সমললৈ যাওক

পম ক্লেমেণ্টিয়েফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পম ক্লেমেণ্টিয়েফ

২০২৫ চনত ক্লেমেণ্টিয়েফ
জন্ম পম আলেক্সান্দ্ৰা ক্লেমেণ্টিয়েফ
৩ মে', ১৯৮৬ (৩৯ বছৰ)
কুৱেবেক চিটি, কানাডা
নাগৰিকত্ব ফ্ৰান্স
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমান
স্বাক্ষৰ


পম আলেক্সান্দ্ৰা ক্লেমেণ্টিয়েফ (জন্ম ৩ মে' ১৯৮৬) এগৰাকী ফৰাচী অভিনেত্ৰী।[1][2][3] তেওঁ মাৰ্ভেল চলচ্চিত্ৰ মহাবিশ্বত মেনটিছ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত (২০১৭–২০২৩)।[4][5] ইয়াৰ উপৰি তেওঁ মিছন: ইম্পচিবল চলচ্চিত্ৰ শৃংখলাৰ শেষ দুটা ছবিত (২০২৩–২০২৫) পেৰিছ চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

পম আলেক্সান্দ্ৰা ক্লেমেণ্টিয়েফৰ জন্ম ১৯৮৬ চনৰ ৩ মে'ত কানাডাৰ কুৱেবেক চিটিত হৈছিল। তেওঁৰ মাতৃ আছিল কোৰিয়ান ইউ ৰি পাৰ্ক আৰু পিতৃ আছিল ৰাছিয়ান-ফৰাচী এলেক্সিছ ক্লেমেণ্টিয়েফ।[6][7] তেওঁৰ ককা আছিল ৰাছিয়ান চিত্ৰশিল্পী ইউজিন ক্লেমেণ্টিয়েফ। তেওঁৰ পিতৃ-মাতৃয়ে “পম” নামটো বাছি লৈছিল কাৰণ ইয়াৰ উচ্চাৰণ কোৰিয়ান ভাষাৰ “বসন্ত” (봄) আৰু “বাঘ” (범) শব্দ দুটাৰ সৈতে একে।[8] ক্লেমেণ্টিয়েফৰ পিতৃয়ে কানাডাফ্ৰান্সৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কনছুল হিচাপে কাম কৰিছিল।

ক্লেমেণ্টিয়েফে প্ৰথমে জাপানৰ কিয়’ট’ আৰু তাৰ পিছত আইভৰি কোষ্টলৈ গুচি যায়, তাৰ পিছত ফ্ৰান্সলৈ উভতি যায় আৰু পেৰিছৰপৰা প্ৰায় এঘণ্টা দূৰত্বত বসতি স্থাপন কৰে।[9] ক্লেমেণ্টিয়েফৰ পিতৃৰ মৃত্যু হয় যেতিয়া তেওঁৰ বয়স পাঁচ বছৰ আছিল, আৰু তেওঁৰ মাক স্কিজ'ফ্ৰেনিয়া ৰোগত আক্ৰান্ত আছিল, সেয়েহে তেওঁ সন্তানসমূহৰ যত্ন ল'ব পৰা নাছিল।[8] ফলস্বৰূপে ক্লেমেণ্টিয়েফক তেওঁৰ পিতৃৰফালৰ ককা আৰু পেহীয়েকে ডাঙৰ-দীঘল কৰিছিল।[10] তেওঁৰ ১৮বছৰীয়া জন্মদিনত ককাৰ মৃত্যু হয়, আৰু তেওঁৰ ডাঙৰ ভাতৃ নামৌৰ সাত বছৰ পাছত, তেওঁৰ ২৫বছৰীয়া জন্মদিনত মৃত্যু হয়।[8][11]

