সমললৈ যাওক

পাকস্থলীৰ কৰ্কট ৰোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাকস্থলীৰ কৰ্কট ৰোগ
অন্য নাম গেষ্ট্ৰিক কেন্সাৰ
লাইনিটিছ প্লাষ্টিকা (linitis plastica)ৰ এণ্ডোস্কোপিক ছবি, ই একপ্ৰকাৰৰ পাকস্থলীৰ কৰ্কট ৰোগ য’ত সমগ্ৰ পাকস্থলী আক্ৰান্ত হয়, যাৰ ফলত ই এক চামৰাৰ বটলৰ দৰে দেখা যায় আৰু ইয়াৰপৰা তেজ ওলাই আহে, মাৰ্চ ২০০৪
বিভাগ গেষ্ট্ৰ’এণ্টেৰ’ল’জী, অংক’ল’জী
লক্ষণ প্ৰাৰম্ভিক:
  • বুকু জ্বলা-পোৰা কৰা
  • পেট ফুলা
  • পেটৰ ওপৰৰ অংশত বিষ
  • বমি বমি ভাব
  • ঢেকুৰ অহা
  • ভোক হেৰাই যোৱা[1]
পৰৱৰ্তী পৰ্যায়:
আৰম্ভণি কেইবাবছৰ জুৰি[2]
প্ৰকাৰ গেষ্ট্ৰিক কাৰ্চিনোমা, লিম্ফোমা, মেচেনকাইমেল টিউমাৰ[2]
কাৰণ হেলিক’বেক্টাৰ পাইলোৰি (Helicobacter pylori), বংশগত/আনুবংশিক কাৰণ[2][3]
আশংকাৰ কাৰণ ধূমপান, মদ্যপান, খাদ্যগত কাৰক যেনে আচাৰ কৰা পাচলি, মেদবহুলতা[2][4]
ৰোগ নিৰূপণ এণ্ডোস্কোপিৰ সময়ত কৰা বায়’প্সি[1]
প্ৰতিৰোধ মেডিটেৰেনিয়ান ডায়েট, ধূমপান নকৰা[2][5]
চিকিৎসা অস্ত্ৰোপচাৰ, কেম’থেৰাপী, ৰেডিয়েচন থেৰাপী, টাৰ্গেটেড থেৰাপী[1]
আৰোগ্য সম্ভাৱনা পাঁচবছৰীয়া জীয়াই থকাৰ হাৰ:
< ১০% (উন্নত বা জটিল ক্ষেত্ৰত),[6]
৪০% (আমেৰিকা যুক্তৰাষ্ট্ৰ, ২০১৬–২০২২),[7] ৭১% (জাপান)[8]
পুনৰাবৃত্তি ৯৬৮,৩৫০ (২০২২)[9]
মৃত্যু ৬৫৯,৮৫৩ (২০২২)[9]

পাকস্থলীৰ কৰ্কট ৰোগ (ইংৰাজী: Stomach cancer), যাক গেষ্ট্ৰিক কেন্সাৰ বুলিও জনা যায়, হৈছে পাকস্থলীৰ এক মাৰাত্মক টিউমাৰ। পাকস্থলীৰ আৱৰণীত অস্বাভাৱিক কোষৰ বৃদ্ধিৰ ফলত এই কৰ্কট ৰোগৰ সৃষ্টি হয়।[10] পাকস্থলীৰ কৰ্কট ৰোগৰ সৰহভাগ গোচৰেই হৈছে গেষ্ট্ৰিক কাৰ্চিনোমা, যাক গেষ্ট্ৰিক এডেনোকাৰ্চিনোমাকে ধৰি কেইবাটাও উপ-প্ৰকাৰত বিভক্ত কৰিব পাৰি।[2] পাকস্থলীত লিম্ফোমা আৰু মেচেনকাইমেল টিউমাৰৰো বিকাশ ঘটিব পাৰে।[2] ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত বুকু জ্বলা-পোৰা কৰা, পেটৰ ওপৰৰ অংশত বিষ হোৱা, বমিভাৱ হোৱা আৰু ভোক কমি যোৱা আদি অন্তৰ্ভুক্ত হ’ব পাৰে।[1] পৰৱৰ্তী সময়ৰ লক্ষণ আৰু প্ৰক্ৰিয়াসমূহৰ ভিতৰত ওজন হ্ৰাস পোৱা, ছাল আৰু চকুৰ বগা অংশ হালধীয়া পৰা (জণ্ডিচ), বমি হোৱা, খাদ্য গিলিবলৈ কষ্ট হোৱা আৰু শৌচৰ সৈতে তেজ যোৱা আদি হ’ব পাৰে।[1] এই কৰ্কট ৰোগ পাকস্থলীৰপৰা শৰীৰৰ অন্যান্য অংশলৈ, বিশেষকৈ যকৃত, হাওঁফাওঁ, হাড়, পেটৰ আৱৰণী আৰু লসিকা গ্ৰন্থিলৈ বিয়পি পৰিব পাৰে।[11]

