল। এই লোকসকলৰ মাজত প্ৰায়েই দেখিবলৈ পোৱা, তথাকথিত টাস্কান এট্ৰিয়ামৰ সহায়ত কেইবাটাও ঘৰ নিৰ্মাণ কৰা হৈছিল।

খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ আৰম্ভণিতে প্ৰায় চাৰি মিটাৰ (১৩ ফুট) দূৰত্বত থকা তুলনামূলকভাৱে পাতল, উলম্বভাৱে স্থাপন কৰা চাৰ্নো চূণশিলৰ দুখন ফলকৰ মাজত মাটি ভৰাই (অৰ্থষ্টেট দেৱাল) চহৰৰ দেৱালখন শক্তিশালী কৰা হৈছিল।

খ্ৰীষ্টপূৰ্ব ৪৭৪ চনত চিৰাকিউজৰ সৈতে মিত্ৰতা কৰি গ্ৰীচৰ কুমাই চহৰে কুমাই যুদ্ধত ইট্ৰুস্কানসকলক পৰাস্ত কৰি সেই অঞ্চলৰ নিয়ন্ত্ৰণ লাভ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. De Carolis & Patricelli 2003, পৃষ্ঠা 83.
  2. "Pompeii – Archaeology, Roman, Ruins | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/place/Pompeii/Influence-on-European-culture। আহৰণ কৰা হৈছে: 2024-04-12. 
  3. Pompeii building site reveals ancient Roman construction methods. NBC.
  4. Wilson, Andrew (2011). "City Sizes and Urbanization in the Roman Empire". In Bowman, Alan; Wilson, Andrew. Settlement, Urbanization, and Population. Oxford Studies on the Roman Economy. 2. প্ৰকাশক Oxford, England: Oxford University Press. পৃষ্ঠা. 171–172. ISBN 978-0-19-960235-3. https://books.google.com/books?id=yf5b50KuibQC&pg=PA171. 
  5. "Pompeii | History, Volcano, Map, Population, Ruins, & Facts | Britannica" (en ভাষাত). www.britannica.com. 2024-04-12. https://www.britannica.com/place/Pompeii। আহৰণ কৰা হৈছে: 2024-04-12. 
  6. Stefano De Caro, Excavation and conservation at Pompeii: a conflicted history, The Journal of Fasti Online: Archaeological Conservation Series (ISSN 2412-5229), www.fastionline.org/docs/FOLDER-con-2015-3.pdf.
  7. Giovanni Longobardi, Sustainable Pompeii, Rome, Italy, L'Erma di Bretschneider, 2002. আই.এচ.বি.এন. 88-8265-189-4.
  8. "Homepage – Pompeii Sites Portale Ufficiale Parco Archeologico di Pompei". Pompeii Sites. http://pompeiisites.org/. 
  9. "Pompeii victim crushed by boulder while fleeing eruption". BBC. 30 May 2018. https://www.bbc.co.uk/news/world-europe-44303247. 
  10. Squires, Nick (25 April 2018). "Skeleton of child trying to shelter from Vesuvius eruption uncovered in Pompeii". The Telegraph. https://www.telegraph.co.uk/news/2018/04/25/skeleton-child-trying-shelter-vesuvius-eruption-uncovered-pompeii/. 
  11. Squires, Nick (11 May 2018). "Remains of ancient Roman horse found at Pompeii in dig started by tomb raiders". The Telegraph. https://www.telegraph.co.uk/news/2018/05/11/remains-ancient-roman-horse-found-pompeii-dig-started-tomb-raiders/. 
  12. New frescoes discovered at Pompeii, buried by volcano. The Washington Post.
  13. "Dossier Musei 2008" (it ভাষাত). Touring Club Italiano. http://www.touringclub.it/Pdf/dossier/Musei2008.pdf। আহৰণ কৰা হৈছে: 30 September 2012. 
  14. "Visitors to Pompeii archaeological park Italy" (en ভাষাত). Statista. https://www.statista.com/statistics/1034399/number-of-visitors-to-pompeii-herculaneum-and-torre-annunziata-italy/। আহৰণ কৰা হৈছে: 2024-04-12.