ককাৰ মৃত্যুৰ পাছত পেহীয়েকক সন্তুষ্ট কৰিবলৈ ক্লেমেণ্টিয়েফে পেৰিছলৈ গৈ আইন অধ্যয়ন আৰম্ভ কৰে, কিন্তু এই বিষয়টোত তেওঁ আগ্ৰহ নাপালে। তেওঁ ফ্ৰান্সত ওৱেট্ৰেছ আৰু বিক্ৰেতা হিচাপেও কাম কৰিছিল।[8] ১৯ বছৰ বয়সত তেওঁ পেৰিছৰ ক'ৰ্চ ফ্ল'ৰেণ্ট নাট্য বিদ্যালয়ত অভিনয় শিকিবলৈ আৰম্ভ কৰে। কেইমাহমানৰ ভিতৰতে তেওঁ এটা নাট্য প্ৰতিযোগিতাত জয়ী হয় আৰু বিদ্যালয়ৰ শীৰ্ষ শিক্ষকৰ সৈতে দুবছৰ বিনামূলীয়া পাঠ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।[12]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৭–২০১২: প্ৰাৰম্ভিক কৰ্মজীৱন

[সম্পাদনা কৰক]
২০১৮ চনৰ ব্ৰাছেলছ কমিক কনৰ সময়ত ক্লেমেণ্টিয়েফ

ক্লেমেণ্টিয়েফৰ প্ৰথম পেছাদাৰী অভিনয়ৰ কাম আছিল ফ্ৰান্সৰ স্বতন্ত্ৰ চলচ্চিত্ৰ “আপ্ৰে লুই” (২০০৭), য’ত তেওঁ কেথেৰিন ডেনেভে অভিনয় কৰা মুখ্য চৰিত্ৰৰ সতীয়াকন্যাৰ ভূমিকাত অভিনয় কৰিছিল।[10] তেওঁৰ দৃশ্যসমূহৰ চিত্ৰগ্ৰহণ তিনিদিন ধৰি হৈছিল। এটা দৃশ্যত ক্লেমেণ্টিয়েফে এজন মানুহক চিৰিৰপৰা ঠেলি পেলাব লাগিছিল, কিন্তু তেওঁ ভুলবশত নিজেই চিৰিৰপৰা পৰি যায়, আৰু পৰিচালক গেল মৰেলে সেই দৃশ্যটো চলচ্চিত্ৰৰ শেষ সংস্কৰণত ৰাখে।

তেওঁৰ প্ৰথম মুখ্য ভূমিকা আছিল “লু” (২০০৯), যি এখন ফ্ৰান্সৰ চলচ্চিত্ৰ আৰু ছাইবেৰিয়াৰ পৰ্বতমালাত থকা ৰেইনডিয়াৰ পালক এটা জনগোষ্ঠীৰ জীৱনৰ ওপৰত আধাৰিত। চিত্ৰগ্ৰহণৰ সময়ত ক্লেমেণ্টিয়েফ এটা শিবিৰত থাকিছিল, যি নিকটতম গাঁৱৰপৰা কেইবাঘণ্টা দূৰত আছিল আৰু য’ত উষ্ণতা শূন্য ডিগ্ৰীৰ বহু তললৈ নামিছিল। তাত থকা যাযাবৰসকলৰ সৈতে তেওঁ বন্ধুত্ব কৰে, বাস্তৱ নেকড়াৰ সৈতে কাম কৰে, ৰেইনডিয়াৰত উঠি চলে আৰু এখন হ্ৰদত ঘোঁৰাৰ সৈতে সাঁতুৰে।[12]

২০১৩–বৰ্তমান: সফলতা

[সম্পাদনা কৰক]