হেলিক’বেকটাৰ পাইলোৰি (Helicobacter pylori) নামৰ বেক্টেৰিয়াটোক পাকস্থলীৰ কৰ্কট ৰোগৰ ৬০%-তকৈও অধিক গোচৰৰ বাবে দায়ী বুলি গণ্য কৰা হয়।[2][3][12] এইচ. পাইলোৰিৰ কিছুমান নিৰ্দিষ্ট প্ৰজাতি বা ষ্ট্ৰেইনৰ আশংকা অন্যান্যসমূহৰ তুলনাত অধিক হয়।[2] ধুমপান, খাদ্যাভ্যাসৰ কাৰক যেনে আচাৰ বা নিমখত দিয়া শাক-পাচলি খোৱা আৰু মেদবহুলতা হৈছে ইয়াৰ অন্যান্য আশংকা বৃদ্ধিকাৰী কাৰক।[2][4] প্ৰায় ১০% গোচৰ পৰিয়ালত বংশানুক্ৰমিকভাৱে চলি আহে, আৰু ১% ৰপৰা ৩% গোচৰ পুৰুষানুক্ৰমিকভাৱে প্ৰাপ্ত বা জেনেটিক চিণ্ড্ৰম (জিনীয় লক্ষণ)ৰ বাবে হয়, যেনে— বংশগত বিস্তাৰিত গেষ্ট্ৰিক কেন্সাৰ।[2] বেছিভাগ সময়তে, পাকস্থলীৰ কৰ্কট ৰোগ বছৰ বছৰ ধৰি বিভিন্ন পৰ্যায়ৰ মাজেৰে বিকশিত হয়।[2] সাধাৰণতে এণ্ড’স্কপীৰ সময়ত কৰা বায়’প্সীৰদ্বাৰা ইয়াৰ ৰোগ নিৰ্ণয় কৰা হয়।[1] ইয়াৰ পিছত কৰ্কট ৰোগ শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰিছে নেকি তাক নিশ্চিত কৰিবলৈ মেডিকেল ইমেজিং বা চিকিৎসা প্ৰতিচ্ছবি কৰা হয়।[1] এই ৰোগৰ উচ্চ হাৰ থকা জাপান আৰু দক্ষিণ কোৰিয়া নামৰ দেশ দুখনে পাকস্থলীৰ কৰ্কট ৰোগৰ বাবে স্ক্ৰীনিং বা প্ৰাৰম্ভিক পৰীক্ষণ চলায়।[2]

ধুমপান নকৰাৰ দৰেই মেডিটেৰেনিয়ান ডায়েট বা ভূমধ্যসাগৰীয় খাদ্যাভ্যাসেও পাকস্থলীৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে।[2][5] কিছুমান সাময়িক প্ৰমাণে ইংগিত দিয়ে যে এইচ. পাইলোৰিৰ চিকিৎসা কৰিলে ভৱিষ্যতৰ আশংকা হ্ৰাস পায়।[2][5] যদি পাকস্থলীৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়তে চিকিৎসা কৰা হয়, তেন্তে ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা যায়।[2] ইয়াৰ চিকিৎসাত অস্ত্ৰোপচাৰ, কেম’থেৰাপী, ৰেডিয়েচন থেৰাপী আৰু টাৰ্গেটেড থেৰাপীৰ যিকোনো সংমিশ্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে।[1][13] গেষ্ট্ৰিক কেন্সাৰৰ কিছুমান নিৰ্দিষ্ট উপ-প্ৰকাৰৰ বাবে কেন্সাৰ ইমিউন’থেৰাপীও এটা বিকল্প।[14] যদি পলমকৈ চিকিৎসা কৰা হয়, তেন্তে পেলিয়েটিভ কেয়াৰ বা উপশমমূলক শুশ্ৰূষাৰ পৰামৰ্শ দিয়া হ’ব পাৰে।[2] এইচ. পাইলোৰি ধবংস কৰি কিছুমানপ্ৰকাৰৰ লিম্ফোমা নিৰাময় কৰিব পৰা যায়[15]। ইয়াৰ ফলাফল বা পৰিণাম প্ৰায়েই আশাব্যঞ্জক নহয়; উন্নত তথা জটিল গোচৰসমূহৰ বাবে পশ্চিমীয়া বিশ্বত পাঁচবছৰীয়া জীৱন-ধাৰণৰ হাৰ ১০%-তকৈও কম।[6] এই স্থিতি থকা বেছিভাগ লোকেই জটিল ৰোগৰ লক্ষণ লৈ চিকিৎসাধীন হ’বলৈ আহে।[6] আমেৰিকা যুক্তৰাষ্ট্ৰত পাঁচবছৰীয়া জীৱন-ধাৰণৰ হাৰ ৩৯.৮%,[7] আনহাতে দক্ষিণ কোৰিয়াত ই ৬৫%-ৰো অধিক আৰু জাপানত ৭০%-ৰো অধিক, যাৰ মুখ্য কাৰণ হৈছে স্ক্ৰীনিং বা প্ৰাৰম্ভিক পৰীক্ষণৰ প্ৰচেষ্টা।[2][8]

