পল্লৱী ফৌজদাৰ
| পল্লৱী ফৌজদাৰ | |
|---|---|
নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নাৰী শক্তি বঁটা গ্ৰহণ কৰা পল্লৱ ফৌজদাৰ | |
| জন্ম | ২০ ডিচেম্বৰ, ১৯৭৯ (৪৫ বছৰ) আগ্ৰা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | মটৰ চাইকেল আৰোহী আৰু সমাজকৰ্মী |
| জনা যায় | একক, উচ্চ উচ্চতাৰ মটৰ চাইকেলৰ অভিলেখ |
পল্লৱী ফৌজদাৰ (ইংৰাজী: : Pallavi Fauzdar ; জন্ম: ২০ ডিচেম্বৰ ১৯৭৯) এগৰাকী উচ্চ পৰ্বতীয়া অঞ্চলত মটৰচাইকেল চলোৱা আৰু সমাজসেৱাৰ বাবে সুপৰিচিত ভাৰতীয় মহিলা। লিমকা বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা বিভিন্ন অসাধাৰণ কৃতিত্বৰ বাবে প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]পল্লৱী ফৌজদাৰৰ জন্ম হৈছিল ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত। তেওঁৰ পিতৃ অশোক ফৌজদাৰ, এজন অৱসৰপ্ৰাপ্ত বৈদ্যুতিক অভিযন্তা। পল্লৱীয়ে প্ৰথমে ১৪ বছৰ বয়সত দেউতাকৰ মটৰ চাইকেল চলাই মটৰ চাইকেল চলোৱাৰ প্ৰতি আকৰ্শিত হৈছিল। ২০০৪ চনত পল্লৱীৰ বিবাহ হয়, তেওঁ ২টা সন্তান মাতৃ আৰু নতুন দিল্লীত থাকে।[1]
কৰ্ম জীৱন
[সম্পাদনা কৰক]নতুন দিল্লীৰ এটা ৰাইডিং গ্ৰুপত যোগদান কৰি পল্লৱী ফৌজদাৰে ৰাইডিং কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৫ চনত তেওঁৰ প্ৰথম উল্লেখযোগ্য অভিযান আছিল, সমুদ্ৰপৃষ্ঠৰ পৰা ৫৬৩৮ মিটাৰ বা ১৮৭৭৪ ফুট উচ্চতাত মানা পাছলৈ এককভাৱে যাত্ৰা কৰিছিল, যিটো তেতিয়া বিশ্বৰ সৰ্বোচ্চ মটৰচাইকেল চলাব পৰা পাছ আছিল। তেওঁৰ এই কৃতিত্ব লিমকা বুক অৱ ৰেকৰ্ডছে স্বীকৃতি দিয়ে।[2][3] সেই বছৰতে তেওঁ একেটা ভ্ৰমণতে ৫০০০ মিটাৰৰ ওপৰৰ আঠটা মাউণ্টেন পাছলৈ ৰাইডিং কৰি আন এক অভিলেখ গঢ়িছিল।[4]পল্লৱী ফৌজদাৰ উচ্চ পৰ্বতীয়া অঞ্চলত মটৰচাইকেল ৰাইডিং কৰি নতুন পাৰসমূহ আৰু দুৰ্গম পথবোৰ অতিক্ৰম কৰি যাবলৈ লাগিছিল। লগতে, তেওঁ সামাজিক সচেতনতা বৃদ্ধি কৰাৰ বাবে দেশৰ বিভিন্ন স্থানত কাৰণ-সচেতনতা (cause-awareness) ৰাইড কৰিছিল।[5] ২০১৭ চনত পল্লৱীয়ে ঘোঁৰাত উঠি ভাৰতৰ লাডাখ অঞ্চললৈ গৈ ৫৮০৩ মিটাৰ বা ১৯৩২৩ ফুট উচ্চতাত উমলিং লা পাছত উঠিছিল, এই পথ অতিক্ৰম কৰা তেওঁ প্ৰথম ব্যক্তি আছিল।[6] উমলিং লা পাছ এতিয়া বিশ্বৰ সৰ্বোচ্চ মটৰচলাব পৰা যোগ্য পাছ।[7][8]
সামাজিক কৰ্ম
[সম্পাদনা কৰক]পল্লৱীয়ে বেচৰকাৰী সংস্থা আৰু উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিভাগৰ সৈতে মহিলা আৰু শিশুৰ সহায়ৰ বাবে মহিলা আৰু শিশু হেল্পলাইন ১৮১ আৰু "বেটি বাচাও, বেটি পঢ়াও" অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰিছে।[5][9][10]
টেলিভিছন
[সম্পাদনা কৰক]পল্লৱীয়ে নিয়মিতভাৱে টেলিভিছন আৰু ডি ডি নেচনেলকে ধৰি সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ দিয়ে।[11][12][13][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hemant Anand (2017-03-24), Pallavi Fauzdar - DLA Honours 2017 - Woman of the Year, https://www.youtube.com/watch?v=y6_m-Jt6UOM, আহৰণ কৰা হৈছে: 2017-11-07
- ↑ "Pallavi enters Limca book of records for crossing Mana pass" (en-US ভাষাত). affairscloud.com. http://affairscloud.com/pallavi-enters-limca-book-of-records-for-crossing-mana-pass/। আহৰণ কৰা হৈছে: 2017-11-07.