ক্লেমেণ্টিয়েফে হলিউডত প্ৰথম অভিনয় কৰে স্পাইক লীৰ “অ’ল্ডবয়” (২০১৩) চলচ্চিত্ৰত, যি দক্ষিণ কোৰিয়াৰ একে নামৰ চলচ্চিত্ৰৰ পুনৰ্নিমাণ।[12][13] ইয়াত তেওঁ শাৰ্লটো কপ্লে অভিনয় কৰা খলনায়কৰ দেহৰক্ষী হেং-বক হিচাপে অভিনয় কৰে। মূল চলচ্চিত্ৰখনৰ ভক্ত হিচাপে ক্লেমেণ্টিয়েফে এই ভূমিকাৰ বিষয়ে প্ৰযোজক ৰয় লীৰ জৰিয়তে জানিছিল আৰু এই ভূমিকাত যুদ্ধ কলা জড়িত থকাৰ বাবে তেওঁ বক্সিং শিকিবলৈ আৰম্ভ কৰে। অডিশনৰ সময়ত বক্সিং দক্ষতা দেখুৱাৰ পিছত লীয়ে তেওঁক ঘৰলৈ গৈ তেওঁৰ চৰিত্ৰৰ দৰে অধিক নাৰীসুলভ পোছাক আৰু মেকআপ পিন্ধি পুনৰ আহিবলৈ কয়।[10][8] চৰিত্ৰটোৰ পোছাকৰ বাবে তেওঁ নিজৰ কিছুমান কাপোৰো ব্যৱহাৰ কৰিছিল,[10] আৰু তাৰকা জশ ব্ৰ’লিনৰ সৈতে পৰ্দাত যুদ্ধৰ দৃশ্যৰ বাবে দুই মাহ ধৰি প্ৰতিদিনে তিনিঘণ্টা অনুশীলন কৰিছিল।[10][13] “হেং-বক” নামটোও ক্লেমেণ্টিয়েফে নিজে দিছিল, যাৰ অৰ্থ কোৰিয়ান ভাষাত “সুখ”।[10][12]

“অ’ল্ডবয়” চিত্ৰগ্ৰহণ শেষ হোৱাৰ পিছত ক্লেমেণ্টিয়েফ লছ এঞ্জেলেছলৈ গুচি যায় আৰু অধিক হলিউড অডিশনৰ সন্ধান কৰে।[10][12] চলচ্চিত্ৰখনৰ পিছতো তেওঁ টাইকোৱাণ্ডো অনুশীলন অব্যাহত ৰাখে আৰু ২০১৪ চনৰ গ্ৰীষ্মকাললৈকে তেওঁ বেঙুনীয়া বেল্ট লাভ কৰে।[10] তাৰ পিছত তেওঁ অভিনয় কৰে “হেকাৰ্ছ গেম” (২০১৫) চলচ্চিত্ৰত, য’ত তেওঁ এজন হেকাৰৰ ভূমিকাত অভিনয় কৰে, যাক তেওঁ “দ্য গাৰ্ল উইথ দ্য ড্ৰেগন টেঁটু” উপন্যাসৰ লিসবেথ সালাণ্ডাৰৰ সৈতে তুলনা কৰিছিল। কম বাজেটৰ বাবে এই চলচ্চিত্ৰত তেওঁ নিজৰ মেকআপ নিজে কৰিছিল আৰু নিজৰ পোছাক নিজে বাছনি কৰিছিল।[12] এই ভূমিকাৰ বাবে চুলিত বেঙুনীয়া ৰং দিবলৈও তেওঁ নিজে প্ৰস্তাৱ আগবঢ়াইছিল, যদিও আৰম্ভণিতে পৰিচালকসকলে ইয়াৰ বিৰোধিতা কৰিছিল।[10]

২০১৭ চনত তেওঁ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ “নিউনেছ” আৰু ব্লেক কমেডি-ড্ৰামা চলচ্চিত্ৰ “ইংগ্ৰিড গ’জ ৱেষ্ট”ত অভিনয় কৰে।

ক্লেমেণ্টিয়েফে বিশ্বজুৰি পৰিচিতি লাভ কৰে যেতিয়া তেওঁ মাৰ্ভেল চিনেমাটিক ইউনিভাৰ্ছত মেণ্টিছ চৰিত্ৰত অভিনয় কৰে। তেওঁ এই চৰিত্ৰত “গাৰ্ডিয়ান্স অৱ দ্য গেলাক্সি ভলিউম ২” (২০১৭), “এভেঞ্জাৰ্ছ: ইনফিনিটি ৱাৰ” (২০১৮) আৰু “এভেঞ্জাৰ্ছ: এণ্ডগেম” (২০১৯) চলচ্চিত্ৰসমূহত দেখা যায়।