গোলকীয়ভাৱে, পাকস্থলীৰ কৰ্কট ৰোগ হৈছে পঞ্চম সৰ্বাধিক প্ৰচলিত কৰ্কট ৰোগ আৰু কৰ্কট ৰোগজনিত মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ, যি কেন্সাৰৰ মুঠ গোচৰৰ ৭% আৰু মৃত্যুৰ ৯% গঠন কৰে।[16] ২০১৮ চনত, ১০.৩ লাখ মানুহৰ শৰীৰত এই ৰোগ নতুনকৈ ধৰা পৰিছিল আৰু ইয়াৰ ফলত ৭,৮৩,০০০ লোকৰ মৃত্যু হৈছিল।[17] ১৯৩০ চনৰ পূৰ্বে পশ্চিমীয়া বিশ্বত কৰ্কট ৰোগজনিত মৃত্যুৰ ই এক প্ৰধান কাৰণ আছিল; পশ্চিমৰ যুৱ প্ৰজন্মৰ মাজত ইয়াৰ হাৰ তীব্ৰভাৱে হ্ৰাস পাইছে, যদিও পূব এছিয়াত বসবাস কৰা লোকসকলৰ মাজত ইয়াৰ হাৰ এতিয়াও উচ্চ হৈয়েই আছে।[18][19][20] খাদ্য সংৰক্ষণৰ পদ্ধতি হিচাপে ৰেফ্ৰিজাৰেচন বা শীতলীকৰণৰ বিকাশৰ ফলত নিমখত দিয়া আৰু আচাৰজাতীয় খাদ্যৰ ব্যৱহাৰ হ্ৰাস পোৱাৰ বাবেই পশ্চিমীয়া দেশসমূহত এই ৰোগ হ্ৰাস পাইছে বুলি বিশ্বাস কৰা হয়।[21] পাকস্থলীৰ কৰ্কট ৰোগ আটাইতকৈ বেছিকৈ পূব এছিয়াত দেখা যায়, আৰু ইয়াৰ পিছতেই পূব ইউৰোপৰ স্থান।[2] মহিলাৰ তুলনাত পুৰুষৰ ক্ষেত্ৰত এই ৰোগ দুগুণ বেছিকৈ হোৱা দেখা যায়।[2]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 9 "Gastric Cancer Treatment (PDQ®)". NCI. 17 April 2014. http://www.cancer.gov/cancertopics/pdq/treatment/gastric/Patient/page1/AllPages। আহৰণ কৰা হৈছে: 1 July 2014.
  2. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 "5.4 Stomach Cancer". World Cancer Report 2014. 2014.
  3. 1 2 "Role of bacteria in oncogenesis". Clinical Microbiology Reviews খণ্ড 23 (4): 837–857. October 2010. doi:10.1128/CMR.00012-10. PMID 20930075.
  4. 1 2 "Gastric cancer: epidemiologic aspects". Helicobacter খণ্ড 18 (Suppl 1): 34–38. September 2013. doi:10.1111/hel.12082. PMID 24011243.
  5. 1 2 3 "Stomach (Gastric) Cancer Prevention (PDQ®)". NCI. 27 February 2014. http://www.cancer.gov/cancertopics/pdq/prevention/gastric/HealthProfessional। আহৰণ কৰা হৈছে: 1 July 2014.