- ↑ 3.0 3.1 "Jai Ho Episode 38: Inspiring Story Of Pallavi Fauzdar | News World India". newsworldindia.in. http://newsworldindia.in/videos/jai-ho-episode-38-inspiring-story-of-pallavi-fauzdar/201139/। আহৰণ কৰা হৈছে: 2017-11-07.
- ↑ "Mother of two, she rode her bike through eight Himalayan passes - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/agra/Mother-of-two-she-rode-her-bike-through-eight-Himalayan-passes/articleshow/48875325.cms.
- ↑ 5.0 5.1 "यूपी की सड़कों पर घूम रही हैं लेडी मार्शल बाइक राइडर्स, जानिए क्या है कारण" (hi ভাষাত). www.patrika.com. Archived from the original on 2018-01-26. https://web.archive.org/web/20180126012832/https://m.patrika.com/news/lucknow/lady-bike-riders-on-up-tour-for-save-girl-child-caimpaign-1609378/.
- ↑ "19 हजार फीट की ऊंचाई पर सबसे खतरनाक रास्ते पर बाइक दौड़ाकर पल्लवी ने बनाया रिकॉर्ड, तस्वीरें- Amarujala" (en ভাষাত). Amar Ujala. http://www.amarujala.com/photo-gallery/lucknow/biker-pallavi-faujdar-runs-bike-on-umling-law-pass-and-creates-record.
- ↑ "BRO builds world's highest motorable road in Ladakh - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/bro-builds-worlds-highest-motorable-road-in-ladakh/articleshow/61457883.cms.
- ↑ PTI (2017-11-02). "BRO builds world's highest motorable road in Ladakh at 19,300 feet". livemint.com/. http://www.livemint.com/Politics/YpojBHOzLBVypMDOylGPXJ/BRO-builds-worlds-highest-motorable-road-in-Ladakh-at-1930.html.
- ↑ "पल्लवी फौजदार के नेतृत्व में 'धूम' मचाएंगी महिला बाइकर्स". Archived from the original on 2018-01-25. https://web.archive.org/web/20180125015316/https://www.gaonconnection.com/uttar-pradesh/pallavi-faujdar-led-womens-bikers-gang.
- ↑ "काशी पहुंची महिला बाइकर्स की रैली, जहां से गुजरती है वहां खास संदेश देती है- Amarujala" (en ভাষাত). Amar Ujala. http://www.amarujala.com/photo-gallery/uttar-pradesh/varanasi/pallavi-fauzdar-lady-bikers-rally-reach-varanasi.
- ↑ DD News (2017-04-23), Tejasvini: Interaction with Motorcyclist Pallavi Fauzdar, https://www.youtube.com/watch?v=U7Wr5SXbGpI, আহৰণ কৰা হৈছে: 2017-11-07
- ↑ Sea education channel (2016-05-14), Mothers day Episode 01, https://www.youtube.com/watch?v=GzHelcPQTIY, আহৰণ কৰা হৈছে: 2017-11-07
- ↑ News World India (2017-03-09), Women's Day Special Show With NWI Journalist Pranjali Singh, https://www.youtube.com/watch?v=ew2e2ABOCVs, আহৰণ কৰা হৈছে: 2017-11-07