২০১৯ চনত তেওঁ নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী সংকলন ধাৰাবাহিক “ব্লেক মিৰ’ৰ”ৰ এটা পৰ্বত দেখা যায় আৰু থ্ৰিলাৰ চলচ্চিত্ৰ “আনকাট জেমছ”ত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ এনিমেটেড অতিপ্ৰাকৃত কমেডি চলচ্চিত্ৰ “দ্য এডামছ ফেমিলি”ত কণ্ঠদান কৰে। ২০২০ চনত তেওঁ এইচবিঅ’ৰ বিজ্ঞান-কল্পকাহিনী ধাৰাবাহিক “ৱেষ্টৱৰ্ল্ড”ত মাৰ্টেল নামৰ চৰিত্ৰত পুনৰাবৃত্ত ভূমিকাত দেখা যায়।

২০২৩ চনত তেওঁ পুনৰ “গাৰ্ডিয়ান্স অৱ দ্য গেলাক্সি ভলিউম ৩”ত মেণ্টিছ চৰিত্ৰত অভিনয় কৰে আৰু “মিছন: ইম্পছিবল – ডেড ৰেকনিং পাৰ্ট ৱান”ত পেৰিছ নামৰ ৰহস্যমজ় হত্যাকাৰীৰ ভূমিকাত দেখা যায়। ২০২৫ চনত তেওঁ পুনৰ “মিছন: ইম্পছিবল – দ্য ফাইনেল ৰেকনিং”ত এই ভূমিকাত অভিনয় কৰে।

২০২৪ চনৰ থ্ৰিলাৰ চলচ্চিত্ৰ “দ্য কিলাৰ্ছ গেম”ত তেওঁ মাৰিয়ানা নামৰ চৰিত্ৰত অভিনয় কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ আমেৰিকাৰ চিটকম চাই ইংৰাজী শিকিছিল।[14][15]

ক্লেমেণ্টিয়েফ এগৰাকী মাৰ্শ্বিয়েল আৰ্টিষ্ট আৰু তেওঁৰ টাইকোৱাণ্ডোত বেঙুনীয়া বেল্ট আছে।[16][17]