  6. 1 2 3 "Treatment of gastric cancer". World Journal of Gastroenterology খণ্ড 20 (7): 1635–1649. February 2014. doi:10.3748/wjg.v20.i7.1635. PMID 24587643.
  7. 1 2 "Cancer of the Stomach - Cancer Stat Facts" (en ভাষাত). SEER. https://seer.cancer.gov/statfacts/html/stomach.html। আহৰণ কৰা হৈছে: 16 May 2026.
  8. 1 2 "がん診療連携拠点病院等院内がん登録生存率集計: [国立がん研究センター がん登録・統計"]. ganjoho.jp. https://ganjoho.jp/reg_stat/statistics/brochure/hosp_c_reg_surv.html। আহৰণ কৰা হৈছে: 2 February 2020.
  9. 1 2 Bray, Freddie; Laversanne, Mathieu; Sung, Hyuna; Ferlay, Jacques; Siegel, Rebecca L; Soerjomataram, Isabelle; Jemal, Ahmedin (2024-04-04). "Global cancer statistics 2022: GLOBOCAN estimates of incidence and mortality worldwide for 36 cancers in 185 countries" (en ভাষাত). CA: A Cancer Journal for Clinicians খণ্ড 74 (3): 229–263. doi:10.3322/caac.21834. ISSN 0007-9235. PMID 38572751.
  10. ↑ "Stomach (Gastric) Cancer". NCI. January 1980. http://www.cancer.gov/cancertopics/types/stomach। আহৰণ কৰা হৈছে: 1 July 2014.
  11. ↑ Cancer biology (4th সম্পাদনা). Oxford University Press. 2007. পৃষ্ঠা. 223. ISBN 978-0-19-517543-1. https://books.google.com/books?id=PymZ1ORk0TcC&pg=PA223.
  12. ↑ Issues in public health (2nd সম্পাদনা). Open University Press. 2011. পৃষ্ঠা. 74. ISBN 978-0-335-24422-5. https://books.google.com/books?id=Jn8xC6_UW8YC&pg=PA74.
  13. ↑ "Chemotherapy for advanced gastric cancer". The Cochrane Database of Systematic Reviews খণ্ড 2017 (8). August 2017. doi:10.1002/14651858.cd004064.pub4. PMID 28850174.
  14. ↑ "Targeting the Myeloid-Derived Suppressor Cell Compartment for Inducing Responsiveness to Immune Checkpoint Blockade Is Best Limited to Specific Subtypes of Gastric Cancers". Gastroenterology খণ্ড 161 (2): 727. August 2021. doi:10.1053/j.gastro.2021.03.047. PMID 33798523.
  15. ↑ "Treatment of gastric marginal zone lymphoma of MALT type". Expert Opinion on Pharmacotherapy খণ্ড 11 (13): 2141–2152. September 2010. doi:10.1517/14656566.2010.497141. PMID 20586708.
  16. ↑ "1.1 The global and regional burden of cancer". World Cancer Report 2014. World Health Organization. 2014. ISBN 978-92-832-0429-9. https://archive.org/details/worldcancerrepor0000unse_p0u5.
  17. ↑ "Global cancer statistics 2018: GLOBOCAN estimates of incidence and mortality worldwide for 36 cancers in 185 countries". CA: A Cancer Journal for Clinicians খণ্ড 68 (6): 394–424. November 2018. doi:10.3322/caac.21492. PMID 30207593.
  18. ↑ Cancer and its management (6th সম্পাদনা). Wiley-Blackwell. 2010. পৃষ্ঠা. 259. ISBN 978-1-4443-0637-8. https://books.google.com/books?id=9sW0eCoZFt4C&pg=PA259.
  19. ↑ Handbook of cancer chemotherapy (8th সম্পাদনা). Wolter Kluwer. 2011. পৃষ্ঠা. 127. ISBN 978-1-60831-782-0. https://books.google.com/books?id=6Nz_87OLrtcC&pg=PA127.
  20. ↑ Human Longevity: The Major Determining Factors. Author House. 2010. পৃষ্ঠা. 339. ISBN 978-1-4520-6722-3. https://books.google.com/books?id=HBY_GxOY_6oC&pg=PA339.সাঁচ:Self-published inline
  21. ↑ Cancer, culture, and communication. Kluwer Academic. 2004. পৃষ্ঠা. 139. ISBN 978-0-306-47885-7. https://archive.org/details/springer_10.1007-b105731.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
বৰ্গীকৰণ
বাহ্যিক সমল

সাঁচ:Digestive system neoplasia