পাওলা টুৰ্বে
| পাওলা টুৰ্বে | |
|---|---|
| [[File: ২০১৭ চনত টুৰ্বে | |
| জন্ম | পাওলা টুৰ্বে গোমেজ ২৯ নৱেম্বৰ, ১৯৭০ (৫৫ বছৰ) হিউষ্টন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ[1] |
| শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি অফ লচ এণ্ডিচ (কলম্বিয়া) (মনোবিজ্ঞান) |
| পেচা | সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, মডেল, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, টিভি সূত্ৰধাৰ |
| উচ্চতা | 5 ফুট 7 ইঞ্চি (১.৭ মিটাৰ)[2] |
| 'Beauty pageant titleholder' | |
| Title | মিছ বগোটো ১৯৯১ মিছ কলম্বিয়া ১৯৯১ |
| Hair color | মুগা |
| Eye color | সেউজীয়া |
| Major competition(s) |
মিছ কলম্বিয়া ১৯৯১ (বিজয়ী) মিছ ইউনিভাৰ্ছ ১৯৯২ (প্ৰথম ৰানাৰ্ছ-আপ) |
পাওলা টুৰ্বে গোমেজ (জন্ম: ২৯ নৱেম্বৰ ১৯৭০) এগৰাকী কলম্বিয়ান-আমেৰিকান অভিনেত্ৰী, মডেল, টিভি সূত্ৰধাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ টিভি ধাৰাবাহিক বচৰ তৃতীয় ছিজনত অভিনয় কৰিছিল।
কেৰিয়াৰ
[সম্পাদনা কৰক]কলম্বিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জুলিঅ’ চিজাৰ টুৰ্বে আয়ালাৰ সৈতে সম্পৰ্কীয় টুৰ্বেয়ে মিছ কলম্বিয়া সৌন্দৰ্য প্ৰতিযোগিতাত বগোটোক প্ৰতিনিধিত্ব কৰি ১৯৯১ চনত খিতাপ জয় কৰিছিল। তেওঁ ১৯৯২ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।[3]
ইউনিভাৰ্চিটি অফ লচ এণ্ডিচত মনোবিজ্ঞানৰ অধ্যয়ন সমাপ্ত কৰাৰ পাছত টুৰ্বেয়ে মডেল আৰু সংবাদ পৰিৱেশিকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ উপৰি তেওঁ এগৰাকী অভিনেত্ৰী হিচাপেও কাম কৰিবলৈ লয়। ২০০৫ চনত তেওঁ মিগুৱেল ভাৰোণীৰ সৈতে ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ আনুষ্ঠানিক সূত্ৰধাৰ আছিল। তেওঁ কেইবাখনো কলম্বিয়ান ধাৰাবাহিক যেনে অ’ টোডোচ এন লা কামা, ইকোমোডা (বেটী লা ফেয়াৰ পৰৱৰ্তী অংশ) আৰু লেচেত বিশেষ চৰিত্ৰত অভিনয় কৰিছে।
হলিউডত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত টুৰ্বেয়ে ২০০২ চনত আৰচিএন টিভিৰ কমেডী ধাৰাবাহিক নটিচিয়াচ কেলিয়েণ্টেচৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। দুবছৰৰ পাছত তেওঁ লাচ নোচেচ ডি লুচিয়ানা নামৰ ধাৰাবাহিকখনত অভিনয় কৰে আৰু ২০০৬ চনত কলম্বিয়ান সংস্কৰণৰ ডান্সিং উইথ দ্য ষ্টাৰচ — বাইলান্দো পৰ আন চুইনো পৰিচালনা কৰে। পাওলাই লেনি দ্য ৱাণ্ডাৰ ডগ আৰু লাভ ইন দ্য টাইম অফ কলেৰাৰ দৰে চলচ্চিত্ৰতো চুটি চৰিত্ৰত অভিনয় কৰিছে।
২০০৭ চনত টুৰ্বেয়ে চিবিএছ ধাৰাবাহিক কেনত ইছাবেল ভেগাৰ চৰিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেওঁ এবিচিৰ ধাৰাবাহিক দ্য ছিক্ৰেট লাইফ অফ দ্য আমেৰিকান টিনেজাৰত অতিথি শিল্পী হিচাপে অংশ লৈছিল। ইয়াৰ উপৰি তেওঁ চ’টাইম ধাৰাবাহিক কেলিফৰ্নিকেচন আৰু টিএনটিৰ দ্য ক্লজাৰতো অভিনয় কৰিছিল।
২০১০ চনৰ ৬ জানুৱাৰীত তেওঁ চিবিএছ ধাৰাবাহিক দ্য মেণ্টেলিষ্টত বিয়াট্ৰিচৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ এইচবিঅ’ ধাৰাবাহিক ট্ৰু ব্লাডৰ চতুৰ্থ ছিজনত এণ্টোনিয়া গভিলান ডি লগ্ৰোণোৰ চৰিত্ৰত অভিনয় কৰিছিল।[4] ২০১০ চনৰপৰা তেওঁ ৰয়েল পেইনচত মেৰিছা কাচাৰাচৰ চৰিত্ৰত অভিনয় কৰি আহিছে।
২০১৪ চনত তেওঁ বগোটো ইণ্ডিপেণ্ডডেণ্ট ফিল্ম ফেষ্টিভেল প্ৰতিষ্ঠা কৰে, যাৰ তেওঁ বৰ্তমান কাৰ্যবাহী সঞ্চালক। ২০১৭ চনত তেওঁ ব্লেক লিষ্টৰ চতুৰ্থ ছিজনৰ এটা খণ্ডত ডা° চফিয়া গালাপৰ চৰিত্ৰত অভিনয় কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ ১৯৯৪ চনত আলেকজেণ্ড্ৰো এষ্ট্ৰাডাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Paola Turbay, Miss Colombia 1991" (es ভাষাত). November 11, 1991. https://www.srtacolombia.org/es/reinas/srta-colombiar-1991-paola-turbay-gomez। আহৰণ কৰা হৈছে: July 24, 2022.[সংযোগবিহীন উৎস]
- ↑ "Height of Paola Turbay" (es ভাষাত). November 11, 1991. Archived from the original on September 29, 2022. https://web.archive.org/web/20220929070649/http://www.srtacolombia.org/es/reinas/srta-colombiar-1991-paola-turbay-gomez। আহৰণ কৰা হৈছে: July 24, 2022.
- ↑ Tendencias, Redacción (2023-04-25). "Así luce Michelle McLean, quien le ganó Miss Universo a Paola Turbay en 1992" (es-CO ভাষাত). ELHERALDO.CO. https://www.elheraldo.co/entretenimiento/asi-luce-michelle-mclean-quien-le-gano-miss-universo-paola-turbay-en-1992-996121। আহৰণ কৰা হৈছে: 2024-08-08.
- ↑ "Wet Paint". http://www.wetpaint.com/true-blood/articles/paola-turbay-dishes-on-her-new-true-blood-character--exclusive। আহৰণ কৰা হৈছে: 2019-12-19.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- পাওলা টুৰ্বে সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- পাওলা টুৰ্বেৰ আনুষ্ঠানিক ৱেবছাইট