তেওঁ এগৰাকী উৎসুক স্কাইডাইভাৰো। মিছন: ইম্পছিবল – ডেড ৰেকনিং পাৰ্ট ৱানৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত টম ক্ৰুজে তেওঁক স্কাইডাইভিঙৰ পাঠ উপহাৰ দিছিল, কিয়নো তেওঁ এইটো শিকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ২০২৫ চনৰ ২২ মে'ত দ্য টুনাইট শ্ব' উইথ জিমি ফেলনত উপস্থিত থাকোঁতে তেওঁ কয় যে তেওঁ ২৩৩টা জাম্প কৰিছে।[18][19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Stan Lee's Alliances : L'éclair du génie - Backstage avec Pom Klementieff". Audible. 10 October 2019. https://www.youtube.com/watch?v=CEWt_AUIFn8&t=13s। আহৰণ কৰা হৈছে: 4 August 2022. 
  2. "The May 7 Edition" (en ভাষাত). The Sydney Morning Herald. 2023-05-07. https://www.smh.com.au/lifestyle/life-and-relationships/the-may-7-edition-20230501-p5d4kc.html। আহৰণ কৰা হৈছে: 2023-08-25. 
  3. Idato, Michael (2023-05-06). "How Pom Klementieff went from struggling Hollywood actor to Marvel movie star" (en ভাষাত). The Sydney Morning Herald. https://www.smh.com.au/culture/movies/how-pom-klementieff-went-from-struggling-hollywood-actor-to-marvel-movie-star-20230421-p5d28t.html। আহৰণ কৰা হৈছে: 2023-08-25. 
  4. "Pom Klementieff: What to Know About Guardians of the Galaxy Actress" (en ভাষাত). Peoplemag. https://people.com/movies/pom-klementieff-mantis-guardians-of-the-galaxy-vol-2/। আহৰণ কৰা হৈছে: 2023-08-25. 
  5. Davids, Brian (2 May 2023). "Karen Gillan and Pom Klementieff Talk 'Guardians of the Galaxy Vol. 3' Emotions and the Case of the Missing Chris Pratt Doll" (en-US ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com/movies/movie-features/guardians-of-the-galalxy-3-karen-gillan-pom-klementieff-1235478367/। আহৰণ কৰা হৈছে: 3 May 2023. 
  6. "Alexis Klementieff". Canada Gazette খণ্ড 119 (41): পৃষ্ঠা 6445. 12 October 1985. https://central.bac-lac.gc.ca/.item/?id=cgc_p1-0_v119_n041_t000_000_19851012_p00049&app=CanGaz&op=img. 
  7. World Guide to Foreign Services, vol. 1, World Guides Internationale Publikationen, 1986, p. 261
  8. 8.0 8.1 8.2 8.3 8.4 Han, Steve (November 2013). "Korean French Actress Pom Klementieff Makes US Debut in 'Oldboy' Remake". KoreAm. Archived from the original on 14 July 2014. https://web.archive.org/web/20140714213043/http://archive.iamkoream.com/november-issue-korean-french-actress-pom-klementieff-makes-us-debut-in-oldboy-remake/. 
  9. Nyanin, Natasha (September 4, 2018). "PAPER People: Pom Klementieff" (en ভাষাত). https://www.papermag.com/paper-people-pom-klementieff#rebelltitem4। আহৰণ কৰা হৈছে: 2025-04-17. 
  10. 10.0 10.1 10.2 10.3 10.4 10.5 10.6 10.7 10.8 . Interview"Actress Pom Klementieff from Spike Lee's Oldboy". Filler Magazine খণ্ড 2 (5). Summer 2014. Archived from the original on 7 July 2014. https://archive.today/20140707113558/http://fillermagazine.com/culture/film/celebrity-news-and-interviews-actress-pom-klementieff-from-spike-lees-oldboy/। আহৰণ কৰা হৈছে: 2 July 2014. 
  11. Maida, Jerome (2 May 2017). "In playing Mantis, Pom Klementieff Keeps Laughing Through The Pain". The Philadelphia Inquirer. https://www.inquirer.com/philly/entertainment/geek/Pom-Klementieff-Mantis-Guardians-of-the-Galaxy-vol-2.html. 
  12. 12.0 12.1 12.2 12.3 12.4 12.5 . Interview"Q&A with Pom Klementieff". Anthem Magazine. 2 July 2013. http://anthemmagazine.com/qa-with-pom-klementieff/। আহৰণ কৰা হৈছে: 5 July 2014. 
  13. 13.0 13.1 De Ville, Reece (7 April 2014). "Interview: Oldboy's ass kicking, earth moving Pom Klementieff". TheDigitalFix.com. Archived from the original on 23 July 2017. https://web.archive.org/web/20170723203653/http://www.thedigitalfix.com/film/content/77546/interview-oldboys-ass-kicking-earth-moving-pom-klementieff/. 
  14. ""You DISGUST Me!" Guardians Of The Galaxy 3 Karen Gillan Pom Klementieff French Vs Scottish Slang!". YouTube. 3 May 2023. https://m.youtube.com/watch?v=TCf9cdyRPjc। আহৰণ কৰা হৈছে: 2023-11-11. 
  15. "Mission: Impossible's Pom Klementieff learned English by watching 30 Rock #shorts E! News". YouTube. 24 June 2023. https://m.youtube.com/watch?v=vvGVx3t068I। আহৰণ কৰা হৈছে: 2023-11-11. 
  16. "'Mantis' Confirmed for 'Avengers: Infinity War'". 5 February 2017. https://www.techtimes.com/articles/195201/20170205/mantis-confirmed-for-avengers-infinity-war.htm. 
  17. "Pom Klementieff Brings the Action in 'Mission: Impossible - the Final Reckoning'". 22 May 2025. https://smagazineofficial.com/art-culture/pom-klementieff-brings-the-action-for-mission-impossible-the-final-reckoning-052261265. 
  18. Klementieff, Pom (May 22, 2025). Jimmy Fallonৰ সৈতে সাক্ষাৎকাৰ. "Pom Klementieff Was Gifted Skydiving Lessons from Tom Cruise After Mission: Impossible (Extended)". The Tonight Show with Jimmy Fallon. https://www.youtube.com/watch?v=CM-z23eSCiM। আহৰণ কৰা হৈছে: May 28, 2025. 
  19. Caprio, Audrey (April 29, 2025). "Pom Klementieff on the Thrill of the Fight and the Joys of Flight". Vogue Philippines. https://vogue.ph/magazine/pom-klementieff-the-joys-of-flight/। আহৰণ কৰা হৈছে: May 28, 2025. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]